< Jób 39 >
1 Ismered-e a kőszáli zergék ellésének idejét, a szarvasünőnek vajúdását megvigyázod-e;
১তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা? হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?
2 számlálod-e a hónapokat, melyeket kitöltenek, s ismered-e ellésük idejét?
২সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে? বা সিহঁতে জগোৱা সময় তুমি জানা নে?
3 Legörnyednek, kölykeiket világra hozzák, fájdalmaikat elbocsátják.
৩সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়, আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়।
4 Fiaik erőre kapnak, felnövekednek a szabadban, kimennek és nem térnek vissza.
৪সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়; সিহঁতৰ বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে।
5 Ki bocsátotta szabadon a vadszamarat, s az erdei szamár köteleit ki oldotta meg?
৫বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?
6 Amelynek a sivatagot tettem házává, és lakásává a sós földet;
৬মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ, আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ।
7 nevet a városnak zaján, a hajtónak lármázását nem hallja;
৭সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে; চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।
8 a mit a hegyeken kifürkészett, az legelője, s minden zöld után kutat.
৮চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে; সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।
9 Akarna-e a reém téged szolgálni, avagy meghál-e jászolodnál?
৯মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে? তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?
10 Odakötöd-e a reémet istrángjával a barázdához, vagy boronálja-e a völgyeket to utánad?
১০তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে? সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?
11 Bízhatsz-e benne, mert nagy az ereje, s ráhagyhatod-e szerzeményedet?
১১তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে? তোমাৰ কাম তাক গটাই দিবা নে?
12 Hiszel-e benne, hogy behordja vetésedet s begyűjti szérűdre?
১২সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
13 A strucznak szárnya vígan csattog, vajon tolla jámbor-e, meg tollazata?
১৩উট চৰাইৰ ডেউকাই উল্লাস কৰে, কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?
14 Mert a földnek hagyja tojásait és a poron melegíti,
১৪তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়, আৰু ধুলিত উম পাবলৈ দিয়ে।
15 s felejti, hogy a láb eltiporja s a mező vadja széttapossa;
১৫কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি, বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে।
16 keménykedik fiókáival, mintha nem volnának övéi, hogy hiába a fáradalma, az nem a rettegése;
১৬পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে, আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়।
17 mert Isten elfeledtette vele a bölcsséget, s nem adott neki részt az értelemben.
১৭কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে, আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে।
18 A midőn a magasba szökell, neveti a lovat és lovasát.
১৮কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে, তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে।
19 Adsz-e a lónak erőt, öltesz-e nyakára sörényt?
১৯ঘোঁৰাক জানো তুমি বল দিলা? লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?
20 Ugráltatod-e mint a sáskát?
২০তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা? তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক।
21 Fenséges tüsszögése – rettenet.
২১সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে, সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়।
22 Kémlelnek a síkon, akkor örvend erejében, kivonul a fegyver elébe; nevet a félelemnek, s nem retten meg s nem hátrál meg kard elől.
২২সি ভয়ক হাঁহে, আৰু আতংকিত নহয়; সি তৰোৱালৰ মুখ পৰা উলতি নাহে।
23 Fölötte zörög a tegez, villogó dárda és lándzsa;
২৩তূণে তাৰ বিৰুদ্ধে পাৰ্শ্বদেশত শব্দ কৰে; চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে।
24 tombolva és háborogva habzsolja a földet, s nem marad helyén, a mikor hallik a harsona.
২৪সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে; শিঙা-ধ্বনি শুনিলে, সি থিয় হৈ থিৰে নাথাকে।
25 A mint hallik a harsona, azt mondja: Haj; messziről szimatolja a csatát, a vezérek dörgedelmét és a riadást.
২৫শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে; সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়, সি সেনাপতিসকলৰ গৰ্জ্জন আৰু সিংহনাদ শুনে।
26 A te értelmedből repül-e fel a karvaly s terjeszti szárnyait a délnek;
২৬তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে, আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে?
27 avagy parancsodra emelkedik-e a sas, midőn magasba rakja fészkét?
২৭ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে, আৰু অতি ওখ ঠাইত বাহ সাজে?
28 Sziklán lakik és honol, sziklának fokán és hegyi várban;
২৮সি শিলত বাস কৰে, তাতেই তাৰ বাহ; সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে।
29 onnan kémlel eledelre, messzire tekintenek ki szemei:
২৯সেই ঠাইৰে পৰা সি আহাৰ মনে; তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে।
30 fiókái pedig vért hörpölnek, s a hol holttetemek vannak, ott van ő.
৩০তাৰ পোৱালিবোৰে তেজ পিয়ে; য’তে বধ কৰা শৱ থাকে, ত’তে সিও থাকে।”