< Dániel 7 >

1 Bélsacczárnak, Bábel királyának első évében álmot látott Dániél, fejének látomásait az ő fekvőhelyén. Ekkor felirta az álmot, elmondván a dolgok összegét.
বাবিলৰ ৰজা বেলচচৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে।
2 Megszólalt Dániél és mondta: Láttam látomásomban az éjszakában, s íme, az égnek négy szele előtör a nagy tengerre.
দানিয়েলে ব্যাখ্যা কৰিলে যে, “মই ৰাতি দৰ্শনত দেখিলোঁ যে, আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমূদ্রৰ ওপৰত মন্থন হৈ আছিল।
3 És négy nagy állat száll fel a tengerből, egymástól különbözők.
সমুদ্ৰৰ পৰা চাৰিটা প্রকাণ্ড জন্তু ওলাই আহিল; আৰু সিহঁতৰ প্রত্যেকটো জন্তুৱেই পৃথক আছিল।
4 Az első olyan, mint az oroszlán és sasszárnyai vannak; láttam, a míg kitépettek szárnyai s fölemeltetett a földről, két lábra állíttatott ember módjára, s embernek szive adatott neki.
প্ৰথমটো সিংহৰ দৰে, কিন্তু কুৰৰ পক্ষীৰ ডেউকাৰ দৰে তাৰ ডেউকা আছিল; মই চাই থাকোঁতে, তাৰ ডেউকা দুখন তাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল; আৰু মানুহৰ দৰে সি দুখন ভৰিত থিয় হৈছিল, তাক মানুহৰ হৃদয় দিয়া হৈছিল।
5 S íme egy más állat, a második, medvéhez hasonló s az egyik oldalra állíttatott s három borda volt szájában fogai között; s így szóltak neki: kelj fel, egyél sok húst.
তাৰ পাছত দ্বিতীয়টো জন্তু ভালুকৰ দৰে, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ আৰু দাঁতৰ মাজত তিনি ডাল কামীহাড় আছিল; আৰু তাক কোৱা হৈছিল, উঠ আৰু বহুতো মানুহক খাই শেষ কৰ।
6 Ezután láttam, s íme egy másik, olyan mint párducz s négy madárszárnya volt neki a hátán, s négy feje volt az állatnak és hatalom adatott neki.
তাৰ পাছত মই পুনৰ চালোঁ। তাত আন এটা জন্তু আছিল, সি নাহৰফুটুকী বাঘৰ দৰে। তাৰ পিঠিত চৰাইৰ ডেউকাৰ দৰে চাৰিখন ডেউকা আছিল, আৰু সেই জন্তুৰ চাৰিটা মূৰ আছিল; তাক শাসনভাৰ দিয়া হৈছিল।
7 Ezután láttam éjjeli látomásokban s íme egy negyedik állat, rettenetes és félelmes és kiválóan erős, és nagy vasfogai voltak neki, evett és zúzott, a maradékot pedig lábaival taposta; s az különböző volt mind az előtte látott állatoktól, és tíz szarva volt neki.
তাৰ পাছত মই ৰাতি সপোনত চতুৰ্থ জন্তুটো দেখিলোঁ; সি আতঙ্কজনক, ভয়ঙ্কৰ, আৰু অতিশয় শক্তিমান আছিল। তাৰ ডাঙৰ ডাঙৰ লোহাৰ দাঁত আছিল; সি ডোখৰ ডোখৰকৈ ভাঙি খাইছিল, আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। আন জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহটা শিং আছিল।
8 Szemléltem a szarvakat s íme egy másik szarv, egy kicsi, nőtt föl közöttük, és három az előbbi szarvak közül kitépetett előle, s íme szemek, mint ember szemei, voltak e szarvon és száj, mely nagyokat beszél.
মই সেই শিঙবোৰলৈ মন কৰি থাকোতেই, মই দেখিলোঁ যে সেইবোৰৰ মাজৰ পৰা আন এটা সৰু শিং গজি ওলাইছে। পূৰ্বৰ শিংবোৰৰ তিনিটা শিং গুৰিৰ পৰা উঘলা হৈছিল; আৰু সেই শিংটোত মানুহৰ চকুৰ দৰে দুটা চকু, আৰু গৰ্ব্ব কৰি ডাঙৰ ডাঙৰ কথা কোৱা এখন মুখ আছিল।
9 Láttam, mígnem trónok állíttattak föl s egy napokban öreg leült; ruhája mint a fehér hó, fejének haja mint a tiszta gyapju, trónja tűznek lángjai, kerekei égő tüz.
মই দেখিলোঁ যে, সেই ঠাইত সিংহাসনবোৰ স্থাপন কৰা হৈছিল, আৰু প্রাচীন কালে তেওঁৰ আসনত বহিলে; তেওঁৰ বস্ত্ৰ হিমৰ দৰে বগা আছিল, আৰু তেওঁৰ মুৰৰ চুলি বিশুদ্ধ ঊণৰ দৰে আছিল; তেওঁৰ সিংহাসন অগ্নিশিখাৰ আছিল, আৰু তাৰ চক্ৰবোৰ জলন্ত জুইৰ আছিল।
10 Tűztenger húzódik és kiárad előle, ezernyi ezren szolgálják őt és tizezernyi tizezren állanak előtte; törvényt ül s könyvek nyitva vannak.
১০তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।
11 Láttam, ekkor a nagy szavak hangja miatt, melyeket beszélt a szarv – láttam, mignem megöletett az állat és megsemmisittetett a teste és tűznek adatott át elégésre.
১১মই একেৰাহে চাই আছিলোঁ, কাৰণ সেই গৰ্ব্বৰ কথাবোৰ সেই শিঙটোৱে কৈ আছিল। মই চালোঁ সেই জন্তুটো যেতিয়া বধ কৰা হৈছিল, আৰু তাৰ শৰীৰ ধ্বংস কৰা হৈছিল; তেতিয়া তাক অগ্নিশিখাত পেলাই দিয়া হৈছিল।
12 A többi állatnak pedig elvették uralmát, időtartam az életben adatott nekik ideig-óráig.
১২বাকী থকা চাৰিটা জন্তুৰ শাসন কৰা ক্ষমতা সিহঁতৰ পৰা কাঢ়ি লোৱা হৈছিল; কিন্তু সিহঁতৰ জীৱন কিছুসময়ৰ বাবে বঢ়াই দিয়া হৈছিল।
13 Láttam az éjjeli látomásokban, s íme, az ég felhőivel olyan mint ember fia jön vala s a napokban öreghez jutott és eléje engedték közeledni.
১৩মই সেই দর্শনত, আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্রৰ দৰে এজনক অহা দেখিলোঁ; তেওঁ প্রাচীন জনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল।
14 S neki adatott uralom, méltóság és királyság, és mind a népek, nemzetek és nyelvek neki szolgáltak; uralma örök uralom, mely meg nem szünik, és királysága meg nem rontható.
১৪তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
15 Megrendült a lelkem nekem Dániélnek hüvelyében, és fejem látomásai megrémitettek engem.
১৫মই যি দানিয়েল, মোৰ ভিতৰত মোৰ আত্মাই কষ্ট পাইছিল, আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিছিল।
16 Közeledtem egyikhez az ott állók közül és bizonyosat kértem tőle mind e felől; megmondotta nekem s a dolgok megfejtését tudatta velem.
১৬তাৰ পাছত মই থিয় হৈ থকাসকলৰ মাজৰ এজনৰ ওচৰলৈ গ’লো, আৰু এই সকলো বিষয়ৰ অর্থ দেখুৱাবলৈ তেওঁক কলোঁ।
17 Ezek a nagy állatok, a melyek négyen vannak: négy király fog támadni a földön;
১৭এই প্রকাণ্ড জন্তু চাৰিটা হ’ল, পৃথিৱীৰ পৰা আহিব লগা চাৰিজন ৰজা।
18 de át fogják venni a királyságot a Legfelsőnek szentjei s birtokba fogják venni a királyságot örökké és örökön örökké.
১৮কিন্তু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।
19 Ekkor kivántam, hogy bizonyosat mondjon a negyedik állatról, a mely különböző volt valamennyitől; kiválóan rettenetes, fogai vasból, körmei rézből, evett, zúzott s a maradékot lábaival taposta;
১৯তাৰ পাছত মই চতুর্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলো, ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল, ই ডোখৰ ডোখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল।
20 s a fején levő tiz szarvról a a másikról, mely felnőtt s a mely előtt három kihullott; ama szarvnak pedig szemei voltak és szája, mely nagyokat beszél és látszata nagyobb volt, mint társaié;
২০তাৰ মুৰত থকা দহোটা শিঙ আৰু তিনিটা শিং উঘলাৰ পূৰ্বে গজা আনটো শিঙৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। চকু থকা, গর্বৰ কথা কোৱা মুখ থকা আৰু নিজৰ সঙ্গীসকলকৈ অধিক গৰ্ব্বী দেখুউৱা শিংটোৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ।
21 láttam, s ama szarv háborut viselt a szentekkel s legyőzte őket,
২১মই চাই থাকোঁতে দেখিলোঁ যে, প্রাচীন কালত তেওঁ থকাৰ দৰে, সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলক ন্যায়বিচাৰ দিয়া, পবিত্ৰ লোকসকলে ৰাজ্যৰ অধিকাৰী হোৱা সময় আহিল,
22 míg el nem jött a napokban öreg, és törvény adatott a Legfelső szentjeinek s elérkezett az idő s a királyságot birtokba vették a szentek.
২২সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিলে আৰু তেওঁলোকক পৰাজয় কৰিলে।
23 Igy szólott: A negyedik állat egy negyedik királyság lesz a földön, mely különbözni fog mind a királyságoktól s megemészti az egész földet és eltiporja és összezúzza azt.
২৩সেই পুৰুষজনে চতুর্থ জন্তুটোৰ বিষয়ে কোৱা কথা এয়া, এয়ে পৃথিৱীৰ চতুৰ্থ ৰাজ্য হ’ব, বাকী সকলো আন ৰাজ্যতকৈ এই ৰাজ্য পৃথক হ’ব, এই ৰাজ্যই সমগ্র পৃথিৱীক গ্ৰাস কৰিব, ই ভৰিৰে গচকিব, আৰু ডোখৰ ডোখৰ কৰি ভাঙিব।
24 A tiz szarv pedig – abból a királyságból tiz király fog támadni, s egy másik fog támadni utánuk s ő különbözni fog az előbbiektől s három királyt fog lealacsonyítani.
২৪সেই দহটা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা দহ জন ৰজা উৎপন্ন হ’ব; তেওঁলোকৰ পাছত আন এজন ৰজা উৎপন্ন হ’ব; তেওঁ আগৰ জনতকৈ পৃথক হ’ব, আৰু তেওঁ তিনিও জন ৰজাক জয় কৰিব।
25 És szavakat fog szólni a Legfelső ellen s a Legfelsőnek szentjeit fogja pusztitani, és azt véli, hogy megváltoztat időket és törvényt, és kezébe adatnak ídőig s időkig és fél időig.
২৫তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
26 És törvény fog ülni s uralmát elveszik végig való kiirtásra és megsemmisitésre.
২৬কিন্তু ন্যায়ালয়ৰ সভা বহিব; আৰু তেওঁলোকে তেওঁৰ পৰা ৰাজকীয় পৰাক্রম কাঢ়ি ল’ব; শেষত গ্রাস কৰা হ’ব, আৰু ধ্বংস কৰা হ’ব।
27 És királysága és uralma és nagysága az egész ég alatt levő királyságoknak átadatott a Legfelső szentjei népének; királysága örök királyság és mind a hatalmak neki fognak szolgálni s engedelmeskedni.
২৭ৰাজ্য আৰু ৰাজশাসন, আৰু গোটেই আকাশ মণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্ব্বোপৰি পবিত্র ঈশ্বৰৰ সেই লোকসকলক দিয়া হ’ব; তেওঁৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব, আৰু তেওঁক মানি চলিব।
28 Eddig a dolog vége. Én Dániél nagyon megrémítettek engem gondolataim s arczom fénye elváltozott rajtam, a dolgot pedig szivemben megőriztem.
২৮এইখিনিতে সেই বিষয় সমাপ্ত হ’ল। দানিয়েল যি মই, মোৰ চিন্তাই মোক অতিশয় ব্যাকুল কৰিলে, আৰু মোৰ মুখ বিবৰ্ণ হল; কিন্তু মই মোৰ নিজৰ মনতে সেই বিষয়সমূহ সাঁচি ৰাখিলোঁ।”

< Dániel 7 >