< Abdiás 1 >

1 Abdiás látása. Így szól az Úr Isten Edomról: Hírt hallottunk az Úrtól! És hírnök küldetett a népekhez: keljetek fel és támadjunk reá haddal!
ওবদিয়াৰ দৰ্শন। প্ৰভু যিহোৱাই ইদোমৰ বিষয়ে চিন্তা কৰি ক’লে: আমি যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু দেশীবাসীৰ মাজলৈ এজন ৰাজদূত পঠালোঁ। তেওঁ কৈছিল, “উঠা, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোক উঠা।”
2 Ímé, kicsinynyé tettelek a népek között; felettébb útálatos vagy.
চোৱা, মই তোমাক দেশীবাসীৰ মাজত সৰু কৰিম; আৰু তোমাক অতিশয় হেয়জ্ঞান কৰা হ’ব।
3 Szíved kevélysége csalt meg téged, ki szikla-hasadékokban lakozol, kinek lakóhelye magasan van, a ki mondja az ő szívében: Ki vonhatna le engem a síkra?!
উচ্চস্থানত শিলৰ গুহাত বাস কৰা জনৰ মনৰ অহংকাৰে তেওঁক প্ৰবঞ্চনা কৰিলে। কোনে তোমাৰ মনত কয়, “কোনে মোক মাটিলৈ নমাব?”
4 Ha oly magasra szállnál is, mint a sas, és ha a csillagok közé raknád is fészkedet: onnan is levonnálak, ezt mondja az Úr.
যিহোৱাই কৈছে, তুমি ঈগল পক্ষীৰ দৰে ওপৰলৈ উৰিলেও, আৰু তোমাৰ বাহ তৰাবোৰৰ মাজত স্থাপিত হ’লেও, মই তাৰ পৰা তোমাক নমাই আনিম।
5 Ha tolvajok törnének reád, avagy éjjeli rablók, (hogy elpusztíttattál!), nem annyit lopnának-é, a mennyi elegendő?! Ha szőlőszedők jönnének reád, nem hagynának-é gerezdeket?!
তোমাৰ ওচৰলৈ যদি ৰাতি চোৰ বা ডকাইত আহে, তেনেহ’লে (তোমাক কিদৰে উচ্ছন্ন কৰা হৈছে!) তেওঁলোকে কেৱল নিজৰ বাবে যথেষ্ট পৰিমাণে চুৰ কৰিব নে? যদি তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চাপোৱাসকল আহে তেনেহ’লে তেওঁলোকে সংগ্রহ কৰা দ্ৰাক্ষাগুটিৰ অৱশিষ্ট নাৰাখিব নে?
6 Mennyire kifosztogatták Ézsaut; felkutatták rejtett kincseit!
এচৌৰ সম্পত্তি কেনেকৈ লুট কৰা হৈছিল, আৰু তেওঁৰ গুপ্ত ধনবোৰ কেনেকৈ অনুসন্ধান কৰি উলিওৱা হৈছিল!
7 A határig űznek ki összes frigytársaid; megcsalnak, levernek szövetségeseid; kenyeredet tőrül vetik alád. Nincsen benne okosság!
তোমাৰ সৈতে সমন্ধ স্থাপন কৰা লোকসকলে তোমাক নিজৰ বাটে সীমালৈকে পঠিয়াব। তোমাৰ সৈতে মিলেৰে থকা লোকসকলে তোমাক প্ৰবঞ্চনা কৰিলে, আৰু তোমাৰ বিৰুদ্ধে অধিক প্রভাৱশীল হ’ল। তোমাৰ আহাৰ খোৱা লোকসকলে তোমাৰ বাবে ফান্দ পাতে। ইদোমৰ একো বিবেচনা শক্তি নাই।
8 Azon a napon, ezt mondja az Úr, nem vesztem-é ki a bölcseket Edomból, és az értelmet az Ézsau hegyéről?!
যিহোৱাই কৈছে, সেই দিনা মই ইদোমৰ জ্ঞানী লোকসকলক ধ্বংস নকৰিম নে, আৰু এচৌৰ পৰ্ব্বতৰ পৰা বিবেচনা দূৰ নকৰিম নে?
9 És megrémülnek a te vitézeid, oh Témán! hogy kiirtassék mindenki az Ézsau hegyéről az öldöklés által.
হে তৈমন, তোমাৰ লোকসকল আতঙ্কিত হ’ব, সেয়ে সকলো লোকক এচৌৰ পৰ্ব্বতৰ পৰা হত্যা কৰাৰ দ্বাৰাই উচ্ছন্ন কৰা হ’ব।
10 A Jákób öcséd ellen elkövetett erőszakért szégyen borul reád, és kivágatol mindörökre!
১০তোমাৰ ভাই যাকোবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা, আৰু তুমি সৰ্বকালৰ বাবে উচ্ছন্ন হবা।
11 A mikor vele szembeálltál; a mikor serege idegenek rabjává lett, és idegenek törtek be kapuján és Jeruzsálemre sorsot vetettek: olyan voltál te is, mint bármelyik közülök.
১১সেই দিনা তুমি আঁতৰি থাকিবা, আৰু অচিনাকী লোকে তেওঁৰ ধন-সম্পত্তি লৈ যাব। বিদেশীসকলে তেওঁৰ দুৱাৰত প্রবেশ কৰি, যিৰূচালেমৰ বাবে চিঠি খেলাব, আৰু তেওঁলোকৰ দৰে তুমিও এজন হ’বা।
12 De ne gyönyörködjél öcsédnek napján, az ő szerencsétlenségének napján; és ne örvendj a Júda fiain az ő veszedelmök napján, és ne kérkedjél a szorongattatás napján.
১২কিন্তু তোমাৰ ভায়েৰাৰ বিপদৰ সময়ত তুমি নাহাঁহিবা। যিহূদাৰ লোকসকলৰ বিনাশৰ দিনত তেওঁলোকৰ ওপৰত আনন্দ নকৰিবা; আৰু তেওঁলোকৰ যন্ত্রনাৰ দিনত গৰ্ব্ব নকৰিবা।
13 Ne törj be népem kapuján nyomorúságuk napján; ne gyönyörködjél te is a baján nyomorúsága napján; és ne nyúlj az ő jószágához nyomorúsága napján;
১৩তুমি মোৰ লোকসকলৰ দুৰ্যোগৰ সময়ত তেওঁলোকৰ নগৰৰ দুৱাৰত নোসোমাবা; এনে কি, তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ ক্লেশত উল্লাসিত নহ’বা। তেওঁলোকৰ ধ্বংসৰ সময়ত তেওঁলোকৰ ধন-সম্পত্তি লুট নকৰিবা।
14 A résre se állj fel menekülőit elveszíteni; és ne áruld el az ő megmaradottait a szorongattatás napján!
১৪তুমি পলাতক লোকসকলক উচ্ছন্ন কৰিবলৈ চাৰিআলিত থিয় নহবা, আৰু যন্ত্রণাৰ সময়ত তেওঁৰ অৱশিষ্ট লোকসকলক শোধাই নিদিবা।
15 Mert közel van az Úrnak napja minden népek ellen. A mint cselekedtél, úgy cselekesznek veled; a mit te fizettél, visszaszáll fejedre.
১৫যিহোৱাৰ দিন দেশবাসী সকলৰ বাবে ওচৰ চাপিছে। তুমি কৰাৰ দৰেই, তোমালৈ কৰা হ’ব, আৰু তুমি কৰা কাৰ্যৰ প্রতিফল তোমাৰ মূৰত পৰিব।
16 Mert a mint ti ittatok szent hegyemen, úgy isznak szüntelen az összes népek; bizony isznak és hörpengetnek, és olyanok lesznek, mintha nem lettek volna.
১৬কাৰণ মোৰ পবিত্ৰ পৰ্ব্বতত তোমালোকে পান কৰাৰ দৰে, সকলো দেশবাসী সকলে অবিৰাম পান কৰিব। তেওঁলোকে পান কৰিব আৰু গিলিব, আৰু তেওঁলোকে কেতিয়াও খাবলৈ নোপোৱাৰ দৰে খাব।
17 De a Sion hegyén szabadulás lészen, és szentté lészen az, és a Jákób háza birtokba veszi az ő örökségét.
১৭কিন্তু ৰক্ষা পোৱাসকল চিয়োন পৰ্ব্বতত থকিব, আৰু সেয়ে পবিত্ৰ হ’ব; আৰু যাকোবৰ বংশই তেওঁলোকৰ নিজৰ সম্পত্তি অধিকাৰ কৰিব।
18 És a Jákób háza tűz lészen, és a József háza láng; az Ézsau háza pedig pozdorja; és meggyújtják és megemésztik őket, és nem marad meg senki Ézsau házából, mert az Úr szólott.
১৮যাকোবৰ বংশ অগ্নি, আৰু যোচেফৰ বংশ অগ্নিশিখা, আৰু এচৌৰ বংশ নৰাৰ দৰে হ’ব; আৰু তেওঁলোকে সেইবোৰ জ্বলাব, আৰু গ্ৰাস কৰিব। এচৌৰ বংশত কোনো অবশিষ্ট নাথাকিব; কাৰণ যিহোৱাই ইয়াক কৈছিল।
19 A déliek örökség szerint bírják az Ézsau hegyét, a síkon lakók pedig a Filiszteusokat. És örökség szerint bírják az Efraim mezőit és Samaria mezőit; Benjámin pedig a Gileádot.
১৯আৰু দক্ষিণ অঞ্চলত লোকসকলে এচৌৰ পৰ্ব্বত অধিকাৰ কৰিব, আৰু নিম্নভূমিৰ লোকসকলে পলেষ্টীয়াসকলৰ দেশ অধিকাৰ কৰিব। তেওঁলোকে ইফ্ৰয়িমৰ আৰু চমৰিয়াৰ ভূমি অধিকাৰ কৰিব; আৰু বিন্যামীনীয়া লোকসকলে গিলিয়দ অধিকাৰ কৰিব।
20 Izráel fiainak ez a száműzött serege azokat, a melyek a Kananeusoké, mind Sarfátig; a jeruzsálemi száműzöttek pedig, a kik Szefarádban vannak, elfoglalják majd a déli városokat.
২০ইস্ৰায়েলী লোকসকলৰ বন্দীত্বত থকা সৈন্য সমূহে কনানীয়াৰ পৰা চাৰিফতলৈকে অধিকাৰ কৰিব; আৰু চাফৰদত থকা যিৰূচালেমৰ বন্দী লোকসকলে দক্ষিণ অঞ্চলৰ নগৰবোৰ অধিকাৰ কৰিব।
21 És a Sion hegyére szabadítók mennek fel, hogy megítéljék az Ézsau hegyét; és az Úré lesz a királyság.
২১এচৌৰ পৰ্ব্বতৰ বিচাৰ কৰিবলৈ উদ্ধাৰকৰ্ত্তাসকলে চিয়োন পৰ্ব্বতত উঠিব; আৰু ৰাজ্য যিহোৱাৰ হ’ব।

< Abdiás 1 >