< Birák 18 >
1 Azokban a napokban nem volt király Izraélben; és azokban a napokban keresett magának Dán törzse birtokot lakásra, mert nem jutott neki ama napig birtok Izraél törzsei közt.
১সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল আৰু দান ফৈদে নিজে বাস কৰিবৰ অৰ্থে কোনো স্হায়ী ঠাই পোৱা নাছিল; কিয়নো তেওঁলোকৰ নিজৰ মাটি-বাৰী নাছিল। ইস্ৰায়েলৰ পৰিয়ালৰ আন লোকসকলে ইতিমধ্যে মাটি-বাৰী পাইছিল। কিন্তু দানৰ গোষ্ঠীৰ লোকসকলে মাটি-বাৰী পোৱা নাছিল।
2 És küldtek Dán fiai a nemzetségükből öt férfiút mindnyájuk közül, derék férfiakat Czoreából és Estáólból, hogy kikémleljek az országot és átkutassák; így szóltak hozzájuk: Menjetek, kutassátok át az országot. És eljutottak Efraim hegységébe, Míkha házáig és ott megháltak.
২তেতিয়া দানৰ সন্তান সকলে নিজৰ বংশৰ মাজৰ পৰা পাঁচজন বীৰক দেশ চাই বুজ-বিচাৰ লবলৈ, চৰা আৰু ইষ্টায়োলৰ পৰা পঠিয়াই দিলে; আৰু তেওঁলোকক ক’লে, “তোমালোকে গৈ দেশৰ বুজ-বিচাৰ লোৱা।” তাতে তেওঁলোকে গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সেই মীখাৰ ঘৰৰ ওচৰ পাই তাতে ৰাতি থাকিল।
3 Míkha háza mellett voltak, akkor fölismerték a levita ifjú hangját; betértek oda és mondták neki: Ki hozott téged ide és mit csinálsz te erre és mi dolgod van itt?
৩তেওঁলোকে মীখাৰ ঘৰৰ ওচৰত থাকোঁতে, সেই লেবীয়া ডেকাৰ উচ্ছাৰণত তেওঁক চিনি পালে আৰু তেওঁৰ ওচৰলৈ গৈ সুধিলে, “এই ঠাইলৈ তোমাক কোনে আনিলে? আৰু ইয়াত তোমাৰ কি কাম?”
4 Szólt hozzájuk: Így meg úgy cselekedett velem Míkha, bérbe fogadott s lettem neki papjává.
৪তাতে তেওঁ তেওঁলোকক ক’লে, “মীখাই মোলৈ এই দৰে ব্যৱহাৰ কৰিলে; তেওঁ মোক বেতন দিবলৈ স্বীকাৰ কৰাত মই তেওঁৰ পুৰোহিত হ’লো।”
5 És mondták neki: Kérdezd csak meg Istent, hogy megtudjuk, szerencsés lesz-e az utunk, a melyre menni akarunk?
৫তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাক অনুৰোধ কৰোঁ, যাবলগীয়া পথত আমাৰ মঙ্গল হ’ব নে নহ’ব, সেই বিষয়ে আমি জানিবৰ কাৰণে, তুমি ঈশ্বৰক সোধা।”
6 Mondta nekik a pap: Menjetek békében, az Örökkévaló előtt van az utatok, melyen ti jártok.
৬তাতে সেই পুৰোহিতে তেওঁলোকক ক’লে, “কুশলে যোৱা, তোমালোকে যাবলগীয়া পথ যিহোৱাৰ সাক্ষাতত আছে।”
7 És elment az öt férfiú és eljutottak Lájisba; s látták a népet, mely benne volt – biztonságban laktak ott a Czídónbeliek módjára – nyugodtnak és biztosnak, senki nem tett semmi zavart az országban, az uralom birtokában; távol voltak a Czídónbeliektől és semmi dolguk nem volt senkivel.
৭তাৰ পাছত সেই পাঁচজন লোকে প্রস্থান কৰি লয়িচ পাই দেখিলে যে, তাত থকা লোকসকল চীজোনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে; কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিব পৰা ক্ষমতা থকা কোনো মানুহ নাছিল আৰু চীদোনীয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল।
8 És elérkeztek testvéreikhez Czoreába és Estáólba, s mondták nekik testvéreik: Mit hoztok?
৮পাছত তেওঁলোকে চৰা আৰু ইষ্টায়োললৈ নিজ ভাইসকলৰ গুৰিলৈ উলটি গ’ল, তাতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে তেওঁলোকক সুধিলে “তোমালোকে কি সম্বাদ আনিছা?”
9 Mondták: Föl, vonuljunk föl ellenük, mert láttuk az országot és íme, nagyon jó; hát ti veszteg maradtok? Ne legyetek restek arra, hogy elinduljatok, bemenjetek és elfoglaljátok az országot.
৯তেতিয়া তেওঁলোকে ক’লে, “ব’লা, আমি সেই লোকসকলৰ বিৰুদ্ধে যুদ্ধ কৰোঁ! আমি সেই দেশ দেখিলোঁ; অতি উত্তম দেশ, তোমালোকে কেলেই একো নকৰাকৈ আছা? সেই দেশলৈ যাবৰ বাবে আৰু সেই দেশ অধিকাৰ কৰিবলৈ পলম নকৰিবা।
10 A mint odaértek, biztosságban levő néphez értek, az ország pedig tág határú – mert kezetekbe adta az Isten – oly hely az, a hol nincsen hiány semmi földön levő dologban.
১০যেতিয়া তোমালোকে সেই দেশলৈ যাবা, তেতিয়া তাৰ লোকসকলক নিশ্চিন্তে থকা দেখা পাবা; আৰু সেই দেশ বহল; কিয়নো ঈশ্বৰে তোমালোকৰ হাতত সেই দেশ সমৰ্পণ কৰিলে আৰু সেই ঠাইত পৃথিৱীত থকা কোনো বস্তুৰ অভাৱ নাই।”
11 S elindult onnét a Dán nemzetségéből, Czoreából és Estáólból, hatszáz ember felövezve hadi fegyverrel.
১১তেতিয়া চৰা আৰু ইষ্টায়োল চহৰৰ পৰা দান বংশৰ ছশলোকে যুদ্ধৰ অস্ত্ৰেৰে ভালকৈ সাজু হৈ যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
12 Fölmentek és táboroztak Kirjat-Jeárimban, Jehúdában, azért így nevezték ama helyet: Dán tábora, mind e mai napig, íme Kirjat-Jeárim mögött van.
১২তেওঁলোকে উঠি গৈ যিহূদাৰ কিৰিয়ৎ-যিয়াৰীমত ছাউনি পাতিলে; এই কাৰণে আজিলৈকে সেই ঠাইক মহনে-দান বোলে। সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পাছত আছে।
13 Onnan átvonultak Efraim hegységébe és eljutottak Míkha házáig.
১৩পাছত তেওঁলোকে তাৰ পৰা ইফ্ৰয়িম পাহাৰীয়া অঞ্চললৈ যাত্রা কৰি গৈ মীখাৰ ঘৰ পালেগৈ।
14 Ekkor megszólalt az öt férfiú, a kik mentek volt az országnak, Lájisnak kikémlelésére, és mondták testvéreiknek: Tudjátok-e, hogy e házakban éfód és teráfim, meg faragott és öntött kép vannak? Most hát tudjátok meg, mit tegyetek.
১৪তেতিয়া লয়িচ দেশৰ বুজ-বিচাৰ ল’বলৈ যোৱা সেই পাঁচ জনে লোকে ভাইসকলক ক’লে, “তোমালোকে জানানে, এই ঘৰবোৰত এখন এফোদ, কেইটামান গৃহ-দেৱতা, এটা কটা মুৰ্ত্তি আৰু সাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা।”
15 S betértek oda, bementek a levita ifjúnak házába, Míkha házába és kérdezték őt békéje felől.
১৫তাৰ পাছত তেওঁলোকে বাট এৰি গৈ মীখাৰ সেই লেবী বংশৰ ডেকাজনক ঘৰত পাই তেওঁক মঙ্গলবাদ জনালে।
16 A hatszáz ember pedig, felövezve hadi fegyverükkel, ott állt a kapu bejáratánál, a Dán fiai közül valók.
১৬আৰু দানৰ সন্তানবোৰৰ মাজৰ যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষ জপনা-মুখত থিয় হৈ ৰ’ল।
17 És fölment az öt férfiú, a kik mentek volt az ország kikémlelésére, bementek oda, vették a faragott képet, az éfódot, a teráfimot és az öntött képet; a pap pedig ott állt a kapu bejáratánál, meg a hadi fegyverrel felövezett hatszáz ember.
১৭তেতিয়া দেশৰ বুজ-বিচাৰ ল’বলৈ আগেয়ে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা-মুৰ্ত্তিটো, এফোদ খন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে; সেই সময়ত যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষৰ লগত সেই পুৰোহিতজনো পধূলি মুখত থিয় হৈ আছিল।
18 Amazok bementek Míkha házába, s elvették a faragott képet, az éfódot, a teráfimot és az öntött képet; ekkor szólt hozzájuk a pap: Mit cselekesztek?
১৮যেতিয়া তেওঁলোকে মীখাৰ ঘৰত সোমাই কটা মুৰ্ত্তিটো, এফোদখন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে, তেতিয়া সেই পুৰোহিতে তেওঁলোকক ক’লে, “তোমালোকে কি কৰিছা?”
19 Mondták neki: Hallgass, tedd kezedet szádra és jer velünk, hogy nekünk légy atyánk és papunk. Jobb-e papja lenned egy ember házának, vagy papja lenned egy törzsnek és nemzetségnek Izraélben?
১৯তেতিয়া তেওঁলোকে তেওঁক ক’লে, “মনে মনে থাকা! মুখত হাত দি আমাৰ লগত ব’লা, আমাৰ পিতৃ আৰু পুৰোহিত হোৱা। এজন মানুহৰ এটা পৰিয়ালৰ পুৰোহিত হোৱা তোমাৰ ভাল নে, নাইবা ইস্ৰায়েলৰ এক ফৈদ আৰু এক ফৈদৰ পুৰোহিত হোৱা ভাল?”
20 Ekkor fölvidult a papnak szíve, vette az éfódot, a teráfimot és a faragott képet és ment a nép közé.
২০তেতিয়া পুৰোহিতৰ মন আনন্দত পৰিপূর্ণ হৈ উঠিল আৰু তেওঁ এফোদ এখন, গৃহ-দেৱতাকেইটা আৰু কটা মুৰ্ত্তিটো লৈ সেই লোকসকলৰ মাজলৈ গ’ল।
21 Erre fordultak és elmentek; s maguk elé helyezték a gyermekeket, a jószágot és a podgyászt.
২১তাৰ পাছত তেওঁলোকে মুখ ঘূৰাই তাৰ পৰা প্ৰস্থান কৰিলে আৰু ল’ৰা-ছোৱালী, পশু আৰু বহুমূল্য বস্তুবোৰ নিজৰ লগত ল’লে।
22 Alig távoztak Míkha házától és az emberek, kik a Míkha háza mellett levő házakban voltak, összegyűltek és utolérték Dán fiait.
২২যেতিয়া তেওঁলোকে মীখাৰ ঘৰৰ পৰা কিছু আঁতৰ হৈ গ’ল, মীখাৰ ঘৰৰ ওচৰত থকা লোকসকলে গোট খাই দানৰ সন্তান সকলৰ পাছে পাছে গৈ ওচৰ চাপি একলগ হ’ল আৰু দানৰ সন্তান সকলক মাতিবলৈ ধৰিলে।
23 Kiáltottak Dán fiaira; odafordultak arczukkal és mondták Míkhának: Mi bajod, hogy összegyűltél?
২৩তাতে তেওঁলোকে মুখ ঘূৰাই মীখাক ক’লে, “তোৰ কি হ’ল? তই কিয় অনেক লোকক লগত লৈ আহিছ?
24 Mondta: Istenemet, melyet készítettem, elvittétek meg a papot és elmentetek; hát mim van még, hogy is mondhatjátok hát nekem: mi bajod?
২৪তেওঁ উত্তৰ দিলে, “মই সজা মুৰ্ত্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা; এতিয়া মোৰ লগত কি আছে? এনে স্থলত মোৰ ‘কি হ’ল বুলি মোক কিয় সুধিছা’?”
25 És szóltak hozzá Dán fiai: Ne hallasd hangodat ellenünk, nehogy reátok támadjanak elkeseredett lelkű emberek és elveszítenéd lelkedet és házad lelkét.
২৫তেতিয়া দানৰ সন্তান সকলে তাক ক’লে, “আমাৰ মাজত তোৰ মাত শুনা নাযাওক; নহ’লে খঙাল মানুহবোৰে তহঁতক আক্ৰমণ কৰিলে পৰিয়াল সহ তোৰ প্ৰাণ নষ্ট হ’ব।”
26 Erre útjukra indultak Dán fiai; s midőn látta Míkha, hogy ők erősebbek nálánál, megfordult és visszatért házába.
২৬পাছত দানৰ পৰিয়ালৰ সন্তান সকলে নিজৰ বাটেদি গুচি গ’ল আৰু মীখায়ো তেওঁলোকক নিজতকৈ অধিক বলৱান দেখি মুখ ঘূৰাই নিজৰ ঘৰলৈ উভতি আহিল।
27 Ők pedig elvették azt, a mit Míkha készített volt, meg a papot, a ki az övé volt és mentek Lájis ellen, egy nyugodt és biztos nép ellen és megverték őket a kard élével; a várost meg elégették tűzben.
২৭এইদৰে তেওঁলোকে মীখাই সজা বস্তুবোৰ, আৰু তাৰ নিজৰ পুৰোহিতকো লগত লৈ লয়িচলৈ আহিল; তাতে শান্তভাৱে আৰু নিশ্চিন্তে থকা সেই লোকসকলৰ ওচৰলৈ গৈ সিহঁতক তৰোৱালৰ ধাৰেৰে প্ৰহাৰ কৰিলে আৰু নগৰখন জুই দি পুৰিলে।
28 S nem volt a ki megmentené, mert messze volt Czídóntól és dolguk nem volt senkivel; fekszik ugyanis a Bét-Rechóbhoz való völgyben. És fölépítették a várost és megtelepedtek benne.
২৮সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল; কিয়নো সেই নগৰ চীদোনৰ পৰা দূৰত আছিল, আৰু কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল আৰু সেই নগৰ বৈৎ-ৰহোবলৈকে বিস্তৃত হোৱা সমথলত আছিল। পাছত তেওঁলোকে সেই নগৰ আকৌ সাজি তাৰ মাজত বাস কৰিলে।
29 És elnevezték a várost Dánnak, Dán atyjuk nevéről, a ki született Izraélnek; azonban Lájis volt a város neve azelőtt.
২৯আৰু তেওঁলোকৰ পূৰ্বপুৰুষ ইস্ৰায়েলৰ পুত্ৰ যি দান, তেওঁৰ নামেৰে সেই নগৰৰ নাম লয়িচ আছিল।
30 S fölállították maguknak Dán fiai a faragott képet; Jehónátán pedig, Gérsóm fia, Menasse fia, ő meg fiai papjai voltak Dán törzsének az ország számkivetése napjáig.
৩০পাছত দানৰ সন্তান সকলে নিজৰ বাবে সেই কটা মুৰ্ত্তি স্থাপন কৰিলে; তাতে দেশৰ লোকসকলক দেশান্তৰলৈ নিয়ালৈকে মোচিৰ নাতিয়েক গেৰ্চোমৰ পুত্ৰ যোনাথন আৰু তাৰ সন্তান সকল দান ফৈদৰ পুৰোহিত হ’ল।
31 És tartották maguknak Míkha faragott képét, melyet készített volt, mind a napokon át, melyekben Isten háza Sílóban volt.
৩১যেতিয়ালৈকে চীলোত ঈশ্বৰৰ গৃহ আছিল, তেতিয়ালৈকে তেওঁলোকে আপোনালোকৰ কাৰণে, মীখাই নিৰ্ম্মাণ কৰা সেই কটা-মুৰ্ত্তি স্থাপন কৰি ৰাখিলে।