< Ézsaiás 3 >
1 Mert íme az Úr, az Örökkévaló, a seregek ura eltávolít Jeruzsálemből és Jehúdából támaszt és támasztékot, a kenyér minden támaszát és a víz minden támaszát;
১কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।
2 hőst és harcost, bírót és prófétát, jóst és vénet;
২পৰাক্রমী লোক, যুদ্ধাৰু, বিচাৰকৰ্ত্তা, ভাববাদী, মঙ্গল চোৱা লোক আৰু প্রধানলোক,
3 ötvenes tisztet és tekintélyben állót, tanácsost, bölcs mestert és az igézéshez értőt.
৩পঞ্চাশপতি সন্মানীয় নাগৰিক, পৰামর্শদাতা, দক্ষ শিল্পকাৰ, আৰু নিপুণ মায়াবী, এই সকলো দূৰ কৰিব।
4 És fiatalokat teszek fejedelmeikül és gyermekek fognak uralkodni rajtuk.
৪“মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম, আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।
5 És tolakodik a nép, ember emberre, kiki felebarátjára; felzúdul a fiatal a vén ellen, a nemtelen a nemes ellen.
৫প্ৰতিজন লোকে ইজনে সিজনৰ পৰা, আৰু নিজৰ চুবুৰীয়াৰ পৰা উপদ্ৰৱ পাব; সন্তানে অহংকাৰেৰে ডাঙৰক অমান্য কৰিব, আৰু নীহ লোকে সন্মানীয় লোকক প্রত্যাহ্বান দিব।
6 Ha aki megragadja testvérét atyja házában: neked van ruhád, te leszel a vezérünk és legyen ez az omladék a te kezed alatt –
৬এনে কি, এজন মানুহে নিজৰ ভায়েকক নিজৰ পিতৃৰ ঘৰত ধৰি ক’ব, “তোমাৰ এটা বস্ত্ৰ আছে, আমাৰ শাসনকৰ্ত্তা হোৱা, আৰু এই ধ্বংস তোমাৰ অধীনত হওঁক।”
7 megszólal ama napon, mondván: nem leszek orvos; és házamban nincs kenyér és nincs ruha, ne tegyetek engem a nép vezérévé.
৭সেই দিনা তেওঁ চিঞৰী ক’ব, “মই সুস্থকাৰী হ’ব নোৱাৰো; মোৰ আহাৰ অথবা বস্ত্ৰ নাই; তোমালোকে মোক লোকসকলৰ শাসনকৰ্ত্তা নিযুক্ত কৰিব নোৱাৰা।”
8 Mert összeomlott Gyereuzsálem és Jehúda ledőlt, mert nyelvük és cselekedeteik az Örökkévaló ellen vannak, dicsőséges szemeinek bosszantására.
৮কাৰণ যিৰূচালেম ধ্বংস হৈছে, আৰু যিহূদা পতিত হৈছে; কিয়নো তেওঁলোকৰ কথা আৰু কাৰ্যবোৰ যিহোৱাৰ বিৰুদ্ধে, এনে কি, তেওঁৰ ৰাজকীয় ক্ষমতাও অমান্য কৰা হৈছে।
9 Arcuk kifejezése tanúskodott ellenük; vétküket mint Szodoma mondják el, nem titkolták: jaj lelküknek, mert rosszat tettek önmagukkal!
৯তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে।
10 Mondjátok az igazról, hogy jól jár, mert cselekedeteik gyümölcsét fogják enni;
১০তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।
11 jaj a gonosznak, rosszul jár, mert kezeinek tette szerint történik vele.
১১দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।
12 Népem – zsarnokai gyermekek és asszonyok uralkodnak rajta; népem, vezetőid tévesztők és ösvényeid útját elrontották.
১২মোৰ লোকসকল! সন্তান সকল তেওঁলোকৰ উপদ্ৰৱকাৰী, আৰু মহিলাসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব। মোৰ লোকসকল, তোমালোকৰ পৰিচালকসকলে তোমালোকক বিপথে নিব, আৰু তোমালোকৰ পথৰ লক্ষ্য বিভ্রান্ত কৰিব।
13 Előáll perelni az Örökkévaló, és odaáll, ítélni népeket.
১৩যিহোৱাই ন্যায়ালয়ত থিয় হৈছে; তেওঁ তেওঁৰ লোকসকলৰ বিচাৰ কৰিবলৈ থিয় হৈছে।
14 Az Örökkévaló törvénybe száll népének véneivel és nagyjaival: Hiszen ti lelegeltétek a szőlőt, a szegénytől rablott jószág van házaitokban.
১৪যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।
15 Mi lelt, hogy összezúzzátok népemet és a szegények arcát megőrlitek, úgymond az Úr, az Örökkévaló, a seregek ura.
১৫বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লোকসকলক চূৰ্ণ কৰিলা, আৰু দৰিদ্রসকলৰ মুখ পিহিলা?
16 És szólt az Örökkévaló: Mivelhogy büszkélkedtek Czión leányai, jártak kinyújtva torkukat és kacsintva szemeikkel, tipegve járton-járnak és lábaik láncaival csörgetnek –
১৬যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহংকাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।
17 varassá teszi tehát az Úr Czión leányainak feje tetejét és az Örökkévaló megmezteleníti hajzatukat.
১৭সেই কাৰণে যিহোৱাই চিয়োনৰ জীয়াৰীসকলৰ মুৰত খজুৱতি ৰোগ দিব, আৰু যিহোৱাই তেওঁলোকক টকলা কৰাব।
18 Azon a napon eltávolítja az Úr a pompás lábláncokat, a napocskákat és holdacskákat;
১৮সেই দিনা প্ৰভুৱে তেওঁলোকৰ ধুনীয়া নেপুৰ, মুৰৰ ফিটা, অৰ্ধচন্দ্রকাৰ অলঙ্কাৰ,
19 a függőket, a láncokat és a fátyolokat;
১৯কাণফুলি, খাৰু, ওৰণি,
20 a fejdíszeket, a bokaláncokat, a díszöveket, az illatszelencéket és bűvös ékszereket;
২০কপালি, ভৰিৰ শিকলি, টঙালি, সুগন্ধি দ্ৰব্যৰ টেমা, অমঙ্গল নিবাৰণ কৰা তাবীজ।
21 a gyűrűket és az orrkarikákat;
২১তেওঁ আঙঠি, আৰু নথ সকলো সোলোকাব;
22 a díszruhákat és köpenyeket, a palástokat és a zacskókat;
২২উৎসৱৰ সাজ, আৱৰণ, ওৰণি, আৰু হাতত লোৱা বেগ,
23 a tükröket és gyolcskendőket, a fejkötőket és az általvetőket.
২৩হাতত লোৱা দাপোণ, মিহি শন সূতাৰ বস্ত্ৰ, পাগুৰি, আৰু গা ঢকা কাপোৰ, এই সকলো শোভাৰ বস্ত্ৰ কাঢ়ি ল’ব।
24 És lesz illatszer helyett rothadság, öv helyett kötél, fodros hajmű helyett kopaszság, díszköntös helyett zsákövezet, égési seb szépség helyett.
২৪সুগন্ধি দ্রব্যৰ সলনি দুৰ্গন্ধ, আৰু টঙালিৰ সলনি ৰচি, পৰিপাটিকৈ ৰখা চুলিৰ সলনি টকলা মূৰ, আৰু দীঘল পৰিধান বস্ত্ৰৰ সলনি চট কাপোৰ, আৰু সৌন্দৰ্যৰ সলনি পোৰা দাগ দিব।
25 Férfiaid kard által esnek el, vitézséged harcban.
২৫তোমালোকৰ পুৰুষসকল তৰোৱালৰ দ্বাৰাই পৰাজিত হ’ব, আৰু তোমালোকৰ পৰাক্রমী লোকসকল ৰণত পৰাজয় হ’ব।
26 Keseregnek és gyászolnak kapui és ő kifosztva a földre ül.
২৬যিৰূচালেমৰ ৰাজ-দুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব, আৰু তেওঁ অকলশৰে মাটিত বহিব।