< 2 Mózes 5 >
1 Azután bementek Mózes és Áron és mondták Fáraónak: Így szól az Örökkévaló, Izrael Istene, bocsásd el népemet, hogy ünnepet üljenek nekem a pusztában.
১এই ঘটনাৰ পাছত মোচি আৰু হাৰোণে গৈ ফৰৌণক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ, মোৰ লোকসকলক যাবলৈ দিয়া’।”
2 De Fáraó mondta: Ki az Örökkévaló, hogy hallgassak a szavára, hogy elbocsássam Izraelt? Nem ismerem az Örökkévalót és Izraelt sem fogom elbocsátani.
২ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”
3 És ők mondták: A héberek Istene jelent meg nekünk; hadd menjünk csak három napi útra a pusztába és áldozzunk az Örökkévalónak, ami Istenünknek, hogy ne sújtson bennünket halálvésszel, vagy karddal.
৩তাৰ পাছত মোচি আৰু হাৰোণে ক’লে, “ইব্ৰীয়াসকলৰ ঈশ্বৰে আমাৰ লগত সাক্ষাত কৰিলে। আহক আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট যাওঁহক; যাতে তেওঁ আমাক মহামাৰী বা তৰোৱালেৰে আক্ৰমণ নকৰে।”
4 És mondta nekik Egyiptom királya: Mózes és Áron, miért zavarjátok ki a népet munkájából; menjetek rabmunkáitokra!
৪কিন্তু মিচৰৰ ৰজাই তেওঁলোকক ক’লে, “মোচি আৰু হাৰোণ, তোমালোকে কিয় লোক সকলক তেওঁলোকৰ কামৰ পৰা লৈ গৈছা?” এই বুলি লোকসকলক তেওঁ ক’লে, “তোমালোক কামলৈ ঘূৰি যোৱা।”
5 És mondta Fáraó: Íme, sok most az ország népe, és ti szüneteltetitek rabmunkáikban.
৫ফৰৌণে পুনৰ ক’লে, “বৰ্তমান আমাৰ দেশত অনেক ইস্ৰায়েলী লোক আছে, আৰু তোমালোকে তেওঁলোকৰ কাম বন্ধ কৰাইছা।”
6 És megparancsolta Fáraó az nap a nép hajtóinak és felügyelőinek, mondván:
৬সেই দিনাই ফৰৌণে লোক সকলৰ কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলক এই আজ্ঞা দি ক’লে,
7 Ne adjatok többé szalmát a népnek a téglavetéshez, mint tegnap, tegnapelőtt; maguk menjenek és tarlózzanak maguknak szalmát.
৭“আগেয়ে দিয়াৰ দৰে তেওঁলোকক ইটা বনাবলৈ তোমালোকে নৰা আনি নিদিবা। তেওঁলোকে নিজেই গৈ নৰা বিচাৰি লওক।
8 De a téglák számát, amelyet szoktak készíteni tegnap, tegnapelőtt, vessétek ki rájuk, ne vonjatok le belőle; mert restek ők, azért kiáltanak, mondván: Hadd menjünk, hadd áldozzunk Istenünknek!
৮তেওঁলোকে আগেয়ে যিমান পৰিমাণৰ ইটা বনাইছিল, এতিয়াও তেওঁলোকক সিমানেই বনাবলৈ দিয়া। তাৰ অলপো কম গ্ৰহণ নকৰিব; কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে চিঞৰিছে আৰু ক’বলৈ ধৰিছে, ‘আমাক যাবলৈ অনুমতি দিয়ক আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবলৈ দিয়ক’।”
9 Nehezedjék a munka a férfiakra, hogy foglalkozzanak vele és ne forduljanak hazug szavak felé.
৯তেওঁলোকৰ ওপৰত কামৰ ভাৰ অধিক গধূৰ কৰি দিয়া হওক; যাতে তেওঁলোকে কামৰ মাজত ব্যস্ত থাকি বিভ্রান্তিজনক কথাত মন নিদিয়ে।
10 És kimentek, akik a népet hajtják és felügyelői, és szóltak a néphez, mondván: Így szól Fáraó: Én nem adok nektek szalmát;
১০তাৰ পাছত, কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলে বাহিৰলৈ ওলাই আহিল আৰু লোকসকলক তেওঁলোকে ক’লে, “ফৰৌণে এইদৰে কৈছে, ‘মই তোমালোকক এতিয়াৰ পৰা কোনো নৰা নিদিওঁ।
11 ti menjetek, vegyetek magatoknak szalmát onnan, a hol találtok, mert nem vonnak le munkátokból semmit.
১১তোমালোক নিজে যোৱা আৰু য’ত বিচাৰি পোৱা, তাৰ পৰা নৰা বিচাৰি আনা; কিন্তু তোমালোকৰ কামৰ নিৰ্দ্দিষ্ট পৰিমাণ হ্রাস কৰা নহব।’”
12 És elszéledt a nép Egyiptom egész országában, hogy tarlózzon tarlót szalmának.
১২তেতিয়া লোক সকলে নৰা বিচাৰি জমা কৰিবলৈ মিচৰ দেশৰ চাৰিওফালে সিঁচৰতি হৈ গ’ল।
13 A hajtók pedig sürgették mondván: Végezzétek munkáitokat, a napi dolgot a maga napján, mint amikor volt szalma.
১৩তথাপি কঠোৰ তত্বাৱধায়ক সকলে তেওঁলোকক তাড়না কৰি ক’লে, “তোমালোকক নৰা দিওঁতে, তোমালোকে যেনেকৈ কাম কৰিছিলা, এতিয়াও তেনেকৈ প্ৰতিদিনৰ নিৰূপিত কাম সম্পূৰ্ণ কৰা।”
14 És megverettek Izrael fiainak felügyelői, akiket tettek feléjük Fáraónak a hajtói, mondván: Miért nem végeztétek el kiszabott részeteket, téglát vetve, mint tegnap tegnapelőtt, sem tegnap, sem ma?
১৪তাৰ পাছত ফৰৌণৰ কঠোৰ তত্বাৱধায়ক সকলে শ্রমিক সকলৰ ওপৰত নিযুক্ত কৰা ইস্ৰায়েলী মুখিয়াল সকলক প্ৰহাৰ কৰিলে। সেই তত্বাৱধায়ক সকলে তেওঁলোকক সুধিলে, “তোমালোকক নিৰূপিত কৰি দিয়া অনুপাতে আগৰ দৰে, কালি আৰু আজি তোমালোকে কিয় ইটা তৈয়াৰ কৰিব পৰা নাই?”
15 És eljöttek Izrael fiainak felügyelői és kiáltottak Fáraóhoz, mondván: Miért teszel így szolgáiddal?
১৫সেয়ে কাৰখানাত কাম কৰা ইস্ৰায়েলী কৰ্মচাৰী সকলে ফৰৌণৰ ওচৰলৈ আহিল; আৰু তেওঁক কাকুতি কৰি ক’লে, “আপোনাৰ দাস বিলাকৰ খেত্ৰত কিয় আপুনি এনে ব্যৱহাৰ কৰিছে?
16 Szalmát nem adnak szolgáidnak és téglákat, azt mondják nekünk, csináljatok; és íme, szolgáidat megverik és így vétkezik néped.
১৬আপোনাৰ দাস সকলক এতিয়া নৰা দিয়া হোৱা নাই, তথাপিও তেওঁলোকে আমাক কৈ আছে ‘ইটা তৈয়াৰ কৰা!’ এনেকি আমিও আপোনাৰ দাস সকলৰ দ্বাৰাই প্ৰহাৰিত হৈছোঁ। কিন্তু এয়া আপোনাৰ নিজৰ লোক সকলৰহে ভূল।”
17 De ő mondta: Restek vagytok ti, restek! Azért mondjátok: Hadd menjünk, hadd áldozzunk az Örökkévalónak.
১৭কিন্তু ফৰৌণে ক’লে, “তোমালোক এলেহুৱা! তোমালোক সকলোৱে এলেহুৱা! তোমালোকে কৈছা, ‘আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক।’
18 És most, menjetek, dolgozzatok, szalma pedig ne adassék nektek, de a téglák számát beadjátok.
১৮সেয়ে এতিয়া কাম কৰিবলৈ ঘূৰি যোৱা। আপোনালোকক পুনৰ নৰা দিয়া নহব, কিন্তু তোমালোকে আগৰ পৰিমাণৰ সমানেই ইটা তৈয়াৰ কৰিব লাগিব।”
19 És látták Izrael fiainak felügyelői azokat a bajban, mondván: Ne vonjatok le tégláitokból, a napi dologból a maga napján.
১৯“তোমালোক প্ৰতিদিনে বনাব লগা ইটাৰ সংখ্যা অলপো কম কৰা নহব।” এই কথা কোৱাৰ পাছত, ইস্ৰায়েলী মুখিয়াল সকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে।
20 És találkoztak Mózessel és Áronnal, kik előttük álltak, midőn kimentek Fáraótól,
২০তেওঁলোকে ফৰৌণৰ আগৰ পৰা ওলাই আহোঁতে ৰাজপ্রসাদৰ বাহিৰত ঠিয় হৈ থকা মোচি আৰু হাৰোণক লগ পালে।
21 és mondták nekik: Tekintsen rátok az Örökkévaló és ítéljen, hogy rossz hírbe kevertetek minket Fáraó előtt és szolgái előtt, kardot adván kezükbe, hogy megöljenek bennünket.
২১তেওঁলোকে মোচি আৰু হাৰোণক ক’লে, “যিহোৱাই আপোনালোকলৈ দৃষ্টি কৰি দণ্ড দিয়ক; কাৰণ আপোনালোকে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সাক্ষাতে আমাক দোষী কৰিলে। আমাক বধ কৰিবলৈ আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে।”
22 És visszatért Mózes az Örökkévalóhoz, és mondta: Uram miért bántál rosszul a néppel, minek is küldtél engem?
২২তেতিয়া মোচিয়ে যিহোৱাৰ ওচৰত প্রাৰ্থনা কৰি ক’লে, “হে প্ৰভু, আপুনি এই লোক সকলক বিপদত কিয় পেলালে? মোৰ আগৰ ঠাইলৈ মোক কিয় পঠিয়ালে?
23 Amióta bementem Fáraóhoz, hogy szóljak nevedben, gonoszul bánik e néppel; de megmenteni, nem mentetted meg népedet.
২৩মই যেতিয়াৰে পৰা আপোনাৰ নামেৰে ফৰৌণৰ আগত কথা ক’বলৈ উপস্থিত হলোঁ, তেতিয়াৰে পৰা তেওঁ এই লোক সকলক যন্ত্রণা দিছে; আৰু আপুনি নিজৰ লোক সকলক সমূলি উদ্ধাৰ কৰা নাই।”