< Jeremiás 37 >
1 Uralkodott pedig Sedékiás király, Jósiásnak fia, Kónia helyett, a ki Jojákimnak fia vala, kit Nabukodonozor, a babiloni király királylyá tett vala Júdának földében.
১বাবিলৰ ৰজা নবূখদনেচৰে যিহূদা দেশৰ ওপৰত পতা ৰজা যোচিয়াৰ পুত্ৰ চিদিকিয়া যিহোয়াকীমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ’ল।
2 De nem hallgatá sem ő, sem az ő szolgái, sem a föld népe az Úrnak szavát, a melyet szólott vala Jeremiás próféta által.
২কিন্তু তেওঁ, তেওঁৰ মন্ত্ৰীসকল আৰু দেশীয় লোকসকলে যিৰিমিয়া ভাববাদীৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
3 És elküldé Sedékiás király Júkált, Selémiának fiát, és Sofóniást, Mahásiás papnak fiát Jeremiás prófétához, mondván: Kérlek, könyörögj mi érettünk az Úrnak, a mi Istenünknek.
৩গতিকে চিদিকিয়া ৰজাই চেলেমিয়াৰ পুত্ৰ যিহূখলক আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়া ভাববাদীৰ ওচৰলৈ পঠিয়াই দি ক’লে, “তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে প্ৰাৰ্থনা কৰা।”
4 Jeremiás pedig be- és kimegy vala a nép között, mert még nem vetették vala őt be a tömlöczbe.
৪সেই সময়ত যিৰিমিয়াই তেওঁলোকৰ মাজত অহা-যোৱা কৰিছিল, কিয়নো সেই সময়ত তেওঁক বন্দীশালত থোৱা হোৱা নাছিল।
5 A Faraó serege pedig kijött Égyiptomból, és a Káldeusok, a kik megszállották Jeruzsálemet, meghallották e hírt ő felőlök, és elhagyták Jeruzsálemet.
৫পাছত ফৰৌণৰ সৈন্য-সামন্ত মিচৰৰ পৰা ওলাল আৰু যিৰূচালেম-অৱৰোধকাৰী কলদীয়াসকলে তাৰ বাৰ্ত্তা শুনি যিৰূচালেমৰ পৰা ছাউনি ভাঙি গুচি গ’ল।
6 És szóla az Úr Jeremiás prófétának, mondván:
৬তেতিয়া যিৰিমিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে,
7 Ezt mondja az Úr, Izráel Istene: Ezt mondjátok a Júda királyának, a ki elküldött titeket én hozzám, hogy megkérdezzetek engem: Ímé, a Faraó serege, a mely kijött a ti segítségetekre, visszamegy Égyiptom földébe.
৭“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যিহূদাৰ যি ৰজাই মোৰ গুৰিত সুধিবলৈ তোমালোকক পঠিয়াইছে, তেওঁক এই কথা ক’বা, ‘চোৱা, ফৰৌণৰ যি সৈন্য-সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিচৰলৈ উলটি যাব।
8 És visszatérnek a Káldeusok, és ostromolják e várost, és beveszik azt, és megégetik tűzzel.
৮আৰু কলদীয়াসকলে পুনৰায় আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰি পেলাব।
9 Ezt mondja az Úr: Ne csaljátok meg magatokat, mondván: Bizonyoson elmennek mi rólunk a Káldeusok; mert nem mennek el.
৯যিহোৱাই এইদৰে কৈছে: “কলদীয়াসকল আমাৰ ওচৰৰ পৰা একেবাৰে গুচি যাব বুলি কৈ তোমালোকে নিজক নুভুলাবা,” কিয়নো তেওঁলোক একেবাৰ গুচি নাযাব।
10 Mert ha a Káldeusoknak egész seregét megveritek is, a kik ostromolnak titeket, és közülök csak néhány megsebesült marad is: valamennyi felkél az ő sátorából, és megégetik e várost tűzzel.
১০কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”
11 És mikor a Káldeusok serege elvonula Jeruzsálem alól a Faraó serege miatt,
১১কলদীয়াসকলৰ সৈন্য-সামন্তই যি সময়ত ফৰৌণৰ সৈন্য-সামন্তৰ ভয়ত যিৰূচালেমৰ পৰা ছাউনি ভাঙি উলটি গৈছিল,
12 Jeremiás is kiindula Jeruzsálemből, menvén a Benjámin földére, hogy osztályrészt kapjon onnan a nép között.
১২সেই সময়ত যিৰিমিয়াই বিন্যামীন প্ৰদেশত লোকসকলৰ মাজত থকা তেওঁৰ ভাগ লবৰ মনেৰে তালৈ যাবলৈ যিৰূচালেমৰ পৰা ওলাইছিল।
13 Mikor pedig ő a Benjámin kapujához ére és ott vala egy őr, a kinek neve Jériás vala, Selémiásnak fia, a ki Hanániásnak fia vala, megfogá az Jeremiás prófétát, és monda: Te a Káldeusokhoz szököl!
১৩পাছত যেতিয়া তেওঁ বিন্যামীন নামেৰে বৰ দুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক চেলেমিয়াৰ পুতেক যিৰিয়া নামেৰে দুৱৰীৰ এজন অধ্যক্ষ আছিল। তেওঁ যিৰিমিয়া ভাববাদীক ধৰি ক’লে, “তুমি কলদীয়াসকলৰ ফলিয়া হ’বলৈ গৈছা।
14 És monda Jeremiás: Hazugság! Nem szököm a Káldeusokhoz; de nem hallgata rá. És Jériás megfogá Jeremiást, és vivé őt a fejedelmekhez.
১৪তেতিয়া যিৰিমিয়াই ক’লে, “এয়ে মিছা কথা, মই কলদীয়াসকলৰ ফলিয়া হ’বলৈ নাযাও।” তথাপি যিৰিয়াই তেওঁৰ কথা নুশুনি, তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ’ল।
15 És a fejedelmek megharaguvának Jeremiásra, és megvereték őt, és veték a fogházba az írástudó Jónatán házába: mert azt rendelték vala fogháznak.
১৫সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই হ’ল; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।
16 Mikor Jeremiás a tömlöczbe és a börtönbe juta, és sok napig vala ott Jeremiás;
১৬যিৰিমিয়াই কাৰাকূপত, আৰু সৰু সৰু কোঁঠালিবোৰত সোমাই সেই ঠাইত ভালেমান দিন কটালে।
17 Akkor elkülde Sedékiás király és előhozatá őt, és megkérdezé a király a maga házánál titkon, és monda: Van-é kijelentésed az Úrtól? Akkor monda Jeremiás: Van! És azt is mondá: A babiloni király kezébe adatol.
১৭চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”
18 Azután monda Jeremiás Sedékiás királynak: Mit vétettem ellened és a te szolgáid ellen és e nép ellen, hogy a fogházba vetettetek engem?
১৮যিৰিমিয়াই চিদিকিয়া ৰজাক আৰু ক’লে, “আপোনাৰ বা আপোনাৰ পাত্ৰ-মন্ত্ৰীসকলৰ বা এই লোকসকলৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছোঁ, যে, আপোনালোকে মোক বন্দীশালত পেলাই দিছে?
19 És hol vannak a ti prófétáitok, a kik prófétáltak néktek, mondván: Nem jő el a babiloni király ti ellenetek és e föld ellen?
১৯আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
20 Most halld csak, uram király, és hallgasd meg az én könyörgésemet, és ne küldj engem vissza az írástudó Jónatán házába, hogy ott ne haljak meg.
২০এতিয়া হে মোৰ প্ৰভু মহাৰাজ! অনুগ্ৰহ কৰি শুনক, মই যোনাথন লিখকৰ ঘৰত যেন নমৰোঁ, এই কাৰণে আপুনি সেই ঠাইলৈ মোক আৰু পঠিয়াই নিদিব! বিনয় কৰোঁ, মোৰ এই মিনতি আপোনাৰ আগত গ্ৰহণ হওঁক।”
21 Parancsolta azért Sedékiás király, hogy vessék Jeremiást a tömlöcz pitvarába, és adjanak néki naponként egy-egy darab kenyeret a sütők utczájából, a míg minden kenyér elfogy a városból. És ott marada Jeremiás a tömlöcz pitvarában.
২১তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।