< Zsoltárok 7 >
1 Dávid siggajonja, a melyet az Úrhoz énekelt a Benjáminita Kús beszéde miatt. Én Uram Istenem, benned bízom; oltalmazz meg engem minden üldözőmtől, és szabadíts meg engem,
১হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ! মোৰ পাছে পাছে খেদি অহাবোৰৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা।
2 Hogy szét ne tépje, mint az oroszlán az én lelkemet, szét ne szaggassa, ha nincsen szabadító.
২নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব, সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
3 Én Uram Istenem, ha cselekedtem ezt, ha hamisság van az én kezeimben.
৩হে মোৰ ঈশ্বৰ যিহোৱা, যদি মই এনে কোনো কৰ্ম কৰি আছোঁ, যদি অন্যায়ৰ কোনো কার্য মোৰ হাতত লাগি আছে,
4 Ha gonoszszal fizettem jó emberemnek, és háborgattam ok nélkül való ellenségemet:
৪যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছোঁ, বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছোঁ,
5 Akkor ellenség üldözze lelkemet s érje el és tapodja földre az én életemet, és sujtsa porba az én dicsőségemet. (Szela)
৫তেনেহলে শত্রুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক, সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক, মোৰ মান-সন্মান ধূলিত মিলাই দিয়ক। (চেলা)
6 Kelj fel, Uram, haragodban, emelkedjél fel ellenségeim dühe ellen; serkenj fel mellettem, te, a ki parancsoltál ítéletet!
৬হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা, মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা, মোৰ অৰ্থে তুমি সাৰ পোৱা; হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।
7 És népek gyülekezete vegyen téged körül, és felettök térj vissza a magasságba.
৭সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক; তুমি উর্দ্ধলৈ উলটি গৈ পুনৰ লোক সকলৰ ওপৰত ৰাজত্ব কৰা।
8 Az Úr ítéli meg a népeket. Bírálj meg engem Uram, az én igazságom és ártatlanságom szerint!
৮যিহোৱাই লোকসকলৰ বিচাৰ কৰে; হে যিহোৱা, মোৰ ধাৰ্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে তুমি মোৰ বিচাৰ কৰা, হে মোৰ সৰ্ব্বোপৰি জনা।
9 Szünjék meg, kérlek, a gonoszok rosszasága és erősítsd meg az igazat; mert az igaz Isten vizsgálja meg a szíveket és veséket.
৯হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা; তুমি দুষ্টৰ দুষ্টতা শেষ কৰা, কিন্তু ধাৰ্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।
10 Az én paizsom az Istennél van, a ki megszabadítja az igazszívűeket.
১০ঈশ্বৰ মোৰ ঢাল; যিসকলৰ অন্তৰত সততা আছে, তেওঁলোকক তেওঁ ৰক্ষা কৰে।
11 Isten igaz biró; és olyan Isten, a ki mindennap haragszik.
১১ঈশ্বৰ এজন ন্যায়বিচাৰক, তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ।
12 Ha meg nem tér a gonosz, kardját élesíti, kézívét felvonja és felkészíti azt.
১২কোনোৱে যদি মন পালটন নকৰে, তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব; তেওঁ নিজৰ ধনু ভিৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে।
13 Halálos eszközöket fordít reá, és megtüzesíti nyilait.
১৩তেওঁ অস্ত্র-শস্ত্র যুগুত কৰি ৰাখিছে; নিজৰ জ্বলন্ত মৰণাস্ত্ৰবোৰ তৈয়াৰ কৰিছে।
14 Ímé, álnoksággal vajúdik a gonosz, hamisságot fogan és hazugságot szül.
১৪ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।
15 Gödröt ás és mélyre vájja azt; de beleesik a verembe, a mit csinált.
১৫তেওঁলোকে মাটি খান্দি দ গাত কৰে, আৰু নিজেই খন্দা গাতত নিজে পৰে।
16 Forduljon vissza fejére az, a mit elkövetett, és szálljon feje tetejére az ő erőszakossága.
১৬তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে, তেওঁলোকে যি অনিষ্ট কৰে, সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে।
17 Dicsérem az Urat az ő igazsága szerint, és éneklek a felséges Úr nevének.
১৭সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায় বিচাৰ কৰে; মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম।