< Példabeszédek 23 >
1 Midőn leülsz étkezni az uralkodóval, ügyelve ügyelj arra, hogy ki van előtted;
১যেতিয়া তুমি কোনো শাসনকৰ্ত্তাৰ সৈতে ভোজনত বহা, তেতিয়া তোমাৰ সন্মুখত কোন আছে সাৱধানে লক্ষ্য কৰিবা।
2 kést tennél a torkodra, ha vágynak vagy az embere.
২কাৰণ তুমি যদি অধিক আহাৰ খাবলৈ ভাল পোৱা, তেনেহ’লে নিজৰ ডিঙিত নিজে ছুৰী দিবা।
3 Ne kívánkozzál csemegéi után, hisz hazugság étele az.
৩তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা, কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ।
4 Ne fáradozzál, hogy meggazdagodj, eszességednél fogva hagyj föl avval.
৪ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা।
5 A mint ráröpíted szemeidet, nincs meg; mert bizony szárnyakat csinál magának, mint a sas, mely az égbe röpül.
৫যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, আৰু হঠাতে ডেউকা লগাই, আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।
6 Ne étkezzél az irigyszeműnek ételéből és ne kívánkozzál csemegéi után.
৬তোমাৰ আহাৰলৈ কোনো লোকে বহু সময় চাই থাকিলে, পাপী মানুহৰ আহাৰ ভোজন নকৰিবা, আৰু তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা;
7 Mert olyan ő, a mint lelkében számítgat; egyél és igyál mondja neked, de szíve nincs veled.
৭কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। তেওঁ তোমাক কয়, “ভোজন-পান কৰা!” কিন্তু তেওঁৰ হৃদয় তোমাৰ সৈতে নাথাকে।
8 Falatodat, melyet megettél, kihányod, elvesztegetted kedves beszédeidet.
৮তুমি যি অলপ খাইছা, সেয়াও বমি কৰিবা, আৰু তোমাৰ অভিনন্দন বৃথা হ’ব।
9 Balgának fülei előtt ne beszélj, mert kigúnyolná szavaid eszes voltát.
৯অজ্ঞানী লোকে শুনি থকাকৈ কথা নকবা; কিয়নো তেওঁ তোমাৰ প্রজ্ঞাৰ কথা তুচ্ছ কৰিব।
10 Ne told el az ősrégi határt, s az árvák földjeibe ne lépj be;
১০পুৰণি সীমাৰ দেৱাল আতৰাই নিদিবা, বা অনাথ সকলৰ পথাৰৰ সীমালঙ্ঘন নকৰিবা;
11 mert megváltójuk erős, ő viszi majd ügyüket ellened.
১১কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান; আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিব।
12 Nyújtsd oda az oktatásnak szívedet és füledet a tudás mondásainak.
১২তোমাৰ হৃদয়ে অনুশাসনলৈ মনোযোগ দিয়ক, আৰু জ্ঞানৰ কথালৈ তোমাৰ কাণ পাতা।
13 Ne vond meg a fiútól a fenyítést; midőn vesszővel vered, nem hal meg;
১৩সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা; কিয়নো তুমি তাক চেকনীৰে কোবালে সি নমৰিব।
14 te vesszővel vered őt és lelkét az alvilágtól mented meg. (Sheol )
১৪তুমি যদি তাক চেকনীৰে কোবোৱা, তেনেহ’লে তুমি তাৰ আত্মা চিয়োলৰ পৰা ৰক্ষা কৰিবা। (Sheol )
15 Fiam, ha bölcs lett a szíved, örül az én szívem is;
১৫হে মোৰ পুত্র, যদি তোমাৰ হৃদয় জ্ঞানী হয়, তেনেহ’লে মোৰ হৃদয়ো আনন্দিত হ’ব;
16 és vigadnak veséim, mikor ajkaid egyeneset beszélnek.
১৬যেতিয়া তোমাৰ ওঁঠে যথাৰ্থ কথা কয়, তেতিয়া মোৰ অন্তঃকৰণ উল্লাসিত হয়।
17 Ne irigykedjék szíved a vétkesekre, hanem istenfélelemben legyen egész nap.
১৭তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা;
18 Mert bizony van jövendő, és reményed nem írtatik ki.
১৮অৱশ্যে ইয়াত তোমাৰ ভবিষ্যত জড়িত হৈ আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
19 Halljad, fiam te, és légy bölcs, és igazítsd az útra szívedet.
১৯হে মোৰ পুত্র, শুনা আৰু জ্ঞানী হোৱা, আৰু তোমাৰ হৃদয় সৰল পথত চলোৱা।
20 Ne légy azok közt, kik bort isznak, azok közt, kik húsban dőzsölnek.
২০সুৰা প্রিয় লোকৰ সৈতে সহযোগী নহ’বা, বা অধিক মাংস ভোজন কৰা সকলৰ সঙ্গী নহবা।
21 Mert az iszákos és dőzsölő elszegényedik, és rongyokba, öltöztet a szendergés.
২১কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়, আৰু মানুহৰ টোপনিয়ে তেওঁলোকক ফটা বস্ত্র পিন্ধায়।
22 Hallgass atyádra, a ki téged nemzett, s ne gúnyolódjál, midőn megvénült az anyád.
২২তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।
23 Igazságot szerezz és ne add el, bölcsességet és oktatást és értelmet.
২৩সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।
24 Ujjongva ujjong az igaznak atyja, s a ki bölcsnek szülője, örül vele.
২৪ন্যায় কাৰ্য কৰা জনৰ পিতৃ অতিশয় উল্লাসিত হয়, আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তেওঁৰ বাবে আনন্দ কৰিব।
25 Örüljön atyád és anyád, és ujjongjon az, ki téged szült.
২৫তোমাৰ পিতৃ আৰু মাতৃক আনন্দিত হ’বলৈ দিয়া, আৰু তোমাৰ জন্মদাতাক উল্লাসিত হ’ব দিয়া।
26 Adjad, fiam, szívedet énnekem, és szemeid óvják meg az útjaimat.
২৬হে মোৰ পুত্র, তোমাৰ হৃদয় মোক দিয়া, তোমাৰ চকুক মোৰ পথলৈ নিৰীক্ষণ কৰিবলৈ দিয়া।
27 Mert mélységes verem a parázna nő, és szűk kút az idegen nő;
২৭কাৰণ বেশ্যা দ গাতৰ দৰে, আৰু অন্য লোকৰ ভাৰ্যা ঠেক নাদৰ দৰে।
28 sőt mint a rabló, úgy leselkedik ő, és hűteleneket az emberek közt gyarapít.
২৮তেওঁ ডকাইতৰ দৰে খাপ দি থাকে, আৰু মনুষ্যসকলৰ মাজত বিশ্বাসঘাতকতৰ দল বৃদ্ধি কৰে।
29 Kinek jaj; kinek baj, kinek viszálykodás, kinek panasz, kinek sebek ok nélkül, kinek szemek vörössége?
২৯কাৰ দুৰ্দশা আছে? কাৰ দুখ আছে? কোনে কাজিয়া কৰে? কোনে অভিযোগ কৰে? কোনে অকাৰণে মাৰ খায়? কাৰ চকু ৰঙা হয়?
30 Azoknak, kik későig ülnek a bor mellett, azoknak, kik bemennek vizsgálni a kevert italt.
৩০যিসকলে বহুদিন দ্ৰাক্ষাৰসত লিপ্ত থাকে, আৰু যিসকলে দ্ৰাক্ষাৰসৰ মিহলাবলৈ চেষ্টা কৰে।
31 Ne nézd a bort, mint piroslik, mint mutatja színét a serlegben, simán csúszik le!
৩১যেতিয়া দ্ৰাক্ষাৰস ৰঙা হৈ থাকে, পাত্ৰত দগমগায়, আৰু সহজে পেটলৈ যায়, তেতিয়া তালৈ দৃষ্টি নকৰিবা।
32 A végén mar mint a kígyó, és mint a baziliszk sebesít.
৩২শেষতে সেয়ে সাপৰ নিচিনাকৈ কামুৰিব, আৰু বিষাক্ত সাপৰ দৰে ইয়াৰ দংশন।
33 Szemeid idegen dolgokat látnak majd, és szíved ferdeségeket beszél;
৩৩তোমাৰ চকুৱে আচৰিত বস্তু দেখিব, আৰু তোমাৰ হৃদয়ে মন্দ কথা কব;
34 s olyan lész, mint a ki a tenger közepén fekszik s mint a ki fekszik az árbócznak tetején.
৩৪প্রচণ্ড সমুদ্ৰৰ ওপৰত শোৱা জনৰ দৰে, বা জাহাজৰ মাজস্থলৰ ওপৰত শোৱা লোকৰ দৰে হবা;
35 Megvertek, nem fájt nekem, ütöttek, nem éreztem; mikor ébredek föl? Még továbbra is keresem.
৩৫তুমি কবা, “তেওঁলোকে মোক মাৰিলে!” কিন্তু মই আঘাত পোৱা নাই, তেওঁলোকে মোক প্ৰহাৰ কৰিলে, কিন্তু মই অনুভব কৰা নাই। মই যেতিয়া সাৰ পাম? তেতিয়া মই পুনৰ দ্রাক্ষাৰস পান কৰিম।”