< Énekek Éneke 8 >
1 Vajha úgy volnál mint testvérem nékem, ki anyám emlőit szopta; találnálak az utczán, megcsókolnálak, nem is gúnyolódnának rajtam.
১প্রিয়াৰ কথা: অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
2 Elvezetnélek, bevinnélek anyám házába, hogy tanítson engem; inni adnék neked fűszeres borból, gránátalmám mustjából.
২মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব। আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
3 Balja fejem alatt és jobbja átölel.
৩তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
4 Megesketlek titeket, Jeruzsálem leányai, ne ébreszszétek és ne ébresztgessétek a szerelmet, míg nincsen kedve.
৪হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। যিৰূচালেমৰ ৰমণীসকলৰ কথা:
5 Ki az, a ki feljön a puszta felől, támaszkodva barátjára? Az almafa alatt ébresztettelek föl; amott vajudott veled az anyád, amott vajudott az, ki téged szűlt.
৫নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
6 Tégy engem mint a pecsétgyűrűt szívedre, mint a pecsétgyűrűt karodra; mert erős mint a halál a szerelem, kemény mint az alvilág a féltékenység, hevei tűznek hevei, Istennek lángja. (Sheol )
৬মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত। (Sheol )
7 Sok víz nem bírja kioltani a szerelmet és folyamok nem sodorják el; ha háza egész vagyonát adná valaki a szerelemért, gúnyolódva gúnyolódnának rajta.
৭জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব। যুৱতীৰ ককায়েকসকলৰ কথা;
8 Van nekünk kis nővérünk és emlői nincsenek; mit tegyünk nővérünkkel azon a napon, a melyen majd megkérik?
৮আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
9 Ha kőfal ő, építünk rá ezüst toronysort; s ha kapu ő, zárjuk el őt czédrusfa táblával.
৯তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম। ককায়েকসকললৈ যুৱতীৰ কথা:
10 Én kőfal vagyok és emlőim mint a tornyok; akkor lettem szemében, mint nő, a ki békét talált.
১০মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত।
11 Volt Salamonnak egy szőlője Báal-Hámónban; átadta a szőlőt az őrzőknek, ki-ki hoz fejében ezer ezüstöt.
১১বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।
12 Az én szőlőm előttem van, az ezer a tied, Salamon, s a kétszáz azoké, kik őrzik a gyümölcsét.
১২মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে। প্রিয়ৰ কথা:
13 Te, ki a kertekben lakol, társak figyelnek hangodra, hallasd velem!
১৩হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া। প্রিয়াৰ কথা:
14 Fuss el, barátom és légy hasonlóvá a szarvashoz vagy az őzök gidájához a fűszerek hegyein.
১৪হে মোৰ প্ৰিয়, শীঘ্ৰে আহা, সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণসাৰৰ দৰে হোৱা; অথবা যুবা হৰিণৰ সদৃশ হোৱা।