< Jób 28 >
1 Mert van az ezüstnek eredete és helye az aranynak, ahol olvasztják;
১নিশ্চয়ে ৰূপৰ আকৰ আছে আৰু যি সোণ খপা যায়; সেই সোণৰ ঠাইও আছে।
2 a vasat a porból veszik és rézzé öntik meg a követ.
২লোহা মাটিৰ পৰা উলিওৱা হয়, আৰু শিল গলাই তাম উলিয়ায়।
3 Véget vetett a sötétségnek és végesvégig kutatja át a homálynak és vakhomálynak kövét.
৩মানুহে অন্ধকাৰ শেষ কৰে, নিচেই তলিলৈকে খান্দে, আন্ধাৰ আৰু মৃত্যুচ্ছায়াৰ শিল বিচাৰি উলিয়ায়।
4 Aknát tört távol a lakóktól; a kik elfelejtvék a lábtól, lebegtek, bolyongtak, távol a halandóktól.
৪সিহঁতে আকৰ খান্দি গৈ মানুহ থকা ঠাইৰ পৰা দূৰৈ হয়, আৰু ওপৰত ফুৰা লোকে সিহঁতৰ গম নাপায়; সিহঁতে মানুহৰ পৰা দুৰৈত ওলমি জুলি থাকে।
5 A föld – belőle ered a kenyér, s alatta fel van dúlva, mint tűzzel.
৫যি পৃথিবীৰ পৰা শস্য উৎপন্ন হয়, তাৰ তল ভাগ জুইৰ দ্বাৰাই লণ্ডভণ্ড কৰাৰ নিচিনা।
6 Zafírnak helye az ő kövei, s aranyporai vannak.
৬তাৰ শিলবোৰ নীলকান্ত বাখৰ থকা ঠাই, আৰু গুড়ি সোণ তাত আছিল।
7 Ösvény az, melyet nem ismer ragadozó madár s nem villant rá a sólyom szeme;
৭সেই পথ হিংসক পক্ষীয়ে নাজানে, আৰু শেনৰ চকুৱেও তাক নেদেখে।
8 nem tiporták meg a büszke vadak, nem vonult el rajta oroszlán.
৮গৰ্ব্বী হিংসুক জন্তুবোৰে তাত খোজ দিয়া নাই, আৰু সিংহও সেই ফালেদি যোৱা নাই।
9 A kovára nyújtotta ki kezét, feldúlta tövükből a hegyeket.
৯মানুহে অতি টান শিলত হাত দিয়ে; সি পৰ্ব্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়।
10 A sziklákban csatornákat hasított s minden drágaságot meglátott a szeme.
১০সি শিলৰ মাজে মাজে নলা কাটে, আৰু তাৰ চকুৱে সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়।
11 Hogy ne könnyezzenek, elkötötte a vízereket s a rejtelmet napvilágra hozza.
১১সি জুৰিবোৰ পানী এটোপাও সৰকিব নোৱাৰাকৈ ভেটে, আৰু গুপুতে থকা বস্তু পোহৰলৈ উলিয়ায়।
12 De a bölcsesség honnan található és merre van az értelem helye?
১২কিন্তু জ্ঞান ক’ত পোৱা যায়? আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
13 Halandó nem ismeri a becsét a nem található az élők országában.
১৩মনুষ্যই তাৰ মূল্য নাজানে, আৰু জীৱিতসকলৰ দেশত তাক পোৱা নাযায়।
14 A mélység mondta: nincs bennem, s a tenger mondta: nincsen nálam.
১৪অগাধ জলে কয়, এইটি মোত নাই, আৰু সাগৰে কয়, মোৰ ইয়াতো নাই।
15 Finom arany nem adható helyébe s árául nem mérhető le ezüst;
১৫শুদ্ধ সোণ দিওঁ তাক পোৱা নাযায়, আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব নোৱাৰি।
16 nem mérhető föl Ófir színaranyával, drága sóhammal és zafírral;
১৬ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য, আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়।
17 nem ér fel vele arany és üveg, se nem cserében érte aranyedény;
১৭সোণ আৰু আৰ্চি তাৰ তুল্য হ’ব নোৱাৰে, আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি।
18 a korál és kristály nem is említhető, s a bölcsesség birtoka gyöngyöknél külőmb;
১৮তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি, এনে কি, পদ্মৰাগ বাখৰত্কৈয়ো জ্ঞানৰ মূল্য অধিক।
19 nem ér fel vele Kús topáza, tiszta színarannyal nem mérhető fel.
১৯কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়, আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়।
20 A bölcsesség tehát honnan jön, s merre van az értelem helye?
২০তেন্তে জ্ঞান ক’ৰ পৰা আহে? আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
21 El van az rejtve minden élőnek szeme elől, s az ég madarai elől eltakarva.
২১এইটো সকলো প্ৰাণীৰ চকুৰ পৰা গুপ্ত, আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য।
22 Enyészet és halál mondták: füleinkkel hallottuk hírét.
২২বিনাশ আৰু মৃত্যুৱে কয়, আমি নিজ কাণে সেই বিষয়ে ঘুনুক-ঘানাককৈহে শুনিছোঁ।
23 Isten érti az útját és ő tudja helyét.
২৩তাৰ পথ ঈশ্বৰেহে জানে, আৰু তাৰ ঠাই তেওঁৰহে জনা আছে।
24 Mert ő a föld széléig tekint, a mi az egész ég alatt van, látja,
২৪কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়।
25 hogy a szélnek súlyát szabja, s a vizet mérték szerint határozza meg.
২৫তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে, যেতিয়া পৰিমান অনুসাৰে জল সমূহ জুখি জুখি দিলে,
26 Midőn az esőnek törvényt szabott és tat a mennydörgő villámnak:
২৬যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে, আৰু মিঘ-গৰ্জ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে,
27 akkor látta őt, számba foglalta, megállapította, át is kutatta;
২৭তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে, তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে;
28 és mondta az embernek: lám, az Istenfélelem – az bölcsesség, s a rossztól távozni – értelem.
২৮আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।