< Zsoltárok 28 >
1 Dávidé. Hozzád kiáltok, Uram, én szirtem; ne fordulj el szótlanul tőlem, hogy ne legyek, ha néma maradnál, a sírba szállókhoz hasonló.
১হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ; হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা। কাৰণ, তুমি যদি মনে মনে থাকা, তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব।
2 Halld meg esedezéseimnek szavát, mikor kiáltok hozzád, és mikor felemelem kezeimet a te szentséged lakhelye felé.
২সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ, তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো, তেতিয়া তুমি মোৰ নিবেদন শুনা।
3 Ne számlálj engem a hitetlenek és gonosztevők közé, a kik békességgel szólnak felebarátaikhoz, pedig gonoszság van szívökben.
৩যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।
4 Fizess meg nékik az ő cselekedeteik és igyekezetök rosszasága szerint; kezök munkája szerint fizess meg nékik; add meg nékik jutalmukat!
৪তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে, তুমি তেওঁলোকক প্ৰতিফল দিয়া; তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া। তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।
5 Minthogy nem figyelnek az Úr cselekedeteire és kezének munkáira, lerontja őket és föl nem építi őket.
৫কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে; সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব, আৰু পুনৰায় গঢ় নিদিব।
6 Áldott az Úr, hogy meghallgatta esedezéseimnek szavát.
৬সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।
7 Az Úr az én erőm és paizsom, ő benne bízott szívem és megsegíttettem; örvend szívem és énekemmel dicsérem őt.
৭যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
8 Az Úr az ő népének ereje, és az ő fölkentjének megtartó erőssége.
৮যিহোৱা তেওঁৰ লোকসকলৰ বল; তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।
9 Tartsd meg a te népedet és áldd meg a te örökségedet, legeltesd és magasztald fel őket mindörökké!
৯হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।