< Jeremiás 47 >
1 Amely igéje az Örökkévalónak lett Jirmejáhú prófétához a filiszteusok felől, mielőtt megverte Fáraó Azzát.
১ফৰৌণে গাজাক প্ৰহাৰ কৰা আগতে, পলেষ্টীয়াসকলৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
2 Így szól az Örökkévaló: Íme vizek szállnak fel északról és áradó patakká lesznek és elárasztják az országot és ami betölti a várost és a benne lakókat; kiáltoznak az emberek és jajgat az ország minden lakója.
২“যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দিশৰ পৰা জল সমূহ বাঢ়ি আহিছে, সেয়ে প্লাৱন কৰোঁতা ধল পানী হৈ, দেশ আৰু তাত থকা সকলোকে, নগৰ আৰু নিবাসীসকলক তল নিয়াব! তাতে লোকসকলে চিঞৰিব, আৰু দেশত বাস কৰা সকলোৱে হাহাকাৰ কৰিব।
3 Ménei patáinak dübörgése hangjától, szekereinek robajától, kerekeinek zörejétől apák nem fordultak fiaikhoz a kezek lankadtságától:
৩শত্ৰুৰ বলী ঘোঁৰাৰ খুৰাৰ খটখটনিত, ৰথৰ ঘৰ্ঘৰণিত, চক্ৰৰ গুমগুমনিত, পিতৃসকলৰ হাত দুখন দূৰ্ব্বল হোৱাৰ বাবে নিজ নিজ সন্তান সকললৈ ঘূৰি নাচাব।
4 a nap miatt, mely jön, hogy elpusztítsa mind a filiszteusokat, hogy kiirtson Czórnak és Czídónnak minden megmaradt segítőt, mert elpusztítja az Örökkévaló a filiszteusokat, Kaftór szigetének maradékát.
৪কাৰণ সকলো পলেষ্টীয়াসকলে বিনষ্ট কৰিবৰ দিন, তূৰ আৰু চীদোনৰ পৰা, প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে; কিয়নো যিহোৱাই পলেষ্টীয়াসকলক, কপ্তোৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব।
5 Kopaszság jött Azzára, megsemmisült Askelón, lapályuk maradéka, meddig vagdalod magad?
৫গাজাৰ মূৰ টকলা কৰা হ’ল, তেওঁলোকৰ উপত্যকাৰ অৱশিষ্ট ভাগ অস্কিলোন নষ্ট হ’ল; তুমি কিমান কাল তোমাৰ গা কাটকূট কৰিবা?
6 Oh kardja az Örökkévalónak, meddig nem fogsz nyugodni még? Térj be hüvelyedbe, pihenj meg és csendesedjél.
৬হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা।
7 Hogy nyugodhatnál meg? Hiszen az Örökkévaló parancsolta neki, Askelón ellen és a tengerpart ellen, oda rendelte.
৭যিহোৱাই তোমাক আজ্ঞা দিয়াত তুমি কেনেকৈ ক্ষান্ত হ’ব পাৰা? তেওঁ অস্কিলোন আৰু সমুদ্ৰৰ দাঁতিৰ বিৰুদ্ধে তাক নিযুক্ত কৰিলে।”