< Jeremiás 17 >

1 Jehúda vétke írva van vastollal, gyémánt heggyel, bevésve szívük táblájára és oltáraitok szarvaira.
যিহূদাৰ পাপ লোহাৰ লিখনী আৰু হীৰাৰ কাঁইটেৰে লিখা হৈছে। তাক তেওঁলোকৰ হৃদয়ৰূপ ফলিত আৰু তোমালোকৰ যজ্ঞ-বেদিৰ শিঙাত কটা হৈছে।
2 Miként gyermekeikről, emlékeznek oltáraikról és aséráikról, a zöldellő fák mellett, a magas dombokon.
সেই সময়ত যিহূদাৰ সন্তান সকলে কেঁচাপতীয়া গছবোৰৰ গুৰিত তেওঁলোকৰ নিজ নিজ যজ্ঞ-বেদি, আৰু নিজ নিজ আচেৰা মূৰ্ত্তিক ওখ পৰ্ব্বতবোৰৰ ওপৰত সোঁৱৰণ কৰে।
3 Hegyem a mezőn, vagyonodat, mind a kincseidet prédául adom, magaslataidat a vétekért mind a határaidban.
দেশৰ মাজত থকা তেওঁলোকৰ লোকসকলে ওখ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকৰ যজ্ঞ-বেদিবোৰ সোঁৱৰণ কৰে। মই তোমাৰ সম্পত্তি আৰু সকলো বহুমুল্য বস্তু লুটদ্ৰব্যস্বৰূপে আনক দিম। মোৰ পাপৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে, তোমাৰ ওখ ঠাইবোৰকো লুটদ্ৰব্য কৰিম।
4 És elszakadsz, tenmagad miatt, birtokodtól, melyet neked adtam és szolgáltatom veled ellenségeidet oly országban, melyet nem ismertél, mert tüzet gyújtottatok haragomban, örökké fog égni.
আৰু তুমি নিজেই মই তোমাক দিয়া আধিপত্য হেৰুৱাবা। আৰু মই তোমাক, তুমি নজনা দেশত তোমাৰ শত্ৰূবোৰৰ বন্দীকাম কৰোৱাম, কাৰণ তুমি মোৰ ক্ৰোধাগ্নি জ্বলালা, সেয়ে চিৰকাল জ্বলি থাকিব।
5 Így szól az Örökkévaló: Átkozott a férfiú, ki emberben bízik és halandót tesz karjává, az Örökkévalótól pedig eltér a szíve.
যিহোৱাই এইদৰে কৈছে: “যি মানুহে মানুহত ভাৰসা ৰাখে, তেওঁ শাপগ্ৰস্ত; তেওঁ মৰ্ত্ত্যক নিজৰ বাহু জ্ঞান কৰে, আৰু তেওঁৰ মন যিহোৱাৰ পৰা আঁতৰ হয়।
6 Olyan lesz mint a boróka a sivatagban és nem látja; hogy jön a jó: aszott földön lakik a pusztában, sós földön, mely lakatlan.
কিয়নো তেওঁ অৰণ্যত থকা ঝাও গছৰ দৰে হ’ব, আৰু মঙ্গল আহিলে তেওঁ গম নাপাব। কিন্তু তেওঁ মৰুভূমিৰ খৰাং ঠাইত নিবাসী-শূন্য লোণা দেশত থাকিব।
7 Áldott a férfiú, ki az Örökkévalóban bízik és kinek az Örökkévaló a bizodalma.
যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য।
8 Olyan lesz mint a fa, mely víz mellé van ültetve és mely folyó mellé bocsátja gyökereit, mely nem látja, mikor jön a hőség és zöldellő lesz a levele; a szárazság évében sem aggódik és nem szűnik meg gyümölcsöt teremni.
কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।
9 Álnokabb a szív mindennél és kóros az: ki ismeri meg?
মন সকলোতকৈ কপটময়। তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?
10 Én az Örökkévaló kutatom a szívet, vizsgálom a veséket, és pedig hogy kinek-kinek adjak útjai szerint, cselekedeteinek gyümölcse szerint.
১০মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা। প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ।
11 Mint a fogolymadár, mely azt költi, amit nem tojt, olyan az, aki gazdagságot szerez, de nem jog útján, napjainak felében elhagyja azt és a végén balgataggá lesz.
১১ন্যায়ৰূপে ধন নোগোটোৱা মানুহ, নিজে নজগোৱা আন পোৱালি গোটোৱা কইৰা চৰাইৰ নিচিনা; তাৰ আধা বয়সতে সেয়ে তাক এৰি যাব, আৰু শেষ কালত সি মূৰ্খ হৈ পৰিব।
12 Dicsőség trónja, magasságban levő kezdettől fogva, szentélyünk helye,
১২আদিৰে পৰা উচ্চস্থানত স্থাপিত গৌৰৱাম্বিত সিংহাসন আমাৰ ধৰ্মধাম।
13 Izrael reménye, oh Örökkévaló! Mind akik elhagynak téged, megszégyenülnek, és akik elszakadnak tőlem, a földre iratnak, mert elhagyták az élő víznek forrását, az Örökkévalót.
১৩যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব। কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।
14 Gyógyíts meg engem, oh Örökkévaló, hogy meggyógyuljak, segíts meg, hogy meg legyek segítve, mert dicséretem vagy.
১৪হে যিহোৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হম! মোক ৰক্ষা কৰা, তেতিয়া মই পৰিত্ৰাণ পাম। কিয়নো তুমি মোৰ প্ৰশংসাৰ স্থল।
15 Íme ők azt mondják nekem: hol van az Örökkévaló igéje, következzék csak be!
১৫চোৱা, তেওঁলোকে মোক কৈছে, “যিহোৱাৰ বাক্য ক’ত? সেয়ে এতিয়া ঘটক।”
16 Én pedig nem szegültem ellene, hogy ne járjak utánad és a végzetes napot nem óhajtottam, te tudod; ami kijött ajkaimról színed előtt volt.
১৬মই হ’লে তোমাৰ পাছে পাছে মেৰ-ছাগ ৰখীয়া হ’বলৈ সততে বিমুখ হোৱা নাই, নাইবা দুখপূৰ্ণ দিনলৈ মই ইচ্ছা কৰা নাই। তাক তুমি জানি আছা; মোৰ ওঁঠৰ পৰা যি ওলাইছিল, সেয়ে তোমাৰ আগত আছিল।
17 Ne legyél nekem rettegésül, menedékem vagy a veszedelem napján.
১৭মোলৈ ত্ৰাসস্বৰূপ নহ’বা। বিপদৰ দিনত তুমিয়েই মোৰ আশ্ৰয়।
18 Szégyenüljenek meg üldözőim és ne szégyenüljek meg én, rettegjenek ők és ne rettegjek én; hozd rájuk a veszedelem napját és kétszeres töréssel törd meg őket.
১৮মোৰ তাড়নাকাৰীসকলে লাজ পাওঁক, কিন্তু মোক হ’লে লাজ পাবলৈ নিদিবা। তেওঁলোক হ’লে ব্যাকুল হওঁক, কিন্তু মোক হ’লে ব্যাকুল হবলৈ নিদিবা। তেওঁলোকৰেই ওপৰত বিপদৰ দিন ঘটোৱা, আৰু দুগুণ সংহাৰেৰে তেওঁলোকক সংহাৰ কৰা।”
19 Így szólt hozzám az Örökkévaló: Menj és állj meg a nép fiainak kapujában, amelyen bejönnek Jehúda királyai és amelyen kimennek, és Jeruzsálem minden kapuiban,
১৯যিহোৱাই মোক এই কথা ক’লে: “যিহূদাৰ ৰজাসকল যি দুৱাৰেদি সোমায় আৰু ওলায়, তুমি গৈ সৰ্ব্বসাধাৰণ লোকসকলৰ সেই দুৱাৰত, আৰু যিৰূচালেমৰ সকলো দুৱাৰত থিয় হোৱা।
20 és szólj hozzájuk: Halljátok az Örökkévaló igéjét, Jehúda királyai és egész Jehúda és Jeruzsálem lakói mind, akik bejönnek ezeken a kapukon.
২০আৰু তেওঁলোকক কোৱা, ‘সেই দুৱাৰবোৰেদি সোমোৱা হে যিহূদাৰ ৰজাসকল, সমুদায় যিহূদা, আৰু যিৰূচালেম-নিবাসী সকলো লোকসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা।
21 Így szól az Örökkévaló: Őrizkedjetek lelketekért és ne vigyetek terhet a szombat napján, hogy bevinnétek Jeruzsálem kapuin.
২১যিহোৱাই এইদৰে কৈছে: “তোমালোক সাৱধান হোৱা, বিশ্ৰাম-বাৰে কোনো বোজা বৈ নানিবা, বা যিৰূচালেমৰ দুৱাৰেদি তাক ভিতৰলৈ নানিবা।
22 És ne vigyetek ki terhet házaitokból a szombat napján és semmiféle munkát ne végezzetek; szenteljétek meg a szombat napját, amint megparancsoltam őseiteknek.
২২আৰু বিশ্ৰাম-বাৰে নিজ নিজ ঘৰৰ পৰা কোনো বোজা বাহিৰ নকৰিবা, আৰু কোনো কাম নকৰিবা; কিন্তু মই তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা দিয়াৰ দৰে বিশ্ৰাম-বাৰ পবিত্ৰ কৰা।
23 De ők nem hallgattak rá és nem hajlították fülüket, hanem megkeményítették nyakukat, hogy ne hallgassanak rá és oktatást el ne fogadjanak.
২৩তেওঁলোকে সেই আজ্ঞা শুনিবলৈ খোজ নাছিল, আৰু তালৈ কাণ দিয়া নাছিল, কিন্তু নুশুনিবলৈ আৰু শিক্ষা গ্ৰহণ নকৰিবলৈ নিজ নিজ ডিঙি ঠৰ কৰিছিল।
24 És lesz, ha hallgatni fogtok rám, úgymond az Örökkévaló, hogy nem visztek be terhet e város kapuin a szombat napján és hogy megszentelitek a szombat napját, nem végezvén azon semmiféle munkát:
২৪আৰু যিহোৱাই কৈছে, এইদৰে নিশ্চয় ঘটিব, যদিহে তোমালোকে যত্নেৰে মোৰ বাক্যত যদি মন দিয়া। তোমালোকে বিশ্ৰাম-বাৰে এই নগৰৰ দুৱাৰেদি কোনো বোজা ভিতৰলৈ নানিবা, আৰু সেইদিনা কোনো কাম নকৰিবা বৰং বিশ্ৰাম-দিন পবিত্ৰ কৰা।
25 akkor be fognak jönni e város kapuin királyok meg nagyok, azok, akik Dávid trónján ülnek, szekereken és lovakon járva, ők és nagyjaik, Jehúda emberei és Jeruzsálem lakói; és lakva lesz e város örökké.
২৫তেন্তে দায়ুদৰ সিংহাসনৰ ওপৰত বহোঁতা ৰজাসকল, আৰু প্ৰধান লোকসকল ৰথত আৰু ঘোঁৰাত উঠি এই নগৰৰ দুৱাৰেদি সোমাব, তেওঁলোকৰ প্ৰধান লোকসকল, যিহূদাৰ লোক আৰু যিৰূচালেম-নিবাসীসকল সোমাব; আৰু এই নগৰ চিৰকাললৈকে থাকিব।
26 Ha bejönnek Jehúda városaiból és Jeruzsálem környékéből és Benjámin országából és az alföldről és a hegységről és a Délvidékről, akik hoznak égőáldozatot, vágóáldozatot, lisztáldozatot és tömjént, és akik hoznak hálaáldozatot az Örökkévaló házába.
২৬আৰু তেওঁলোকে যিহূদাৰ নগৰবোৰৰ পৰা, যিৰূচালেমৰ চাৰিওফালৰ অঞ্চল, বিন্যামীন প্ৰদেশ, নিম্ন-ভুমি, পৰ্ব্বতীয়া অঞ্চল আৰু দক্ষিণ অঞ্চলৰ পৰা হোম আদি বলি, নৈবেদ্য আৰু ধূপ লৈ আহিব আৰু তেওঁলোকে যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি আনিব।
27 De ha nem hallgatok rám, hogy megszenteljétek a szombat napját és hogy ne vigyetek terhet és be ne jöjjetek Jeruzsálem kapuin a szombat napján: akkor tüzet fogok gyújtani kapuiban és megemészti Jeruzsálem palotáit és nem alszik el.
২৭কিন্তু যদি তোমালোকে বিশ্ৰাম-দিন পবিত্ৰ কৰিবলৈ আৰু বিশ্ৰাম-বাৰে বোজা বৈ যিৰূচালেমৰ দুৱাৰেদি লোকসকলক সোমাবলৈ দিয়া আৰু মোৰ আজ্ঞালৈ কাণ নিদিয়া, তেন্তে মই তাৰ দুৱাৰবোৰত অগ্নিৰে প্রজ্বলিত কৰিম, সেয়ে যিৰূচালেমৰ অট্ৰালিকাবোৰ গ্ৰাস কৰিব, সেইবোৰ নুনুমাব’।”

< Jeremiás 17 >