< Ézsaiás 58 >
1 Kiálts tele torokkal, ne tartsd vissza, mint a harsona emeld fel hangodat; mondd meg népemnek bűntettüket és Jákob házának vétkeiket.
১তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোঁৱা।
2 Pedig engem nap nap után keresnek és útjaim megismerését kívánják; mint oly nemzet, mely igazságot hirdet és Istenének törvényét nem hagyta el, kérdeznek tőlem igaz törvényeket, Isten közelségét kívánják.
২তথাপি তেওঁলোকে মোক প্রতিদিনে বিচাৰে, আৰু মোৰ পথৰ বিষয়ে জানিবলৈ ভাল পায়; নিজৰ ঈশ্বৰৰ বিধি ত্যাগ নকৰে আৰু অভ্যস্ত ধৰ্মৰ জাতিৰ দৰে তেওঁলোকে ধৰ্মৰ বিচাৰবোৰ মোৰ পৰা খোজে, আৰু ঈশ্বৰৰ ওচৰলৈ চাপিবলৈ ভাল পায়।
3 Miért böjtöltünk és te nem láttad, sanyargattuk lelkünket és te nem tudod? Lám, böjtötök napján dologra találtok és mind a munkáitokat sürgetitek.
৩তেওঁলোকে কয়, “আমি কিয় লঘোনে থাকিলো?” তুমি দৃষ্টি নকৰিলা? আমি কিয় নিজকে নম্র কৰিলোঁ, তুমি মন নিদিলা? চোৱা, তোমালোকে লঘোনত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা।
4 Lám, pörre és civódásra böjtöltök, és arra, hogy üssetek a gonoszság öklével; nem böjtöltök e napon, hogy szavatokat a magasságba hallassátok.
৪চোৱা, তোমালোকে বিবাদ আৰু দ্বন্দ কৰা, আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোন দিয়া; বৰ্ত্তমানে তোমালোকে ঊৰ্দ্ধলোকত তোমালোকৰ মাত শুনাব পৰাকৈ লঘোন নিদিয়া।
5 Vajon ilyen legyen-e a böjt, melyet kedvelek, a nap, melyen az ember sanyargatja lelkét? Vajon arra, hogy mint a nád hajlítsa fejét és zsákot meg hamut terítsen ki? Vajon ezt nevezed-e böjtnek és kedvesség napjának az Örökkévaló részére?
৫মই বিচাৰা লঘোন সঁচাই এইয়ে নে? প্রতিজনে নিজকে নম্র কৰিবলৈ এদিন, নলখাগড়ৰিৰ দৰে তেওঁৰ মূৰ দোঁওৱা, আৰু চটকাপোৰ বিস্তাৰ কৰা আৰু ছাঁইত বহা, তুমি সঁচাই ইয়াকে লঘোন বোলা নে আৰু যিহোৱাৰ গ্রহণীয় দিন বোলা নে?
6 Nemde ez a böjt, melyet kedvelek: feloldani a gonoszság bilincseit, kibontani a járom köteleit és szabaddá bocsátani a szorongatottakat és hogy minden jármot széttéptek.
৬মই মনোনীত কৰা লঘোন এয়া নহয়: দুষ্টতাৰ বান্ধ মুকলি কৰা, ষাঁড়গৰুৰ যুৱলিৰ শলমাৰি সোলোকোৱা, ভগ্ন কৰিবলৈ লোৱা লোকক স্ৱাধীন কৰা, আৰু প্ৰত্যেক যুৱলি ভঙাই জানো মোৰ মনোনীত লঘোন নহয়?
7 Nemde, hogy megszeged az éhezőnek kenyeredet és bujdosó szegényeket beviszel a házba; midőn meztelent látsz, betakarod és véredtől el nem húzódsz.
৭ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।
8 Akkor fölhasad, mint a hajnal, világosságod és gyógyulásod gyorsan sarjadzik; és jár előtted igazságod, az Örökkévaló dicsősége kisér téged.
৮ইয়াকে কৰিলে, অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি প্রকাশ পাব, আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে দেখা যাব, তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ’ব।
9 Akkor kiáltasz és az Örökkévaló felel, fohászkodsz és ő azt mondja: itt vagyok, ha majd eltávolítasz közepedből jármot, ujjnak kinyújtását és jogtalanság beszélését;
৯তেতিয়া তুমি মাতিলে, যিহোৱাই তোমাক উত্তৰ দিব; তুমি সহায়ৰ বাবে কাতৰোক্তি কৰিলে, তেওঁ ক’ব, “এইয়া মই আছোঁ।” যদি তুমি নিজৰ মাজৰ পৰা যুৱলি, দোষাৰোপ কৰা আঙুলি, আৰু অৰ্ধম্মবাক্য দূৰ কৰা,
10 és odaadod az éhezőnek lelkedet és sanyargatott lelket jóllakatsz: akkor feltündöklik a sötétségben világosságod és homályod olyan lesz, mint a dél.
১০যদি তুমি তোমাৰ আহাৰ ক্ষুধাতুৰ লোকক দিয়া, আৰু দুখিত প্ৰাণীক সন্তুষ্ট কৰা, তেনেহ’লে আন্ধাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ’ব, আৰু তোমাৰ অন্ধকাৰ দূপৰ বেলাৰ দৰে হ’ব;
11 Vezetni fog téged az Örökkévaló mindig s jóllakatja száradt tájakon lelkedet, csontjaidat pedig megerősíti; olyan lesz, mint a megázott kert, és mint vízforrás, melynek vizei nem hazudoznak.
১১আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
12 És belőled valók felépítenek őskori romokat, múlt nemzedékek alapjait feltámasztod; és így neveznek téged: résnek a falazója, aki ösvényeket helyreállít, hogy lakni lehessen.
১২তোমাৰ বংশৰ কিছুলোকে বহু দিনৰ পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; আৰু তুমি অনেক প্রজন্মৰ উচ্ছন্ন হোৱা ভিত্তিমূল স্থাপন কৰিবা; তুমি দেৱাল মেৰামতকাৰী বুলি মতা হ’বা, আৰু দেশ নিবাসীৰ বাবে পথ যুগুত কৰোঁতা বুলি প্ৰখ্যাত হ’বা।
13 Ha visszavonod a szombattól lábadat, hogy nem végzed dolgaidat szent napomon, hanem gyönyörnek nevezed a szombatot, tiszteltnek az Örökkévaló szent napját és megtiszteled, hogy nem végzed útjaidat, nem keresed ügyedet és szót nem beszélsz róla:
১৩যদি তুমি মোৰ বিশ্ৰাম-দিনৰ ভ্রমণৰ পৰা তোমাৰ ভৰি আঁতৰোৱা, আৰু বিশ্ৰাম দিনত নিজৰ সুখদায়ক কাৰ্য কৰা। যদি যিহোৱাৰ পবিত্ৰ দিনক মাননীয় বুলি কোৱা, আৰু যিহোৱা বিষয়ক পবিত্র আৰু সন্মানীয় বুলি মতা, তোমাৰ নিজৰ কাৰ্য সিদ্ধ নকৰি, তোমাৰ অভিলষিত চেষ্টা নকৰি, আৰু নিজৰ কথা নকৈ তাক মান্য কৰা,
14 akkor gyönyörködni fogsz az Örökkévalóban, hajtani engedlek a föld magaslatain és enned engedem Jákob atyádnak örökségét – mert az Örökkévaló szája beszélt.
১৪তেনেহ’লে তুমি যিহোৱাত সুখী হবা; আৰু মই তোমাক ৰথত তুলি পৃথিৱীৰ ওখ ঠাইবোৰৰ ওপৰত ফুৰাম, আৰু তোমাৰ পিতৃ যাকোবৰ আধিপত্য তোমাক ভোগ কৰাম। কিয়নো যিহোৱাৰ নিজৰ মুখে ইয়াক ক’লে।