< Ézsaiás 26 >
1 Ama napon ez éneket énekelik Júda földén: Erős városunk van nékünk, szabadítását adta kőfal és bástya gyanánt!
১সেই দিনা যিহূদাৰ দেশত এই গীত গোৱা হ’ব, “আমাৰ এখন দৃঢ় নগৰ আছে; প্রভুৱে পৰিত্ৰাণকেই তাৰ দেৱাল আৰু গড় নিৰূপিত কৰিলে।
2 Nyissátok fel a kapukat, hogy bevonuljon az igaz nép, a hűség megőrzője.
২সত্যক পালন কৰা ধাৰ্মিক দেশবাসী সোমাবলৈ তোমালোকে দুৱাৰবোৰ মেলি দিয়া।
3 Kinek szíve reád támaszkodik, megőrzöd azt teljes békében, mivel Te benned bízik;
৩যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
4 Bízzatok az Úrban örökké, mert az Úrban, Jehovában, örök kőszálunk van.
৪তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
5 Mert meghorgasztá a magasban lakozókat: a magas várost, megalázá azt, megalázá azt a földig, és a porba dobta azt;
৫কাৰণ অহঙ্কাৰেৰে জীৱন যাপন কৰা সকলক তেওঁ নত কৰিব; তেওঁ তাক অবনত কৰিব, মাটিৰে সৈতে সমান কৰিলে। তেওঁ ধুলিৰ সমান কৰিব।
6 Láb tapodja azt, a szegény lábai, a gyöngék talpai!
৬দৰিদ্রসকলৰ ভৰিয়ে তাক গচকিছে, আৰু অভাৱীসকলেও তাক গচকিছে।
7 Az igaznak ösvénye egyenes, egyenesen készíted az igaznak útját.
৭ধাৰ্মিকলোকৰ পথ সৰল; আপুনি ধাৰ্মিকসকলৰ পথ সমান কৰিছে।
8 Mi is vártunk Téged, ítéleted ösvényén, oh Uram! neved és emlékezeted után vágyott a lélek!
৮হে যিহোৱা, আপোনাৰ বিচাৰৰ পথত আমি আপোনালৈ অপেক্ষা কৰি আছোঁ; আপোনাৰ নাম আৰু আপোনাৰ স্মৃতিবোৰ আমাৰ আত্মাই হেপাহ কৰিছে।
9 Szívem utánad vágyott éjszaka, az én lelkem is bensőmben Téged keresett, mivel ha ítéleteid megjelennek a földön, igazságot tanulnak a földnek lakosai.
৯ৰাতি মোৰ প্ৰাণে সৈতে মই আপোনালৈ হাবিয়াহ কৰিলোঁ; এনে কি, মোৰ আত্মাৰে সৈতে যত্নেৰে আপোনাক বিচাৰিম; কিয়নো পৃথিৱীত আপোনাৰ বিচাৰ অহাৰ সময়ত পৃথিৱীৰ নিবাসীসকলে ধাৰ্মিকতা শিকে।
10 Ha kegyelmet nyer a gonosz, nem tanul igazságot, az igaz földön is hamisságot cselekszik, és nem nézi az Úr méltóságát.
১০দুষ্ট লোকে অনুগ্ৰহ পালেও, ধাৰ্মিকতা নিশিকে; ন্যায়ৰ দেশত তেওঁ অন্যায় কৰে, আৰু যিহোৱাৰ মহিমালৈ দৃষ্টি নকৰে।
11 Uram! magas a Te kezed, de nem látják! de látni fogják, és megszégyenülnek, néped iránt való buzgó szerelmedet; és tűz emészti meg ellenségeidet.
১১হে যিহোৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে; কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ’ব; কাৰণ অগ্নিয়ে আপোনাৰ শত্রুবোৰক গ্ৰাস কৰিব।
12 Uram! Te adsz nékünk békességet, hisz minden dolgainkat megcselekedted értünk.
১২হে যিহোৱা, আপুনি আমালৈ শান্তি নিৰূপন কৰিব; কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যকেই সিদ্ধ কৰি আহিছে।
13 Uram! mi Istenünk! urak parancsoltak nékünk kívüled; de általad dicsőítjük neved!
১৩হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ বাহিৰে আন প্ৰভুসকলে আমাৰ ওপৰত অধিকাৰ কৰিছিল, কিন্তু আমি কেৱল আপোনাৰ নামৰ স্তুতি কৰিম।
14 A meghaltak nem élnek, az árnyak nem kelnek föl: ezért látogatád meg és vesztéd el őket, és eltörléd emlékezetöket.
১৪সিহঁত মৰা, পুনৰায় নিজীৱ; সিহঁত মৃত, পুনৰায় নুঠিব; আপুনি বিচাৰত আহি সিহঁতক নষ্ট কৰিলে, আৰু সিহঁতৰ সকলো নাম লুপ্ত কৰিলে।
15 Megszaporítád e népet, Uram! megszaporítád e népet, magadat megdicsőítéd, kiterjesztetted a földnek minden határait.
১৫আপুনি জাতিটো বৃদ্ধি কৰিলে; আপোনাৰ গৌৰৱ হ’ল, আপুনি দেশৰ আটাই সীমা বহল কৰিলে।
16 Oh Uram! a szorongásban kerestek Téged, és halk imádságot mondtanak, mikor rajtuk volt ostorod.
১৬হে যিহোৱা, সঙ্কট সময়ত লোকসকল আপোনাৰ দৃষ্টি কৰিছিল; তেওঁলোকৰ ওপৰত আপোনাৰ শাসন থকা সময়ত তেওঁলোকে চয়তানৰ বিৰুদ্ধে মৃদুস্বৰে প্ৰাৰ্থনা কৰিছিল।
17 Miként a terhes asszony, a ki közel a szűléshez, vajudik, felkiált fájdalmiban, előtted olyanok voltunk, Uram!
১৭গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰা সময়ত যেনেকৈ ছটফটাই বেদনাত চিঞৰে, হে যিহোৱা, সেই দৰে আমি আপোনাৰ আগত আছিলোঁ।
18 Mint terhesek vajudtunk, de csak szelet szűltünk: szabadulása nem lőn e földnek, és nem hulltak el a föld kerekségének lakói.
১৮আমি গৰ্ভৱতী আছিলোঁ, আমি বেদনাত আছিলোঁ, আমি যেন বতাহহে প্ৰসৱ কৰিছিলোঁ; আমাৰ দ্বাৰাই পৃথিৱীত কোনো পৰিত্ৰাণ সিদ্ধ হোৱা নাই, নাইবা পৃথিৱীৰ নিৰ্বাসীসকল পতিত হোৱা নাই।
19 Megelevenednek halottaid és holttesteim fölkelnek: serkenjetek föl és énekeljetek, a kik a porban lakoztok, mert harmatod az élet harmata, és visszaadja a föld az árnyakat!
১৯আপোনাৰ মৃত লোকসকল পুনৰায় জীব, আমাৰ মৰা শৱবোৰ আকৌ উঠিব; হে ধুলিত স্থাপিত হোৱা সকল সাৰ পোৱা আৰু গান কৰা; কিয়নো তোমাৰ নিয়ৰ তৃণ আদি সতেজ কৰা সকল নিয়ৰৰ দৰে হ’ব, আৰু পৃথিৱীয়ে মৃতবোৰক উলিয়াব।
20 Menj be népem, menj be szobáidba, és zárd be ajtóidat utánad, és rejtsd el magad rövid szempillantásig, míg elmúlik a bús harag!
২০হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।
21 Mert ímé az Úr kijő helyéről, hogy meglátogassa a föld lakóinak álnokságát, s felmutatja a föld a vért, és el nem fedi megöletteit többé!
২১কিযনো চোৱা, পৃথিৱীৰ নিবাসীসকলক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিবলৈ তেওঁ নিজৰ ঠাইৰ পৰা ওলাই আহিছে, পৃথিৱীয়ে তাৰ ৰক্তপাত দেখুৱাই দিব, আৰু নিজৰ হ’ত হোৱা লোকক আৰু ঢাকি নাৰাখিব।”