< Jób 14 >
1 az ember asszony szülöttje, rövid életű és jól lakva háborgással.
১তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।
2 Mint virág hajtott ki és elfonnyadt, eliramodott mint az árnyék s meg nem áll.
২তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে;
3 Erre is fölnyitottad szemedet s engem viszel törvényre magaddal!
৩এনে লোকলৈ তুমি চকু মেলি চাইছা? আৰু মোক তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা?
4 Származhat-e tiszta tisztátalanból? Egy sem!
৪অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে।
5 Ha kiszabvák napjai, nálad van hónapjainak száma, törvényét megalkottad, melyen túl nem léphet:
৫তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা;
6 tekints el tőle, hogy szünete legyen, mígnem lerója, mint béres, a napját.
৬ভাড়াতীয়লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে, তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া।
7 Mert van a fának reménye: ha kivágják, ismét megújul és csemetéje nem szűnik meg.
৭কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়।
8 Ha megvénül a földben gyökere és a porban elhal törzsöke:
৮যদি মাটিত তাৰ শিপা বুঢ়া হয়, আৰু ভুমিত তাৰ মূঢ়াতো মৰে,
9 víznek illatától felvirul és gallyat hajt mint ültetvény.
৯তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে।
10 De férfi elgyengülvén, meghal, kimúlván az ember, hol van?
১০কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব?
11 Kiapadtak a vizek a tengerből, és a folyó elszárad, elszikkad:
১১যেনেকৈ জলাহৰ পানী ঢুকাই যায়, আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়,
12 az ember is lefekszik s föl nem kél; az ég enyésztéig nem ébrednek ők és nem serkennek föl álmukból.
১২তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে, আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়, আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়।
13 Vajha az alvilágba tennél el engem, elrejtenél, míg lecsillapodik haragod, tűznél nekem törvényt s megemlékeznél rólam. (Sheol )
১৩অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে, তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল! (Sheol )
14 Ha elhal férfi, föléled-e? Szolgálati időm minden napjaiban várakoznám, míg nem megjön felváltásom.
১৪যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।
15 Szólítanál és én felelnék neked, kezeid műve után vágyakoznál.
১৫তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা।
16 Mert most lépteimet számlálod, nem is várod be vétkemet!
১৬কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা; তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই?
17 Zacskóba van pecsételve bűntettem, s betapasztottad bűnömet.
১৭মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা।
18 Azonban düledező hegy szétomlik, szikla is kimozdul helyéből;
১৮কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়; আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়।
19 köveket szétmorzsol a víz, elsodorja áradása a földnek porát: így veszítetted el a halandónak reményét.
১৯পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া।
20 Lebirod örökre, és eltűnt, eltorzítván arczát, elűzted őt.
২০তুমি তেওঁক একেবাৰে মৰমান্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়। তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া।
21 Tiszteletre jutnak fiai – nem tud róluk, csekélyekké válnak, nem veszi őket észre;
২১তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে; আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়।
22 csak fájdalmat érez teste ő rajta, és lelke gyászol ő benne.
২২কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।”