< Birák 5 >
1 Énekelt pedig Debora és Bárák, az Abinoám fia azon a napon, mondván:
১সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে,
2 Hogy a vezérek vezettek Izráelben, Hogy a nép önként kele föl: áldjátok az Urat!
২“নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল - আমি যিহোৱাৰ প্রশংসা গীত কৰোঁ!
3 Halljátok meg királyok, figyeljetek fejedelmek! Én, én az Úrnak éneket mondok, Dícséretet zengek az Úrnak, az Izráel Istenének.
৩হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
4 Uram, mikor Szeirből kijövél, Mikor lépdelél Edom mezejéről: Megrendült a föld, csepegett az ég, A föllegek is víztől áradának.
৪হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে।
5 A hegyek megrendültek az Úrnak orczája előtt, Még ez a Sinai is, az Úrnak, az Izráel Istenének színe előtt.
৫যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল; এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল।
6 Sámgárnak, az Anath fiának napjaiban, Jáhel idejében pihentek az utak, És az útonjárók tekervényes ösvényekre tértek.
৬চমগৰ আৰু যায়েলৰ দিনত ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল।
7 Megszüntek a kerítetlen helyek Izráelben, megszüntek végképen, Mígnem én Debora felkelék, Felkelék Izráel anyjaként.
৭মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো।
8 Új isteneket ha választott a nép, Mindjárt kigyúlt a harcz a kapuk előtt; De paizs, és dárda avagy láttatott-é A negyvenezereknél az Izráel között?
৮লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।
9 Szívem azoké, kik parancsolnak Izráelben, Kik a nép közül önként ajánlkoztak: áldjátok az Urat!
৯মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰোঁ!
10 Kik ültök fehér szamarakon, Kik ültök a szőnyegeken És a kik gyalog jártok: mind énekeljetek!
১০তোমালোক যিসকলে বগা গাধত উঠি, পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাৱা!
11 Az íjászok szavával a vízmerítők között, Ott beszéljék az Úrnak igazságát, Az ő faluihoz való igazságit Izráelben. Akkor újra a kapukhoz vonul az Úr népe!
১১তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকলৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল।
12 Kelj fel, kelj fel Debora! Serkenj fel, serkenj fel, mondj éneket! Kelj fel Bárák és fogva vigyed foglyaidat, Abinoám fia!
১২সাৰ পোৱা দবোৰা, সাৰ পোৱা! সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা! হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা।
13 Akkor lejött a hősök maradéka; Az Úrnak népe lejött hozzám a hatalmasok ellen.
১৩তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল; যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল।
14 Efraimból, kiknek gyökere Amálekben, Utánad Benjámin, a te néped közé; Mákirból jöttek le vezérek, És Zebulonból, kik a vezéri pálczát tartják.
১৪কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল।
15 És Issakhár fejedelmei Deborával, És mint Issakhár, úgy Bárák A völgybe rohan követőivel. Csak a Rúben patakjainál Vannak nagy elhatározások.
১৫ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল। বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল। ৰূবেণৰ ফৈদৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল।
16 Miért maradtál ülve a hodályban? Hogy hallgasd nyájad bégetéseit?! Rúben patakjainál nagyok voltak az elhatározások!
১৬তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰূবেণৰ বংশত অনেক দৃঢ়মনা লোক আছিল।
17 Gileád a Jordánon túl pihen. Hát Dán miért időzik hajóinál? Áser a tenger partján ül és nyugszik öbleinél.
১৭গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; আৰু দান ফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে।
18 De Zebulon, az halálra elszánt lelkű nép, És Nafthali, a mezőség magaslatain!
১৮জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক।
19 Királyok jöttek, harczoltanak; Akkor harczoltak a Kanaán királyai Taanaknál, Megiddó vizénél; De egy darab ezüstöt sem vettenek.
১৯ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।
20 Az égből harczoltak, A csillagok az ő helyökből vívtak Siserával!
২০আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
21 A Kison patakja seprette el őket; Az ős patak, a Kison patakja! Végy erőt én lelkem!
২১কীচোন নদীয়ে সিহঁতক উটাই নিলে; সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া।
22 Akkor csattogtak a lovak körmei A futás miatt, lovagjaik futásai miatt.
২২তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
23 Átkozzátok Mérozt – mond az Úr követje, – Átkozva-átkozzátok annak lakosait! Mert nem jöttek az Úrnak segítségére, Az Úrnak segélyére vitézei közé.
২৩যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।
24 De áldott legyen az asszonyok felett Jáhel, A Keneus Héber felesége, A sátorban lakó nők felett legyen áldott!
২৪কেনীয়া হেবৰৰ ভার্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা; তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা।
25 Az vizet kért, ő tejet adott, Fejedelmi csészében nyújtott tejszínét.
২৫চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে; এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে।
26 Balját a szegre, Jobbját pedig a munkások pőrölyére nyújtotta, És ütötte Siserát, szétzúzta fejét, És összetörte, általfúrta halántékát,
২৬তেওঁ তম্বু বন্ধা খুটিটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে; চীচৰাক হাতুৰীৰে আঘাত কৰি তেওঁৰ মূৰ ভাঙিলে; মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে।
27 Lábainál leroskadt, elesett, feküdt, Lábai között leroskadt, elesett; A hol leroskadt, ott esett el megsemmisülve.
২৭তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল, আৰু য’ত পৰিছিল, তাতে পৰি থাকিল। ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল।
28 Kinézett az ablakon, és jajgatott Siserának anyja a rostélyzat mögül: „Miért késik megjőni szekere? Hol késlekednek kocsijának gördülései?”
২৮চীচৰাৰ মাতৃয়ে এখন খিড়িকিয়েদি জুমি চালে - তেওঁ জালিকটা খিড়িকিৰে চাই চিঞঁৰি ক’লে, “চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?”
29 Fejedelemasszonyinak legokosabbjai válaszolnak néki; Ő egyre csak azok szavait ismételgeti:
২৯তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেৱোঁ একে উত্তৰকে নিজকে নিজে দিলে:
30 „Vajjon nem zsákmányra találtak-é, s mostan osztozkodnak? Egy-két leányt minden férfiúnak; A festett kelmék zsákmányát Siserának; Tarka szövetek zsákmányát, tarkán hímzett öltözeteket, Egy színes kendőt, két tarka ruhát nyakamra, mint zsákmányt.”
৩০তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, ফুল কৰা ৰঙীণ পোছাক, মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক-
31 Így veszszenek el minden te ellenségid, Uram! De a kik téged szeretnek, tündököljenek mint a kelő nap az ő erejében! És megnyugovék a föld negyven esztendeig.
৩১হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্ৰেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।