< Jenesis 28 >
1 Aịzik kpọrọ Jekọb gọzie ya, nye ya iwu sị ya, “Alụla nwunye site nʼala Kenan.
১ইচহাকে যাকোবক মাতি আশীৰ্ব্বাদ কৰিলে আৰু এই আজ্ঞা দিলে, “তুমি কনান দেশৰ কোনো ছোৱালী বিয়া নকৰিবা।
2 Kama bilie gaa Padan Aram nʼụlọ nna nne gị, Betuel, lụrụ nwunye site nʼụmụ ndị inyom Leban.
২তুমি উঠি পদ্দন-অৰাম দেশত তোমাৰ মাতৃৰ পিতৃগৃহ বথোৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ।
3 Ka Chineke Onye pụrụ ime ihe niile, gọzie gị, mee ka ị mịa mkpụrụ, mụbaa, ghọọ ọtụtụ mba.
৩সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্ব্বাদ কৰক আৰু বহুবংশ কৰি বৃদ্ধি কৰক। তোমাক অনেক জাতি সমূহৰ পিতৃ হোৱাৰ ক্ষমতা দিয়ক।
4 Ka Chineke nye gị na ụmụ ụmụ gị ngọzị ahụ o kwere nkwa inye Ebraham. Ka i nweta ala a, nke i bi nʼime ya ugbu a dịka ọbịa, bụ ala ahụ Chineke kwere Ebraham na nkwa inye ya.”
৪যি আশীৰ্ব্বাদ ঈশ্বৰে অব্ৰাহামক দিছিল, সেই আশীর্বাদ তেওঁ তোমাক আৰু তোমাৰ পাছত তোমাৰ বংশৰ লোকসকলক দান কৰক। যি দেশ ঈশ্বৰে অব্রাহামক দিছিল আৰু য’ত তুমি বাস কৰি আছা, সেই দেশ তোমাৰ অধিকাৰলৈ আহক।”
5 Mgbe ahụ Aịzik zipụrụ Jekọb nʼije ya, ọ gara Padan Aram, nʼụlọ Leban nwa Betuel onye Aram, nwanne Ribeka onye bụ nne Jekọb na Ịsọ.
৫এইদৰে ইচহাকে যাকোবক পঠাই দিলে আৰু যাকোবেও পদ্দন-অৰামৰ অৰামীয়া বথোৱেলৰ পুত্ৰ লাবনৰ ওচৰলৈ গ’ল। লাবন যাকোব আৰু এচৌৰ মাক ৰিবেকাৰ ককায়েক আছিল।
6 Ịsọ hụrụ ka Aịzik siri gọzie Jekọb, ziga ya Padan Aram ka ọ gaa lụọ nwunye nʼebe ahụ, nyekwa ya iwu mgbe ọ na-agọzi ya sị, “Alụla nwanyị na Kenan,”
৬পাছত এচৌৱে জানিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰি পদ্দন-অৰামৰ পৰা কোনো ছোৱালীক বিয়া কৰি আনিবলৈ পঠাইছে; তেওঁ আৰু শুনিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ দিয়াৰ সময়ত এই আজ্ঞা দিছিল “তুমি কোনো কনানীয়া ছোৱালীক বিয়া নকৰিবা।”
7 Jekọb rubekwara nna ya na nne ya isi gawa Padan Aram.
৭এচৌৱে দেখিলে, যাকোবে তেওঁৰ পিতৃ-মাতৃৰ আদেশ মানি পদ্দন-অৰামলৈ গুছি গ’ল।
8 O dokwara Ịsọ anya na ndị inyom Kenan dị njọ nʼanya nna ya Aịzik.
৮তাতে এচৌৱে বুজি পালে যে এই কনানীয়া মহিলাসকলৰ প্রতি তেওঁৰ পিতৃ ইচহাক সন্তুষ্ট নহয়।
9 Nʼihi ya, Ịsọ gakwuru Ishmel lụrụ Mahalat, ada Ishmel, nwa Ebraham, onye bụ nwanyị Nebaiot, tinyekwara ndị nwunye ọ lụrụ na mbụ.
৯সেয়ে দুগৰাকী ভার্য্যা থকাতো তেওঁ অব্ৰাহামৰ পুতেক ইশ্মায়েলৰ ঘৰলৈ গৈ তেওঁৰ জীয়েক মহলতক বিয়া কৰিলে। মহলত নবায়োতৰ ভনীয়েক আছিল।
10 Jekọb hapụrụ Bịasheba gawa Haran.
১০আনফালে যাকোবে বেৰ-চেবাৰ পৰা ওলাই হাৰণৰ ফালে যাত্ৰা কৰিলে।
11 Mgbe chi na-eji, ọ kwụsịrị ebe ọ ga-anọ zuo ike abalị. Mgbe ọ chọrọ idina ala, o weere otu nʼime nkume ndị dị nʼebe ahụ hinye nʼisi ya, dinara ala ịrahụ ụra.
১১এখন ঠাইত বেলি মাৰ যোৱাত তেওঁ সেই ঠাইতে ৰাতিটো কটালে। সেই ঠাইৰে এটা শিল মূৰৰ তলত লৈ তেওঁ শুই থাকিল।
12 Nʼabalị ahụ, ọ rọrọ nrọ, hụ mbube e ji arị elu. E mere ka o guzo site nʼụwa ruo nʼeluigwe. Ọ hụkwara ndị mmụọ ozi Chineke ka ha si na ya na-arịgo na-arịdakwa.
১২তেওঁ শুই থাকোতে সপোনত দেখিলে যে পৃথিৱীৰ ওপৰত এডাল জখলা থিয় হৈ আছে আৰু তাৰ মূৰটো গৈ স্বর্গত লাগি আছে। তেওঁ দেখিলে যে তাৰ ওপৰেদি ঈশ্বৰৰ দূতবোৰে উঠা-নমা কৰি আছিল আৰু
13 Nʼelu ya, ọ hụrụ Onyenwe anyị ka o guzo, nụkwa ka ọ na-agwa ya okwu sị, “Mụ onwe m bụ Onyenwe anyị, Chineke nna gị Ebraham, na Chineke Aịzik. Aga m enye gị na ụmụ ụmụ gị ala ahụ nke i dina nʼelu ya.
১৩যিহোৱাই খটখটিৰ ওপৰত থিয় হৈ কৈছিল, “মই যিহোৱা। মই তোমাৰ ওপৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰো ঈশ্বৰ; তুমি যি ঠাইত শয়ন কৰিছা, সেই দেশ মই তোমাক আৰু তোমাৰ বংশক দিম।
14 Ụmụ gị ga-adị ukwuu, dị ka aja dị nʼala. Ha ga-ejupụta ala a, site nʼọwụwa anyanwụ ruo nʼọdịda anyanwụ, sitekwa nʼugwu ruo na ndịda. A ga-esitekwa na gị na mkpụrụ gị, gọzie mba niile nke ụwa a.
১৪তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
15 Anọnyeere m gị. Aga m echebe gị ebe ọbụla ị na-aga. Aga m akpọghachite gị nʼala a. Agaghị m ahapụ gị tutu ruo mgbe m mezuoro gị ihe niile m kwere gị na nkwa.”
১৫চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”
16 Jekọb tetara nʼụra sị, “Nʼezie Onyenwe anyị nọ nʼebe a. Ma amaghị m ya.”
১৬যাকোবে টোপনিৰ পৰা সাৰ পাই ক’লে, “তেন্তে যিহোৱা নিশ্চয়কৈ এই ঠাইত আছে, অথচ মই তাক জনা নাছিলোঁ।”
17 Ọ tụrụ egwu sị, “Lee ka ebe a si dị oke egwu, o nweghị ihe ebe a bụ karịa ụlọ Chineke, nʼezie ọ bụ ọnụ ụzọ ama eluigwe.”
১৭তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”
18 Nʼisi ụtụtụ echi ya, Jekọb weere nkume ahụ o hinyere nʼisi ya guzo ya dịka ogidi, wụsa mmanụ nʼelu ya.
১৮পাছত যাকোবে অতি ৰাতিপুৱাতে উঠিল আৰু তেওঁ যি শিল মুৰৰ তলত লৈছিল তাক স্তম্ভৰূপে স্থাপন কৰি ওপৰত তেল বাকি দিলে।
19 Ọ kpọrọ ebe ahụ Betel, ọ bụ ezie na Luz bụ aha obodo ahụ na mbụ.
১৯তেওঁ সেই ঠাইৰ নাম বৈৎএল ৰাখিলে; কিন্তু পূৰ্বতে সেই নগৰৰ নাম লুজ আছিল।
20 Mgbe ahụ, Jekọb kwere nkwa sị, “Ọ bụrụ na Chineke ga-anọnyere m, chebe m nʼije m na-eje, ọ bụrụ na ọ ga-enye m ihe oriri m ga-eri na uwe m ga-eyi,
২০যাকোবে সঙ্কল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, “যদি ঈশ্বৰ মোৰ সঙ্গী হয়, মোৰ এই যাত্রাপথত তেওঁ মোক ৰক্ষা কৰে, যদি তেওঁ মোক অন্ন-বস্ত্রও যোগাই দিয়ে,
21 m lọghachi nʼụlọ nna m nʼudo, mgbe ahụ, Onyenwe anyị ga-abụ Chineke m.
২১যদি মই পিতৃৰ ঘৰলৈ পুনৰায় নিৰাপদে ঘূৰি আহিব পাৰোঁ, তেন্তে এই যিহোৱায়েই মোৰ ঈশ্বৰ হ’ব।
22 Nkume a m doziri elu dịka ogidi ga-abụ ụlọ Chineke. Aga m eke ihe niile i nyere m ụzọ iri, nyeghachi gị otu ụzọ.”
২২তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”