< Ezékiel 14 >
1 És jöttek hozzám férfiak Izrael vénei közül és ültek előttem.
১ইস্ৰায়েলৰ পৰিচাৰকসকলৰ কেইজনমান মোৰ ওচৰলৈ আহি মোৰ আগত বহিল।
2 És lett hozzám az Örökkévaló igéje, mondván:
২তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
3 Ember fia, ezek a férfiak szívükbe juttatták bálványaikat és bűnük botlását arcuk elé helyezték, vajon megkérdeztessem-e magamat általuk?
৩“হে মনুষ্য সন্তান, এই লোকসকলে তেওঁলোকৰ প্রতিমাবোৰক নিজ নিজ হৃদয়ত ঠাই দিছে আৰু নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে। সেই বিষয়ে মই জানো তেওঁলোকক পৰামৰ্শ দিম?
4 Azért beszélj velük és szólj hozzájuk: Így szól az Úr, az Örökkévaló: Mindenki Izrael házából, aki szívébe juttatja bálványait és bűnének botlását arca elé állítja és bemegy a prófétához – én az Örökkévaló kész vagyok neki felelni, aki sok bálványával jön,
৪সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ যি কোনো লোকে নিজ প্রতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব - সেই অহা লোকজনৰ বাহুল্য প্রতিমাবোৰৰ অনুসাৰে, মই যিহোৱাই, নিজেই তেওঁক উত্তৰ দিম।
5 azért hogy szívén fogjam meg Izrael házát, akik elfordultak tőlem bálványaik miatt mindnyájan.
৫মই এইদৰে কৰিম যাতে ইস্ৰায়েলৰ গোটেই বংশ তেওঁলোকৰ হৃদয় মোলৈ পুনৰায় ঘূৰাই আনিব পাৰিম, কিয়নো তেওঁলোকৰ প্রতিমাবোৰে তেওঁলোকক মোৰ পৰা আঁতৰ কৰি ৰাখিছে!’
6 Azért szólj Izrael házához: Így szól az Úr, az Örökkévaló: térjetek meg, fordítsátok el bálványaitoktól, igenis mind a ti utálatosságaitoktól fordítsátok el arcotokat!
৬এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মন পালটোৱা আৰু তোমালোকৰ প্রতিমাবোৰৰ পৰা ঘূৰি আহাঁ! আৰু তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যবোৰলৈ পিঠি দিয়া!
7 Mert mindenki Izrael házából és a jövevény közül, aki Izraelben tartózkodik, ha elválik tőlem és szívébe juttatja bálványait és bűnének botlását arca elé teszi, és bemegy a prófétához, hogy megkérdezzen engem: én az Örökkévaló kész vagyok felelni neki magammal;
৭কিয়নো ইস্ৰায়েল বংশৰ মাজত আৰু ইস্ৰায়েলত প্ৰবাস কৰা বিদেশীবোৰৰ মাজত যি কোনোৱে মোৰ পৰা নিজকে পৃথকে ৰাখিব, যিজনে নিজৰ প্রতিমাবোৰক হৃদয়ত ঠাই দিব আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু যিজনে মোক বিচাৰি ভাববাদী এজনৰ ওচৰলৈ আহিব - মই যিহোৱাই নিজেই তেওঁক উত্তৰ দিম!
8 fordítom arcomat ama férfiú ellen és teszem őt jellé és példabeszéddé és kiirtom népem közül, hogy megtudjátok, hogy én vagyok az Örökkévaló.
৮তাৰ বাবে মই সেই মানুহজনৰ বিৰুদ্ধে বিমুখে থাকিম আৰু তেওঁক এটা চিন আৰু দৃষ্টান্তৰ বিষয় কৰিম, কিয়নো তেওঁক মই মোৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
9 A próféta pedig, midőn rábeszéltetik és igét mond, én az Örökkévaló beszéltem rá ama prófétát, majd kinyújtom ellene kezemet és kipusztítom Izrael népem közepéből.
৯যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই, যিহোৱাই, সেই ভাববাদীজনক ভ্ৰান্ত কৰিম; আৰু মই তেওঁৰ বিৰুদ্ধে হাত মেলি, মোৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম।
10 És viselni fogják bűnüket; amilyen a kérdezőnek bűne, olyan lesz a prófétának bűne.
১০এইদৰে তেওঁলোকে নিজ নিজ অপৰাধৰ দণ্ড ভুগিব। সেই ভাববাদীজনৰ ওচৰলৈ পৰামৰ্শ ল’বলৈ যোৱা লোকজনৰ অপৰাধ দুয়োৰে সমান হ’ব।
11 Hogy ne tévelyegjen el többé Izrael háza tőlem és többé meg ne tisztátalanítsák magukat mind az ő bűntetteik által, hogy nekem népül legyenek és én nekik Istenül leszek, úgymond az Úr, az Örökkévaló.
১১ইয়াৰ অভিপ্ৰায় এই, যেন ইস্ৰায়েল-বংশই মোৰ পৰা বিপথে নাযায়; আৰু তেওঁলোকৰ অপৰাধবোৰৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰে, কিন্তু তেওঁলোক যেন মোৰ প্ৰজা হয় আৰু মই তেওঁলোকৰ ঈশ্বৰ হওঁ, ইয়াক প্ৰভু যিহোৱাই কৈছে।
12 És lett hozzám az Örökkévaló igéje, mondván:
১২তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
13 Ember fia, ország midőn vétkezik ellenem, hűtlenséget követve el, és kinyújtom ellene kezemet és eltöröm neki a kenyér botját és bocsátok rá éhséget és kiirtok belőle embert és állatot.
১৩“হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠিয়াই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ;
14 És volna benne ez a három férfiú: Nóé, Dániél és Jób: ők igazságuk által megmentik lelküket, úgymond az Úr, az Örökkévaló.
১৪তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।
15 Ha gonosz vadat járatok át az országon, hogy elnéptelenítse és pusztasággá lesz, átjáró nélkül, a vad miatt,
১৫বা যদি সেই দেশৰ সকলো ফালে হিংস্র জন্তু পঠিয়াই দিওঁ আৰু সেইবোৰে তাক সন্তানহীন কৰে আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ উচ্ছন্ন হয়,
16 Ez a három férfiú benne, ahogy élek, úgymond az Úr, az Örökkévaló, sem fiakat, sem leányokat nem mentene meg; egyedül ők menekülnek meg, az ország pedig pusztasággá válnék.
১৬তেন্তে সেই একে তিনিজনলোক তাত থাকিলেও, মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব, কিন্তু দেশ হ’লে উচ্ছন্ন হ’ব।
17 Vagy kardot hozok amaz országra és ezt mondom: kard járjon át az országon és kiirtok belőle embert és állatot;
১৭বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনো আৰু কওঁ ‘হে তৰোৱাল, দেশৰ মাজেদি যা আৰু তাৰ পৰা লোক সমূহ আৰু পশু সকলোকে উচ্ছন্ন কৰ’ -
18 és benne van ez a három férfiú, ahogy élek, úgymond az Úr, az Örökkévaló, nem mentenek meg fiakat és leányokat, hanem egyedül ők menekülnek meg.
১৮তেতিয়া সেই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব।
19 Vagy dögvészt bocsátok amaz országra és kiöntöm rá haragomat, vérrel kiirtva belőle embert és állatot,
১৯বা যদি মই সেই দেশৰ বিৰুদ্ধে এক মহামাৰী পঠিয়াওঁ আৰু তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ তাৰ ওপৰত মোৰ ক্ৰোধ বৰষাই তেজ বোৱাওঁ,
20 és Nóé, Dániél és Jób volna benne, ahogy élek, úgymond az Úr, az Örökkévaló, sem fiat, sem leányt nem mentenek meg, ők maguk igazságuk által mentik meg a lelküket.
২০তেতিয়া যদিওবা নোহ, দানিয়েল আৰু ইয়োব সেই ঠাইত থাকিলে হয় - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে নিজৰ পো’সকলক বা আনকি নিজৰ জী’সকলক উদ্ধাৰ কৰিব নোৱাৰিব; কেৱল তেওঁলোকৰ নিজ প্ৰাণহে ধাৰ্মিকতাৰ দ্বাৰাই ৰক্ষা পাব।”
21 Mert így szól az Úr, az Örökkévaló: hátha még az én négy gonosz büntetésemet: kardot, éhséget, vadállat és dögvészt bocsátom Jeruzsálemre, kiirtva belőle embert és állatot!
২১কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “মই নিশ্চয়কৈ নিকৃষ্টৰভাৱে মানুহ আৰু পশুক যিৰূচালেমৰ বিৰুদ্ধে সকলোকে উচ্ছন্ন কৰিবলৈ মোৰ এই চাৰিওটা মহা-আপদ অর্থাৎ তৰোৱাল, আকাল, হিংস্র জন্তু আৰু মহামাৰী পঠিয়াম।
22 De íme megmarad benne menekült rész, azok, akik kivitetnek, fiak és leányok, íme ők kijönnek hozzátok és látjátok útjukat és cselekedeteiket, akkor megvigasztalódtok azon veszedelem miatt, amelyet Jeruzsálemre hoztam, mind amiatt, amit hoztam rá.
২২তথাপি চোৱা! তাৰ মাজত ৰক্ষা পোৱা লোকসকল তেওঁলোকৰ পুত্রসকল আৰু জীয়েকসকলৰ লগত বাহিৰলৈ ওলাই যাব। চোৱা! তেওঁলোক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ কাৰ্য দেখিবলৈ পাবা; তেতিয়া যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে আৰু তাৰ বিৰুদ্ধে মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা।
23 Ugyanis megvigasztalnak benneteket, ha majd látjátok útjukat és cselekedeteiket; és meg fogjátok tudni, hogy nem hiába cselekedtem mindazt, amit cselekedtem rajta, úgymond az Úr, az Örökkévaló.
২৩তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য দেখিলে, তেওঁলোকে তোমালোকক শান্তনা দিব; তেতিয়া তোমালোকে জানিবা যে, মই তাৰ বিৰুদ্ধে কৰা একোকে বিনা কাৰণে কৰা নাই!” এয়ে প্ৰভু যিহোৱাৰ বাক্য।