< Példabeszédek 7 >
1 Fiam, őrizd meg mondásaimat és parancsaimat rejtsd el magadnál.
১হে মোৰ পুত্র, মোৰ বাক্য পালন কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ হৃদয়ত সংগ্রহ কৰা।
2 Őrizd meg parancsaimat, hogy élj és tanomat, mint szemeid fényét.
২মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা; তোমাৰ চকুৰ মণিৰ দৰে মোৰ নিৰ্দেশ মানি চলা।
3 Kösd azokat ujjaidra, írjad azokat szíved táblájára.
৩সেইবোৰ তোমাৰ আঙুলিত বান্ধা, আৰু তোমাৰ হৃদয় ফলিত লিখি ৰাখা।
4 Mondd a bölcsességnek: nővérem vagy, s rokonnak nevezd az értelmességet;
৪প্রজ্ঞাক কোৱা, “তুমি মোৰ ভনী,” আৰু সুবিবেচনাক কোৱা তুমি মোৰ আত্মীয়।
5 hogy megőrizzen idegen asszonytól, idegen nőtől, ki simává tette beszédjét.
৫প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা।
6 Mert házam ablakán, rácsozatomon át tekintettem ki.
৬মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ।
7 Ekkor láttam az együgyűek között, észre vettem a fiúk közt egy esztelen ifjút:
৭আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ।
8 elhalad az utczán annak szöglete mellett és a házához menő úton lépdel,
৮সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল-
9 szürkületkor, a nap estéjén, éj sötétségében és homályban.
৯সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত।
10 S íme elejébe egy asszony, parázna ruhájú és álnok szívű;
১০আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল।
11 zajongó ő és csapongó, házában nem nyugosznak lábai:
১১তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, তাইৰ ভৰি ঘৰত নাথাকে।
12 egyszer az utczán, másszor piaczokon, minden szöglet mellett leselkedik.
১২তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, তাই প্রতিটো চকতে বাট চাই থাকে।
13 Megragadja őt, megcsókolja őt, szemérmetlen arczczal mondja neki:
১৩সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে,
14 Békeáldozatokkal tartozom, ma megfizettem fogadalmaimat;
১৪“মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ;
15 azért jöttem ki elédbe, hogy fölkeressem színedet, és megtaláltalak.
১৫সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ।
16 Takarókkal takartam le nyoszolyámat, egyiptomi tarka szövettel;
১৬মই মোৰ বিচনা মিচৰৰ পৰা অনা ৰঙীণ কাপোৰেৰে ঢাকিলোঁ।
17 behintettem fekvőhelyemet myrrhával, aloéval s fahéjjal.
১৭মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ।
18 Jöjj! ittasodjunk szeretettel reggelig, enyelegjünk szerelemben.
১৮আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। আহাঁ আমি বেলেগ ধৰণে প্রেম উপভোগ কৰোঁ।
19 Mert nincs otthon a férfi, útra ment messzire;
১৯মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্রাত গৈছে।
20 a pénzes zacskót kezébe vette, holdtölte napjára fog haza jönni.
২০তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।”
21 Elhajlította őt sok rábeszélésével, ajkai simaságával eltántorítja.
২১তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে।
22 Megy utána hirtelen, mint ökör, mely a levágásra megyen, s mint békóban fenyítéséhez az oktalan;
২২তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল।
23 mígnem nyíl fúrja át máját, a mint madár siet a tőrhöz, s nem tudja, hogy életébe kerül.
২৩যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল।
24 Most tehát, fiúk, hallgassatok reám s figyeljetek szájam mondásaira:
২৪আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া।
25 ne térjen az ő utjaira szíved, ne tévelyegj ösvényein;
২৫তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা।
26 mert sokan vannak a megöltek, kiket elejtett, és számosak mind a meggyilkoltjai.
২৬তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি।
27 Az alvilág útjai vannak házában, levisznek a halál kamaráihoz. (Sheol )
২৭তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ। (Sheol )