< 4 Mózes 36 >

1 Odaléptek az atyai házak fejei Gileád fiainak családjából, aki Mochirnak, Menásse fiának volt, József fiainak családjaiból és szóltak Mózes előtt, kik Izrael fiai atyai házainak fejei voltak,
পাছত যোচেফৰ সন্তান সকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল,
2 és mondták: Uramnak megparancsolta az Örökkévaló, hogy adják az országot birtokul sors útján Izrael fiainak, és uram parancsot kapott az Örökkévalótól, hogy adja Celofchod testvérünk birtokát az ő leányainak.
তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তান সকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভুক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েকসকলক দিবলৈ মোৰ প্ৰভুৱে যিহোৱাৰ পৰা আজ্ঞা পালে।
3 Ha most valakinek Izrael fiai törzseinek fiai közül lesznek feleségévé, akkor elvonatik birtokuk atyáink birtokából és hozzájárul ama törzs birtokához, amelyé ők lesznek, ami kisorsolt birtokunkból pedig elvonatik.
কিন্তু ইস্ৰায়েলৰ সন্তান সকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধিকাৰৰ ভাগৰ পৰা কটা যাব।
4 És mikor a jóbél lesz Izrael fiainál, akkor hozzájárul birtokuk ama törzs birtokához, amelyé ők lesznek, ami atyáink törzsének birtokából pedig elvonatik az ő birtokuk.
আৰু যেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ যোৱেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ ফৈদৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।”
5 És megparancsolta Mózes Izrael fiainak az Örökkévaló parancsára, mondván: Helyesen beszél József fiainak törzse.
তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তান সকলৰ ফৈদে ঠিক কৈছে।
6 Ez az, amit parancsolt az Örökkévaló Celofchod leányai felől, mondván: Aki szemeikben jónak tetszik, annak legyenek feleségévé; de csak atyjuk törzse családjából valónak legyenek feleségévé.
যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃ-বংশৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’
7 Hogy el ne kerüljön Izrael fiainak birtoka egyik törzsből a másik törzsbe, hanem mindenki atyái törzseinek birtokához ragaszkodjék Izrael fiai közül.
এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ আধিপত্যতে থাকিব লাগিব।
8 És minden leány, aki birtokot örököl Izrael fiainak törzsei közül, valakinek atyjuk törzse családjából legyen feleségévé, hogy Izrael fiai örököljék, kiki az ő atyjának birtokát;
আৰু ইস্ৰায়েলৰ সন্তান সকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-বংশৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব।
9 és el ne kerüljön a birtok egyik törzsből a másik törzsbe, hanem kiki ragaszkodjék birtokához, Izrael fiainak törzsei.
তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।”
10 Amint parancsolta az Örökkévaló Mózesnek, úgy cselekedtek Celofchod leányai.
১০চলফাদৰ জীয়েকসকলে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে।
11 És lettek Máchlo, Tirczo, Choglo, Milko és Nóo, Celofchod leányai, nagybátyjaik fiainak feleségeivé;
১১কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ’ল।
12 Menásse, József fiának fiai családjából valóknak lettek feleségeivé, és megmaradt birtokuk atyjuk törzsében.
১২যোচেফৰ পুত্ৰ মনচিৰ সন্তান সকলৰ গোষ্ঠীৰ মাজত তেওঁলোকৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল।
১৩যিহোৱাই যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তান সকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।

< 4 Mózes 36 >