< 3 Mózes 21 >
1 Szóla ismét az Úr Mózesnek: Szólj a papoknak, Áron fiainak, és mondd meg nékik: Senki közülök meg ne fertőztesse magát halottal az ő népe között;
১পাছত যিহোৱাই মোচিক ক’লে: “তুমি পুৰোহিতসকলক অৰ্থাৎ হাৰোণৰ পুত্ৰসকলক কোৱা, ‘নিজ লোকসকলৰ মাজৰ কোনো মানুহ মৰিলে, তেওঁৰ বাবে কোনেও নিজকে অশুচি কৰিব নালাগে।
2 Hanem ha a hozzá legközelebb álló vérrokonával: anyjával, atyjával, fiával, leányával és fiútestvérével,
২কেৱল নিজৰ ওচৰ সম্বন্ধীয়া একে তেজৰ, অৰ্থাৎ নিজৰ মাক, বাপেক, পুতেক, জীয়েক, ককায়েক আৰু ভায়েকৰ বাবে নিজকে অশুচি কৰিব পাৰে।
3 Vagy a hozzá legközelebb álló hajadon leánytestvérével, a ki még nem ment férjhez: ezt megérintheti.
৩আৰু যি কন্যা ছোৱালী বিয়া হোৱা নাই, এনে ওচৰ সম্বন্ধীয়া নিজৰ বায়েক কি ভনীয়েক মৰিলে, তেওঁৰ বাবেও নিজকে অশুচি কৰিব পাৰে।
4 Mint fő-ember ne fertőztesse meg magát az ő népe között, hogy szentségtelenné ne legyen.
৪নিজ লোকসকলৰ মাজত এজন প্ৰধান লোক হোৱাৰ কাৰণে, তেওঁ আন লোকৰ বাবে নিজকে অপবিত্ৰ কৰিবৰ অৰ্থে নিজকে অশুচি কৰিব নোৱাৰে।
5 Ne nyírjanak kopaszságot a fejükön, szakálluk szélét le ne messék, és a testükbe vágásokat ne vágjanak.
৫পুৰোহিতসকলে নিজ নিজ মুৰৰ কোনো ঠাই খুৰাই টকলা নকৰিব, দাড়িৰ চুক নুখুৰাব আৰু নিজ গা কাট-কুট নকৰিব।
6 Szentek legyenek Istenöknek, és az ő Istenöknek nevét meg ne szentségtelenítsék, mert az Úrnak tűzáldozatait, Istenöknek kenyerét ők áldozzák; azért szentek legyenek.
৬তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে।
7 Parázna és megszeplősített asszonyt el ne vegyenek, se olyan asszonyt, a ki elűzetett az ő férjétől, el ne vegyenek; mert a pap az ő Istenének van szentelve.
৭পুৰোহিতে বেশ্যা বা ভ্ৰষ্টা মহিলা গ্ৰহণ নকৰিব আৰু স্বামীয়ে ত্যাগ কৰা মহিলা গ্ৰহণ নকৰিব, কিয়নো তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ।
8 Te is szentnek tartsad őt, mert Istenednek kenyerét ő áldozza: szent legyen azért előtted, mert szent vagyok én, az Úr, a ti megszentelőtök.
৮এই কাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা; কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ ‘ভক্ষ্য দ্ৰব্য’ উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হ’ব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা যি মই, মই পবিত্ৰ।
9 Hogyha valamely papnak leánya vetemedik paráznaságra, megszentségteleníti az ő atyját, azért tűzzel égettessék meg.
৯কোনো পুৰোহিতৰ জীয়েকে যদি বেশ্যা কৰ্ম কৰি নিজক অপবিত্ৰ কৰে, তেন্তে তাই নিজ বাপেককো অপবিত্ৰ কৰা হয়; তাইক জুইত পোৰা যাব।
10 A ki pedig főpap az ő attyafiai között, a kinek fejére töltötték a kenetnek olaját, és a kit felavattak az ő szolgálatára, hogy a szent ruhákba felöltözzék: fejét meg ne meztelenítse, se ruháit meg ne szaggassa,
১০আৰু নিজ ভাইসকলৰ মাজত যি প্ৰধান পুৰোহিতৰ মুৰত যি অভিষেকাৰ্থক তেল ঢলা গ’ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ কাৰণে নিযুক্ত কৰা হ’ল, তেওঁ নিজৰ মুৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব।
11 És semmiféle holttesthez be ne menjen: atyjával és anyjával se fertőztesse meg magát.
১১তেওঁ কোনো মৰা শৱৰ ওচৰলৈ নাযাব; নিজ পিতৃ কি মাতৃৰ কাৰণেও তেওঁ নিজকে অশুচি নকৰিব।
12 És a szenthelyből ki ne menjen, hogy az ő Istenének szenthelyét meg ne szentségtelenítse, mert korona, az ő Istenének kenet-olaja van ő rajta. Én vagyok az Úr.
১২ধৰ্মধামৰ পৰা বাহিৰ হৈ নাযাব আৰু নিজ ঈশ্বৰৰ ধৰ্মধাম অপবিত্ৰ নকৰিব, কিয়নো নিজ ঈশ্বৰৰ অভিষেকাৰ্থক তেল কিৰীটি স্বৰূপে তেওঁৰ মুৰত আছে। মই যিহোৱা।
13 Hajadont vegyen feleségül.
১৩প্রধান পুৰোহিতে কেৱল পুৰুষে স্পৰ্শ নকৰা ছোৱালীহে বিয়া কৰিব।
14 Özvegyet, elűzöttet, megszeplősítettet, paráznát: ilyeneket el ne vegyen, hanem hajadont vegyen feleségül az ő népe közül,
১৪বিধৱা বা স্বামীয়ে ত্যাগ কৰা, ভ্ৰষ্টা বা বেশ্যা এনে মহিলা তেওঁ বিয়া নকৰিব। কিন্তু নিজ লোকসকলৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব।
15 Hogy meg ne fertőztesse az ő magzatát az ő népe között; mert én, az Úr vagyok az ő megszentelője.
১৫তেওঁ নিজ লোকসকলৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোঁতা যিহোৱা’।”
16 Szóla ismét az Úr Mózesnek, mondván:
১৬যিহোৱাই মোচিক আৰু ক’লে, বোলে,
17 Szólj Áronnak, mondván: Ha lesz valaki a te magod közül, az ő nemzetségökben, a kiben fogyatkozás leend, ne áldozza áldozatul az ő Istenének kenyerét.
১৭“তুমি হাৰোণক কোৱা, পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
18 Mert senki sem áldozhat, a kiben fogyatkozás van: vagy vak, vagy sánta vagy csonka orrú, vagy hosszú tagú.
১৮কিয়নো যিকোনো লোকৰ ঘুণ থাকিব, সি ওচৰ নাচাপিব; যেনে কণা, খোৰা, ফেঁচা-নকা,
19 Sem az, a ki törött lábú vagy törött kezű,
১৯অধিক অঙ্গ থকা, কি ভৰি ভগা, কি হাত ভগা,
20 Vagy púpos, vagy törpe, vagy szemfájós, vagy viszketeges, vagy sömörgös, vagy a ki megszakadott.
২০কি কুজাঁ, কি বাওনা বা চকুৰ ৰোগী বা খজুলি থকা, কি নিকৰি বন্ধা, কি অণ্ডকোষ কঢ়া।
21 Senki, a kiben fogyatkozás van, elő ne álljon Áronnak, a papnak fiai közül, hogy tűzáldozatot vigyen fel az Úrnak; fogyatkozás van ő benne, ne álljon elő, hogy megáldozza az ő Istenének kenyerét.
২১আদি কৰি কোনো ঘুণ থকা যি পুৰুষ হাৰোণ পুৰোহিতৰ বংশৰ মাজত থাকিব, তেওঁ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তেওঁৰ ঘুণ আছে; তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
22 Az ő Istenének kenyeréből, a legszentségesebbikből és a szentségesből ehetik.
২২ঈশ্বৰৰ ‘ভক্ষ্য’, অৰ্থাৎ অতি পবিত্ৰ আৰু পবিত্ৰ বস্তু দুয়োকো তেওঁ ভোজন কৰিব পাৰিব।
23 Csak a függönyhöz be ne menjen, és az oltárhoz ne közelítsen, mert fogyatkozás van ő benne, hogy meg ne fertőztesse az én szenthelyemet. Én vagyok az Úr, az ő megszentelőjök.
২৩কেৱল প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ নোসোমাব আৰু যজ্ঞবেদীৰ ওচৰ নাচাপিব, কিয়নো তেওঁৰ ঘুণ আছে; তাতে তেওঁ মোৰ পবিত্ৰ ঠাইবোৰ অপবিত্ৰ নকৰিব। কিয়নো মই সেই সকলোকে পবিত্ৰ কৰোঁতা যিহোৱা’।”
24 És elmondá Mózes Áronnak, és az ő fiainak, és Izráelnek minden fiainak.
২৪এইদৰে মোচিয়ে হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ আটাই সন্তানসকলক এই কথাবোৰ ক’লে।