< Jób 7 >
1 Nemde szolgálati ideje van a halandónak a földön, és mint a béres napjai olyanok a napjai!
১পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়? তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
2 Mint rabszolga, ki liheg árnyék után, s mint a zsoldos, ki reményli munkabérét:
২সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ, আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,
3 úgy kaptam én örökbe bajnak hónapjait és szenvedésnek éjszakáit rendelték nekem.
৩অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে, আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে।
4 Ha lefeküdtem, azt mondom: mikor kelek fel, és nyúlik az este és jóllakom a hánykódással szürkületig.
৪শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ।
5 Magára öltött húsom férget és porgöröngyöt, bőröm felfakadt s megevesedett.
৫পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ; মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়।
6 Napjaim gyorsabbak a vetélőnél, s remény nélkül enyésztek el.
৬মোৰ আয়ুস তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী, আৰু বিনা আশাৰে ঢুকায় যায়।
7 Gondolj rá, hogy lehelet az életem, jót nem fog többé látni a szemem;
৭তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ; মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব।
8 nem pillant meg engem nézőm szeme, szemeid rajtam vannak, de nem vagyok.
৮মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব। তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হম।
9 Felhő elenyészett és eltűnt: úgy ki alvilágba száll, nem jöhet fel, (Sheol )
৯মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব। (Sheol )
10 nem tér vissza többé házába és nem ismer rá többé az ő helye.
১০তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব, আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব।
11 Én sem tartóztatom számat, hadd beszélek lelkem szorultában, hadd panaszkodjam lelkem keservében!
১১এই হেতুকে মই মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;
12 Tenger vagyok-e avagy szörnyeteg, hogy őrséget vetsz reám?
১২তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা, মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু?
13 Ha azt mondom: majd megvigasztal ágyam, panaszomat viselnem segít fekvőhelyem:
১৩মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,
14 akkor rémítgetsz engem álmokkal és látomások által ijesztesz engem.
১৪তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;
15 Választotta lelkem a megfulladást, a, halált inkább csontjaimnál.
১৫তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।
16 Megvetettem: nem örökké élek; hagyj föl velem, mert lehelet a napjaim!
১৬জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ; জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া।
17 Mi a halandó, hogy nagyra tartod, s hogy reá fordítod szívedet,
১৭মানুহনো কি, তুমি যে তালৈ লক্ষ্য কৰা, আৰু তাত যে তুমি মন দিয়া,
18 és reá gondolsz reggelenként, perczenként megvizsgálod őt?
১৮তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ-বিচাৰ লোৱা, আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি?
19 Meddig nem tekintesz el tőlem, nem eresztesz el, míg nyálam lenyelhetem?
১৯তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?
20 Vétettem: mit cselekszem neked, emberőrző? Miért tettél engem támadásul magadnak, hogy önmagamnak terhére lettem?
২০হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল? কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ?
21 S mit nem bocsátod meg; bűnömet s nem veszed el vétkemet? Mert most porban feküdném, keresnél engem és nem volnék.
২১তুমি মোৰ পাপ কিয় ক্ষমা নকৰা? আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।”