< Sofoniás 3 >

1 Oh beszennyezett és bemocskolt te, zsaroló város!
ধিক সেই বিদ্ৰোহিনী নগৰ! ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ।
2 Nem hallgatott szóra, nem fogadott oktatást; az Örökkévalóban nem bízott, Istenéhez nem közeledett.
তাই ঈশ্বৰৰ কথালৈ মনোযোগ নিদিয়ে; যিহোৱাৰ শাসন গ্রাহ্য নকৰে! যিহোৱাৰ ওপৰত ভাৰসা নকৰে; নিজ ঈশ্বৰৰ ওচৰলৈ তাই নাহে।
3 Nagyjai őbenne ordító oroszlánok, bírái esti farkasok, csontot sem hagytak reggelre;
তাইৰ ৰাজপুত্রবোৰ যেন গৰ্জ্জনকাৰী সিংহ আৰু বিচাৰকৰ্ত্তাবোৰ গধূলি বেলাৰ ক্ষুধার্ত ৰাংকুকুৰ; সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে।
4 prófétái könnyelműek, hűtelenség emberei; papjai megszentségtelenítették a szentséget, erőszakoskodtak a tanon.
তাইৰ ভাববাদীসকল দাম্ভিক আৰু বিশ্বাসঘাতক! তাইৰ পুৰোহিতসকলে পবিত্রক অপবিত্ৰ কৰিছে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অনিষ্ট কার্য কৰিছে!
5 Az Örökkévaló igazságos ő benne, nem követ el jogtalanságot, reggelenként napfényre hozza ítéletét, nem hiányzik; de nem ismer szégyent a jogtalankodó.
তাইৰ মাজত থকা যিহোৱা ধাৰ্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায় বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
6 Kiirtottam nemzeteket, elpusztultak ormaik, rommá tettem utczáikat, hogy nincs, ki arra jár; feldúlattak városaik, úgy, hogy nincs senki, nincsen lakó.
যিহোৱাই কৈছে, “মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ কোঁঠবোৰ ধ্বংস কৰা হ’ল; মই তেওঁলোকৰ আলিবোৰ জনশূন্য কৰিলোঁ; কোনেও সেইবোৰেদি অহা-যোৱা নকৰে; তেওঁলোকৰ সকলো নগৰ বিনষ্ট হৈ গ’ল; সেইবোৰত কোনো মানুহ নাই; কোনেও বাস নকৰে।
7 Mondtam: csakugyan félni fogsz engem, fogadsz oktatást, hogy ki ne írtassék hajléka, mind a mellett, a mit rendeltem ellene; ámde korán kelve, megrontották mind az ő cselekedeteiket.
মই যিৰূচালেমক ক’লো, ‘এতিয়া তুমি অৱশ্যেই মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা। তাতে তোমাৰ নিবাস উচ্ছন্ন কৰা নহ’ব।’ এয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাইৰ লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্রহেৰে সৈতে দুষ্টতাৰ কার্যবোৰ কৰি থাকিল।”
8 Azért várjatok reám, úgymond az Örökkévaló, azon napra, hogy zsákmányra kelek! Mert ítéletem: hogy összegyűjtök nemzeteket, hogy egybegyűjtök királyságokat, hogy kiöntöm reájok haragvásomat, egész föllobbant haragomat: mert buzgalmam tüzétől megemésztetik az egész föld.
যিহোৱাই এইদৰে কৈছে, “সেইবাবে তোমালোক সেই দিন পর্যন্ত মোৰ অপেক্ষাত থাকা, যি দিনা মই লুটপাত কৰিবলৈ উঠিম! কিয়নো মই এয়ে ঠিক কৰিছোঁ যে, জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্রিত কৰিম আৰু তেওঁলোকৰ ওপৰত মোৰ কোপ, মোৰ জ্বলন্ত ক্রোধ ঢালি দিম। মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ’ব।
9 Bizony akkor megváltoztatom a népeket tisztult ajkuakká; hogy mindnyájan szólítsák az Örökkévaló nevét, szolgálva őt vállvetve.
তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।
10 Túlról Kús folyóin fohászkodók, fiai az elszórtaknak, viszik ajándékomat.
১০মোৰ লোকসকল, যিসকল সিচঁৰিত হৈ ইথোপীয়া দেশৰ নৈৰ সিপাৰত থাকে, মোৰ সেই আৰাধনাকাৰীসকলে মোৰ উদ্দেশ্যে উৎসর্গৰ উপহাৰ লৈ আহিব।
11 Ama napon nem fogsz megszégyenülni mind a cselekedeteid miatt, melyekkel elpártoltál tőlem, mert akkor eltávolítom belőled büszke ujjongóidat, és nem fogsz többé fennhéjázni szent hegyemen.
১১তুমি মোৰ আহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেই দিনা লজ্জিত কৰা নহ’ব। কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোঁতা লোকসকলক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে মোৰ পবিত্ৰ পৰ্ব্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহংকাৰ নকৰিবা।
12 És meghagyok benned szegény és lefogyott népet; és ótalmuk lesz az Örökkévaló nevében.
১২কিন্তু মই তোমাৰ মাজত এক নম্র আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম; তেওঁলোকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব।
13 Izraél meghagyottjai nem követnek majd el jogtalanságot s nem beszélnek hazugságot, és nem találtatik szájukban csalárd nyelv; bizony legelni fognak ők és heverészni és nincs, aki fölijesztené.
১৩ইস্ৰায়েলৰ সেই অৱশিষ্ট ভাগে অপৰাধ নকৰিব; তেওঁলোকে মিছা কথা নকব আৰু তেওঁলোকৰ মুখত ছলনাৰ কথা নাথাকিব। এইদৰে তেওঁলোকে চৰিব আৰু শুব; তেওঁলোকক ভয় দেখুৱাবলৈ কোনো নাথাকিব।”
14 Ujjongj, Czión leánya; riadozz, Izraél! Örülj és vigadj egész szívvel Jeruzsálem leánya!
১৪হে চিয়োন-কন্যা, গান গোৱা! হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা!
15 Eltávolította az Örökkévaló büntetéseidet, elhárította ellenségedet; Izraél királya, az Örökkévaló, benned van, nem kell többé bajtól félned.
১৫যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে; তোমাৰ শত্ৰুবোৰক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু কেতিয়াও অমঙ্গললৈ ভয় নকৰিবা।
16 Ama napon, Jeruzsálemnek az mondatik: ne félj; Czión, ne lankadjanak el kezeid!
১৬সেই দিনা যিৰূচালেমক এই কথা কোৱা হ’ব, ‘হে চিয়োন, তুমি ভয় নকৰিবা; তোমাৰ হাত শিথিল নহওক।।
17 Az Örökkévaló, a te Istened benned van, hős, ki megsegít, örvendez rajtad örömmel, – hallgat az ő szeretetében vigad rajtad ujjongással.
১৭তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
18 Az ünnep híján búsulókat egybegyűjtöttem, távol voltak tőled, hogy gyalázatot ne viseljenek miatta.
১৮পৰ্ব্বৰ সময়ত আনন্দ কৰা মানুহৰ দৰে আনন্দ কৰিব।” যিহোৱাই কৈছে, “মই তোমাৰ লজ্জা আৰু বিনাশৰ ভয়বোৰ দূৰ কৰিম।
19 Íme, én elbánok mind a te sanyargatóiddal amaz időben, megsegítem a, sántító juhot és az eltévedtet összegyűjtöm; és teszem őket dicsőséggé és hírnévvé, kiknek az egész földön volt a szégyenük.
১৯চোৱা! তোমাৰ উপদ্রৱকাৰীলৈ সেই সময়ত মই যি কৰিব লাগে, তাকে কৰিম; মই সহায়হীন খোৰাক ৰক্ষা কৰিম আৰু খেদি দিয়াত সিচঁৰিত হোৱাসকলক গোটাম; যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্রশংসা আৰু সুখ্যাতি দান কৰিম।
20 Amaz időben elhozlak titeket és akkor összegyűjtelek titeket, mert teszlek titeket hírnévvé és dicsőséggé, a földnek mind a népei között, amikor visszahozom foglyaitokat szemeitek láttára, mondja az Örökkévaló.
২০সেই সময়ত মই তোমালোকক একেলগ কৰি লৈ আনিম; সেই সময়ত মই তোমালোকক একত্রিত কৰিম; কিয়নো, মই যেতিয়া তোমালোকৰ ভৱিষ্যত পুনৰ গঠণ কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।”

< Sofoniás 3 >