< Zsoltárok 57 >
1 A karmesternek. Ne ronts szerint. Dávidtól dal. Midőn Sául elől a barlangba szökött. Kegyelmezz nekem, Isten, kegyelmezz nekem, mert benned menedéket keresett a lelkem, és szárnyaid árnyékába menekülök, míg el nem vonul a veszedelem.
১হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
2 Felkiáltok Istenhez, a legfelsőhöz, Istenhez, ki végez felőlem.
২মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।
3 Lenyúl az égből és megsegít – káromolt a reám lihegő, Széla – küldi Isten az ő szeretetét és igazságát.
৩মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; (চেলা) ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।
4 Lelkem oroszlánok közt van, feküdnöm kell lángolók közt; emberfiak ők, kiknek fogai dárda és nyilak, és nyelvök éles kard.
৪মোৰ জীৱন শত্রুবোৰৰ মাজত আছে, সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।
5 Emelkedjél az egek fölé, Isten, az egész föld fölé dicsőségeddel!
৫হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
6 Hálót készítottek lábaimnak, legörnyesztették lelkemet; vermet ástak előttem beléje estek. Széla.
৬সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে। সিহঁতে মোৰ সন্মুখত গাত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল। (চেলা)
7 Szilárd a szívem, oh Isten, szilárd a szívem, hadd énekelek, hadd zengek!
৭হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।
8 Ébredj, méltóságom; ébredj lant és hárfa! Hadd ébresztem a hajnalt!
৮হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
9 Magasztallak téged népek közt, Uram, zengek neked a nemzetek közt.
৯হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
10 Mert nagy az egekig szereteted és a felhőkig igazságod.
১০কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে।
11 Emelkedjél az egek fölé, oh Isten; az egész föld fölé dicsőségeddel.
১১হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।