< Józsué 4 >
1 Volt pedig, midőn teljesen átkelt a Jordánon az egész nép, akkor szólt az Örökkévaló Józsuához, mondván:
১পাছত সকলো লোকে যেতিয়া যৰ্দ্দনৰ ওপৰেৰে পাৰ হ’ল, তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
2 Vegyetek magatoknak a nép közül tizenkét férfit, egy-egy férfit törzsenként;
২“তোমালোকে লোকসকলৰ এক এক ফৈদৰ এজন এজন কৈ ক্ৰমে বাৰ ফৈদৰ পৰা বাৰ জনক লোৱা,
3 és parancsoljátok meg nekik, mondván: vigyetek magatoknak innen, a Jordán közepéről, onnan, ahol szilárdan állnak a papok lábai, tizenkét követ, vigyétek azokat át magatokkal és tegyétek le a szálláson, ahol az éjjel meg fogtok hálni.
৩আৰু তেওঁলোকক আজ্ঞা কৰি কোৱা যে, ‘যৰ্দ্দনৰ মাজত, যি ঠাইত পুৰোহিতসকলৰ ভৰি থিৰ হৈ আছে, সেই শুকান ঠাইৰ পৰা বাৰটা শিল তোমালোকে লগত লৈ পাৰলৈ যোৱা আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা, সেই ঠাইতে সেই শিলকো থ’বা’৷”
4 És hívta Józsua a tizenkét férfiút; akiket kirendelt Izraél fiai közül, egy-egy férfit törzsenként;
৪তেতিয়া যিহোচূৱাই বাৰ জন লোকক মাতি আনিলে৷ এই লোককেইজন ইস্ৰায়েলৰ প্ৰত্যেক গোষ্ঠীৰ সন্তান সকলৰ মাজৰ পৰা এজন এজনকৈ যুগুত কৰি থোৱা লোক৷
5 és mondta nekik Józsua: Vonuljatok az Örökkévaló, a ti Istentek ládája elé a Jordán közepére és emeljetek ki magatoknak, ki-ki egy követ a vállára, Izraél fiai törzseinek száma szerint.
৫যিহোচূৱাই তেওঁলোকক এই কথা ক’লে, “তোমালোকে যৰ্দ্দনৰ মাজলৈ নামি আহা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মুখলৈ যোৱা; তাৰ পৰা ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে প্ৰতিজনে এটা এটা শিল তুলি কান্ধত লৈ যোৱা৷
6 Azért hogy ez jelül legyen köz-tetek, midőn majd holnap kérdezik gyermekeitek, mondván, mik nektek e kövek –
৬সেয়ে তোমালোকৰ মাজত চিন হ’ব অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তান সকলে শিলবোৰৰ বিষয়ে ‘তোমালোকে কি বুজা বুলি সুধিব?’
7 akkor mondjátok nekik: mivel megszakadtak a Jordán vizei az Örökkévaló szövetségének ládája előtt, amikor átvonult a Jordánon, megszakadtak a Jordán vizei; legyenek tehát e kövek emlékül Izraél fiai számára örökre.
৭তেতিয়া তোমালোকে তেওঁলোকক ক’বা যে, ‘যিহোৱাৰ নিয়ম-চন্দুকৰ আগত যৰ্দ্দনৰ পানী ছিগিছিল আৰু নিয়ম-চন্দুক পাৰ হোৱা কালত যৰ্দ্দনৰ পানী ছিগিছিল। সেয়ে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে এই শিলবোৰ সৰ্ব্বদায় সোঁৱৰণৰ চিন হৈ থাকিব’।”
8 És cselekedtek akképpen Izraél fiai, amint megparancsolta Józsua: vittek tizenkét követ a Jordán közepéről, amint szólt az Örökkévaló Józsuához, Izraél fiai törzseinek száma szerint; átvitték magukkal a szállásra és letették ott.
৮তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে৷ যিহোৱাই যিহোচূৱাক যেনেকৈ কৈছিল তেনেকৈ, ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে তেওঁলোকে যৰ্দ্দনৰ মাজৰ পৰা বাৰটা শিল তুলি পাৰলৈ লৈ গ’ল আৰু তেওঁলোকে ৰাতি থকা ঠাইতে শিলবোৰ হ’ল।
9 Tizenkét követ pedig fölállított Józsua a Jordán közepén, ott, ahol álltak a papoknak, a szövetség ládája vivőinek lábai; és ott maradtak mind e mai napig.
৯আৰু নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলৰ ভৰি থিৰে থকা ঠাইত, যৰ্দ্দনৰ মাজত যিহোচূৱাই বাৰটা শিল স্থাপন কৰিলে৷ সেই শিল স্মৃতিচিহ্ন হৈ আজিলৈকে সেই ঠাইতে আছে।
10 S a papok, a láda vivői, állva maradtak a Jordán közepén, míg bevégző-dött az egész dolog, amit parancsolt az Örökkévaló Józsuának, hogy mondja el a népnek, mindaszerint, amint parancsolta Mózes Józsuának; a nép pedig sietve átkelt.
১০যিহোৱাই লোকসকলক যিবোৰ কথা ক’বলৈ আজ্ঞা দিছিল, সেই সকলো কথা মোচিয়ে যিহোচূৱাক পালন কৰিবলৈ কৈছিল৷ পাছত এই কথাবোৰ সিদ্ধ নোহোৱালৈকে নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজত থিয় হৈ ৰৈ আছিল আৰু লোকসকলে বেগাই পাৰ হৈ গৈছিল।
11 És volt, midőn teljesen átkelt az egész nép, akkor vonult az Örökkévaló ládája, meg a papok a nép elé.
১১এইদৰে সকলো লোক পাৰ হোৱাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক লৈ পুৰোহিতসকল লোক সকলৰ সাক্ষাতে পাৰ হৈ গ’ল।
12 És vonultak Reúbén fiai, Gád fiai és Menasse féltörzse fegyveresen Izraél fiai előtt, amint mondta nekik Mózes;
১২ৰূবেণৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মোচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখেৰে পাৰ হৈ গ’ল৷
13 mintegy negyvenezeren, hadra fölfegyverkezve, vonultak az Örökkévaló előtt háborúra Jeríchó síkságai felé.
১৩যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় চল্লিশ হাজাৰ লোক যিহোৱাৰ সাক্ষাতে ওলাই গ’ল৷ তেওঁলোকে যিৰীহোৰ সমথললৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ’ল।
14 Ama napon naggyá tette az Örökkévaló Józsuát egész Izraél szemei előtt; félték őt, amint félték Mózest élete minden napjaiban.
১৪সেইদিনা যিহোৱাই গোটেই ইস্ৰায়েলৰ সাক্ষাতে যিহোচূৱাক গৌৰৱান্বিত কৰিলে; সেয়েহে ইস্ৰায়েলৰ সন্তান সকলে মোচিক যেনেকৈ সন্মান কৰিছিল, তেনেকৈ তেওঁকো তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকে সন্মান কৰিলে।
15 És szólt az Örökkévaló Józsuához, mondván:
১৫পাছত যিহোৱাই যিহোচূৱাক ক’লে,
16 Parancsold meg a papoknak, a bizonyság ládája vivőinek, hogy menjenek föl a Jordánból.
১৬“সাক্ষ্যফলি থকা নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক যৰ্দ্দনৰ পৰা উঠি আহিবলৈ আদেশ কৰা।”
17 S meg-parancsolta Józsua a papoknak, mondván: Jöjjetek föl a Jordánból.
১৭তেতিয়া যিহোচূৱাই পুৰোহিতসকলক “যৰ্দ্দনৰ পৰা উঠি আহাঁ” বুলি আজ্ঞা দিলে।
18 Volt pedig, amikor fölmentek a papok, az Örökkévaló szövetsége ládájának vivői, a Jordánból, alig kerültek a papok lába talpai a szárazra, akkor visszatértek a Jordán vizei helyükre és folytak mint tegnap tegnapelőtt mind a partjain túl.
১৮তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।
19 A nép pedig fölment a Jordánból az első hónap tizedikén, és táboroztak Gilgálban, Jeríchó keleti szélén.
১৯এইদৰে লোকসকলে প্ৰথম মাহৰ দশম দিনত যৰ্দ্দনৰ পাৰৰ পৰা উঠি আহিল আৰু যিৰীহোৰ পূব সীমাত থকা গিলগলত ছাউনি পাতিলে।
20 Ama tizenkét követ pedig, melyeket vettek a Jordánból, fölállította Józsua Gilgálban.
২০পাছত তেওঁলোকে যৰ্দ্দনৰ পৰা লৈ অহা সেই বাৰটা শিল যিহোচূৱাই গিলগলত স্থাপন কৰিলে।
21 És szólt Izraél fiaihoz, mondván: Hogyha majd holnap kérdezik gyermekeitek atyáikat, mondván, mik e kövek –
২১তেওঁ ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “আগলৈ তোমালোকৰ সন্তান সকলে নিজ নিজ পিতৃসকলক যদি সোধে, বোলে, ‘এই শিলবোৰ কিহৰ বাবে?’
22 akkor tudassátok gyermekeitekkel, mondván: szárazon kelt át Izraél e Jordánon,
২২তেতিয়া তোমালোকে নিজ নিজ সন্তান সকলক ক’বা যে, ‘এইবোৰ সেই ঠাইৰ, যেতিয়া ইস্ৰায়েলসকলে শুকান ভূমিয়েদি যৰ্দ্দন পাৰ হৈ আহিছিল’।
23 mivel kiszárasztotta előttetek az Örökkévaló, a ti Istentek a Jordán vizeit, míg át nem keltetek, a mint tett a Örökkévaló, a ti Istentek a nádas tengerrel, melyet kiszárasztott előttünk, míg át nem keltünk.
২৩কিয়নো আমি পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই যি চূফ সাগৰক আমাৰ সন্মুখত শুকুৱাইছিল, সেই সাগৰক শুকুৱাৰ দৰে তোমালোক পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগতো যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিছিল,
24 Azért, hogy megismerjék mind a föld népei az Örökkévaló kezét, hogy erős az; azért hogy féljétek az Örökkévalót, a ti Istenteket, minden időben
২৪এইদৰে পৃথিবীৰ সকলো জাতিয়ে যেন জানিবলৈ পায় যে, যিহোৱাৰ হাত বলৱান আৰু তোমালোকেও যেন চিৰকাল ঈশ্বৰ যিহোৱাক সন্মান কৰা।”