< Ezékiel 25 >
1 És lőn az Úr beszéde hozzám, mondván:
১তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 Embernek fia! vesd tekintetedet Ammon fiaira, és prófétálj ellenök.
২“হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তান সকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3 És mondjad Ammon fiainak: Halljátok az Úr Isten beszédét! így szól az Úr Isten: Mivelhogy ezt mondod: Haha! az én szenthelyemre, hogy megfertéztetett; és Izráel földjére, hogy elpusztíttatott; és Júda házára, hogy fogságba mentek:
৩তুমি অম্মোনৰ সন্তান সকলক কোৱা, ‘তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা। প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: মোৰ ধৰ্মধাম যেতিয়া অপবিত্ৰ হৈছিল তেতিয়া তাৰ অহিতে আৰু ইস্ৰায়েল-ভূমি ধ্বংস হোৱাত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ যোৱাৰ সময়ত সেই বংশৰ অহিতে “ভাল হৈছে!” এইবুলি তোমালোকে কৈছিলা।
4 Ezokáért ímé adlak téged Kelet fiainak örökségül, hogy felüssék sátraikat benned, s felállassák benned lakóhelyeiket, ők eszik meg gyümölcsödet, s ők iszszák meg tejedet.
৪এই হেতুকে চোৱা! অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় লোকসকলৰ হাতত শোধাই দিম; তেওঁলোকে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজৰ নিজৰ বসতিস্থান কৰিব। তেওঁলোকে তোমাৰ ফল খাব আৰু তোমাৰ গাখীৰ পান কৰিব।
5 És teszem Rabbát tevék legelőjévé, és Ammon fiait nyájak fekvőhelyévé, s megtudjátok, hogy én vagyok az Úr!
৫আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!
6 Mert így szól az Úr Isten: Mivelhogy tapsolsz kezeddel és tombolsz lábaddal és örülsz teljes megvetéssel lelkedben Izráel földje felett:
৬কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা।
7 Ennekokáért ímé kinyújtom kezemet reád, s adlak ragadományul a népeknek, és kiváglak a népségek közül, és elvesztlek a tartományok közül, eltöröllek, hogy megtudjad, hogy én vagyok az Úr.
৭এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!”
8 Azt mondja az Úr Isten: Mivelhogy Moáb és Seir ezt mondta: Ímé, Júda háza is olyan, mint a többi népek:
৮প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!”
9 Ezokáért ímé megnyitom Moáb oldalát a városok felől, az ő városai felől mindenfelől, az ország ékességét Beth-Hajesimóthot, Baál-Meont és Kirjátaim felé,
৯এই হেতুকে চোৱা! নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে,
10 Megnyitom Kelet fiainak, Ammon fiaival együtt adom örökségül, hogy emlékezetben se legyenek többé Ammon fiai a népek között;
১০অম্মোনৰ লোকসকলৰ অহিতে যিসকললৈ পূৱদেশীয় সন্তান সকলৰ বাবে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ লোকসকলক জাতিবোৰৰ সোঁৱৰণত নাথাকিবৰ বাবে মই অধিকাৰৰ অৰ্থে সেইবোৰ তেওঁলোকক দিম।
11 Moáb fölött is ítéletet tartok: hogy megtudják, hogy én vagyok az Úr.
১১আৰু মই মোৱাবক দণ্ড দিম, তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
12 Így szól az Úr Isten: Mivelhogy Edom kegyetlen bosszúállást cselekedett Júda házán, és vétkezve vétkezett, hogy bosszút állott rajta:
১২প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”
13 Azért, így szól az Úr Isten, kinyújtom az én kezemet Edomra, és kivágok belőle embert és barmot, és teszem őt pusztasággá Temántól fogva, és Dedánig fegyver miatt hulljanak el.
১৩সেইবাবে, প্ৰভু যিহোৱাই এই কথা কৈছে: “মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম, দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
14 És bosszúmat állom Edomon népemnek, Izráelnek keze által és cselekszenek Edommal az én búsulásom és haragom szerint, s megismerik bosszúállásomat, ezt mondja az Úr Isten.
১৪মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম আৰু তেওঁলোকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য কৰিব! তেতিয়া, তেওঁলোকে মোৰ প্রতিশোধ বুজি পাব!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
15 Így szól az Úr Isten: Mivelhogy a Filiszteusok bosszúból cselekedtek s kegyetlen bosszút álltak lelkökben megvetéssel, hogy elveszessék Izráelt örök gyűlölséggel:
১৫প্ৰভু যিহোৱাই এই কথা কৈছে: “পলেষ্টীয়াসকলে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিশোধ ল’লে।”
16 Ezokáért ezt mondja az Úr Isten: Ímé, én kinyújtom kezemet a Filiszteusokra, és kivágom a Keréteusokat, és elvesztem a tenger partján lakók maradékát;
১৬এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই পলেষ্টীয়াসকলৰ অহিতে মোৰ হাত মেলি কৰেথীয়াসকলক উচ্ছন্ন কৰিম আৰু সমুদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম!
17 És cselekszem rajtok nagy bosszúállásokat fenyítő haragomban, hogy megtudják, hogy én vagyok az Úr, ha bosszúmat állom rajtok.
১৭আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম; আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!