< Jeremiás 33 >
1 És lett az Örökkévaló igéje Jirmejáhúhoz másodszor, és ő még elzárva volt az őrség udvarába, mondván:
১তাৰ পাছত দ্বিতীয়বাৰ যিৰিমিয়ালৈ যিহোৱাৰ বাক্য আহিল বোলে, সেই সময়ত তেওঁ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।
2 Így szól az Örökkévaló; a megtevője: az Örökkévaló megalkotja, hogy megszilárdítsa, Örökkévaló az ő neve.
২“এই কাৰ্যৰ কৰ্ত্তা যিহোৱা, যি জনাই ইয়াক সিদ্ধ কৰিবলৈ কল্পনা কৰে, যিহোৱা নামেৰে প্ৰখ্যাত হোৱা সেই যিহোৱাই এইদৰে কৈছে:
3 Szólj hozzám és felelni fogok neked; hadd tudatok veled nagyokat és hozzáférhetetleneket, amiket nem tudsz.
৩‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
4 Mert így szól az Örökkévaló, Izrael Istene, a város házairól és Jehúda királyainak házairól, melyek lebontattak a töltések ellenében és a kard ellenében:
৪কিয়নো হাদামবোৰআৰু তৰোৱালৰ পৰা ৰক্ষাৰ উপায় কৰিবলৈ এই নগৰৰ আৰু যিহূদাৰ ৰজাসকলৰ যি ঘৰবোৰ ভঙা হৈছে, সেই ঘৰবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে:
5 Jönnek harcolni a kaldeusokkal és hogy megtöltsék azokat azon emberek hulláival, akiket megöltem haragomban és felindulásomban és akiknek minden gonoszsága miatt elrejtettem arcomat e várostól.
৫লোকসকলে কলদীয়াসকলৰ সৈতে যুদ্ধ কৰিবলৈ আহিছে, কিন্তু যিসকলক মই মোৰ ক্ৰোধ আৰু মহা-কোপত বধ কৰিলোঁ, আৰু যিসকলৰ সকলো দুষ্টতাৰ কাৰণে মই এই নগৰৰ পৰা মোৰ মুখ লুকুৱাই ৰাখিলোঁ, সেইবোৰ মানুহৰ মৰা শৱেৰে এই ঘৰবোৰ পৰিপূৰ্ণ কৰিবলৈহে আহিছে।
6 Íme én engedek neki behegedést és meggyógyulást és meggyógyítom őket; föltárom nekik békének és igazságnak bőséget.
৬কিন্তু চোৱা, মই নগৰৰ ঘা বান্ধি চিকিৎস্যা কৰিম, তেওঁলোকক সুস্থ কৰিম আৰু তেওঁলোকলৈ প্ৰচুৰ পৰিমানে কুশল, শান্তি আৰু সত্যতা আনিম।
7 Visszahozom Jehúda foglyait és Izrael foglyait és fölépítem őket mint annak előtte.
৭কিয়নো মই যিহূদা আৰু ইস্ৰায়েলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু আগৰ দৰে পুনৰায় তেওঁলোকক স্থাপন কৰিম।
8 És megtisztítom őket minden bűnüktől, amellyel ellenem vétkeztek és megbocsátom minden bűneiket, amelyekkel ellenem vétkeztek és melyekkel elpártoltak tőlem.
৮আৰু যি অপৰাধৰ দ্বাৰাই তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, তেওঁলোকৰ সেই সকলো অপৰাধ মই ধুই পেলাম; আৰু যি নানা অপৰাধেৰে তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, আৰু যাৰ দ্বাৰাই তেওঁলোকে অধৰ্ম–আচৰণ কৰিলে, মই তেওঁলোকৰ সেই সকলো অপৰাধ ক্ষমা কৰিম।
9 És lesz nekem hírnévül, örvendezésül, dicséretül és dicsőségül mind a föld nemzeteinél, akik hallani fogják mindazt a jót, amit velük teszek, és majd remegnek és reszketnek mindazon jó miatt és mindazon béke miatt, amelyet vele cselekszem.
৯আৰু মই তেওঁলোকলৈ কৰা সকলো মঙ্গল-কাৰ্য্যৰ কথা পৃথিৱীৰ যি জাতি সমূহে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মঙ্গল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব, সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ’ব’।”
10 Így szól az Örökkévaló: Még hallatszik e helyen, amelyről azt mondjátok: rommá lett, ember nélkül és állat nélkül, Jehúda városaiban és Jeruzsálem utcáin, amelyek pusztasággá lettek ember nélkül lakó nélkül és állat nélkül,
১০যিহোৱাই এই কথা কৈছে: “এই যি ঠাইৰ বিষয়ে তোমালোকে কৈছা, যে, ‘ই উচ্ছন্ন। মনুষ্য আৰু পশুশূন্য, এই ঠাইত মনুষ্য আৰু পশুশূন্য আৰু যিহূদাৰ নগৰ আৰু যিৰূচালেমৰ আলিবাটবোৰ নিৰ্জন।
11 vígság hangja és öröm hangja, vőlegény hangja és menyasszony hangja, azoknak hangja, akik mondják: Magasztaljátok az Örökkévalót, a seregek urát; mert jóságos az Örökkévaló, mert örökké tart a kegyelme! – akik hálaáldozatot hoznak az Örökkévaló házába; mert vissza fogom hozni az ország foglyait mint annak előtte, mondja az Örökkévaló.
১১আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।
12 Így szól az Örökkévaló, a seregek ura: Még lesz ezen a helyen, amely rommá lett ember és állat nélkül, és mind a városaiban pásztorok tanyája, kik juhokat heverésztetnek.
১২বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “এই উচ্ছন্ন ঠাইত মানুহ আৰু পশুশূন্য আৰু ইয়াৰ সকলো নগৰত মেৰ-ছাগৰ জাকক শয়ন কৰাওঁতা ৰখীয়াসকলৰ বসতিৰ ঠাই পুনৰায় হ’ব।
13 A hegység városaiban, az alföld városaiban, a délvidék városaiban, Benjámin földjén és Jeruzsálem környékein meg Jehúda városaiban, át fognak még menni a juhok a számlálónak kezén, mondja az Örökkévaló.
১৩পৰ্ব্বতীয়া অঞ্চলত, নিম্ন-ভুমিৰ আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত, বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত আৰু যিহূদাৰ নগৰবোৰত মেৰ-ছাগ গণনাকাৰী লোকৰ হাতৰ তলেদি মেৰ-ছাগৰ জাকবিলাক পুনৰায় গমন কৰিব। যিহোৱাই এই কথা কৈছে।
14 Íme napok jönnek, úgymond az Örökkévaló, teljesíteni fogom azt a jó igét, melyet kimondtam Izrael háza és Jehúda, háza felől.
১৪যিহোৱাই কৈছে - “চোৱা, ইস্ৰায়েল-বংশ আৰু যিহূদা-বংশৰ বিষয়ে মই কোৱা মঙ্গল-বাক্য যি দিনা সিদ্ধ কৰিম, এনে দিনবোৰ আহি আছে।
15 Ama napokban és amaz időben sarjasztok Dávidnak igaz sarjadékot, és tenni fog jogot és igazságot az országban.
১৫সেই দিনা আৰু সেই কালত মই দায়ুদৰ বংশত এটা ধাৰ্মিক গজালি গজাম, আৰু তেওঁ দেশত বিচাৰ আৰু ন্যায় সিদ্ধ কৰিব।
16 Ama napokban meg fog segítetni Jehúda és Jeruzsálem biztonságban fog lakni, és ez az ahogy nevezni fogják: az Örökkévaló a mi igazságunk!
১৬সেই দিনা যিহূদাই পৰিত্ৰাণ পাব, আৰু যিৰূচালেমে নিৰাপদে বাস কৰিব, আৰু “যিহোৱাই আমাৰ ধাৰ্মিকতা,” এই নামেৰে সেই নগৰ প্ৰখ্যাত হব।
17 Mert így szól az Örökkévaló: nem fogy el Dávidtól férfi, aki ül Izrael házának trónján.
১৭কিয়নো যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ সিংহাসনৰ ওপৰত বহিবলৈ দায়ূদ-বংশীয় পুৰুষৰ কেতিয়াও অভাৱ নহ’ব;
18 És a levita papoktól sem fog elfogyni férfi előttem, aki bemutat égőáldozatot és füstölögtet lisztáldozatot és készít vágóáldozatot minden időben.
১৮আৰু মোৰ আগত হোম-বলি উৎসৰ্গ কৰিবলৈ, নৈবেদ্য দগ্ধ কৰিবলৈ, আৰু নিত্যে নিত্যে মঙ্গলাৰ্থক বলিদান কৰিবলৈ লেবীয়া পুৰোহিতসকলৰ মাজৰ কোনো পুৰুষৰ অভাৱ নহ’ব।
19 És lett az Örökkévaló igéje Jirmejáhúhoz, mondván:
১৯পাছত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, আৰু ক’লে,
20 Így szól az Örökkévaló: Ha felbonthatjátok szövetségemet a nappal és szövetségemet az éjszakával, úgy hogy ne legyenek a nap és az éjszaka a maguk idejében,
২০যিহোৱাই এই কথা কৈছে: দিন আৰু ৰাতিৰ মোৰ নিয়ম যদি তোমালোকে এনেকৈ ভাঙিব পাৰা, যে, নিজ নিজ সময়ত দিন কি ৰাতি নহ’ব,
21 fölbontható Dávid szolgámmal való szövetségem is, úgy hogy nem volna neki fia, aki mint király ül a trónján, meg a levita papokkal, szolgálattevőimmel.
২১তেন্তে মোৰ দাস দায়ূদে সৈতে কৰা মোৰ নিয়মটিও এনেকৈ ভাঙিব পৰা যাব, যে, তেওঁৰ সিংহাসনত বহি ৰাজশাসন কৰিবলৈ তেওঁৰ এটি সন্তানো নহ’ব; আৰু মোৰ পৰিচাৰক লেবীয়া পুৰোহিতসকলৰ সৈতে কৰা মোৰ নিয়মটিও ভাঙিব পৰা যাব।
22 Ahogy nem számlálható meg az ég serege és nem mérhető meg a tenger fövénye, úgy fogom megsokasítani Dávid szolgám magzatját és a levitákat, akik szolgálatomat végzik.
২২সৰগৰ বাহিনীসকলক যেনেকৈ গণিব নোৱাৰি, আৰু সমুদ্ৰৰ বালি যেনেকৈ জুখিব নোৱাৰি, সেইদৰে মই মোৰ দাস দায়ূদৰ বংশৰ আৰু মোৰ পৰিচৰ্যা কৰোঁতা লেবীয়াসকলক বৃদ্ধি কৰিম।”
23 És lett az Örökkévaló igéje Jirmejáhúhoz, mondván:
২৩পুনৰায় যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
24 Nemde láttad, mit beszél ez a nép, mondván: azon két család, amelyet az Örökkévaló kiválasztott – megvetette azokat; népemet pedig azzal káromolják, hogy többé nem lesz nemzet azok előtt.
২৪“এই জাতিয়ে যি কৈছে, সেই বিষয়ে জানো তুমি ভু পোৱা নাই যেতিয়া তেওঁলোকে কৈছে, ‘যিহোৱাই নিজৰ মনোনীত এই দুই গোষ্ঠীক অগ্ৰাহ্য কৰিছে’; তেওঁলোকে নিজৰ আগত মোৰ প্ৰজাসকলক এক জাতি বুলি আৰু গণনা নকৰি এইদৰে হেয়জ্ঞান কৰে।’
25 Így szól az Örökkévaló: ha nincs meg szövetségem a nappal és az éjszakával, ha ég és föld törvényeit nem szabtam,
২৫মই যিহোৱাই এই কথা কৈছোঁ: দিন আৰু ৰাতি মোৰ নিয়ম যদি নৰয়, আৰু যদি মই স্ৱৰ্গ আৰু পৃথিৱীৰ নিয়মবোৰ নিৰূপণ নকৰাকৈ থকোঁ,
26 Jákobnak és Dávid szolgámnak magzatját is meg fogom vetni, úgy, hogy ne vegyek magzatjából uralkodókat Ábrahám, Izsák és Jákob magzatja fölött; mert visszahozom foglyaikat és irgalmazok nekik.
২৬তেতিয়া মই যাকোবৰ আৰু মোৰ দাস দায়ূদৰ বংশকো অগ্ৰাহ্য কৰি অব্ৰাহাম, ইচহাক আৰু যাকোবৰ বংশৰ ওপৰত শাসন কৰিবলৈ তেওঁৰ বংশৰ এজনকো নলম; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ প্রতি দয়া কৰিম।