< Katuma 26 >
1 Agrippa ma gun Bulus buu tize ini ce ni we me. Ba Bulus ma witino ma tubi boo tize uni ce ni meme.
১যেতিয়া আগ্ৰিপ্পই পৌলক নিজৰ পক্ষত কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে।
2 In zini uruba irum in ni ce num, ugomo Agippa, in e in tize tum nan na Ayudawa ageme in malim mam.
২তেওঁ ক’লে, “হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷
3 Barki urusa imum me sa u wuza anyimo Ayahudawa nan nu utanda uweme, ane ani in igizo me u kunam seke.
৩ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই সকলোবোৰৰ বিষয়ে আপোনাৰ জ্ঞান আছে; সেই বাবেই বিনয় কৰোঁ আপুনি যেন ধৈর্য ধৰি মোৰ কথাবোৰ শুনে৷
4 Kadure kani va Ayahudawa wa rusa ta hana dati ani pin num uhana Ushalima.
৪মোৰ জীৱন-যাপনৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোক সকলে আৰু যিৰূচালেমত থকা সকলো ইহুদী লোকে জানে৷
5 Wa rusa utuba um mi unanu Farisawa mani anyimo ati gomo ti dang tiru.
৫ইয়াৰ উপৰি তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কিদৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷
6 Ana me in the aje ashime azini u igizo um tizee, barki sa a nyara in myinca imum sa Asere ugomo ma wu ak coo aru.
৬ঈশ্ৱৰে আমাৰ পূর্বপুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছোঁ ৷
7 Barki anime in turi tilem ukirau inti re sa wa tarsa Asere niye nan uwui, ta wuna ire ubuka imum me sa ira iruba iru. Barki ane ani Ayahudawa wuzum malim, ugomo.
৭সেই প্ৰতিজ্ঞাৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে-দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷
8 Nyanini u ira uwee me ingi Asere ahira de be sa maa wono.
৮ঈশ্ৱৰে যদি মৃত লোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্বাস বোধ কৰিছে?
9 Uganiya u inde in gun nice num indi wuzi imum gbardang ahira ani za ni Yesu unu Nazaret.
৯ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ,
10 Ma wuzi anime Aurshalima, inkurzuzo anu aka tuma kasere anyimo udenge ukorsuzo wanu, ma wuzi anime in nikara ahira unu adngdang aka tuma uenge Asere nan aye ma sa ma huzi we me bezi nice num inda nyara ura uwenba.
১০আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ প্ৰধান পুৰোহিতৰ পৰা অধিকাৰ পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷
11 Ma wuzi we imum iburi inyizi uzatu ukadure inkunzina iruba in we, ine ini ya wu wa ziti atari tum.
১১এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমূহলৈকো যাত্ৰা কৰিছিলোঁ৷
12 Sa ma zin uni wuza anime, indusa Udimaska in nikara sa ma kem ahira unu dang.
১২এইদৰে প্ৰধান পুৰোহিতৰ সকলৰ পৰা অধিকাৰ আৰু আজ্ঞা-পত্ৰ পোৱাৰ পাছত, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে,
13 Una um uhana me in nati ana ti uwui, in iri masaa sa ma teki uwui haru nan an desa tazin nigo me.
১৩হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
14 Ti rizi vat uru adizi, ba in dusa in kunna ni myira ni gusam in ni lem na Ibraniyawa, shawulu, shawulu nyanini ya wuna uwuzam ani me, ya wuna ani me?
১৪তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান’;
15 Ba in iki ingu hu aveni ugomo Asere? Ba ugomo Asere ma kabirka, imani Yesu sa gaa me.
১৫তেতিয়া মই সুধিলো, ‘হে প্ৰভু, আপুনি কোন?’ তেতিয়া প্ৰভুৱে ক’লে, ‘যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷
16 Ma dusa ma gun me hira tonno in ti buna ti we me, barki ma bezi mu henu mum ahira aweme, ma zauka we a nyimo akatuma kam u buu imum me sa u rusa ani ce num nan ige sa indi buki we.
১৬এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পাছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হ’বৰ বাবে তোমাক দাস ৰূপে মনোনীত কৰিবলৈ মই দর্শন দিলোঁ;
17 In di zi nigome nan huu barki an desa wada rusa mi ba an desa indi tumi we ahira awe.
১৭আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
18 Uka poko aje ugamirka we usuro umaree uhana amasaa nan ni kara, nan ni kara ni nu uburi uhana ni kara na Asere. Barki wa kabi ukpico uma dini maweme wan unu kaba sa indi kabi we barki uhem iruba im.
১৮এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈআৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ৷’”
19 Barki ani me, ugomo Agrippa, daki ma game imum me sa ya su ri aseser ba.
১৯পৌলে এনেদৰে পুনৰ ক’বলৈ ধৰিলে, “হে ৰজা আগ্ৰিপ্প, মই সেই স্বৰ্গীয় দর্শনক অমান্য নকৰি,
20 Andesa wa e Udimaska unu tuba, atarsi una Urishalima wan vat nipin nu Judiya wan an desa wa tawe Asere ba, ma buu we tize ta Asere inu guna wa suri amaree uhana amsaa, wa ceki uwuza imum ibur wa tarsi Asere.
২০দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলোঁ, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷
21 Ine ini ya wuu Ayahudawa wa mekum anyimo udengenAsere wa nyari uhuna um.
২১সেই কাৰণে ইহুদী সকলে মন্দিৰত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল ৷
22 Asere a benkum u aye ukani me, in turi unu boo anu acinci wan na dandang.
২২এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছোঁ আৰু সকলোৰে সন্মূখত সাক্ষ্য দিছোঁ৷ সেই মহান জনাৰ বিষয়ে ক’বলৈ যাওতে ভাববাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে আন একো কথা কোৱা নাই;
23 Unu bura uru uginome madi si nirere, memani madi zi unu tuba uhira anyimo ani wono mabezi masaa ahira Ayahudawa wan na nu uzatu rusa ta Asere.
২৩আৰু খ্ৰীষ্ট দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃত লোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়েহে মই সৰু বৰ সকলোৰে আগত ক’লো৷”
24 Bulus ma mari ubura uni ce ni meme, Festus magu inimyira aseser Bulus uzin nice ba urusa uwe me wa wuna iranzaa.
২৪তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে, ফীষ্টে বৰ মাতেৰে ক’লে, “হে পৌল, তুমি বলীয়া হৈছা; সৰহ বিদ্যাই তোমাক বলীয়া কৰিছে৷”
25 Ba Bulus magun me in zini iranza ba unudang Festus sede in buu tize tikadure anyimo ni za ni desa in tarsa me.
২৫কিন্তু পৌলে ক’লে, “হে মহামহিম ফীষ্ট, মই বলীয়া হোৱা নাই; সত্য আৰু সুবোধৰ কথাহে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷
26 Ugomo cangi ma rusa ini mum me, barki ane ani indi buu tize in ni kara sarki biyau, mi in rusa ada hunzize me imum ba, daki amu wuna ani ba vat.
২৬কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷ মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷
27 Wa hem unu nu kurzuzo tize, ugomo Agrippa? “In rusa wa hem”.
২৭হে ৰজা আগ্ৰিপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্বাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে৷”
28 Agrippa magun in Bulus” anyimo aku ganiya kucin u nyara ukurzom unu tarsa Asere.”
২৮তেতিয়া আগ্ৰিপ্পই পৌলক ক’লে, “তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷”
29 Bulus magu “maringirka ani me anyimo ani za na Asere anyimo kuganiya kuci nan ujoko, da huucasba, nan an desa wa kunnam kani me, wadi cukuno kasi mi, we wada sa me nirere ba. “
২৯কিন্তু পৌলে ক’লে, “অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলোভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷”
30 Sa wa kunna ani me, Ugomo ma hiri ma tonno wan desa a zauka me ani pin me, nan andesa wa raa ahira me cangi.
৩০তেতিয়া ৰজা, দেশাধিপতি, বৰ্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোক সকলে উঠি,
31 Sa wa suri ani kubu me, wa gamirka acece aweme wagu”unu ugeme daki ma wuna imum me sa adi hu me ba nani atirzi me”.
৩১আতৰ হৈ গৈ পৰষ্পৰে কথা-বাৰ্ত্তা কৰি ক’লে, “এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷”
32 Agrippa magu in Festus, “Ada ceki me unu geme ba in daki ma yeze tize me uhana uwatu kaisar ba “.
৩২তেতিয়া আগ্ৰিপ্পই ফীষ্টক কলে, “এই মানুহ জনে চীজাৰৰ ওচৰত আপীল নকৰা হ’লে মুকলি হব পাৰিলেহেঁতেন৷”