< Ezékiel 32 >
1 És volt a tizenkettedik évben, a tizenkettedik hónapban, a hónap elsején, lett hozzám az Örökkévaló igéje, mondván:
১তেতিয়া আমাৰ নিৰ্বাসনৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2 Ember fia, hangoztass gyászdalt Fáraó, Egyiptom királya felett és szólj hozzá: Nemzetek oroszlánja te, megsemmisültél! Holott olyan voltál, mint a szörnyeteg a tengerekben, kirontottál folyamaidban és vizeket zavartál fel lábaiddal és felkavartad folyamaikat.
২“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”
3 Így szól az Úr, az Örökkévaló: Kiterítem reád hálómat sok nép gyülekezetében, és felhoznak téged varsámban.
৩প্ৰভু যিহোৱাই এই কথা কৈছে: গতিকে মই অনেক লোক সকলে সৈতে, তোমাৰ ওপৰত মোৰ জাল পেলাম, আৰু তেওঁলোকে তোমাক মোৰ জালেৰে আনিব!
4 És leterítlek a földön, a mező színére hajítlak és lakoztatom rajtad az ég minden madarát és jóllakatom veled az egész föld vadját.
৪পাছত মই তোমাক বামত এৰি দিম! মই তোমাক পথাৰত পেলাই দিম আৰু আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰিবলৈ দিম; আৰু গোটেই পৃথিৱীৰ ভোকত থকা জন্তুবোৰে তোমাক ভক্ষন কৰি সিহঁতৰ হেপাহ পলোৱাব।
5 A hegyekre vetem húsodat, és betöltöm a völgyeket büszkeségeddel.
৫মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম আৰু তোমাৰ দীঘল শৱেৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম!
6 És megáztatom áradásos földedet véreddel a hegyekig, és a, medrek megtelnek veled.
৬তেতিয়া মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ তেজ বাকি দিম, আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ’ব!
7 És betakarom, midőn eloltlak, az egeket és elsötétítem csillagaikat, a napot felhővel takarom be és a hold nem világíttatja világát.
৭আৰু তেতিয়া মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম; মই এডোখৰ মেঘেৰে সূৰ্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব।
8 Mind a világos világítókat az égen elhomályosítom miattad és sötétséget adok országodra, úgymond az Úr, az Örökkévaló.
৮আকাশ-মণ্ডলৰ উজ্জ্বল দীপ্তিবোৰ মই তোমাৰ ওপৰত অন্ধকাৰময় কৰিম, আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
9 És megbúsítom sok népnek szívét, midőn elviszem romlásodat a nemzetek közé, oly országokba, a melyeket nem ismertél.
৯“যেতিয়া মই জাতিবোৰৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই দেশসমূহৰ লোকৰ হৃদয়ত বেজাৰ দিম।
10 És elszörnyűködtetek rajtad sok népet, és királyaik borzadnak miattad borzadással, midőn meglebbentem kardomat arczuk előtt; és megremegnek minden pillanatban kiki életéért, ledőlted napján.
১০এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”
11 Mert így szól az Úr, az Örökkévaló: Bábel királyának kardja jön reád.
১১কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাৰ বিৰুদ্ধে আক্ৰমণ কৰিব।
12 Vitézek kardjai által elejtem sokaságodat, nemzetek legerőszakosabbjai valamennyien, és elpusztítják Egyiptom büszkeségét és megsemmisíttetik egész sokasága.
১২ৰণুৱাসকলৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোক সমূহক নিপাত কৰিম; প্রত্যেক ৰণুৱাই জাতি সমূহৰ ভয়ানক লোক! এই ৰণুৱাসকলে মিচৰৰ গৰ্ব্বৰ বস্তু লুট কৰিব, আৰু তাৰ আটাই লোক সমূহক নষ্ট কৰিব।
13 És elveszítem minden állatát a nagy vizek mellől, nem zavarja föl azokat többé ember lába, és állat patái sem zavarják föl.
১৩মই অনেক জল সমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম; আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নলৰিব!
14 Akkor lecsillapítom vizeiket és folyamaikat járatom, mint az olaj, úgymond az Úr, az Örökkévaló.
১৪তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
15 Midőn Egyiptom országát pusztasággá teszem és kipusztul az ország a teljességéből, midőn megverem mind a benne lakókat; és megtudják, hogy én vagyok az Örökkévaló.
১৫“যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
16 Gyászdal az, és gyászdalnak mondják el, a nemzetek leányai mondják azt el gyászdalnak; Egyiptom fölött és egész sokasága fölött fogják gyászdalnak elmondani, úgymond az Úr, az Örökkévaló.
১৬এয়ে কৰিবলগীয়া তেওঁলোকৰ বিলাপ! জাতিবোৰৰ জীয়াৰীসকলে ইয়াৰে বিলাপ কৰিব, তেওঁলোকে গোটেই মিচৰত বিলাপ কৰিব। তেওঁলোকে আটাই দাসবোৰৰ বাবে বিলাপ কৰিব!” এয়েই প্ৰভু যিহোৱাৰ ঘোষণা!
17 És volt a tizenkettedik évben, a hónap tizenötödikén, lett hozzám az Örökkévaló igéje, mondván:
১৭পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
18 Ember fia, jajgass Egyiptom sokaságán és szállítsd le őt meg hatalmas nemzetek leányait az alvilág országába, a gödörbe szállókhoz.
১৮“হে মনুষ্য সন্তান, তুমি মিচৰৰ দাসকলৰ বিষয়ে ক্রন্দন কৰা, আৰু তেওঁলোকক তললৈ পেলাই দিয়া - তাক আৰু বিখ্যাত জাতি সমূহৰ জীয়াৰীসকলে গাতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অৰ্দ্ধভাগলৈ পেলাই দিয়া!
19 Kinél voltál kedvesebb? Szállj alá és hadd fektessenek a körülmetéletlenekhez.
১৯তুমি সকলোতকৈ সুন্দৰী নে? নামি যোৱা অচুন্নৎসকলৰ লগত শয়ন কৰা!
20 A kard megöltjei közt fognak elesni; adva van a kard, vonszoljátok le őt és egész sokaságát.
২০তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকলৰ মাজত পতিত হ’ব! মিচৰক তৰোৱালত শোধাই দিয়া হৈছে; তাইৰ শত্রুসকলে তাইক আৰু তাইৰ দাসবোৰক টানি লৈ যাব!
21 Beszélni fognak hozzá a vitézek hatalmasai az alvilágból segítőivel együtt. Alászálltak, feküsznek a körülmetéletlenek, a kard megöltjei! (Sheol )
২১পৰাক্ৰমী বীৰসকলে চিয়োলত তাইৰ আৰু তাইৰ সহায়কাৰীসকলক কথা ক’ব: তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎসকল তললৈ নামি গৈ পৰি আছে!’ (Sheol )
22 Ott van Assúr és egész gyülekezete –körülötte sírjai, valamennyien megölöttek, a kik a kard által elestek –
২২অচূৰ আৰু তাৰ আটাই লোক সমূহ তাত আছে; তাইৰ মৈদামবোৰ তাইৰ চাৰিওফালে আছে; তেওঁলোক আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।
23 a melynek helyeztettek sírjai a gödör hátuljába, úgy hogy gyülekezete ott van sírja körül; valamennyien megölöttek, a kard által elesettek, a kik rettegést okoztak az élők országában.
২৩তেওঁলোকৰ মৈদামবোৰ গাতৰ অন্তভাগত কৰা হ’ল আৰু তাৰ লোক সমূহ তাৰ মৈদামৰ চাৰিওফালে আছে। আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল আৰু তেওঁলোকৰ মৈদামবোৰ চাৰিওফালে আছে, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল!
24 Ott van Élám és egész sokasága sírja körül, valamennyien megölöttek, a kik a kard által estek el, a kik leszálltak körülmetéletlenül az alvilág országába, a kik tőlük való rettegést okoztak az élők országában és elvitték szégyenűket a gödörbe szállókhoz.
২৪এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
25 Megöltek közt adtak neki fekvőhelyet egész sokaságával, körülötte az ő sírjai, valamennyien körülmetéletlenek, a kard meöltjei; mert okoztatott tőlük való rettegés az élők országában, és elvitték szégyenűket a gödörbe szállókhoz – megöltek közé adattak.
২৫হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে!
26 Ott van Mésekh, Túbál és egész sokasága, körülötte sírjai; valamennyien körülmetéletlenek, kardnak megöltjei, mert tőlük való rettegést okoztak az élők országában.
২৬মেচেক তুবল, আৰু তাৰ আটাই দাসবোৰ তাত আছে! তাৰ চাৰিওফালে তেওঁলোকৰ মৈদামবোৰ আছে! তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল।
27 És nem feküsznek vitézekkel a körülmetéletlenekből elesettekkel, a kik az alvilágba szálltak hadi fegyvereikkel és kiknek fejük alá tették kardjaikat, hanem bűneik csontjaikon vannak, mert vitézektől való rettegés volt az élők országában. (Sheol )
২৭যি বীৰসকল অচুন্নৎ অৱস্থাৰে পতিত হ’ল, যিসকলে নিজ নিজ যুদ্ধৰ অস্ত্ৰেৰে সৈতে চিয়োললৈ নামি গ’ল, যিসকলৰ তৰোৱাল তেওঁলোকৰ মূৰৰ তলত থোৱা হ’ল, আৰু জীৱিতসকলৰ দেশত বীৰসকলৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিসকলৰ হাড়বোৰত তেওঁলোকৰ অপৰাধ লাগি আছে, সেই বীৰসকলৰ লগত, তেওঁলোক নুশুব। (Sheol )
28 Te is a körülmetéletlenek közt fogsz megtörni, és feküdni fogsz a kard megöltjeinél.
২৮গতিকে তুমি মিচৰ, তুমিও অচুন্নৎসকলৰ মাজত ভগ্ন হ’বা! আৰু তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে শয়ন কৰিবা।
29 Ott van Edóm, királyai és mind a fejedelmei, a kik vitézségükben adattak a kard megöltjei mellé; ők a körülmetéletleneknél feküsznek és a gödörbe szállóknál.
২৯ইদোম, তাইৰ ৰজাসকল, আৰু তাইৰ আটাই প্ৰধান লোক তাত আছে; তেওঁলোক পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে তেওঁলোকক ৰখা হৈছে; তেওঁলোক অচুন্নৎসকলৰ সৈতে, গাতলৈ নামি যোৱাসকলৰ লগত শুব।
30 Ott vannak észak uralkodói mind és mind a Czídónbeliek, a kik alászállottak megöltekkel a tőlük való rettegés mellett vitézségüktől megszégyenülten és feküdtek körülmetéletlenül a kard megöltjeihez és elvitték szégyenűket a gödörbe szállókhoz.
৩০হত হোৱাসকলেৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে! তেওঁলোকে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো তেওঁলোকে লাজ পাইছে, আৰু তেওঁলোকে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎ অৱস্থাৰেই পৰি আছে, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
31 Azokat látja majd Fáraó és megvigasztalódik egész sokasága felől, a kardnak megöltjei: Fáraó és egész hadserege, úgymond az Úr, az Örökkévaló.
৩১ফৰৌণে তেওঁলোকক দেখি নিজৰ আটাই লোক সকলৰ বাবে শান্ত্বনা পাব।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
32 Mert okoztam a tőlem való rettegést az élők országában; lefektetem a körülmetéletlenek között, a kardnak megöltjeivel, Fáraót és egész sokaságát, úgymond az Úr, az Örökkévaló.
৩২“কিয়নো মই জীৱিতসকলৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভু যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎসকলৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোক সমূহক ৰখা হ’ব। এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।