< 1 Mózes 38 >
1 És történt abban az időben, elment Jehúda a testvéreitől és betért egy adullámi férfiúhoz, neve Chíra.
১পাছত যিহূদাই তেওঁৰ ভায়েক ককায়েকসকলক এৰি অদুল্লমীয়া হীৰা নামৰ এজন লোকৰ লগত বাস কৰিলেগৈ।
2 És meglátta ott Jehúda egy Súá nevű kanaáni férfiúnak a, leányát, elvette és bement hozzá.
২সেই ঠাইত যিহূদাই চুৱা নামৰ কোনো এজন কনানীয়া মানুহৰ ছোৱালীক দেখা পাই তেওঁ সেই ছোৱালীজনীক বিয়া কৰিলে আৰু তাইৰ সৈতে শয়ন কৰিলে।
3 És viselős lett, és szült egy fiút, és elnevezte Érnek.
৩পাছত তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু ল’ৰাটিৰ নাম এৰ ৰাখিলে।
4 És ismét viselős lett és szült egy fiút és elnevezte Ónánnak.
৪পুনৰায় তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰি তাৰ নাম ওনন ৰাখিলে।
5 És ismét szült egy fiút és elnevezte Sélának; ő pedig Kezíbben volt, midőn szülte azt.
৫তাই পুনৰ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তাৰ নাম চেলা ৰাখিলে; তাই এই পুত্র কজীবত থকাৰ সময়ত প্ৰসৱ কৰিলে।
6 És vett Jehúda feleséget Érnek, az elsőszülöttjének, neve Támár.
৬পাছত যিহূদাই তেওঁৰ জেষ্ঠ্য পুত্ৰ এৰৰ লগত তামাৰ নামেৰে এজনী ছোৱালীক বিয়া কৰাই দিলে।
7 De Ér, Jehúda elsőszülöttje rossz volt Isten szemeiben, és megölte az Örökkévaló.
৭কিন্তু যিহূদাৰ জ্যেষ্ঠ পুত্ৰ এৰ যিহোৱাৰ দৃষ্টিত দুষ্ট হোৱাত যিহোৱাই তাক বিনষ্ট কৰিলে।
8 És mondta Jehúda Ónánnak: Menj be testvéred feleségéhez és sógorképen vedd el és támassz magzatot testvérednek.
৮তেতিয়া যিহূদাই ওননক ক’লে, “তুমি তোমাৰ ককায়েৰাৰ ভার্য্যাক বিয়া কৰোঁৱা। দেওৰেক হিচাবে তুমি তাইলৈ কৰিবলগীয়া কর্তব্য কৰা আৰু তোমাৰ ককায়েৰাৰ বংশ বৃদ্ধি কৰা।”
9 És tudta Ónán, hogy nem az övé lesz a magzat és volt, ha bement testvére feleségéhez, a földre veszítette, hogy ne adjon magzatot testvérének.
৯কিন্তু ওননে জানিছিল যে, সেই বংশ তেওঁৰ নিজৰ নহ’ব। সেয়ে ককায়েকৰ হৈ বংশ ৰক্ষা নকৰাৰ উদ্দেশ্যেৰে বৌৱেকৰ লগত শয়ন কৰা কালত তেওঁ মাটিতে বীৰ্য্যপাত কৰিলে।
10 És rossznak tetszett az Örökkévaló szemeiben, a mit tett és megölte őt is.
১০তেওঁ কৰা কার্য্য যিহোৱাৰ দৃষ্টিত দুষ্টতা আছিল। সেয়ে যিহোৱাই তেওঁকো বিনষ্ট কৰিলে।
11 Akkor mondta Jehúda Támárnak, a menyének: Maradj özvegyen atyád házában, a míg nagy lesz Séla fiam; mert azt gondolta, hátha meghal ő is, mint testvérei. És elment Támár és maradt atyja házában.
১১তেতিয়া যিহূদাই নিজৰ পো-বোৱাৰী তামাৰক ক’লে, “যেতিয়ালৈকে মোৰ পুত্ৰ চেলা ডাঙৰ নহয়, তেতিয়ালৈকে তুমি তোমাৰ পিতৃৰ ঘৰত বিধৱা হিচাবে থাকাগৈ।” কিয়নো তেওঁ ভাবিছিল, “কিজানি চেলাৰো ককায়েকহঁতৰ দৰে মৃত্যু হ’ব।” তাতে তামাৰে নিজৰ পিতৃৰ ঘৰত গৈ বাস কৰিলে।
12 Sok idő múlt el és meghalt Súá leánya, Jehúda felesége; és megvigasztalódott Jehúda és fölment juhainak nyírőihez, ő és Chíra, az ő adullámi barátja, Timnába.
১২পাছত কালক্রমে যিহূদাৰ ভার্য্যা অর্থাৎ চুৱাৰ জীয়েকৰ মৃত্যু হ’ল। যিহূদাৰ শোক প্রকাশৰ দিন শেষ হোৱাত, যিহূদা আৰু তেওঁৰ অদুল্লমীয়া বন্ধু হীৰা তিম্নালৈ যিহূদাৰ মেৰ-ছাগৰ নোম কটা লোকসকলৰ ওচৰলৈ গ’ল।
13 És tudtára adták Támárnak, mondván: Íme, ipad fölmegy Timnába juhait nyírni.
১৩তেতিয়া কোনোৱে তামাৰক ক’লে, “শুনা, তোমাৰ শহুৰ দেউতাই নিজৰ মেৰৰ নোম কটাবলৈ তিম্নালৈ গৈছে।”
14 És letette özvegysége ruháit magáról, elfödte magát fátyollal és beburkolózott és leült Énájim bejáratán, mely a Timnába való úton van, mert látta, hogy nagy lett Séla és ő nem adatott hozzá feleségül.
১৪তাকে শুনি তামাৰে বিধৱা-বস্ত্ৰ সোলোকাই থৈ, ওৰণিৰে মুখ ঢাকি, গাত কাপোৰ মেৰিয়াই ঐনয়িমৰ দুৱাৰমুখত বহি থাকিল; ঐনয়িম তিম্নালৈ যোৱা বাটৰ ওচৰত আছিল। কিয়নো তাই মন কৰিছিল যে, চেলা ডাঙৰ হোৱাটো তেওঁৰ সৈতে তাইক বিয়া নিদিলে।
15 És meglátta őt Jehúda és paráznának gondolta, mert elfödte arczát.
১৫তেতিয়া যিহূদাই তাইক দেখি বেশ্যা বুলি জানিলে; কিয়নো তাই নিজ মুখ ঢাকি ৰাখিছিল।
16 És letért hozzá az útra és mondta: Nosza, kérlek, hadd menjek be hozzád – mert nem tudta, hogy a menye. Mondta: Mit adsz nekem, ha bejössz hozzám?
১৬তাতে তেওঁ বাটৰ দাঁতিলৈ তাইৰ ওচৰলৈ গৈ, তাইক নিজ পো-বোৱাৰীয়েক বুলি নেজানি তাইক ক’লে, “আহাঁ, মই তোমাৰ লগত শয়ন কৰোঁ।” তাতে তামাৰে ক’লে, “মোৰ লগত শয়ন কৰাৰ বাবদ আপুনি মোক কি দিব?”
17 És mondta: Én küldök majd egy kecskegödölyét a nyájból. Mondta: Ha adsz zálogot, a míg elküldöd.
১৭তেওঁ ক’লে, “মোৰ জাকৰ পৰা এটা ছাগলী পোৱালি পঠাই দিম।” তাতে তাই ক’লে, “তাক পঠাই নিদিয়েমানে মোৰ ইয়াত কিবা বন্ধক ৰাখি যাবনে?”
18 És mondta: Mi az a zálog, a mit adjak neked? Mondta: Pecséted, zsinórod és a botod, mely kezedben van. És odaadta neki, bement hozzá, és viselős lett tőle.
১৮যিহূদাই ক’লে, “কি বন্ধক ৰাখিম?” তাই ক’লে, “জৰীডালেৰে সৈতে আপোনাৰ মোহৰটো আৰু আপোনাৰ হাতত থকা লাখুটিডাল ৰাখক।” তেতিয়া তেওঁ তাইক সেইবোৰ দি তাইৰ লগত শয়ন কৰিলে; তাৰফলত তাই তেওঁৰ দ্বাৰা গৰ্ভৱতী হ’ল।
19 És fölkelt, elment és letette fátyolát magáról, és felöltötte özvegysége ruháit.
১৯পাছত তামাৰে উঠি গুচি গ’ল আৰু ওৰণি গুচাই নিজৰ বিধৱা-বস্ত্ৰ পিন্ধিলে।
20 És elküldte Jehúda a kecskegödölyét az ő adullámi barátja által, hogy átvegye a zálogot az asszony kezéből, de nem találta.
২০যিহূদাই সেই মহিলাৰ হাতৰ পৰা বন্ধক মোকোলাই নিবলৈ, তেওঁৰ বন্ধু অদুল্লমীয়াৰ হাতত নিজৰ জাকৰ পৰা ছাগলী পোৱালিটো পঠাই দিলে। কিন্তু তেওঁ আহি তাইক নেপালে।
21 És megkérdezte a helysége embereit, mondván: Hol van a szentelt nő, a ki Énájimban az út mellett van? Mondták: Nem volt erre szentelt nő.
২১তেতিয়া তেওঁ সেই ঠাইৰ লোকসকলক সুধিলে, “ঐনয়িমৰ বাটৰ ওচৰত যি মন্দিৰৰ দেৱদাসী আছিল, তাই ক’ত?” তেওঁলোকে ক’লে, “ইয়াত কোনো দেৱদাসী নাই।”
22 És visszatért Jehúdához és mondta: Nem találtam meg őt, és a helység emberei is mondták: Nem volt erre szentelt nő.
২২তেতিয়া তেওঁ যিহূদাৰ ওচৰলৈ উভটি গৈ ক’লে, “মই তাইক বিচাৰি নাপালোঁ। সেই ঠাইৰ মানুহেও ক’লে যে, ‘তাত কোনো দেৱদাসী নাই’।”
23 És mondta Jehúda: Tartsa meg magának, nehogy csúffá legyünk; íme, elküldtem e gödölyét, te pedig nem találtad meg őt.
২৩যিহূদাই ক’লে, “তেন্তে সেই বন্ধকৰ বস্তুবোৰ তাইৰ লগতে থাকক, নহলে আমাক লাজত পেলাব; মইতো ছাগলী পোৱালি পঠায়েই দিছিলোঁ, কিন্তু তুমি তাইক বিচাৰি নাপালা।”
24 És történt mintegy három hónap múlva, tudtára adták Jehúdának, mondván: Paráználkodott Támár, a menyed, és íme, viselős is paráznaságból. És mondta Jehúda: Vezessétek ki, hogy elégettessék.
২৪ইয়াৰ তিনি মাহৰ পাছত যিহূদাই এই খবৰ পালে যে, “আপোনাৰ বোৱাৰী তামাৰে ব্যভিচাৰ কৰিছে; ব্যভিচাৰত তাই গৰ্ভৱতীও হ’ল।” তেতিয়া যিহূদাই ক’লে, “তাইক উলিয়াই আনি পুৰি পেলোৱা হওঁক।”
25 Éppen kivezették, ekkor küldött ipjához, mondván: Attól a férfitól, a kié ezek, vagyok én viselős; mondta ugyanis: Ismerd csak fel, kié ez a pecsét, a zsinór és a bot.
২৫পাছে তাইক যেতিয়া বাহিৰলৈ অনা হ’ল, তাই শহুৰেকলৈ এই বার্তা পঠালে, “মোৰ গর্ভত যিজনৰ সন্তান আছে, এইবোৰ তেওঁৰ বস্তু।” তাই আৰু ক’লে, “দয়া কৰি এই জৰীৰে সৈতে মোহৰ আৰু লাখুটি কাৰ, তাক এবাৰ পৰীক্ষা কৰি চাওঁক।”
26 És fölismerte Jehúda és mondta: Igazságosabb ő nálamnál, mivelhogy nem adtam őt Séla fiamhoz. És többé nem ismerte meg őt.
২৬তেতিয়া যিহূদাই সেইবোৰ চিনি পাই ক’লে, “তাই মোৰ তুলনাত অধিক ধাৰ্মিক; কিয়নো মই তাইক মোৰ পুত্ৰ চেলাৰ সৈতে বিয়া নিদিলোঁ।” তাৰ পিছত যিহূদাই আৰু তাইৰ সৈতে পুনৰ শয়ন নকৰিলে।
27 És volt szülésekor, íme, ikrek a méhében.
২৭পাছত তাইৰ প্ৰসৱৰ কাল ওচৰ হোৱাত দেখা গ’ল তামাৰৰ গৰ্ভত এহাল যঁজা ল’ৰা আছে।
28 És volt, midőn szült, kinyúlt az egyiknek keze; akkor vett a bába és rákötött kezére piros fonalat, mondván: Ez jött ki először.
২৮জন্ম হওঁতে, এটা সন্তানে তাৰ হাতখন বাহিৰ কৰিলে; তেতিয়া ধাত্ৰীয়ে এডাল ৰঙা সূতা লৈ তাৰ সেই হাতত বান্ধি ক’লে, “এইটোৰ জন্ম প্ৰথমে হৈছে।”
29 S történt, a mint visszahúzta kezét, íme kijött testvére, és mondta: Mily rést törtél magadnak! És így nevezték őt el: Pérecz.
২৯কিন্তু সি যেতিয়া নিজৰ হাতখন ভিতৰলৈ সুমুৱাই নিলে, তেতিয়াই তাৰ ভায়েক প্রথমে বাহিৰ ওলাই আহিল; তাতে ধাত্ৰীয়ে ক’লে, “তুমি কেনেকৈ ভেদ ভাঙি ওলাই আহিলা!” এই কাৰণে তেওঁৰ নাম পেৰচ ৰখা হ’ল।
30 Azután kijött testvére, a kinek kezén volt a piros fonal, és így nevezték el: Zérach.
৩০পাছত হাতত ৰঙা সূতা বন্ধা তাৰ ভায়েক বাহিৰ হ’ল আৰু তাৰ নাম জেৰহ ৰাখিলে।