< Aggeus 1 >
1 Darjáves király második évében, a hatodik hónapban, a hónapnak első napján, lett az Örökkévaló igéje Chaggáj próféta által Zerubbábelhez, Sealtíél fiához, Jehúda helytartójához, meg Józsuához, Jehóczádák fiához, a. főpaphoz, mondván:
১ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ, ষষ্ঠ মাহৰ প্ৰথম দিনা, যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিললৈ, আৰু যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱালৈ ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু তেওঁ ক’লে,
2 Így szól az Örökkévaló, a seregek ura, mondván: Ez a nép azt mondta nem most jött el az ideje az Örökkévaló házának, hogy felépíttessék.
২“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘এই লোকসকলে কয়, “যিহোৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ, এতিয়াই আমাৰ অহাৰ সময় নহয়”।”
3 És itt az Örökkévaló igéje Chaggáj próféta által, mondván:
৩সেয়ে ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু ক’লে,
4 Vajon ti néktek itt-e az idő laknotok a ti pallózott házaitokban, míg ez a ház romban lever?
৪“তোমাৰ বাবে এইটোৱেই সময় যে, তুমি তোমাৰ সম্পূৰ্ণ হোৱা ঘৰত বাস কৰা। যিহেতু এই ঘৰ ধ্বংস হৈছিল।”
5 Most tehát így szól az Örökkévaló, a seregek ura: Fordítsátok szíveteket útjaitokra!
৫সেয়ে এতিয়া বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকৰ পথ বিবেচনা কৰা!
6 Vetettetek sokat, de keveset hordatok be; esztek, de nincs elég jóllakásra; isztok, de nincs elég részegedésre; ruházkodtok, de nincs elég melegedésre senkinek; és a ki bérért szegődik el, lyukas tarsoly számára szegődik el.
৬তোমালোকে অধিক গুটি সিঁচিছিলা, কিন্তু অলপহে চপালা; তোমালোকে খোৱা, কিন্তু তোমালোকৰ যথেষ্ট পৰিমাণে নাথাকে; তোমালোকে পান কৰা, কিন্তু মতলীয়া নোহোৱা; তোমালোকে বস্ত্র পিন্ধা, কিন্তু তোমালোকে উম নোপোৱা; উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থ’বলৈ উপাৰ্জন কৰে!’
7 Így szól az Örökkévaló, a seregek: ura: Fordítsátok szíveteket útjaitokra!
৭বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোকৰ পথ বিবেচনা কৰা!
8 Menjetek: fel a hegyre és hozzatok fát és építsetek házat, hogy kedvet találjak benne és dicsőnek bizonyuljak, mondja az Örökkévaló.
৮পৰ্ব্বতলৈ উঠি গৈ কাঠ আনা; আৰু মোৰ গৃহ নিৰ্মাণ কৰা। যিহোৱাই কৈছে, “তেতিয়াহে মই সন্তুষ্ট হ’ম, আৰু মই গৌৰৱান্বিত হ’ম!’
9 Oda fordultok a sokhoz, de íme kevéssé lett, behordjátok a házba, de rálehellek; vajon miért, úgymond az Örökkévaló, a seregek ura. Az én házamért, mivel romban hever, míg ti szaladtok kiki a háza, felé.
৯‘তোমালোকে অধিকৰ বাবে প্রত্যাশা কৰা, কিন্তু চোৱা! মই ফু মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয়? এই বুলি বাহিনীসকলৰ যিহোৱাই ঘোষণা কৰিছে! কাৰণ, মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰত সন্তুষ্ট হৈ আছা।
10 Azért fölöttetek visszatartotta az ég a harmatot, s a föld visszatartotta a termését.
১০এই কাৰণে আকাশে তোমালৈ নিয়ৰ বৰষাবলৈ প্রতিৰোধ কৰি ৰাখিছে, আৰু পৃথিৱীয়ে উৎপাদন আটক কৰি ৰাখিছে।
11 És szólítottam szárazságot az országra és a hegyekre, a gabonára, a mustra és az olajra, meg arra, amit előhoz a föld, meg az emberre és állatra, a kezek minden fáradozására.
১১মই দেশ, পৰ্ব্বত, আৰু শস্যৰ ওপৰত, নতুন দ্ৰাক্ষাৰস, তেল, আৰু ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰত, আৰু মানুহ, পশু, আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰত খৰাং মাতিলো’।”
12 És hallgatott Zerubbábel, Saltiel fia, meg Józsua, Jehóczádák fia, a főpap, meg a népnek egész maradéka az Örökkévalónak, Istenüknek szavára, meg Chaggáj prófétának szavaira, a mint küldte őt az Örökkévaló, az ő Istenük; és félt a nép az Örökkévalótól.
১২তেতিয়া চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্রধান পুৰোহিত যিহোচূৱা, আৰু লোকসকলৰ সকলো ইস্ৰায়েলৰ অৱশিষ্ট লোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য, আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাই পঠোৱা ভাববাদী হগ্গয়ৰ কথা শুনিলে, আৰু লোকসকলে যিহোৱালৈ ভয় কৰিলে।
13 És szólt Chaggáj, az Örökkévaló követe, az Örökkévaló követségében, a népnek, mondván: Én vagyok veletek, úgymond az Örökkévaló.
১৩তেতিয়া যিহোৱাৰ বাৰ্ত্তাবাহক হগ্গয়ে যিহোৱাৰ বাৰ্ত্তা লোকসকলক ক’লে, “‘মই তোমালোকৰ লগত আছোঁ!’ এয়ে যিহোৱাৰ ঘোষণা!”
14 És fölébresztette az Örökkévaló szellemét Zerubbábelnek, Saltiél fiának, Jehúda helytartójának, meg szellemét Józsuának, Jehóczádák fiának, a főpapnak, meg szellemét a nép egész maradékának; jöttek tehát és végeztek munkát az Örökkévalónak, a seregek urának, az ő Istenüknek házában.
১৪সেয়ে যিহোৱাই যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱা, আৰু জনসাধাৰণৰ অৱশিষ্ট লোকসকলৰ আত্মা উত্তেজ্জিত কৰিলে; সেই বাবে তেওঁলোকে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ কাম কৰিবলৈ গ’ল,
15 A hónap huszonnegyedik napján, a hatodik hóban, Darjáves király második évében.
১৫তেতিয়া ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ ষষ্ঠ মাহৰ চৌবিশ দিন আছিল।