< 2 Sámuel 20 >
1 Ott volt pedig véletlenül egy alávaló ember, neve Sébá, Bikhrí fia, Benjáminbeli ember; megfújta a harsonát és szólt: Nincs nekünk részünk Dávidban, sem örökségünk nekünk Jisáj fiában – ki-ki sátraihoz, Izrael!
১সেই সময়ত সেই ঠাইতে বিন্যামীনীয়া বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন অশান্তি কৰোঁতা লোক আছিল৷ তেওঁ শিঙা বজাই ক’লে, “দায়ূদত আমাৰ কোনো ভাগ নাই আৰু যিচয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধধিকাৰো নাই৷ হে ইস্ৰায়েল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওঁক।”
2 Erre mind az Izrael embere elment Dávidtól Sébá, Bikhrí fia után; Jehúda emberei pedig csatlakoztak királyukhoz, a Jordántól egész Jeruzsálemig.
২গতিকে ইস্ৰায়েলৰ সকলো লোক দায়ূদৰ পৰা আতৰি গ’ল আৰু বিখ্ৰীৰ পুত্ৰ সেই চেবাৰ পাছত যাবলৈ ল’লে৷ কিন্তু যৰ্দ্দনৰ পৰা যিৰূচালেমলৈকে যিহূদাৰ লোকসকলে নিজ ৰজাত আসক্ত হৈ থাকিল।
3 Midőn házába ment Dávid Jeruzsálembe, vette a király a tíz ágyasasszonyt, akiket ott hagyott volt a ház őrzésére, őrizet alá tette őket egy házba és eltartotta őket, de hozzájuk be nem ment; így voltak elzárva holtuk napjáig, eleven özvegységben.
৩পাছত যেতিয়া দায়ুদ যিৰূচালেমলৈ নিজৰ ঘৰলৈ আহিল তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহ জনী উপপত্নী থৈ গৈছিল, তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি হ’ল। তেওঁ তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এই দৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল।
4 És szólt a király Amászához: Hívd egybe nekem Jehúda embereit három nap alatt, akkorra te itt állj.
৪তেতিয়া ৰজাই অমাচাক ক’লে, “তিনি দিনৰ ভিতৰত যিহূদাৰ লোকসকলক মতাই মোৰ ওচৰত গোট খুৱাবা; আৰু তুমি নিজেও এই ঠাইত উপস্থিত হ’বা।”
5 És elment Amásza, hogy egybehívja Jehúdát, de késett az időn túl, melyet meghatározott neki.
৫তেতিয়া অমাচাই যিহূদাৰ লোকসকলক মতাই গোট খুৱাবলৈ গ’ল কিন্তু ৰজাই নিৰূপিত কৰা কালতকৈ তেওঁৰ অধিক পলম হ’ল।
6 Szólt tehát Dávid Abisájnak: Most gonoszabbat tesz velünk Sébá, Bikhrí fia, mint Ábsálóm; vedd te urad szolgáit és üldözd őt, nehogy találván magának erősített városokat, elkerülje szemünket.
৬তেতিয়া দায়ূদে অবীচয়ক ক’লে, “এতিয়া বিখ্ৰীৰ পুত্ৰ চেবাই অবচালোমতকৈ আমাৰ অধিক অনিষ্ট কৰিব৷ তুমি তোমাৰ প্ৰভুৰ দাসবোৰক লৈ তেওঁৰ পাছে পাছে খেদি যোৱা; নহ’লে তেওঁ গড়েৰে আবৃত হোৱা কোনো নগৰ পাই আমাৰ চকুৰ আগৰ পৰা সাৰি যাব।”
7 Ekkor kivonultak utána Jóáb emberei, a keréti és peléti, meg mind a vitézek; kivonultak Jeruzsálemből, hogy üldözzék Sébát, Bikhrí fiát.
৭তেতিয়া যোৱাবৰ লোকসকল, লগত কৰেথীয়া আৰু পেলেথীয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছে পাছে খেদি যাবৰ বাবে যিৰূচালেমৰ পৰা গ’ল।
8 Épen a Gibeónban levő nagy hő mellett voltak, Amásza eléjük jön – Jóáb pedig fel volt övezve, ruhájába öltözve, rajta övön a kard, derekára csatolva hüvelyében; de mikor kilépett, az kiesett.
৮যেতিয়া তেওঁলোকে গিবিয়োনত থকা মহা-শিলটোৰ ওচৰ পালে তেতিয়া অমাচাই তেওঁলোকক লগ কৰিবলৈ আহিল৷ যোৱাবৰ ককালত ৰণৰ সাজ বন্ধা আছিল আৰু তাতে নিজৰ ককালত বন্ধা ফাকত থকা তৰোৱালে সৈতে এগছ টঙালি আছিল৷ তেওঁ আগবাঢ়ি যাওঁতে, সেই তৰোৱাল মাটিত পৰিল।
9 Ekkor mondta Jóáb Amászának Békében vagy-e testvérem? És megfogta Jóáb jobb keze Amásza szakállát, hogy őt megcsókolja.
৯তেতিয়া যোৱাবে অমাচাক ক’লে, “হে মোৰ ভাই, তুমি মঙ্গলে আছা নে?” এইবুলি যোৱাবে সাদৰেৰে তেওঁৰ সোঁ হাতেৰে অমাচাৰ ডাঢ়িত ধৰি তেওঁক চুমা খাবলৈ ল’লে৷
10 Amásza pedig nem vigyázott a kardra, mely Jóáb kézében volt, ekkor ágyékba ütötte vele, kiontotta beleit a földre, nem is tette vele másodszor, és meghalt. Jóáb pedig meg testvére Abisáj üldözte Sébát, Bikhrí fiát.
১০অমাচাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে৷ তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোঁচ মাৰি মাটিত তেওঁৰ নাড়ী-ভূঁৰু উলিয়াই পেলালে৷ যোৱাবে পুনৰাই তেওঁক খোঁচ নামাৰিলে আৰু তাতে অমাচাৰ মৃত্যু হ’ল। তাৰ পাছত যোৱাব আৰু তেওঁৰ ভায়েক অবীচয়ে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছত খেদি গ’ল।
11 De egy ember ott állt mellette Jóáb legényei közül és mondta: Aki kedveli Jóábot és aki Dávidé – utána Jóábnak!
১১তেতিয়া অমাচাৰ ওচৰত যোৱাবৰ এজন থিয় দি থকা লোকে ক’লে, “যি জনে যোৱাবক ভাল পায় আৰু দায়ূদৰ ফলীয়া হয়, তেওঁ যোৱাবক অনুসৰণ কৰ’ক।”
12 Amásza pedig vérében fetrengett az országút közepén; és midőn látta amaz ember, hogy megállt az egész nép, odébbtette Amászát az országútról a mezőre és ruhát vetett rá, amint látta, hogy bárki mellé ért, megállt.
১২তেতিয়ালৈকে অমাচা ৰাজ বাটৰ মাজত নিজৰ তেজেৰে লেটি-পেটি হৈ পৰি আছিল৷ তেতিয়া সেই লোকজনে আটাই লোকক ৰৈ থকা দেখি, অমাচাক বাটৰ পৰা পথাৰলৈ আঁতৰাই নিলে আৰু তেওঁৰ ওপৰত এখন কাপোৰ পেলাই ঢাকি দিলে কিয়নো তেওঁৰ ওচৰেদি যোৱা সকলো লোকক থিয় হৈ ৰৈ থকা দেখিলে।
13 Amint elmozdíttatott az országútról, minden ember utána vonult Jóábnak, hogy üldözze Sébát, Bikhrí fiát –
১৩যেতিয়া অমাচাক ৰাজবাটৰ পৰা নিয়া হ’ল, তেতিয়া আটাই লোক বিখ্ৰীৰ পুত্ৰ চেবাক খেদি যাবৰ কাৰণে যোৱাবৰ পাছে পাছে গ’ল।
14 ez átvonult Izrael minden törzsein Ábélig, Bét-Máakháig s egész Bérímon át -gyülekeztek és oda is mentek utána.
১৪পাছত চেবাই ইস্ৰায়েলৰ সকলো ফৈদৰ মাজেদি আবেল আৰু বৈৎ-মাখালৈকে আৰু সকলো বেৰীয়াসকলৰ অঞ্চললৈকে গ’ল; আৰু তেওঁলোকেও গোট খাই তেওঁৰ পাছত গ’ল।
15 Odaérkeztek és ostrom alá vették őt Ábel- Bét-Máakhában, felhánytak a város ellen töltést, úgy hogy a bástyafalig ért; s az egész nép, mely Jóábbal volt, rombolták, hogy ledöntsék a falat.
১৫তাতে তেওঁলোকে আহি বৈৎমাখাৰ আবেলত চেবাক বেৰি ধৰিলে আৰু নগৰৰ বিৰুদ্ধে এক হাদাম বান্ধিলে৷ তেতিয়া যোৱাবৰ লগত থকা সৈন্যদলৰ সকলোৱে সেই হাদাম গড়টো ভাঙিবলে চেষ্টা কৰিলে।
16 Akkor kiáltott egy okos asszony a városból: Halljátok, halljátok, szóljatok csak Jóábhoz: közeledj idáig, hadd beszélek hozzád.
১৬তেতিয়া নগৰৰ ভিতৰৰ পৰা এজনী জ্ঞানী মহিলাই ৰিঙিয়াই ক’লে, “শুনক, অনুগ্ৰহ কৰি শুনক, হে যোৱাব! মই যেন আপোনাৰ লগত কথা-বতৰা হ’ব পাৰোঁ সেই বাবে মোৰ ওচৰলৈ আঁহক৷”
17 Mikor közeledett hozzá, mondta az asszony: Te vagy Jóáb? Mondta: Én vagyok. Ekkor mondta neki: Halljad szolgálód szavait! Mondta: Hallom.
১৭তেতিয়া যোৱাব তাইৰ ওচৰলৈ গ’ল, তাতে সেই মহিলা গৰাকীয়ে তেওঁক সুধিলে, “আপুনি যোৱাব হয় নে?” তেওঁ উত্তৰ দি ক’লে, “হয়, মই হওঁ।” তাতে মহিলা গৰাকীয়ে ক’লে, “আপোনাৰ বেটীঁৰ কথাবোৰ শুনক।” তেওঁ ক’লে, “বাৰু কওঁক, মই শুনি আছোঁ।”
18 És szólt, mondván: Így szoktak beszélni régen, mondván meg kell kérdezni Ábélt – és ekképpen végeztek.
১৮তেতিয়া সেই মহিলা গৰাকীয়ে ক’লে, “পূৰ্বকালত লোকসকলে এই কথা কৈছিল, বোলে, ‘আবেলত নিশ্চয়কৈ দিহা অনুসন্ধান কৰক,’ আৰু পাছত সেইদৰেই কাৰ্যৰ বিষয় সিদ্ধ হ’ব।
19 Én Izrael békései, hűségesei közül való vagyok; te meg akarsz ölni várost és anyát Izraelben! Miért enyészted el az Örökkévaló birtokát?
১৯আমি ইস্ৰায়েলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোক সমূহ হওঁ৷ আপুনি ইস্ৰায়েলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ আপুনি কিয় যিহোৱাৰ উত্তৰাধিকাৰ গ্ৰাস কৰিব বিচাৰিছে?”
20 Felelt Jóáb és mondta: Távol, távol legyen tőlem! Nem enyésztem el és nem pusztítom.
২০তাতে যোৱাবে উত্তৰ দি ক’লে, “গ্ৰাস বা বিনষ্ট, দূৰ হওঁক, মোৰ পৰা দূৰে থাকক।
21 Nem úgy van a dolog, hanem egy ember Efraim hegységéből, neve Sébá, Bikhrí fia, fölemelte kezét Dávid király ellen; adjátok ki őt egyedül, akkor majd elmegyek a város alól. És szólt az asszony Jóábhoz: Íme, feje kidobatik hozzád a falon át.
২১এনে কথা নহয় কিন্তু বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ লোক দায়ুদ ৰজাৰ বিৰুদ্ধে হাত দাঙিছে৷ আপোনালোকে অকল তেওঁকে সমৰ্পণ কৰি দিয়ক আৰু তাতে মই নগৰ খনৰ পৰা গুচি যাম।” তেতিয়া সেই মহিলা গৰাকীয়ে যোৱাবক ক’লে, “চাওঁক, গড়ৰ ওপৰেদি তেওঁৰ মূৰটো আপোনালৈ পেলাই দিয়া যাব।”
22 Erre bement az asszony az egész néphez az ő okosságával és levágták Sébá, Bikhrí fiának fejét és kidobták Jóábhoz; ekkor megfútta a harsonát, és elszéledtek a város alól, ki-ki sátraihoz, Jóáb pedig visszatért Jeruzsálembe a királyhoz.
২২তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁৰ সকলো জ্ঞানত লোকসকলৰ ওচৰলৈ গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ মূৰ কাটি যোৱাবৰ ওচৰলৈ বাহিৰলৈ পেলাই দিলে। তেতিয়া তেওঁ শিঙা বজালে আৰু তেওঁৰ লোকসকলৰ প্ৰতিজনে সেই নগৰখন এৰি নিজ নিজ ঘৰলৈ গ’ল। পাছত যোৱাব যিৰূচালেমলৈ ৰজাৰ ওচৰলৈ ঘূৰি আহিল৷
23 Jóáb volt Izrael egész serege fölött; Benája, Jehójádá fia a keréti és peléti fölött;
২৩সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷
24 Adórám az adó fölött; Jehósáfát, Achílúd fia a kancellár;
২৪অদোৰাম বন্দী কাম কৰি দিব লগীয়াসকলৰ অধ্যক্ষ আছিল আৰু অহীলূদৰ পুত্ৰ যিহোচাফট্ ইতিহাস লিখক আছিল৷
25 Seva író; Czádók és Ebjátár papok.
২৫চেয়া ৰাজলিখক আৰু চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল।
26 A jáíri fia pedig papja volt Dávidnak.
২৬আৰু যায়ীৰীয়া ঈৰাও দায়ূদৰ মূখ্য-মন্ত্ৰী আছিল।