< Példabeszédek 6 >
1 Fiam, ha kezes lettél felebarátodnál, tenyeredet összecsaptad az idegennél,
১হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা,
2 tőrbe jutottál szájad mondásai által, megfogattál szájad mondásai által:
২তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
3 tedd ezt ugyan, fiam, hogy megmenekülj, minthogy felebarátod markába kerültél: menj, tiportasd magadat és ostromold felebarátodat;
৩হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা।
4 ne engedj álmot szemeidnek, sem szendergést szempilláidnak;
৪তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা।
5 menekülj, mint szarvas a kézből, s mint a madár a madarász kezéből.
৫হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
6 Menj a hangyához, rest, nézd útjait, hogy okulj:
৬হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
7 ő, a kinek nincs vezére, felügyelője és uralkodója,
৭সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
8 elkészíti nyáron a kenyerét, összegyűjtötte aratáskor az eledelét.
৮তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
9 Meddig, rest, fogsz feküdni, mikor kelsz fel álmodból?
৯হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
10 Egy kis alvás, egy kis szendergés; egy kis kézösszekulcsolás, hogy feküdj:
১০“আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
11 majd eljön, mint vándor, a te szegénységed és szűkölködésed, mint a pajzsos férfi.
১১তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
12 Alávaló ember, jogtalan férfi, szájnak görbeségével jár,
১২এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
13 hunyorgat szemeivel, kapargat lábaival, mutogat ujjaival;
১৩তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।
14 ferdeség a szívében, rosszat kohol minden időben, viszályokat indít.
১৪তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
15 Azért hirtelen jön meg szerencsétlensége, rögtön megtöretik és nincsen gyógyulás.
১৫সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।
16 Hat dolog van, a mit gyűlöl az Örökkévaló és hét, a mi lelkének utálata:
১৬যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
17 Fennhéjázó szemek, hazug nyelv, és ártatlan vért ontó kezek;
১৭গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
18 szív, mely jogtalan gondolatokat kohol, lábak, melyek futva sietnek a rosszra;
১৮বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
19 hazugságnak lehelője, hamis tanú, s a ki viszályokat indít testvérek közt.
১৯মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
20 Óvd meg, fiam, atyád parancsát és el ne hagyjad anyád tanítását;
২০হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
21 kösd azokat szívedre mindenkor, fűzd azokat nyakadra.
২১সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
22 Mikor jársz, az vezetni fog téged, mikor lefekszel, őrködik feletted, s mikor felébredtél, az beszélget veled.
২২তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
23 Mert mécses a parancs és a tan világosság, és élet útja az oktatásnak feddései.
২৩কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
24 Hogy megőrizzen téged a rossz asszonytól, a simanyelvű idegen nőtől.
২৪অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,
25 Ne kívánd meg szépségét szívedben, s el ne fogjon téged szempilláival.
২৫তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
26 Mert parázna asszonyért egy czipó kenyérre jutsz, s férjes asszony a drága lelket vadássza.
২৬বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।
27 Kaparhat-e valaki tüzet az ölében és ruhái el nem égnek,
২৭কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, জুই ৰাখিব পাৰে নে?
28 avagy járhat-e valaki parázson és lábai meg nem perzselődnek?
২৮কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে?
29 Olyan az, a ki bemegy felebarátjának feleségéhez, nem marad büntetlenül, bárki hozzányúl.
২৯সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।
30 Nem gúnyolják a tolvajt, midőn lop, hogy kielégítse lelkét, midőn éhezik;
৩০চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে;
31 ha rajtakapják, hétszeresen fizet, házának egész vagyonát odaadja.
৩১কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব।
32 Ki házasságot tör asszonnyal, esztelen; a ki önmagát megrontja, az cselekszi ezt.
৩২যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
33 Kárt és szégyent talál, és gyalázata nem töröltetik el.
৩৩তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
34 Mert féltékenység a férfiúnak dühe s nem kímél a bosszú napján,
৩৪কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
35 nincs tekintettel semmi váltságra s nem enged, noha sokasítod az ajándékot.
৩৫তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।