< Neemia 6 >
1 Quando Sanballàt e Tobia e Ghesem l'Arabo e gli altri nostri nemici seppero che io avevo riedificato le mura e che non vi era più rimasta alcuna breccia, sebbene ancora io non avessi messo i battenti alle porte,
১চনবল্লট, টোবিয়া, আৰবীয়া গেচম, আৰু আমাৰ অৱশিষ্ট শত্রুবোৰে যেতিয়া শুনিলে, যে মই দেৱাল পুনৰ নিৰ্ম্মাণ কৰিলোঁ; যদিও মই নগৰৰ চৌকাঠবোৰত দুৱাৰ খুউৱা নাছিলোঁ তথাপিও দেৱালত এটাও মুকলি হৈ থকা ভঙা অংশ বাদ পৰা নাছিল।
2 Sanballàt e Ghesem mi mandarono a dire: «Vieni e troviamoci insieme a Chefirim, nella valle di Oni». Essi pensavano di farmi del male.
২তেতিয়া চনবল্লট আৰু গেচমে মোৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “আহাঁ, আমি ওনো সমথলৰ কোনো এখন ঠাইত ল’গ হ’বলৈ গোট খাওহঁক।” কিন্তু তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছিল।
3 Ma io inviai loro messaggeri a dire: «Sto facendo un gran lavoro e non posso scendere: perché dovrebbe interrompersi il lavoro, mentre io lo lascio per scendere da voi?».
৩মই তেওঁলোকলৈ বাৰ্ত্তাবাহকক কৈ পঠিয়ালোঁ, “মই এটা ডাঙৰ কাম কৰি আছোঁ, আৰু মই তললৈ নামি যাব নোৱাৰোঁ। এই কাম এৰি বা এই কাম বন্ধ কৰি মই কিয় আপোনালোকৰ ওচৰলৈ যাম?”
4 Essi mandarono quattro volte a dirmi la stessa cosa e io risposi nello stesso modo.
৪তেওঁলোকে মোৰ ওচৰলৈ চাৰিবাৰ সেই বৰ্ত্তা পঠালে, আৰু মই তেওঁলোকক প্রতিবাৰে একে দৰেই উত্তৰ দিলোঁ।
5 Allora Sanballàt mi mandò a dire la stessa cosa la quinta volta per mezzo del suo servo che aveva in mano una lettera aperta,
৫পঞ্চমবাৰ চনবল্লটে এখন খোলা চিঠিৰ সৈতে একে দৰেই নিজৰ দাসক মোৰ ওচৰলৈ পঠালে।
6 nella quale stava scritto: «Si sente dire fra queste nazioni, e Gasmù lo afferma, che tu e i Giudei meditate di ribellarvi e perciò tu ricostruisci le mura e, secondo queste voci, tu diventeresti loro re
৬তাত এই দৰে লিখা আছিল, “দেশৰ মাজত এই সম্বাদ দিয়া হৈছে, আৰু গেচমেও কৈছে যে, আপুনি আৰু যিহুদীসকলে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰি আছে। সেই কাৰণে আপুনি পুনৰ দেৱাল নিৰ্ম্মাণ কৰিছে। এই সম্বাদৰ মতে, আপুনি তেওঁলোকৰ ৰজা হ’বলৈ খুজিছে।
7 e avresti inoltre stabilito profeti per far questa proclamazione a Gerusalemme: Vi è un re in Giuda! Or questi discorsi saranno riferiti al re. Vieni dunque e consultiamoci assieme».
৭আৰু যিৰূচালেমত আপোনাৰ বিষয়ে প্ৰচাৰ কৰাবলৈ আপুনি ভাববাদী সকলকো নিযুক্ত কৰিছে, তেওঁলোকে কৈছে, ‘যিহূদা দেশত এজন ৰজা আছে!’ এই সম্বাদ ৰজাই যে শুনিব আপুনি নিশ্চিত। সেই কাৰণে আহক, আমি ইজনে সিজনৰ লগত আলোচনা কৰোঁহক।
8 Ma io gli feci rispondere: «Le cose non stanno come tu dici, ma tu inventi!».
৮তাৰ পাছত মই তেওঁৰ ওচৰলৈ কৈ পঠালোঁ, “আপুনি কোৱাৰ দৰে কোনো কাৰ্য কৰা হোৱা নাই, কিন্তু সেইবোৰ আপোনাৰ মনেৰে সাজি কোৱা কথা।”
9 Tutta quella gente infatti ci voleva impaurire e diceva: «Le loro mani desisteranno e il lavoro non si farà». Ora invece si sono irrobustite le mie mani!
৯তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব, আৰু এই কাৰ্য যাতে সমাপ্ত কৰা নহয়, সেয়ে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সুমুৱাব খুজিছে, কিন্তু হে ঈশ্বৰ এতিয়া আপুনি মোৰ হাত সবল কৰক।
10 Io andai a casa di Semaia figlio di Delaia, figlio di Meetabèel, che si era rinchiuso là dentro; egli mi disse: «Troviamoci insieme nel tempio, dentro il santuario, e chiudiamo le porte del santuario, perché verranno ad ucciderti, di notte verranno ad ucciderti».
১০মহেটবেলৰ পুত্র দলায়া, দলায়াৰ পুত্ৰ চময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল, মই তেওঁৰ ঘৰলৈ গ’লোঁ। তেওঁ ক’লে, “আহক আমি ঈশ্বৰৰ গৃহত, মন্দিৰৰ ভিতৰত একগোট হওঁহক, আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে। ৰাতিয়েই আপোনাক বধ কৰিবলৈ আহিব।”
11 Ma io risposi: «Un uomo come me può darsi alla fuga? Un uomo della mia condizione potrebbe entrare nel santuario per salvare la vita? No, io non entrerò».
১১মই উত্তৰ দিলোঁ, “মোৰ দৰে মানুহ এজনে পলাব নে? আৰু মোৰ দৰে মানুহ এজনে মাত্র জীয়াই থাকিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাব নে? মই ভিতৰলৈ নাযাওঁ।”
12 Compresi che non era mandato da Dio, ma aveva pronunziato quella profezia a mio danno, perché Tobia e Sanballàt l'avevano prezzolato.
১২মই অনুভৱ কৰিছিলোঁ যে, ঈশ্বৰে তেওঁক পঠোৱা নাছিল, কিন্তু টোবিয়া আৰু চনবল্লটে তেওঁক ভাড়া দিছিল, সেয়ে তেওঁ মোৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
13 Era stato pagato per impaurirmi e indurmi ad agire in quel modo e a peccare, per farmi una cattiva fama ed espormi al disonore.
১৩মোক ভয় খুৱাবৰ বাবে তেওঁলোকে তেওঁক ভাড়া দিছিল। তেওঁ যি কৈছিল, সেই দৰে কাম কৰি মই যেন পাপ কৰোঁ, আৰু তেওঁলোকে মোক দুৰ্নাম কৰি লজ্জিত কৰিব পাৰে, এই কাৰণেই তেওঁক ভাড়া দিয়া হৈছিল।
14 Mio Dio, ricordati di Tobia e di Sanballàt, per queste loro opere; anche della profetessa Noadia e degli altri profeti che cercavano di spaventarmi!
১৪হে মোৰ ঈশ্বৰ, টোবিয়া আৰু চনবল্লটৰ এই কাৰ্য অনুসাৰে তেওঁলোকক, আৰু মোক ভয় দেখুৱাব খোজা নোৱদিয়া ভাববাদিনী আৰু অৱশিষ্ট ভাববাদী সকলকো সোঁৱৰণ কৰা।
15 Le mura furono condotte a termine il venticinquesimo giorno di Elul, in cinquantadue giorni.
১৫ইলুল মাহৰ পঁচিশ দিনৰ দিনা, বাৱন্ন দিনৰ পাছত সেই দেৱাল সাজি সমাপ্ত হ’ল।
16 Quando tutti i nostri nemici lo seppero, tutte le nazioni che stavano intorno a noi furono prese da timore e restarono molto sorprese alla vista e dovettero riconoscere che quest'opera si era compiuta per l'intervento del nostro Dio.
১৬আমাৰ সকলো শত্রুৱে যেতিয়া এই কথা শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা দেশীয় লোকসকলে ভয় খালে, আৰু নিজৰ দৃষ্টিত অতি হীন অনুভৱ কৰিলে। কিয়নো তেওঁলোকে জানিবলৈ পালে যে, এই কাম ঈশ্বৰৰ সহায়ৰ দ্ৱাৰাই সিদ্ধ হ’ল।
17 In quei giorni i notabili di Giuda mandavano frequenti lettere a Tobia e da Tobia ne ricevevano;
১৭সেই সময়ত যিহূদাৰ প্ৰধান লোকসকলে টোবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে, আৰু টোবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে।
18 infatti molti in Giuda erano suoi alleati, perché egli era genero di Secania figlio di Arach e suo figlio Giovanni aveva sposato la figlia di Mesullàm figlio di Berechia.
১৮তাতে যিহূদাৰ অনেক লোকে তেওঁৰ পক্ষে শপত খাইছিল; সেই বাবে তেওঁলোক বাধ্যত পৰিছিল। কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনিয়াৰ জোঁৱায়েক আছিল। তেওঁৰ পুত্ৰ যিহোহাননে বেৰেখিয়াৰ পুত্ৰ মচুল্লমৰ জীয়েকক বিয়া কৰাইছিল।
19 Anche in mia presenza parlavano bene di lui e gli riferivano le mie parole. Anche Tobia mandava lettere per intimorirmi.
১৯তেওঁলোকে মোৰ আগত তেওঁৰ সৎকাৰ্য্যৰ কথা কৈছিল, আৰু মোৰ কথাৰ বিষয়েও তেওঁৰ আগত সম্বাদ দিছিল। মোক ভয় খুৱাবৰ বাবে টোবিয়াই চিঠি পঠিয়াইছিল।