< 2 Királyok 10 >
1 Akhábnak pedig hetven fia volt Samariában. És levelet írt Jéhu, és elküldé azt Samariába Jezréel fejedelmeihez, a vénekhez, és az Akháb fiainak tútoraihoz, ilyen parancsolattal:
১চমৰিয়াত আহাব ৰজাৰ সত্তৰ জন বংশধৰ আছিল; যেহূৱে চমৰিয়া, যিজ্ৰিয়েলৰ শাসনকর্তাসকল, পৰিচাৰক আৰু আহাবৰ বংশধৰৰ অভিভাৱকসকললৈ এই পত্ৰ লিখি পঠালে,
2 Mihelyt e levél hozzátok jut, a kiknél vannak a ti uratok fiai a szekerekkel, lovakkal, az erős városokkal és fegyverekkel együtt,
২“আপোনালোকৰ প্ৰভুৰ বংশধৰসকল আপোনালোকৰ লগত আছে আৰু ৰথ, ঘোঁৰা, গড়েৰে আবৃত এখন নগৰ আৰু অস্ত্ৰ-শস্ত্ৰবোৰো আছে; এই হেতুকে এই পত্ৰ পোৱা মাত্রেই,
3 Nézzétek meg, melyik a legjobb és a legigazabb a ti uratok fiai közül, azt ültessétek az ő atyjának királyi székébe, és harczoljatok a ti uratok házáért.
৩আপোনালোকৰ প্ৰভুৰ সকলোতকৈ উত্তম আৰু যোগ্য বংশধৰক বাচি লৈ আহাবৰ সিংহাসনত বহুৱাওক; তাৰ পাছত প্ৰভুৰ ৰাজবংশৰ কাৰণে যুদ্ধ কৰক।”
4 És megrettenének felette igen, és mondának: Ímé már két király nem maradhatott meg ő előtte, mimódon maradhatnánk hát mi meg?
৪কিন্তু তেওঁলোকে অতিশয় ভয় খাই ক’লে, “চাওঁক, দুজন ৰজায়েই যেতিয়া যেহূৰ আগত থিয় হ’ব নোৱাৰিলে, তেন্তে আমিনো কেনেকৈ থিয় হ’ব পাৰিম?”
5 És elküldének mind a király házának, mind a városnak fejedelmei, és a vének és a tútorok Jéhuhoz, mondván: A te szolgáid vagyunk mi, valamit parancsolsz nékünk, azt cselekeszszük; mi senkit királylyá nem teszünk, a mi néked tetszik, azt cselekedjed!
৫এই হেতুকে ৰাজপৰিয়ালৰ পৰিচালক, নগৰৰ শাসনকর্তা, পৰিচাৰকসকল আৰু আহাবৰ বংশধৰসকলক প্রতিপাল কৰাসকলে যেহূক এই কথা কৈ পঠালে, “আমি আপোনাৰ দাস। আপুনি যি আজ্ঞা দিব, আমি সেই সকলোকে কৰিম। আমি কাকো ৰজা নাপাতোঁ; আপুনি যি ভাল দেখে, তাকেই কৰক।”
6 És írt nékik levelet másodszor is, mondván: Ha velem tartotok és az én beszédemre hallgattok, vegyétek fejöket a férfiaknak, a ti uratok fiainak, és jőjjetek hozzám holnap ilyenkor Jezréelbe. És a király fiai: hetven férfiú, és a város nagyjaival tartottak, a kik nevelték őket.
৬তেতিয়া যেহূৱে তেওঁলোকলৈ দ্বিতীয় বাৰ পত্ৰ লিখিলে, “আপোনালোক যদি মোৰ পক্ষত থাকে আৰু মোৰ কথামতে চলে, তেন্তে আপোনালোকৰ প্ৰভুৰ বংশধৰসকলৰ মূৰ ছেদন কৰি অহাকালি এই সময়তে যিজ্ৰিয়েলত মোৰ ওচৰলৈ আহিব।” আহাবৰ সেই সত্তৰজন বংশধৰ তেতিয়া নগৰৰ প্রধান লোকসকলৰ লগত আছিল। তেওঁলোকে তেওঁলোকক চোৱা-চিতা কৰিছিল।
7 És mikor a levél hozzájok jutott, vevék a király fiait, és megölték a hetven férfiút, és fejeiket kosarakba rakták, és ő hozzá küldték Jezréelbe.
৭যেহূৰ পত্ৰ পোৱাৰ পাছত সেই লোকসকলে সেই সত্তৰজনৰ সকলোকে ধৰি হত্যা কৰিলে। তাৰ পাছত পাচিত তেওঁলোকৰ মূৰবোৰ ভৰাই যিজ্ৰিয়েলত যেহূৰ ওচৰলৈ পঠাই দিলে।
8 És mikor odaérkezett a követ, és bejelenté néki, mondván: Elhozták a király fiainak fejeit, monda: Rakjátok két rakásba azokat a kapu előtt reggelig.
৮তেতিয়া এজন লোকে আহি যেহূক ক’লে, “তেওঁলোকে ৰজাৰ বংশধৰসকলৰ মূৰবোৰ লৈ আনিছে।” তাতে তেওঁ ক’লে, “সেইবোৰ দুটা দম কৰি নগৰৰ প্রৱেশদ্বাৰৰ পথত ৰাতিপুৱালৈকে ৰাখি থোৱা।”
9 És mikor reggel kiment, megállott, és monda az egész népnek: Ti igazak vagytok. Ímé az én uram ellen én ütöttem pártot és én öltem meg őt; de ki ölte meg mind ezeket?
৯পিছ দিনা ৰাতিপুৱা যেহূ বাহিৰলৈ ওলাই গ’ল। তেওঁ সকলো লোকৰ সন্মুখত থিয় হৈ ক’লে, আপোনালোকৰ কোনো দোষ নাই। ময়েই মোৰ প্ৰভুৰ অহিতে ষড়যন্ত্র কৰি তেওঁক বধ কৰিলোঁ; কিন্তু এওঁলোক সকলোকে কোনে বধ কৰিলে?
10 Azért vegyétek eszetekbe ebből, hogy az Úrnak beszédéből egyetlen egy sem esik a földre, a mit az Úr az Akháb háza ellen szólott, és az Úr véghezvitte, a mit az ő szolgája, Illés által mondott.
১০এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে যিহোৱাই কোৱা কোনো এটি কথাও অথলে নাযাব; যিহোৱাই তেওঁৰ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল, তাক তেওঁ সিদ্ধ কৰিলে।”
11 Azután levágá Jéhu mindazokat, a kik megmaradtak volt az Akháb házából Jezréelben, és minden főemberét, egész rokonságát és minden papját, míg csak ki nem irtotta a maradékát is.
১১এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
12 És felkelvén, elindult és elment Samariába. De útközben volt a pásztorok juhnyíró háza.
১২পাছত যেহূ বাহিৰ হৈ চমৰিয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰ-ছাগ ৰখীয়াৰ গাওঁ বৈৎ-একদৰ ওচৰ পালে।
13 És itt Akháziának, a Júda királyának atyjafiaira talált Jéhu, és monda: Kik vagytok? És felelének azok: Akházia atyjafiai vagyunk, és alájöttünk, hogy köszöntsük a király gyermekeit és a királyné fiait.
১৩সেই ঠাইতে যিহূদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত যেহূৰ সাক্ষাৎ হ’ল; তেওঁ তেওঁলোকক সুধিলে, “আপোনালোক কোন হয়?” তেওঁলোকে ক’লে, “আমি অহজিয়াৰ ভায়েক; আমি ৰাণী ঈজেবলৰ সন্তান সকলক আৰু ৰাজপৰিয়ালৰ সকলোকে মঙ্গলবাদ কৰিবলৈ আহিছোঁ।”
14 Ő pedig monda: Fogjátok meg őket elevenen. És megfogták őket elevenen, és megölték őket a juhnyíróház kútja mellett, negyvenkét férfiút; és egyetlen egyet sem hagyott meg közülük.
১৪তেতিয়া যেহূৱে তেওঁৰ লোক সকলক আজ্ঞা দি’লে, “এওঁলোকক জীয়াই জীয়াই ধৰা।” লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈৎ-একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত বিয়াল্লিশ জন আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে।
15 És mikor elment onnét, Jonadábbal, a Rekháb fiával találkozott, a ki elébe jött, és köszönté őt, és monda néki: Vajjon olyan igaz-é a te szíved, mint az én szívem a te szívedhez? És felele Jonadáb: Olyan. Ha így van, nyújts kezet. És ő kezet nyújta, és felülteté őt maga mellé a szekérbe.
১৫সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেখবৰ পুত্ৰ যিহোনাদবক যেহূৱে লগ পালে। তেওঁ যেহূক দেখা কৰিবলৈ আহিছিল। যেহূৱে তেওঁক মঙ্গলবাদ জনাই ক’লে, “মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছে নে?” যিহোনাদবে উত্তৰ দিলে, “হয়, আছোঁ।” যেহূৱে ক’লে “যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক।” যিহোনাদবে হাত আগবঢ়াই দিলে আৰু যেহূৱে তেওঁক ৰথত তুলি ল’লে।
16 És monda: Jer velem és lásd meg, mint állok bosszút az Úrért. És vele együtt vitték őt az ő szekerén.
১৬তেতিয়া যেহূৱে ক’লে, “মোৰ লগত আহাঁ আৰু যিহোৱাৰ কাৰণে মোৰ আগ্রহ কিমান তাক চোৱাহি।” এইদৰে তেওঁ যিহোনাদবক নিজৰ ৰথত তুলি লৈ গ’ল।
17 És megérkezett Samariába, és levágta mindazokat, a kik az Akháb nemzetségéből megmaradtak volt Samariában, míg ki nem veszté azt az Úr beszéde szerint, a melyet szólott Illésnek.
১৭পাছত যেহূ চমৰিয়ালৈ আহি আহাবৰ ৰাজবংশৰ বাকী সকলো লোকক বধ কৰিলে; যিহোৱাই এলিয়াক যি কৈছিল সেই অনুসাৰে যেহূৱে তেওঁলোকক বিনষ্ট কৰিলে।
18 És Jéhu összegyűjté az egész népet, és monda néki: Akháb kevéssé szolgálta Baált; Jéhu sokkal jobban akarja szolgálni.
১৮তাৰ পাছত যেহূৱে সকলো লোকক গোটাই তেওঁলোকক ক’লে, “আহাবে বাল দেৱতাক সামান্য ভাৱে পূজা কৰিলে; কিন্তু যেহূৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব।
19 Most azért hívjátok hozzám a Baál minden prófétáit, minden papját és minden szolgáját; senki el ne maradjon; mert nagy áldozatot akarok tenni a Baálnak; valaki elmarad, meg kell halni annak. Jéhu pedig ezt álnokságból cselekedte, hogy elveszítse a Baál tisztelőit.
১৯এতিয়া বাল দেৱতাৰ সকলো ভাববাদী, উপাসক আৰু পুৰোহিতসকলক মোৰ ওচৰলৈ মাতি আনক। চাব যেন কোনো নহাকৈ নাথাকে, কিয়নো বাল দেৱতাৰ উদ্দেশ্যে মই এক মহাবলি উৎসর্গ কৰিব লাগিব। কোনোবা যদি নাহে, তেন্তে তেওঁ জীয়াই নাথাকিব।” কিন্তু আচলতে যেহূৱে বাল দেৱতাৰ উপাসকসকলক বিনষ্ট কৰাৰ আশয়েৰে এই ছলনা কৰিলে।
20 És monda Jéhu: Szenteljetek ünnepet Baálnak. És kikiálták.
২০যেহূৱে আজ্ঞা দিলে, “বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা।” সেই লোকসকলে সেই কথা প্রচাৰ কৰিলে।
21 És szétküldött Jéhu egész Izráelbe, és eljövének mind a Baál tisztelői, és senki el nem maradt a ki el nem jött volna, és bemenének a Baál templomába, és megtelék a Baál temploma minden zugában.
২১যেহূৱে তেতিয়া ইস্ৰায়েলৰ সকলো ঠাইলৈ এই বার্তা পঠাই দিলে। তাতে বাল দেৱতাৰ সকলো উপাসক আহি উপস্থিত হ’ল। কোনোৱে নহাকৈ নাথাকিল। তেওঁলোক বাল দেৱতাৰ মন্দিৰত সোমোৱাৰ পাছত মন্দিৰৰ ইমুৰৰ পৰা সিমুৰলৈকে লোকেৰে ভৰি পৰিল।
22 Akkor monda a ruhatárnoknak: Hozz ruhákat ki a Baál minden tisztelőinek. És hozott nékik ruhákat.
২২তেতিয়া যেহূৱে পুৰোহিতৰ পোছাক-ৰক্ষকজনক ক’লে, “বাল দেৱতাৰ উপাসকসকলৰ কাৰণে কাপোৰ লৈ আহা।” তাতে লোকজনে তেওঁলোকৰ কাৰণে কাপোৰ উলিয়াই আনিলে।
23 És bement Jéhu és Jonadáb, a Rekháb fia a Baál templomába, és monda a Baál tisztelőinek: Tudakozzátok meg és lássátok meg, hogy valamiképen ne legyen itt veletek az Úr szolgái közül valaki, hanem csak a Baál tisztelői.
২৩তাৰ পাছত যেহূ আৰু ৰেখবৰ পুত্ৰ যিহোনাদব বাল দেৱতাৰ মন্দিৰত সোমাল। যেহূৱে বাল দেৱতাৰ উপাসকসকলক ক’লে, “আপোনালোকে ভালদৰে চাওঁক যাতে যিহোৱাৰ দাসবোৰৰ মাজৰ কোনো আপোনালোকৰ মাজত নাথাকে, কেৱল বাল দেৱতাৰহে উপাসকসকল থাকিব।”
24 És mikor bementek, hogy ajándékokkal és égőáldozatokkal áldozzanak, Jéhu oda állított kivül nyolczvan embert, a kiknek azt mondta: A ki egyet elszalaszt azok közül, a kiket én kezetekbe adok, annak meg kell érette halni.
২৪তেতিয়া তেওঁলোক বলি আৰু হোমবলি উৎসর্গ কৰিবলৈ ভিতৰলৈ সোমাই গ’ল। যেহূৱে বাহিৰত থিয় হৈ থকা আশী জন লোকক মনোনীত কৰি এই বুলি সাৱধান কৰি ক’লে, “মই তোমালোকৰ হাতত যিসকল লোকক আনি দিছোঁ, তেওঁলোকৰ এজনকো যদি কোনোৱে পলাই যাবলৈ দিয়ে তেন্তে সেই জনৰ প্ৰাণৰ সলনি, তেওঁৰে প্রাণ লোৱা হ’ব।”
25 Mikor pedig elvégezték az égőáldozatot, monda Jéhu a vitézeknek és hadnagyoknak: Menjetek be, vágjátok le őket, csak egy is közülök meg ne meneküljön! És levágták őket fegyver élével, és elhányták az ő holttestöket a vitézek és a hadnagyok. Azután elmentek a Baál templomának városába,
২৫যেহূৱে হোমবলি উৎসৰ্গ শেষ কৰাৰ লগে লগে ৰখীয়া আৰু সেনাপতিসকলক আজ্ঞা দিলে, “তোমালোক ভিতৰলৈ সোমাই গৈ তেওঁলোকক বধ কৰা; এজনকো বাহিৰলৈ আহিব নিদিবা।” তেতিয়া তেওঁলোকে তৰোৱালেৰে তেওঁলোকক বধ কৰিলে। ৰখীয়া আৰু সেনাপতিসকলে তেওঁলোকৰ শবোৰ বাহিৰলৈ পেলাই দি, বাল দেৱতাৰ মন্দিৰৰ ভিতৰ কোঁঠালিলৈ গ’ল।
26 És kihordván a Baál templomának bálványait, megégeték azokat.
২৬তেওঁলোকে বাল দেৱতাৰ মন্দিৰৰ পৰা পূজাৰ শিলৰ স্তম্ভবোৰ উলিয়াই আনি পুৰি পেলালে।
27 És lerontották a Baál képét is templomostól együtt, és azt árnyékszékké tették mind e mai napig.
২৭তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।
28 Így veszté ki Jéhu a Baált Izráelből.
২৮এইদৰে যেহূৱে ইস্ৰায়েলৰ মাজৰ পৰা বাল দেৱতা আৰু ইয়াৰ পূজা-অর্চনাক বন্ধ কৰিলে।
29 De Jeroboámnak, a Nébát fiának bűneitől, a ki vétekbe ejté az Izráelt, nem szakadt el Jéhu, az arany borjúktól, melyek Béthelben és Dánban valának.
২৯কিন্তু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কার্য কৰাইছিল, সেইবোৰৰ পৰা তেওঁ আঁতৰি নাহিল অৰ্থাৎ বৈৎএল আৰু দানত থকা সোণৰ দামুৰি দুটাৰ পাছত চলাৰ পৰা যেহূ আঁতৰ নহ’ল।
30 És monda az Úr Jéhunak: A miért szorgalmatosan megcselekedted azt, a mi nékem tetszett, és az én szívem kívánsága szerint cselekedtél az Akháb házával: azért a te fiaid negyedízig ülnek az Izráel királyi székiben.
৩০যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।
31 De Jéhu még sem igyekezett azon, hogy az Úrnak, Izráel Istenének törvényében járjon teljes szívéből, mert nem szakadt el a Jeroboám bűneitől, a ki bűnbe ejtette az Izráelt.
৩১তথাপি যেহূৱে নিজৰ সকলো চিত্তে সৈতে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ’ল; যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
32 Abban az időben kezdett az Úr pusztítani Izráelben, és megveré őket Hazáel, Izráel minden határában.
৩২সেই কালত যিহোৱাই ইস্ৰায়েল দেশৰ সীমা সৰু কৰিবলৈ ধৰিলে। হজায়েলে ইস্রায়েলৰ সীমাত ইস্ৰায়েলীয়াসকলক পৰাজয় কৰিলে।
33 A Jordántól egész napkeletig, a Gileádbelieknek, a Gád nemzetségének, a Rúben nemzetségének, Manasse nemzetségének egész földjét. Aroertől fogva; mely az Arnon patak mellett van, mind Gileádot, mind Básánt.
৩৩তেওঁ যৰ্দ্দন নদীৰ পূব ফালৰ পৰা, অৰ্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচান অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি ফৈদৰ অঞ্চল আছিল।
34 Jéhunak egyéb dolgai pedig és minden cselekedetei, és minden erőssége, vajjon nincsenek-é megírva az Izráel királyainak krónika-könyvében?
৩৪যেহূৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো কৰ্ম আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ‘ইতিহাস-পুস্তকখনত’ লিখা নাই?
35 És elaluvék Jéhu az ő atyáival, és eltemeték őt Samariában. És uralkodék Joákház, az ő fia, helyette.
৩৫পাছত যেহূ তেওঁৰ পূর্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ যিহোৱাহজ ৰজা হ’ল।
36 A napok pedig, a melyekben uralkodott Jéhu Izráelen Samariában, huszonnyolcz esztendő.
৩৬যেহূৱে চমৰিয়াত ইস্ৰায়েলৰ ওপৰত আঠাইশ বছৰ ৰাজত্ব কৰিছিল।