< Apocalisse 19 >
1 E DOPO queste cose, io udii nel cielo come una gran voce d'una grossa moltitudine, che diceva: Alleluia! la salute, e la potenza, e la gloria, e l'onore, [appartengono] al Signore Iddio nostro.
১এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্রাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷
2 Percioccchè veraci e giusti [sono] i suoi giudicii; poichè egli ha fatto giudicio della gran meretrice, che ha corrotta la terra con la sua fornicazione, ed ha vendicato il sangue de' suoi servitori, [ridomandandolo] dalla mano di essa.
২তেওঁৰ সকলো সোধ-বিচাৰ, সত্য আৰু ন্যায়; তেওঁ সেই মহা-বেশ্যাৰ বিচাৰ কৰিলে সেই বেশ্যাই নিজৰ বেশ্যা-কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল৷ যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাস সকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল’লে, ৷”
3 E disse la seconda volta: Alleluia! e il fumo d'essa sale ne' secoli de' secoli. (aiōn )
৩আৰু তেওঁলোকে পুণৰাই ক’লে, “হাল্লিলুয়া! আৰু তাইৰ ধোঁৱা চিৰকাল তাইৰ পৰা উঠি থাকিব।” (aiōn )
4 E i ventiquattro vecchi e i quattro animali, si gettarono giù, e adorarono Iddio, sedente in sul trono, dicendo: Amen, Alleluia!
৪পাছত সেই চৌবিশ জন পৰিচাৰক আৰু চাৰি জীৱিত প্ৰাণীয়ে সিংহাসনত বহি থকা ঈশ্ৱৰক দণ্ডৱতে আৰাধনা কৰিলে৷ তেওঁলোকে কলে, “আমেন৷ হাল্লিলুয়া!”
5 Ed una voce procedette dal trono, dicendo: Lodate l'Iddio nostro, [voi] tutti i suoi servitori, e [voi] che lo temete, piccoli e grandi.
৫তেতিয়া সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, বোলে, “হে ঈশ্বৰৰ দাস সকল, হে তেওঁৰ ভয়কাৰী সকল, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা৷”
6 Poi io udii come la voce d'una gran moltitudine, e come il suono di molte acque, e come il romore di forti tuoni, che dicevano: Alleluia! perciocchè il Signore Iddio nostro, l'Onnipotente, ha preso a regnare.
৬পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ-গৰ্জ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, “হাল্লিলুয়া! কিয়নো যি জন প্ৰভু আৰু পৰমেশ্বৰ, আমাৰ সকলোৰে শাসনকর্তা জনে, ৰাজত্ব গ্ৰহণ কৰিছে।
7 Rallegriamoci, e giubiliamo, e diamo a lui la gloria; perciocchè son giunte le nozze dell'Agnello, e la sua moglie s'è apparecchiata.
৭আহা, আমি অতি আনন্দেৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁহক; কিয়নো সেই মেৰ-পোৱালিৰ বিবাহ উপস্থিত হ’ল; আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে।”
8 E le è stato dato d'esser vestita di bisso risplendente e puro; perciocchè il bisso son le opere giuste de' santi.
৮আৰু পিন্ধিবৰ কাৰণে তাইক সন্মতিৰ সৈতে, শণ সুতাৰ উজ্জল আৰু শুদ্ধ মিহি কাপোৰ দিয়া হ’ল; (কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতা স্বৰূপ।)
9 E [quella voce] mi disse: Scrivi: Beati coloro che son chiamati alla cena delle nozze dell'Agnello. Mi disse ancora: Queste sono le veraci parole di Dio.
৯পাছত দূত জনে মোক ক’লে, “তুমি এই কথা লিখা: মেৰ-পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।” তেওঁ মোক পুনৰ ক’লে, “এইবোৰ ঈশ্বৰৰ সত্য বাক্য।”
10 Ed io mi gettai davanti a lui a' suoi piedi, per adorarlo. Ma egli mi disse: Guardati [che tu] nol [faccia]; io son conservo tuo, e de' tuoi fratelli, che hanno la testimonianza di Gesù; adora Iddio; perciocchè la testimonianza di Gesù è lo spirito della profezia.
১০তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা।”
11 POI vidi il cielo aperto; ed ecco un caval bianco; e colui che lo cavalcava si chiama il Fedele, e il Verace; ed egli giudica, e guerreggia in giustizia.
১১তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসী আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।
12 E i suoi occhi [erano] come fiamma di fuoco, e in su la sua testa [v'eran] molti diademi; ed egli avea un nome scritto, il qual niuno conosce, se non egli;
১২তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মুৰত অনেক কিৰীটি আছে৷ তেওঁৰ এটা নাম লিখা আছে কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে।
13 ed era vestito d'una vesta tinta in sangue; e il suo nome si chiama: La Parola di Dio.
১৩তেওঁ পিন্ধা বস্ত্ৰ তেজত দুব মৰা; তেওঁৰ নাম হ’ল- ঈশ্বৰৰ বাক্য৷
14 E gli eserciti che [son] nel cielo lo seguitavano in su cavalli bianchi, vestiti di bisso bianco e puro.
১৪স্বৰ্গীয় সৈন্য সকলে শণ সুতাৰ বগা আৰু শুদ্ধ মিহি কাপোৰ পিন্ধি, বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ’ল।
15 E dalla bocca d'esso usciva una spada a due tagli, acuta, da percuoter con essa le genti; ed egli le reggerà con una verga di ferro, ed egli stesso calcherà il tino del vino dell'indegnazione, e dell'ira dell'Iddio onnipotente.
১৫তেওঁ জাতি সকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব; আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেৱেঁই গচকে।
16 Ed egli avea in su la sua vesta, e sopra la coscia, questo nome scritto: IL RE DEI RE, E IL SIGNOR DE' SIGNORI.
১৬তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷”
17 Poi vidi un angelo in piè nel sole, il qual gridò con gran voce, dicendo a tutti gli uccelli che volano in mezzo del cielo: Venite, raunatevi al gran convito di Dio;
১৭পাছত মই সুৰ্য্যত থিয় হোৱা এজন দূত দেখিলোঁ; তেওঁৰ মুৰৰ ওপৰত আকাশত উড়ি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “আহা, তোমালোকে ঈশ্ৱৰৰ ভোজনৰ বাবে একলগ হোৱা৷
18 per mangiar carni di re, e carni di capitani, e carni d' [uomini] prodi, e carni di cavalli, e di coloro che li cavalcano; e carni d'ogni sorte di genti, franchi e servi, piccoli e grandi.
১৮তোমালোকে ৰজা সকলৰ মঙহ, সেনাপতি সকলৰ মঙহ, শক্তিমন্ত সকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা।”
19 Ed io vidi la bestia, e i re della terra, e i loro eserciti, raunati per far guerra con colui che cavalcava quel cavallo, e col suo esercito.
১৯পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল৷
20 Ma la bestia fu presa, e con lei il falso profeta, che avea fatti i segni davanti ad essa, co' quali egli avea sedotti quelli che aveano preso il marchio della bestia, e quelli che aveano adorata la sua immagine; questi due furon gettati vivi nello stagno del fuoco ardente di zolfo. (Limnē Pyr )
২০তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰি-কোৱা ভাববাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল। (Limnē Pyr )
21 E il rimanente fu ucciso con la spada di colui che cavalcava il cavallo, la quale usciva dalla sua bocca; e tutti gli uccelli furono satollati delle lor carni.
২১আৰু অৱশিষ্ট সকলক সেই ঘোঁৰাত উঠা জনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ’ল; আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ’ল।