< Cantico dei Cantici 3 >
1 Sul mio letto, lungo la notte, ho cercato l'amato del mio cuore; l'ho cercato, ma non l'ho trovato.
১কইনাৰ সপোন: ৰাতি মোৰ শয্যাত মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো; মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ;
2 «Mi alzerò e farò il giro della città; per le strade e per le piazze; voglio cercare l'amato del mio cuore». L'ho cercato, ma non l'ho trovato.
২মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম; ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম; তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।” মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ।
3 Mi hanno incontrato le guardie che fanno la ronda: «Avete visto l'amato del mio cuore?».
৩প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে। মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?”
4 Da poco le avevo oltrepassate, quando trovai l'amato del mio cuore. Lo strinsi fortemente e non lo lascerò finché non l'abbia condotto in casa di mia madre, nella stanza della mia genitrice.
৪তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই, মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, মই তেওঁক এৰি নিদিলোঁ; যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো। ৰমণীসকলৰ প্রতি উক্তি:
5 Io vi scongiuro, figlie di Gerusalemme, per le gazzelle e per le cerve dei campi: non destate, non scuotete dal sonno l'amata finché essa non lo voglia.
৫হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। বিবাহৰ বাবে চলোমনৰ আগমণ
6 Che cos'è che sale dal deserto come una colonna di fumo, esalando profumo di mirra e d'incenso e d'ogni polvere aromatica?
৬মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে? তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ, গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে।
7 Ecco, la lettiga di Salomone: sessanta prodi le stanno intorno, tra i più valorosi d'Israele.
৭চোৱা, সৌৱা চলোমনৰ দোলা; ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে; তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য।
8 Tutti sanno maneggiare la spada, sono esperti nella guerra; ognuno porta la spada al fianco contro i pericoli della notte.
৮তেওঁলোক সকলোৰে লগত আছে তৰোৱাল; যুদ্ধত তেওঁলোক সুদক্ষ; তৰোৱাল ককালত বান্ধি লৈ তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে।
9 Un baldacchino s'è fatto il re Salomone, con legno del Libano.
৯ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে, এটি দোলা নির্মাণ কৰিলে।
10 Le sue colonne le ha fatte d'argento, d'oro la sua spalliera; il suo seggio di porpora, il centro è un ricamo d'amore delle fanciulle di Gerusalemme.
১০দোলাৰ খুটাবোৰ ৰূপেৰে পিছৰ ভাগ সোণেৰে, আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী; যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰে তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল
11 Uscite figlie di Sion, guardate il re Salomone con la corona che gli pose sua madre, nel giorno delle sue nozze, nel giorno della gioia del suo cuore.
১১হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।