< Ézsaiás 34 >
1 Közeledjetek népek, hogy halljatok, és ti nemzetek figyeljetek, hallja a föld és teljessége a világ és mind a sarjadékai.
১হে জাতি সমূহ ওচৰলৈ আহা আৰু শুনা, হে লোক সমূহ মনোযোগ দিয়া! পৃথিৱী আৰু ইয়াক পৰিপূর্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৱে অৱশ্যে শুনক।
2 Mert haragja van az Örökkévalónak mind a népek ellen és föllobbanása mind a seregük ellen; átokká tette, odaadta a mészárlásnak.
২কাৰণ সকলো জাতিৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ আছে, আৰু তেওঁলোকৰ সকলো সৈন্যৰ বিৰুদ্ধে তেওঁ অগ্নিশর্মা; তেওঁ তেওঁলোকক সম্পূর্ণ ভাবে ধ্বংস কৰিব, বধ কৰিবলৈ তেওঁ তেওঁলোকক প্রাণীহত্যা কাৰীৰ হাতত শোধাই দিব।
3 Elesettjeik pedig eldobatnak és dögeiknek fölszáll a bűze; és szétfolynak a hegyek vérüktől.
৩তেওঁলোকৰ নিহত সকলক মৈদাম নিদিয়াকৈ থ’ব; তেওঁলোকৰ মৰা শৱবোৰৰ পৰা চাৰিও ফালে দুৰ্গন্ধ হ’ব, তেওঁলোকৰ তেজেৰে পৰ্ব্বতবোৰ ভিজিব।
4 Elkorhad az égnek egész serege, összetekerődznek mint a könyv az egek és egész seregük elhervad, amint hervad a levél a szőlőtőről, mint hervadt lomb a fügefáról.
৪আকাশৰ সকলো তৰাবোৰ অদৃশ্য হৈ যাব, আৰু নুৰিওৱা পুথিৰ দৰে আকাশক নুৰিওৱা হ’ব; আৰু তাৰ সকলো তৰা অদৃশ্য হ’ব, দ্ৰাক্ষালতাৰ পৰা পাত লেৰেলি সৰি পৰাৰ দৰে, আৰু বেচিকৈ পকা ডিমৰু যি দৰে ডিমৰু গছৰ পৰা সৰি পৰে,
5 Mert megittasult az égben kardom, íme leszáll Edómra és átkom népére, ítéletre.
৫কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব; চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম।
6 Az Örökkévaló kardja tele van vérrel, zsírossá lett zsiradéktól, a bárányok és bakok vérétől, a kosok veséinek zsiradékától; mert áldozása van az Örökkévalónak Boczrában és nagy mészárlása Edóm országában.
৬যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেড়া ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। কাৰণ যিহোৱাই বস্ৰা নগৰত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে।
7 És reémek dőlnek le velük meg tulkok bikákkal, és megittasul országuk a vértől és poruk zsírossá lesz a zsiradéktól.
৭তেওঁলোকৰ সৈতে ভতৰা গৰুও হত্যা কৰা হ’ব আৰু কম বয়সীয়া ভতৰা গৰুৰ সৈতে বুঢ়া গৰুও। তেওঁলোকৰ দেশ তেজেৰে মাতাল হ’ব, আৰু তেওঁলোকৰ ধুলি চর্বিৰে চর্বিযুক্ত হ’ব।
8 Mert bosszú napja van az Örökkévalónak, a fizetés éve Czión pörének.
৮কাৰণ এইয়ে যিহোৱাৰ প্ৰতিশোধ লোৱা দিন হ’ব, চিয়োনৰ অৰ্থে পোনৰ প্ৰতিফল দিয়া বছৰ হ’ব।
9 Átváltoznak patakjai szurokká és pora kénné és lesz a földje égő szurokká.
৯ইদোমৰ নৈবোৰ আলকতৰালৈ পৰিণত হ’ব, তাইৰ ধূলিবোৰ গন্ধক হ’ব, আৰু তাইৰ দেশ প্ৰজ্বলিত আলকতৰা হ’ব।
10 Éjjel és nappal nem fog kialudni, örökké száll fel a füstje, nemzedékről nemzedékre pusztulva marad, örökön örökké nincs ki átmenne rajta.
১০সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব।
11 Birtokba veszik pelikán és sün, bagoly és holló lakoznak benne kifeszíti rá a pusztaság zsinórját és az üresség súlyköveit.
১১কিন্তু বনৰীয়া চৰাই আৰু পশু তাত বাস কৰিব, ফেঁচা আৰু ঢোঁৰা কাউৰীয়ে তাত বাহ সাজিব। তেওঁ তাৰ ওপৰত ধ্বংসৰ পৰিমাণ-জৰী আৰু ওলোম সূতা বিস্তাৰ কৰিব।
12 Nemesei nincsenek ott, hogy királyságot kiáltanának ki: és mind a nagyjai semmivé lesznek.
১২তাইৰ প্ৰধান লোকসকলৰ ৰাজ্য বুলি কবলৈ একো নথাকিব, আৰু তাইৰ ৰাজকুমাৰসকলৰ কাকো নাথাকিব।
13 És kinő kastélyaiból tövis, csalán és bogáncs az erősségeiben; és sakálok lakává lesz, struccmadarak tanyájává.
১৩তাইৰ ৰাজপ্রসাদবোৰ কাঁইটে ছাটি ধৰিব, চোৰাত গছ আৰু কাঁইটীয়া জাৰণি তাইৰ দুর্গ হ’ব। এইয়া শিয়ালৰ বসতি স্থান আৰু উট পক্ষীৰ কাৰণে ঠাই হ’ব।
14 És találkoznak pusztai állatok vad ebekkel, szőrösbak társára kiált; bizony ott megpihen Lilit, és talál magának nyugvó helyet.
১৪বনৰীয়া জন্তু আৰু ৰাংকুকুৰে তাত লগ হ’ব, আৰু বনৰীয়া ছাগলীয়ে ইটোৱে সিটোৰ বাবে চিঞৰিব। সেই ঠাইত নিশাচৰ জন্তুৱে নিবাস কৰিব, আৰু নিজৰ বাবে বিশ্ৰামৰ ঠাই বিচাৰি পাব।
15 Ott fészkelt a nyílkígyó, tojt és költött és melengetett az ő árnyékában, bizony ott gyülekeztek a kányák egyik a másikával.
১৫ফেঁচাই বাহ সাজি, কণী উমনি দি পোৱালি জগাব, আৰু পোৱালবোৰক সুৰক্ষা দিব। হয় সেই ঠাইত প্রতিজনী শেন চৰাইয়ে নিজৰ সঙ্গীৰ সৈতে গোট খাব।
16 Kutassátok az Örökkévaló könyvéből és olvassátok, egy sem hiányzik azokból, egyik sincs másik nélkül, mert a szájam, az rendelte és a lehelete, az gyűjtötte egybe.
১৬যিহোৱাৰ নুৰিয়া পুথিত একাদিক্রমে বিচাৰা; ইয়াৰ এটাৰো অভাব নহ’ব। সঙ্গী বাবে কাৰো অভাৱ নহ’ব, কাৰণ যিহোৱাই নিজৰ মুখেৰে এই আদেশ দিলে, আৰু তেওঁৰ আত্মাই সিহঁতক গোটালে।
17 És ő vetett nekik sorsot és keze osztotta el nekik zsinórral; örökre veszik birtokba, nemzedékről nemzedékre lakoznak benne.
১৭তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ-জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে। সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব।