< Példabeszédek 24 >
1 Ne irigykedjél a rosszaság embereire, és ne kívánkozzál velök lenni;
১দুষ্ট লোকক ঈৰ্ষা নকৰিবা, নাইবা তেওঁলোকৰ লগত থাকিবলৈ ইচ্ছা নকৰিবা;
2 mert pusztítást gondol ki szívök és bajt beszélnek ajkaik.
২কাৰণ তেওঁলোকৰ হৃদয়ে অত্যাচাৰৰ চক্রান্ত কৰে, আৰু তেওঁলোকৰ ওঁঠে সমস্যাৰ কথা কয়।
3 Bölcsesség által épül fel a ház és értelem által szilárdul meg;
৩প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়, আৰু বিবেচনাৰ দ্বাৰাই ঘৰ সংস্থাপন হয়।
4 és tudás által telnek meg a kamarák, mindennemű drága és kedves vagyonnal.
৪জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়, লগতে সকলো বহুমুল্য আৰু আনন্দদায়ক বস্তুৰে পৰিপূৰ্ণ হয়।
5 Bölcs férfi hatalmas és a tudás embere bátor erejű.
৫সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ জ্ঞানী লোক ভাল।
6 Mert útmutatásokkal viselhetsz háborút, és győzelem van a tanácsosok sokaságában.
৬সুপৰামৰ্শৰ দ্বাৰাই তুমি তোমাৰ যুদ্ধ আৰম্ভ কৰিব পাৰা, আৰু বহুতো উপদেষ্টাৰ সৈতে জয় লাভ হয়।
7 Magas az oktalannak a bölcsesség: a kapuban nem nyitja meg a száját.
৭অজ্ঞানী লোকৰ বাবে প্ৰজ্ঞা অতি উচ্চ বিষয়; আৰু দুৱাৰত তেওঁ কথা কয়।
8 A ki azon gondolkodik, hogy rosszat tegyen, azt fondorlatok emberének hívják.
৮তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে, লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।
9 Oktalanság gondolata a vétek, és utálata az embereknek a csúfoló.
৯জ্ঞানহীন আঁচনি পাপ, আৰু নিন্দক লোকক মানুহে ঘৃণা কৰে।
10 Ha elernyedtél a szükség napján, szűknek bizonyult az erőd.
১০সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা, তেনেহ’লে তুমি নিশকতীয়া।
11 Mentsd meg a halálra vitteket, és a megölésre támolygókat hát ha elvonnád.
১১মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা, আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।
12 Ha azt mondod: lám nem tudtunk róla, nemde a szívek meghatározója, ő ügyel rá, és lelked megóvója – ő tudja, és viszonoz az embernek tette szerint.
১২তুমি যদি কোৱা, “আমি এই বিষয়ে একো নাজানো।” তুমি কি কৈছা? সেই বিষয়ে যি জনাই হৃদয় পৰীক্ষা কৰে, তেওঁ জানো নুবুজে? আৰু যিজনাই তোমাৰ জীৱন ৰক্ষা কৰে, তেওঁ জানো এই বিষয়ে নাজানে? ঈশ্বৰে মানুহক কৰ্ম অনুসাৰে জানো ফল নিদিয়ে?
13 Egyél, fiam, mézet, mert jó, és színméz édes az ínyednek:
১৩হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল, আৰু মৌচাকৰ পৰা নিগৰি অহা মৌ তোমাৰ জিভাৰ বাবে সুস্বাদু।
14 ilyen, tudd meg, a bölcsesség a te lelkednek; ha megtaláltad, van jövendő és reményed nem írtatik ki.
১৪তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে তুমি যদি তাক বিচাৰি পোৱা, তেনেহ’লে তাত তোমাৰ ভবিষ্যত আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
15 Ne leselkedjél, te gonosz, az igaznak hajlékára, ne pusztítsd el heverő helyét;
১৫ন্যায় কাৰ্য কৰাসকলৰ ঘৰ যিজনে আক্রমণ কৰে, তেনে দুষ্ট মানুহৰ দৰে তুমি মিছা কথা নকবা, তেওঁলোকৰ ঘৰ ধ্বংস নকৰিবা।
16 mert hétszer elesik az igaz, de fölkel, de a gonoszok megbotlanak a szerencsétlenségben.
১৬কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও, তেওঁ পুনৰ উঠিব। কিন্তু দুষ্ট লোক দুৰ্যোগত পৰি বিনষ্ট হয়।
17 Midőn elesik az ellenséged, ne örülj, s midőn megbotlik, ne vigadjon szíved;
১৭যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা, আৰু যেতিয়া তেওঁ উজুতি খায়, তেতিয়া তোমাৰ মনক উল্লাসিত হ’বলৈ নিদিবা।
18 nehogy lássa az Örökkévaló és rossznak tetszenék szemeiben és elfordítaná tőle haragját.
১৮কিয়নো যিহোৱাই চাব আৰু অগ্রাহ্য কৰিব, আৰু তেওঁৰ পৰা তেওঁৰ ক্ৰোধ দূৰ কৰিব।
19 Ne gerjedj föl a gonosztevők ellen, ne irigykedjél a gonoszokra;
১৯কুকৰ্ম কৰা সকলৰ বাবে উদ্বিগ্ন নহবা, আৰু দুষ্ট লোকক ঈৰ্ষা নকৰিবা,
20 mert nem lesz jövendője a rossznak, a gonoszok mécsese kialszik.
২০কাৰণ দুষ্ট লোকৰ কোনো ভবিষ্যত নাই, আৰু দুষ্ট লোকৰ প্ৰদীপ নুমাই যাব।
21 Féljed az Örökkévalót, fiam, és a királyt, az elszakadókkal ne állj össze;
২১হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা। তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা সকলৰ সৈতে সহযোগ নকৰিবা।
22 mert hírtelen támad szerencsétlenségük, és mindkettejük balvégzetét ki ismeri?
২২কাৰণ হঠাতে তেওঁলোকলৈ বিপৰ্যয় আহিব, তেওঁলোক দুয়োৰে পৰা বিনাশ কিমান পৰিমানে হ’ব কোনে জানে?
23 Ezek is bölcsektől valók. Személyt válogatni az ítéletben nem jó.
২৩এই সকলো জ্ঞানী লোকৰ বচন। বিচাৰত পক্ষপাত কৰা উচিত নহয়।
24 A ki azt mondja a gonosznak: igaz vagy, azt átkozzák a népek, szidják a nemzetek;
২৪যি জনে দোষীজনক কয়, “তুমি নিৰ্দোষী হোৱা,” তেওঁক মানুহে শাও দিব, আৰু দেশবাসীয়ে ঘিণ কৰিব।
25 de a megfeddőknek kellemes lesz a dolguk, és reájuk száll a jónak áldása.
২৫কিন্তু যিসকলে দুষ্টলোকক নিন্দা কৰে, তেওঁলোক আনন্দিত হ’ব, আৰু তেওঁলোকলৈ ওপৰত উত্তম আশীৰ্ব্বাদ আহে।
26 Az ajkakat csókolja, a ki helyes szavakkal válaszol.
২৬যিজনে সত্যতাত উত্তৰ দিয়ে, তেওঁ ওঁঠক চুমা খায়।
27 Készítsd el odakünn munkádat, és intézd el azt magadnak a mezőn; azután építsd fel házadat.
২৭তোমাৰ বাহিৰৰ কাম প্রস্তুত কৰা, আৰু নিজৰ বাবে মুকলি ঠাইত সকলো বস্তু যুগুত কৰা, আৰু তাৰ পাছতহে তোমাৰ গৃহ নিৰ্মাণ কৰা।
28 Ne légy ok nélkül tanú felebarátod ellen; vajon ámítanád-e ajkaiddal?
২৮কাৰণ নোহোৱাকৈ তোমাৰ চুবুৰীয়াৰ অহিতে সাক্ষী নহবা; আৰু তোমাৰ মুখেৰে প্ৰতাৰণা নকৰিবা।
29 Ne mondd: amint velem tett, úgy teszek ő vele, viszonzok az embernek tette szerint.
২৯এইদৰে নকবা, “তেওঁ মোলৈ যিদৰে কৰিলে, মইয়ো তালৈ সেইদৰেই কৰিম; তেওঁ যি কৰিলে তাৰ প্রতিফল মই তেওঁক দিম।”
30 Rest ember mezeje mellett mentem el, és esztelen ember szőlleje mellett;
৩০মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ, জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলোঁ।
31 s íme egészen benőtte a tövis, ellepte színét a csalán, és kőfala le volt rombolva.
৩১চাৰিওফালে কাঁইটীয়া বন গজিছিল, গোটেই পথাৰ কাঁইটে ঢাকি ধৰিছিল, আৰু সীমাত থকা শিলৰ বেৰা ভাঙি গৈছিল।
32 Néztem én, ráfordítottam szívemet, láttam, tanulságot vettem.
৩২তাৰ পাছত মই চাই বিবেচনা কৰিলোঁ; আৰু চালোঁ আৰু শিক্ষা পালোঁ।
33 Egy kis alvás, egy kis szendergés, egy kis kézösszekulcsolás, hogy feküdj;
৩৩“অলপ টোপনি, আৰু অলপ টোপনি, জীৰণি লবলৈ হাত সাৱটি থাকিলে,
34 majd el jön vándorként a te szegénységed és szűkölködésed, mint a pajzsos férfi.
৩৪দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব, আৰু তোমাৰ প্রয়োজনীয়তা সুসজ্জিত যুদ্ধাৰুৰ দৰে আহিব।