< 2 Krónika 19 >
1 Megtére pedig Jósafát, a Júda királya az ő házához Jeruzsálembe békével.
১তাৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে শান্তিৰে যিৰূচালেমৰ নিজৰ ঘৰলৈ ঘূৰি আহিল৷
2 És eleibe méne Jéhu próféta, a Hanáni fia, és monda Jósafát királynak: Avagy az istentelennek kellett-é segítségül lenned, és az Úrnak gyűlölőit szeretned? Ezért nagy az Úrnak haragja ellened.
২তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।
3 Mindazáltal némi jó dolog találtatott benned, hogy e földről kivágattad az Aserákat és az Istennek keresésére adtad magadat.
৩তথাপি তুমি দেশৰ পৰা আচেৰা মুৰ্ত্তিবোৰ উচ্ছন্ন কৰাত আৰু ঈশ্বৰক বিচাৰিবলৈ তোমাৰ মন থিৰ কৰাত তোমাৰ কিছু সদ্ভাৱ পোৱা গ’ল।”
4 És Jósafát egy ideig Jeruzsálemben tartózkodék, azután pedig kiméne a nép közé, Beersebától fogva mind az Efraim hegységéig, és megtéríté őket az Úrhoz, az ő atyáiknak Istenéhez;
৪তাৰ পাছত যিহোচাফটে যিৰূচালেমত বসতি কৰিলে; আৰু তেওঁ পুনৰাই ওলায় বেৰ-চেবাৰ পৰা ইফ্ৰয়িম পৰ্বতীয়া অঞ্চললৈকে লোকসকলৰ মাজত ফুৰি, তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ফালে তেওঁলোকক ঘূৰাই আনিলে।
5 És rendele bírákat azon a földön, Júdának minden erős városaiba, városonként.
৫আৰু দেশৰ ভিতৰত গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ নগৰৰ ভিতৰত প্ৰত্যেক নগৰত তেওঁ এজন এজনকৈ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে৷
6 És monda a bíráknak: Jól meglássátok, a mit cselekesztek; mert nem ember nevében ítéltek, hanem az Úrnak nevében, a ki az ítéletben veletek lesz.
৬তেওঁ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোকে যি কৰিবা সেই বিষয়ে সাৱধানে কৰিবা; কিয়নো তোমালোকে লোকসকলৰ কাৰণে নহয় কিন্তু যিহোৱাৰ কাৰণেহে বিচাৰ কৰিবা; বিচাৰত তেওঁ তোমালোকৰ সহায়কাৰী হ’ব।
7 Azért az Úr félelme legyen rajtatok, vigyázzatok arra, a mit tesztek; mert az Úrnál, a mi Istenünknél nincsen hamisság, sem személyválogatás, sem ajándékvétel.
৭এতেকে এতিয়া তোমালোকে যিহোৱালৈ ভয় ৰাখিবা; তোমালোকে সাৱধান হৈ কাৰ্য কৰা কিয়নো আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিত অন্যায়, কি মুখ চোৱা, কি ভেটি খোৱা নহয়।”
8 Sőt Jeruzsálemben is beállíta némelyeket Jósafát a Léviták, papok és az Izráel nemzetségeiből való fejedelmek közül az Úr ítéletére és a perlekedésekre. És ők Jeruzsálembe visszatérének.
৮ইয়াৰ উপৰিও, যিহোচাফটে যিৰূচালেমত যিহোৱা-সমন্ধীয় বিচাৰৰ অৰ্থে আৰু বিবাদ ভাঙিবৰ অৰ্থে লেবীয়াসকলৰ, পুৰোহিতসকলৰ আৰু ইস্ৰায়েলৰ ফৈদৰ মুখিয়াল কেইজনমানক নিযুক্ত কৰিলে। তেখেতসকল যিৰূচালেমত বাস কৰিলে৷
9 És meghagyá nékik, mondván: Így cselekedjetek az Úrnak félelmében hűséggel és tökéletes szívvel.
৯তেওঁ তেখেতসকলক এই আজ্ঞা দিলে, বোলে, “তোমালোকে যিহোৱালৈ ভয় ৰাখি বিশ্বাসীৰূপে সিদ্ধ মনেৰে এইদৰে কাৰ্য কৰিবা:
10 Ha valamely pert előtökbe hoznak a ti atyátokfiai, a kik lakoznak az ő városaikban, emberhalál, törvény és parancsolat, a rendtartások és ítéletek miatt: intsétek őket, hogy ne vétkezzenek az Úr ellen, és ne szálljon reátok és a ti atyátokfiaira az Úr haragja. Így cselekedjetek és ne vétkezzetek.
১০ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন-প্ৰণালীৰ বিষয়ে যি কোনো গোচৰ, নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ’ব, সেই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে দোষী নহ’ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে যিহোৱাৰ ক্ৰোধ নাথাকিব; যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহ’বা।
11 És ímé Amária pap lesz a fő ti köztetek az Úrnak minden dolgaiban; és Zebádia, az Ismáel fia lesz a Júda házának vezére a király minden dolgában; a Léviták is előljáróitok lesznek. Legyetek azért erősek a ti tisztetekben és az Úr mellette lesz az igaznak.
১১চোৱা, যিহোৱাৰ সকলো বিচাৰত প্ৰধান পুৰোহিত অমৰীয়া আৰু ৰজাৰ আটাই বিচাৰত যিহূদা-বংশীয় অধ্যক্ষ ইশ্মায়েলৰ পুত্ৰ জবাদিয়াক তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে৷ লেবীয়াসকলো তোমালোকৰ আগত শাসনকৰ্ত্তা হৈ থাকিব। তোমালোকে সাহসেৰে কাৰ্য কৰা আৰু যেন যিহোৱা সাধু লোকসকলৰ সংগী হওঁক।”