< Abdiás 1 >
1 Óbadja látomása. Így szól az Úr, az Örökkévaló, Edomról! Hírt hallottunk az Örökkévalótól és követ küldetett a nemzetek közé: Keljetek föl, hadd keljünk ellene harczra?
১ওবদিয়াৰ দৰ্শন। প্ৰভু যিহোৱাই ইদোমৰ বিষয়ে চিন্তা কৰি ক’লে: আমি যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু দেশীবাসীৰ মাজলৈ এজন ৰাজদূত পঠালোঁ। তেওঁ কৈছিল, “উঠা, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোক উঠা।”
2 Íme, kicsinnyé teszlek a nemzetek között, megvetve vagy nagyon.
২চোৱা, মই তোমাক দেশীবাসীৰ মাজত সৰু কৰিম; আৰু তোমাক অতিশয় হেয়জ্ঞান কৰা হ’ব।
3 Szíved kevélysége ámított el téged, a ki lakozik sziklahasadékokban, magas székhelyén, a ki ezt mondja szívében: ki dönt le földre engem?
৩উচ্চস্থানত শিলৰ গুহাত বাস কৰা জনৰ মনৰ অহংকাৰে তেওঁক প্ৰবঞ্চনা কৰিলে। কোনে তোমাৰ মনত কয়, “কোনে মোক মাটিলৈ নমাব?”
4 Ha magasra mint a sas, ha a csillagok közé rakod is fészkedet, onnan dönt le úgymond az Örökkévaló.
৪যিহোৱাই কৈছে, তুমি ঈগল পক্ষীৰ দৰে ওপৰলৈ উৰিলেও, আৰু তোমাৰ বাহ তৰাবোৰৰ মাজত স্থাপিত হ’লেও, মই তাৰ পৰা তোমাক নমাই আনিম।
5 Ha tolvajok jönnek hozzád, ha éjjeli pusztítók – mint semmisültél meg! – nemde lopnak, a mennyi elég nekik; ha szüretelők jönnek hozzád, nemde hagynak böngészni valót?
৫তোমাৰ ওচৰলৈ যদি ৰাতি চোৰ বা ডকাইত আহে, তেনেহ’লে (তোমাক কিদৰে উচ্ছন্ন কৰা হৈছে!) তেওঁলোকে কেৱল নিজৰ বাবে যথেষ্ট পৰিমাণে চুৰ কৰিব নে? যদি তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চাপোৱাসকল আহে তেনেহ’লে তেওঁলোকে সংগ্রহ কৰা দ্ৰাক্ষাগুটিৰ অৱশিষ্ট নাৰাখিব নে?
6 Mint kutattatott át Ézsau; mint bolygattattak fel rejtekei!
৬এচৌৰ সম্পত্তি কেনেকৈ লুট কৰা হৈছিল, আৰু তেওঁৰ গুপ্ত ধনবোৰ কেনেকৈ অনুসন্ধান কৰি উলিওৱা হৈছিল!
7 A határig elkísértek téged mind a szövetséges embereid; elámítottak, legyőztek téged meghitt embereid, kenyered evői hálót tesznek alád – nincs ő benne értelem.
৭তোমাৰ সৈতে সমন্ধ স্থাপন কৰা লোকসকলে তোমাক নিজৰ বাটে সীমালৈকে পঠিয়াব। তোমাৰ সৈতে মিলেৰে থকা লোকসকলে তোমাক প্ৰবঞ্চনা কৰিলে, আৰু তোমাৰ বিৰুদ্ধে অধিক প্রভাৱশীল হ’ল। তোমাৰ আহাৰ খোৱা লোকসকলে তোমাৰ বাবে ফান্দ পাতে। ইদোমৰ একো বিবেচনা শক্তি নাই।
8 Nemde ama napon, úgymond az Örökkévaló, elveszítettem a bölcseket Edomból s az értelmet Ézsau hegyéről.
৮যিহোৱাই কৈছে, সেই দিনা মই ইদোমৰ জ্ঞানী লোকসকলক ধ্বংস নকৰিম নে, আৰু এচৌৰ পৰ্ব্বতৰ পৰা বিবেচনা দূৰ নকৰিম নে?
9 És megrettennek a te vitézeid, Témán, csak hogy kiírtassék a férfiú Ézsau hegyéről, az öldökléstől.
৯হে তৈমন, তোমাৰ লোকসকল আতঙ্কিত হ’ব, সেয়ে সকলো লোকক এচৌৰ পৰ্ব্বতৰ পৰা হত্যা কৰাৰ দ্বাৰাই উচ্ছন্ন কৰা হ’ব।
10 Jákób testvéreden tett erőszak miatt szégyen borít téged és kiírtatol örökre.
১০তোমাৰ ভাই যাকোবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা, আৰু তুমি সৰ্বকালৰ বাবে উচ্ছন্ন হবা।
11 Amely napon ott álltál átellenben, amely napon fogságba vitték idegenek a vagyonát, és külföldiek bejöttek kapuiba és Jeruzsálem felett sorsot vetettek te is olyan voltál, mint egy közülük.
১১সেই দিনা তুমি আঁতৰি থাকিবা, আৰু অচিনাকী লোকে তেওঁৰ ধন-সম্পত্তি লৈ যাব। বিদেশীসকলে তেওঁৰ দুৱাৰত প্রবেশ কৰি, যিৰূচালেমৰ বাবে চিঠি খেলাব, আৰু তেওঁলোকৰ দৰে তুমিও এজন হ’বা।
12 Nem kellett volna nézned testvérednek napját balsorsának napján, sem örvendened Jehúda fiain vesztük napján: sem nagyra nyitnod szádat a szorongatás napján;
১২কিন্তু তোমাৰ ভায়েৰাৰ বিপদৰ সময়ত তুমি নাহাঁহিবা। যিহূদাৰ লোকসকলৰ বিনাশৰ দিনত তেওঁলোকৰ ওপৰত আনন্দ নকৰিবা; আৰু তেওঁলোকৰ যন্ত্রনাৰ দিনত গৰ্ব্ব নকৰিবা।
13 sem bemenned népe kapujába szerencsétlensége napján; sem látnod neked is veszedelmét szerencsétlensége napján; sem kezed kinyújtanod vagyonára szerencsétlensége napján;
১৩তুমি মোৰ লোকসকলৰ দুৰ্যোগৰ সময়ত তেওঁলোকৰ নগৰৰ দুৱাৰত নোসোমাবা; এনে কি, তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ ক্লেশত উল্লাসিত নহ’বা। তেওঁলোকৰ ধ্বংসৰ সময়ত তেওঁলোকৰ ধন-সম্পত্তি লুট নকৰিবা।
14 sem ott állnod a válóúton, hogy kiirtsa elmenekülőit, sem kiszolgáltatnod maradottjait a szorongatás napján.
১৪তুমি পলাতক লোকসকলক উচ্ছন্ন কৰিবলৈ চাৰিআলিত থিয় নহবা, আৰু যন্ত্রণাৰ সময়ত তেওঁৰ অৱশিষ্ট লোকসকলক শোধাই নিদিবা।
15 Mert közel van az Örökkévaló napja, mind a nemzetek ellen; a mint tettél, úgy tétetik veled, tetted vissza száll fejedre.
১৫যিহোৱাৰ দিন দেশবাসী সকলৰ বাবে ওচৰ চাপিছে। তুমি কৰাৰ দৰেই, তোমালৈ কৰা হ’ব, আৰু তুমি কৰা কাৰ্যৰ প্রতিফল তোমাৰ মূৰত পৰিব।
16 Mert amint ittatok szent hegyemen, isznak majd mind a nemzetek mindig szüntelenül; isznak, és szörpölnek, és lesznek, mintha nem lettek volna.
১৬কাৰণ মোৰ পবিত্ৰ পৰ্ব্বতত তোমালোকে পান কৰাৰ দৰে, সকলো দেশবাসী সকলে অবিৰাম পান কৰিব। তেওঁলোকে পান কৰিব আৰু গিলিব, আৰু তেওঁলোকে কেতিয়াও খাবলৈ নোপোৱাৰ দৰে খাব।
17 Czión. hegyén pedig lesz menedék és szentté lesz, s birtokba veszik a Jákób házabeliek birtokaikat.
১৭কিন্তু ৰক্ষা পোৱাসকল চিয়োন পৰ্ব্বতত থকিব, আৰু সেয়ে পবিত্ৰ হ’ব; আৰু যাকোবৰ বংশই তেওঁলোকৰ নিজৰ সম্পত্তি অধিকাৰ কৰিব।
18 És lészen Jákób háza tűzzé és József háza lánggá, Ézsau háza pedig tarlóvá: felgyújtják őket és megemésztik, s nem lesz maradottja Ézsau házának; mert az Örökkévaló beszélt.
১৮যাকোবৰ বংশ অগ্নি, আৰু যোচেফৰ বংশ অগ্নিশিখা, আৰু এচৌৰ বংশ নৰাৰ দৰে হ’ব; আৰু তেওঁলোকে সেইবোৰ জ্বলাব, আৰু গ্ৰাস কৰিব। এচৌৰ বংশত কোনো অবশিষ্ট নাথাকিব; কাৰণ যিহোৱাই ইয়াক কৈছিল।
19 Majd birtokba veszik a Délvidék Ézsau hegyét s az alföld a filiszteusokat, birtokba veszik Efraim mezőségét és Sómrón mezőségét, Benjamin pedig Gileádot.
১৯আৰু দক্ষিণ অঞ্চলত লোকসকলে এচৌৰ পৰ্ব্বত অধিকাৰ কৰিব, আৰু নিম্নভূমিৰ লোকসকলে পলেষ্টীয়াসকলৰ দেশ অধিকাৰ কৰিব। তেওঁলোকে ইফ্ৰয়িমৰ আৰু চমৰিয়াৰ ভূমি অধিকাৰ কৰিব; আৰু বিন্যামীনীয়া লোকসকলে গিলিয়দ অধিকাৰ কৰিব।
20 És ezen várnak számkivetettsége Izraél fiai közül, mely a kanaániak közt van Czárefátig, meg Jeruzsálem számkivetettsége, mely Szefárádban van, birtokba veszik a Délvidék városait.
২০ইস্ৰায়েলী লোকসকলৰ বন্দীত্বত থকা সৈন্য সমূহে কনানীয়াৰ পৰা চাৰিফতলৈকে অধিকাৰ কৰিব; আৰু চাফৰদত থকা যিৰূচালেমৰ বন্দী লোকসকলে দক্ষিণ অঞ্চলৰ নগৰবোৰ অধিকাৰ কৰিব।
21 És felvonulnak segítők a Czión hegyére, hogy ítéljék Ézsau hegyét; s az Örökkévalóé lészen a királyság.
২১এচৌৰ পৰ্ব্বতৰ বিচাৰ কৰিবলৈ উদ্ধাৰকৰ্ত্তাসকলে চিয়োন পৰ্ব্বতত উঠিব; আৰু ৰাজ্য যিহোৱাৰ হ’ব।