< Uyuhana 10 >
1 Kadura, kadura inboshi desa daki maribe ana tukum uhana itamba, manno matarsa ure una, unu uginome ukari mani.
১যীচুৱে ক’লে, “মই সঁচাকৈ আপোনালোকক কওঁ, যি জনে মেৰৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।
2 Desa da maribe ana tukum memani unu tarsan ini tam imi.
২যি জনে দুৱাৰেদি সোমায়, তেওঁ মেৰৰখীয়া।
3 Unu hira anatukum ma adi pokimeni itamme ikuna nimyiran numeme, matisa item imeme in ta zaa tiwe na kuri ma han we amatara.
৩দ্বাৰ-ৰক্ষকে মেৰৰখীয়াক দুৱাৰ মেলি দিয়ে। মেৰবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ মেষবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়।
4 Sa ma ēn we vat a matara, ma haki aje aweme, itame unu tarsa ume, barki wa rusa nimyiran numeme.
৪নিজৰ সকলো মেষক বাহিৰ কৰাৰ পাছত তেওঁ মেৰবোৰৰ আগে আগে যায় আৰু মেষবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়।
5 Wa ke wa tarsa ugenuba senke wa sumime, barki wa tame nimyiran ni ugenuba.
৫সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়।
6 Yeso ma wuzi we tize in nubata, da wa tinka imum me sa ma buu we ba.
৬যীচুৱে তেওঁলোকক এই দৃষ্টান্তটো ক’লে; কিন্তু তেওঁ যে কি কব বিচাৰিছে, সেই বিষয়ে তেওঁলোকে নুবুজিলে।
7 Yeso makuri magun we, “Kadundura, kadundura, in buu shi, mimani ana tukum item.
৭তেতিয়া যীচুৱে পুনৰ তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাই কওঁ, ময়েই মেৰৰ গৰালৰ দুৱাৰ।
8 Vat andesa wa ē aje am akari wani nan anu bursa tirunga tanu, da itam me ya kunna we ba.
৮মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু মেৰবোৰে সিহঁতৰ কথা নুশুনিলে।
9 Mimani anatukum, me desa maribe ahira am, madi kem ubura, madi ribe ma suri makure makim ahiraukese.
৯ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব।
10 Ukari mada ezeba senke barki ma wuzi ni kari nan uhuna anu, ma aye ini barki wa kem uvengize wa kuri wa kem uvenke gbardan.
১০চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
11 Mi mani unu tarsa inanu uhem, unutarsa inanu uhuma maki nyanice nume barki itam ime.
১১ময়েই সজ মেষৰখীয়া; সজ মেৰৰখীয়াই তেওঁৰ মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।
12 Desa mazi vana uka dura, da unu keseba, desa da memani unu itam, ingi ma ira Biyayau bi eze madi sumima ceki itam me, Biyayau me bidi zike itam me bi samirkawe.
১২কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে মেৰৰখীয়া নহয় আৰু মেৰবোৰ তেওঁৰ নিজৰ নহয়; সেই বাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, মেৰবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে।
13 Ma sumi barki me una katuma ki kirfi kani mada igizome ini itam ba.
১৩এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; মেৰবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।
14 Nimani unu tarsa ina anu uhuma, in rusa am, am wa rusam.
১৪ময়েই সজ মেষৰখীয়া; মই নিজৰ মেষবোৰক জানো আৰু মোৰ মেষবোৰেও মোক জানে;
15 Acoo me ma rusam, nima in rusa acoo me, ma nya nice num barki itam.
১৫পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেৰৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
16 In zin in ire itam sade ini goo nige niniba itam iginome, ya cuku, in ēn in ini, we cangi wadi kuna nimyira num barki wa cukuno nigoo ni inde unu utarsa u inde.
১৬মোৰ এনে অনেক মেৰ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।
17 Barki ane ani acoo ma hem in ni ma nya iriba barki in kem me.
১৭পিতৃয়ে মোক এই বাবেই প্ৰেম কৰে; কাৰণ মই নিজৰ প্ৰাণ সমর্পণ কৰোঁ যাতে সেই প্ৰাণ পুনৰায় পাব পাৰোঁ।
18 Unu zika ume ahira am ma raniba, ini nice num ma nya shi me barki ma bari in nya me, inzini ubari in ziki me. Na kaba ubuka ugino me ahira acoo um.
১৮কোনেও মোৰ পৰা মোৰ প্রাণ হৰণ কৰিব নোৱাৰে, কিন্তু মই নিজে তাক সমর্পণ কৰোঁ আৰু তাক সমর্পণ কৰাৰ ক্ষমতা মোৰ আছে; পুনৰায় তাক পোৱাৰ ক্ষমতাও মোৰ আছে। এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছোঁ।”
19 “Uhana ace wa ribe anyimo ama Yahudawa, barki ogoran agino me.
১৯এনেবোৰ কথাৰ কাৰণে ইহুদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে।
20 Gardan anyimo awe wa gu, nizin unu gbardan, unu iranza mani. Barki nyanini in zinu kunna ume”.
২০তেওঁলোকৰ মাজৰ অনেকে ক’লে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?”
21 Aye aweme wa gu, agoran agino da ade sa mazin in na gbargena mani ba. Nani una gbargene mada ke ma poki aje urubo?
২১আন সকলে ক’লে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?”
22 Uganiya u udi kpechu a Urushalima wa aya.
২২তাৰ পাছত যিৰূচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ’ল।
23 Uganiya unikuzi nini, Yeso mahak anyimo anikobo ni Sulemanu.
২৩সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল।
24 A Yahudawa zogizi wa gu, “Unu maya uni idi ceki duru, anyimo ma, aye, ingi hama iri Asere, bukan duru ti rusa”.
২৪তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
25 Yeso magun we, “In boo shi a ani daki ya hem ba, imum be sa in wuza anyimo nizana acoo um ine ini ibezizi me aveni.
২৫যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক ক’লো, কিন্তু আপোনালোকেতো বিশ্বাসেই নকৰে; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে।
26 Vat ani me daya hem ba barki shi da itam in ini ba.
২৬তথাপি আপোনালোকে বিশ্বাস নকৰে; কাৰণ আপোনালোক মোৰ মেৰৰ জাকৰ মাজৰ নহয়।
27 Itam ini ikuna nimyiran num, in rusa we wa tarsam.
২৭মোৰ মেৰবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
28 In nyizawe i zatu marsa, wada dinkino me iwono ba, unu bara uwe ataritum mazoni. (aiōn , aiōnios )
২৮মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব। (aiōn , aiōnios )
29 Acoo um, desa ma nyam we mateki kondavi uni gbardan, unu rusa ubura uwe atari acoo ma rani ba.
২৯মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি ল’ব নোৱাৰে।
30 Ni nan kacoo a inde ani.
৩০মই আৰু পিতৃ এক।”
31 Ba ma Yahudawa wa ziki apo barki wa vingizi meni.
৩১তেতিয়া ইহুদী সকলে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ল’লে।
32 Yeso makabirkawe, “Mabezi shi timu mum tihuma gbardang ahira acoo um barki iya imum ini anyimo iginome izin vingizi umni?”.
৩২যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?”
33 Ba ma Yahudawa wakabirkame, “Da barki kare katuma kahuma kani ti nyara uvingizi uwe ni ba, barki u cara, barki hu unu ma ni, ukurzuzo nice nuwe Asere”.
৩৩ইহুদী সকলে তেওঁক উত্তৰ দিলে, “ভাল কৰ্মৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি মানুহ হৈয়ো, নিজকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা, সেই কাৰণেহে বিচাৰিছোঁ।”
34 Yeso makabarka we, “Unyitike u ginome u zoni, anyimo ashi, maguna, “Shi makiri?”.
৩৪যীচুৱে তেওঁলোকক উত্তৰ দিলে, “আপোনালোকৰ বিধান-শাস্ত্ৰত জানো এইদৰে লিখা নাই ‘মই ক’লো, “তোমালোক ঈশ্বৰবোৰ?”’
35 Inki mattawe makiri we ande sa tize ta Asere ta ē ahira aweme (wadake wa da pura me tize ba).
৩৫যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰবুলি ক’লে (ধৰ্মশাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়)।
36 Ibo desa acoo ma zauka makuri matumime unē, uzinnu cara, Barki maguna, mi vana Asere mani?
৩৬তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কিয় কয়, ‘তুমি ঈশ্বৰ নিন্দা কৰিছা’ বুলি; কাৰণ মই ক’লো যে, ‘মই ঈশ্বৰৰ পুত্ৰ’?
37 Indaki ka coo um kaniba kati ihemin mi ba.
৩৭মোৰ পিতৃৰ কার্য যদি মই নকৰোঁ, তেনেহলে মোক বিশ্বাস নকৰিব;
38 Ingi in wuza anime, daki shi yahem inmi ba, hemni inni mu me barki i rusi, ikuri irusi acoo ma raa anyimo am, mi in raa anyimo coo.
৩৮কিন্তু যদি কৰোঁ, মোক বিশ্বাস নকৰিলেও, অন্তত: সেই কার্যক বিশ্বাস কৰক, যাতে আপোনালোকে জানিব পাৰে আৰু বুজিব পাৰে যে পিতৃ মোত আছে আৰু মই পিতৃত আছোঁ।”
39 Wakuri wa sokace umeki ume, madusa me imumime, masuri atari tuwe.
৩৯তেতিয়া তেওঁলোকে আকৌ যীচুক ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গ’ল।
40 Ma dusame imum ime uhana uraba u Urdu, uhana ahira sa Yohana ma zin nu wuza u baptisma makuri ma cukkuno a hirame.
৪০পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুণৰ গ’ল আৰু তাতে থকিল।
41 Anu gbardang wa ē ahira me, wagu “Kadure daki Yahaya ma wuzi ire imum u ira ba, vat imum me sa Yahaya magu anice ninu ugeme kadure kani”.
৪১তাতে অনেক লোক যীচুৰ ওচৰলৈ আহিল আৰু কোৱা-কুই কৰিবলৈ ধৰিলে “যোহনে একো আচৰিত চিন নকৰিব পাৰে সঁচা, কিন্তু এই লোকৰ বিষয়ে তেওঁ যি যি কথা কৈছিল, সেই সকলোৱেই সত্য।”
42 Anu gbardang wa hemen imme a hirame.
৪২আৰু সেই ঠাইত অনেকে যীচুক বিশ্বাস কৰিলে।