< Ezékiel 35 >
1 És lőn az Úr beszéde hozzám, mondván:
১পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2 Embernek fia! vesd tekintetedet Seir hegyére, és prófétálj ellene.
২“হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3 És mondjad néki: Ezt mondja az Úr Isten: Ímé, én ellened megyek, Seir hegye, és kinyújtom kezemet reád, s teszlek pusztaságok pusztaságává.
৩আৰু তাক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে চেয়ীৰ পৰ্ব্বত, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস কৰিম আৰু বিস্ময়ৰ ঠাই কৰিম।
4 Városaidat pusztaságra vetem, és te pusztulásra jutsz, és megtudod, hogy én vagyok az Úr.
৪মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু অৱহেলিত হ’বা; তেতিয়া মই যে যিহোৱা ইয়াক তুমি জানিবা।
5 Mivelhogy örökkévaló gyűlölséget tartasz, és odaadád Izráel fiait a fegyver kezébe veszedelmök idején, az utolsó vétek idején;
৫কিয়নো ইস্রায়েলৰ সন্তান সকলৰ প্রতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিলা -
6 Ennekokáért élek én, ezt mondja az Úr Isten, hogy vérré teszlek téged, és vér kergessen téged. Te nem gyűlölted a vért, a vér kergessen hát téged.
৬এই কাৰণে, প্ৰভু যিহোৱাই কৈছে, ‘মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। যিহেতু তুমি ৰক্তময় ঘিণ কৰা নাছিলা, ৰক্তই তোমাক অনুসৰণ কৰিব।
7 És teszem Seir hegyét pusztaságok pusztaságává, és kiirtom belőle az átmenőt és visszatérőt.
৭এইদৰে মই চেয়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম।
8 És betöltöm hegyeit megölöttjeivel; halmaid és völgyeid és minden mélységed: fegyverrel megölöttek hullanak beléjök.
৮আৰু মই তাৰ হত হোৱা লোকেৰে সৈতে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম। তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকল পতিত হ’ব।
9 Örök pusztasággá teszlek, és városaidat ne lakják, és megtudjátok, hogy én vagyok az Úr.
৯মই তোমাক চিৰকলীয়া ধ্বংসস্থানত পৰিণত কৰিম। তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব, কিন্তু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
10 Mivelhogy ezt mondod: Az a két nemzet és az a két föld enyém lesz és örökségül bírjuk, holott az Úr ott volt;
১০তুমি কৈছা, “সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।”
11 Annakokáért élek én, ezt mondja az Úr Isten, hogy a te haragod és fölgerjedésed szerint cselekszem veled, a melylyel te cselekedtél irántok való gyűlölségedből; és megjelentem magamat közöttök, mikor megítéllek.
১১এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ‘মই তোমাৰ ক্ৰোধ অনুসাৰে, আৰু তেওঁলোকক ঘিণ কৰি তুমি দেখুউৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য কৰিম; আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই তেওঁলোকৰ মাজত নিজকে চিনাকি দিম।
12 És megtudod, hogy én, az Úr, meghallottam minden szidalmadat, melyeket Izráel hegyei ellen mondtál, mondván: Elpusztultak, nékünk adattak ételül;
১২গতিকে তুমি জানিবা যে ময়েই যিহোৱা! ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই শুনিলোঁ।
13 Így kérkedtetek ellenem szátokkal, s szórtátok ellenem beszédeiteket: én meghallottam!
১৩আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।
14 Így szól az Úr Isten: Az egész föld örömére pusztulást hozok rád.
১৪প্ৰভু যিহোৱাই এই কথা কৈছে: গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম।
15 A mint te örültél Izráel háza örökségén azért, hogy elpusztult, úgy cselekszem veled; pusztává légy Seir hegye és mind egészen Edom, és megtudják, hogy én vagyok az Úr!
১৫ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!”