< Zakariás 2 >

1 Felemelém ismét szemeimet, és ímé, láték egy férfiút és a kezében mérő-kötelet.
তাৰ পাছত মই চকু তুলি চাই হাতত এডাল পৰিমান-জৰী লোৱা এজন পুৰুষক দেখিলোঁ।
2 És mondám: Hová mégy te? És mondá nékem: Megmérni Jeruzsálemet, hogy lássam: mennyi a széle és mennyi a hossza?
তেতিয়া মই সুধিলোঁ, “আপুনি ক’লৈ যায়?” তেতিয়া তেওঁ মোক ক’লে, “যিৰূচালেমৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান, তাক জুখি নিৰ্ণয় কৰিবলৈ যাওঁ।”
3 És ímé, az angyal, a ki beszél vala velem, kijöve, és más angyal is kijöve eléje.
তেতিয়া মোৰে সৈতে কথা হোৱা দূতজন আগবাঢ়ি গ’ল, আৰু আন এজন দূতে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ ওলাই আহিল।
4 És monda annak: Fuss, és szólj e gyermekhez, mondván: Kerítetlenül fogják lakni Jeruzsálemet a benne levő emberek és barmok sokasága miatt.
আৰু দ্বিতীয় দূতজনে তেওঁক ক’লে, “তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, ‘যিৰূচালেম গড় নোহোৱা গাওঁৰ নিচিনা বসতিস্থান হ’ব; যিৰূচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে।
5 Én pedig, szól az Úr, tűz-fal leszek körülötte és megdicsőítem magamat ő benne!
কিয়নো যিহোৱাই কৈছে, ‘ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড়, আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ’ম।
6 Jaj, jaj! Fussatok ki az északi földről, így szól az Úr, mert az ég négy szele felé szórtalak szét titeket, szól az Úr.
যিহোৱাই কৈছে, হে লোকসকল, হে লোকসকল! তোমালোক উত্তৰ দেশৰ পৰা পলাই যোৱা; কিয়নো যিহোৱাই কৈছে, ‘আকাশৰ চাৰি বায়ুৱে কৰা নিচিনাকৈ মই তোমালোকক ছিন্ন-ভিন্ন কৰিলোঁ!’
7 Jaj Sion! Szabadítsd ki magadat, ki Babilon leányánál lakozol.
‘বাবিল জীয়াৰীয়ে সৈতে প্ৰবাস কৰা হে চিয়োন, ৰক্ষাৰ অৰ্থে পলোৱা’।”
8 Mert így szól a Seregeknek Ura: Dicsőség után küldött engem a pogányokhoz, a kik fosztogatnak titeket, mert a ki titeket bánt, az ő szemefényét bántja.
কিয়নো বাহিনীসকলৰ যিহোৱাই মোক সন্মানিত কৰিলে, আৰু তোমালোকক লুণ্ঠণ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠিয়ালে; কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।
9 Mert ímé én felemelem kezemet ellenök, és saját szolgáik prédájává lesznek, és megtudjátok, hogy a Seregeknek Ura küldött el engem.
কিয়নো চোৱা, মই যেতিয়া সিহঁতৰ ওপৰত মোৰ হাত জোকাৰিম; তেতিয়া সিহঁত সেই লোকসকলৰ বন্দীকাম কৰা লোকৰ লুটদ্ৰব্য হ’ব।” আৰু বাহিনীসকলৰ যিহোৱাই যে মোক পঠিয়ালে, তেতিয়া তোমালোকে জানিবা।
10 Örülj és örvendezz, Sionnak leánya, mert ímé elmegyek és közötted lakozom! így szól az Úr.
১০“হে চিয়োন জীয়াৰী, গীত গাই আনন্দ কৰা;” কিয়নো, যিহোৱাই কৈছে, চোৱা, “মই আহিছোঁ, আৰু মই তোমালোকৰ মাজত বাস কৰিম!”
11 És sok pogány csatlakozik azon a napon az Úrhoz, és népemmé lesznek, és közötted lakozom, és megtudod, hogy a Seregeknek Ura küldött hozzád engem.
১১তেতিয়া সেই দিনা অনেক জাতিয়ে যিহোৱাৰ লগ ল’ব। তেওঁ ক’ব, “তোমালোক মোৰ প্ৰজা হ’বা; আৰু মই তোমাৰ মাজত বাস কৰিম।” তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে, ইয়াকে তুমি জানিবা।
12 És birtokba veszi az Úr Júdát, mint az ő osztályrészét a szent földön, és újra magáévá fogadja Jeruzsálemet.
১২আৰু যিহোৱাই পবিত্ৰ দেশত নিজ অংশস্বৰূপে যিহূদা অধিকাৰ কৰিব আৰু পুনৰায় যিৰূচালেমক মনোনীত কৰিব।
13 Hallgasson minden test az Úr előtt: mert felkelt az ő szentséges helyéről.
১৩হে সমূদায় লোক, যিহোৱাৰ আগত মনে মনে থাকা; কিয়নো তেওঁ স্বৰ্গৰ পৰা জাগি উঠিছে!

< Zakariás 2 >