< 2 Királyok 23 >

1 Erre küldött a király és összegyűjtötték hozzá Jehúda és Jeruzsálem véneit mind.
পাছত ৰজা যোচিয়াই মানুহ পঠাই যিহূদা আৰু যিৰূচালেমৰ সকলো বৃদ্ধ পৰিচাৰকসকলক মাতি একত্রিত কৰিলে।
2 Fölment a király az Örökkévaló házába és mind a Jehúda emberei és mind a Jeruzsálem lakói ővele meg a papok, a próféták és az egész nép aprajától nagyjáig; és felolvasta füleik hallatára minden szavait a szövetség könyvének, mely találtatott az Örökkévaló házában.
যিহূদা আৰু যিৰূচালেমৰ সকলো লোকক, পুৰোহিত আৰু ভাববাদীসকলক, সাধাৰণ লোকৰ পৰা গণ্যমান্য ব্যক্তি সকলোকে লগত লৈ ৰজা যিহোৱাৰ গৃহলৈ গ’ল। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহত যি বিধান পুস্তকখন পোৱা গৈছিল, তাৰ সকলো কথা লোকসকলক পঢ়ি শুনালে।
3 Erre felállt a király az emelvényre és megkötötte a szövetséget az Örökkévaló színe előtt, hogy járjanak az Örökkévaló útján és hogy megőrizzék parancsolatait, bizonyságait és törvényeit egész szívvel és egész lélekkel, fönntartva e szövetségnek szavait, melyek írva vannak ebben a könyvben. És belépett az egész nép a szövetségbe.
স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোচিয়ই যিহোৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহোৱাৰ সকলো আজ্ঞা, বিধান আৰু নির্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ যিহোৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে।
4 És megparancsolta a király Chilkíjáhú főpapnak, a másodrangú papoknak és a küszöb őreinek, hogy vigyék ki az Örökkévaló házából mind az edényeket, melyek készültek a Báal, az Aséra és az ég egész serege számára; elégette azokat Jeruzsálemen kívül a Kidrón mezőségein és elvitték porukat Bét-Élbe.
ৰজাই তেতিয়া যিহোৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আচেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা-পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্রধান পুৰোহিত হিল্কিয়াক, তেওঁৰ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দ্বাৰ-ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ যিৰূচালেমৰ বাহিৰত কিদ্ৰোণ উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাঁইবোৰ বৈৎএললৈ লৈ গ’ল।
5 Beszüntette a bálványpapokat, kiket tartottak Jehúda királyai s akik füstölögtettek a magaslatokon Jehúda városaiban és Jeruzsálem környékein, meg azokat, akik füstölögtettek a Báalnak, a napnak, a holdnak, a csillagzatoknak, az ég egész seregének.
যিহূদাৰ নগৰবোৰৰ ওখ ঠাইত থকা মঠবোৰত ধূপ জ্বলাবৰ কাৰণে আৰু যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত বাল দেৱতা, সূর্য, চন্দ্র, গ্রহ-নক্ষত্র, আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ ৰজাসকলে যি সকলো মূর্তিপূজাকাৰী পুৰোহিতসকলক মনোনীত কৰিছিল, তেওঁলোকক তেওঁ সেই ঠাইবোৰৰ পৰা আতৰালে।
6 Kivitte az asérát az Örökkévaló házából Jeruzsálemen kívül a Kidrón patakhoz és elégette azt a Kidrón patak mellett, porrá törte, és vetette a porát a köznép sírjaira.
তেওঁ যিহোৱাৰ গৃহৰ পৰা আচেৰা মূৰ্ত্তিটো বাহিৰ কৰি, যিৰূচালেমৰ পৰা কিদ্ৰোণ উপত্যকালৈ নি তাত পুৰি পেলালে। তাৰ পাছত তাক কোবাই কোবাই গুড়ি কৰি তাৰ ধূলি সাধাৰণ জনতাৰ মৈদামৰ ওপৰত ছটিয়াই দিলে।
7 Ég lerombolta a szentelt férfiak házait, melyek az Örökkékévaló házában voltak, melyekben az asszonyok sátrakat szőttek az aséra számára.
যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল।
8 Elhozta mind a papokat Jehúda városaiból és a magaslatokat, ahol füstölögtettek volt a papok, Gébától Beér-Sébáig és lerombolta a kapuk magaslatait, amelyek Józsuának, a város nagyjának kapuja bejáratán voltak, amely az embernek baljáról volt a város kapujánál.
ৰজা যোচিয়াই যিহূদাৰ নগৰবোৰৰ সকলো পুৰোহিতক যিৰূচালেমলৈ আনিলে আৰু গেবাৰ পৰা বেৰ-চেবা পর্যন্ত যি সকলো ওখ ঠাইৰ মঠবোৰত পুৰোহিতসকলে ধূপ জ্বলাইছিল, তেওঁ সেই সকলোবোৰ ঠাই অপবিত্র কৰি দিলে। তেওঁ দুৱাৰবোৰৰ ওচৰত থকা ওখ ঠাইৰ মঠবোৰ ধ্বংস কৰিলে; যিৰূচালেম নগৰৰ যিহোচূৱা নামৰ এজন ৰাজ্যপালে নির্মাণ কৰা যিহোচূৱা দুৱাৰৰ প্রৱেশ পথত যি সকলো ওখ ঠাইত মঠবোৰ আছিল, তেওঁ সেই সকলোকে ভাঙি পেলালে। এই মঠবোৰ নগৰলৈ সোমাই যোৱা নগৰৰ প্রধান দুৱাৰৰ বাওঁফালে আছিল।
9 Csakhogy nem mehettek föl a magaslatok papjai az Örökkévaló oltárára Jeruzsálemben, hanem kovásztalan kenyeret ehettek testvéreik között.
ওখ ঠাইৰ মঠবোৰৰ পুৰোহিতসকলক যদিও যিৰূচালেমত যিহোৱাৰ যজ্ঞবেদীত সেৱা-কার্য কৰিবলৈ দিয়া হোৱা নাছিল, কিন্তু তেওঁলোকে আন পুৰোহিতসকলৰ দৰে খমীৰ নিদিয়া পিঠা খাব পাৰিছিল।
10 Megtisztátalanította a Ben-Hinnóm völgyében levő Tófetet, hogy senki ne vezethesse át fiát és leányát a tűzön a Molokhnak.
১০কোনেও যাতে মোলক দেৱতাৰ উদ্দেশ্যে নিজৰ পুতেক বা জীয়েকক হোমবলি দিব নোৱাৰে, সেয়ে ৰজা যোচিয়াই বিন-হিন্নোমৰ উপত্যকাত থকা তোফৎ নামৰ পূজাৰ ঠাইক অপবিত্র কৰি দিলে।
11 És beszüntette a lovakat, melyeket oda helyeztek Jehúda királyai a napistennek, az Örökkévaló házának bejáratán Netán-Mélekh udvari tisztnek a Parvárímban lévő csarnokába, a napisten szekereit pedig elégette tűzben.
১১যিহূদাৰ ৰজাসকলে যি সকলো ঘোঁৰা আৰু ৰথবোৰ সূর্যৰ পূজাৰ অর্থে দিছিল, যোচিয়াই সেই ঘোঁৰাবোৰক দূৰ কৰিলে আৰু ৰথবোৰ পুৰি পেলালে। ঘোঁৰাবোৰক নাথন-মেলক নামৰ এজন গৃহাধ্যক্ষৰ কোঁঠাৰ ওচৰত, যিহোৱাৰ গৃহৰ প্রৱেশ পথৰ ওচৰৰ এডোখৰ ঠাইত ঘোঁৰাবোৰক ৰখা হৈছিল।
12 Az oltárokat is, melyek Ácház felső termének tetején voltak, a melyeket készítettek Jehúda királyai, meg az oltárokat, melyeket készített Menasse az Örökkévaló házának mindkét udvarában, lerombolta a király; összezúzta ott és vetette porukat a Kidrón patakba.
১২ৰাজপ্রাসাদৰ চালত ৰজা আহজৰ ওপৰ কোঁঠালিৰ ওপৰত যিহূদাৰ ৰজাসকলে যি সকলো বেদী নির্মাণ কৰিছিল আৰু যিহোৱাৰ মন্দিৰৰ দুখন চোতালত মনচিয়ে যি বেদীবোৰ নির্মাণ কৰিছিল, ৰজা যোচিয়াই সেই সকলোবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰ ভাঙি টুকুৰা-টুকুৰ কৰি কিদ্ৰোণ উপত্যকাত পেলাই দিলে।
13 A magaslatokat is, melyek Jeruzsálem előtt a romlás hegyétől jobbra voltak, melyeket épített volt Salamon, Izraél királya az Astóretnek, a Cídónbeliek undokságának, a Kemósnak, Móáb undokságának és Milkómnak, Ammón fiai utálatának, megtisztátalanította a király;
১৩ভ্রষ্টাচাৰ পাহাৰৰ দক্ষিণে যিৰূচালেমৰ পূবফালে যি সকলো মঠ ওখ ঠাইবোৰত আছিল, সেইবোৰক যোচিয়াই অপবিত্র কৰিলে। ইস্রায়েলৰ ৰজা চলোমনে চীদোনীয়াসকলৰ ঘৃণ্য দেৱী অষ্টাৰেতৰ কাৰণে, মোৱাবীয়াসকলৰ ঘৃণ্য দেৱতা কমোচৰ কাৰণে আৰু অম্মোনৰ লোকসকলৰ ঘৃণ্য দেৱতা মিল্কমৰ কাৰণে এই সকলো ওখ ঠাইৰ মঠবোৰ তৈয়াৰ কৰিছিল।
14 széttörte az oszlopokat, kivágta az asérákat és megtöltötte helyüket embercsontokkal.
১৪ৰজা যোচিয়াই পূজাৰ শিলৰ স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰো কাটি পেলালে। সেই ঠাইবোৰ মানুহৰ অস্থিৰে পূর্ণ কৰি ঢাকি দিলে।
15 A Bét-Élben levő oltárt is, a magaslatot, melyet készített Járobeám, Nebát fia, aki vétkezésre indította Izraélt, azt az oltárt is és a magaslatot lerombolta; elégette a magaslatot, porrá törte és elégette az asérát.
১৫ইস্রায়েলক পাপ কার্যত লিপ্ত কৰোঁৱা নবাটৰ পুত্র যাৰবিয়ামে বৈৎএলত যি বেদী আৰু ওখ ঠাইৰ মঠ নির্মাণ কৰিছিল, তাক যোচিয়াই ভাঙি পেলালে। তেওঁ মঠৰ বেদী জুইৰে পুৰি তাক মাৰি মাৰি গুড়া কৰি পেলালে। আচেৰা মুৰ্ত্তিটোও জুইৰে পুৰিলে।
16 Akkor fordult Jósíjáhú, meglátta a sírokat, melyek ott a hegyen voltak, küldött és kivette a csontokat a sírokból, elégette az oltáron és megtisztátalanította azt az Örökkévaló szavai szerint, melyet hirdetett Istennek embere, aki hirdette ezeket a dolgokat.
১৬তাৰ পাছত তেওঁ চাৰিওফালে চালে আৰু পাহাৰৰ কাষত থকা সমাধিস্থল দেখা পালে। তেওঁ মানুহ পঠাই সেই সমাধিবোৰৰ পৰা অস্থিবোৰ উলিয়াই অনালে আৰু সেইবোৰ বেদীৰ ওপৰত পুৰি তাক অপবিত্র কৰিলে। ঈশ্বৰৰ লোকে যি সকলো ঘটনাৰ কথা পূর্বে ঘোষণা কৰিছিল, যিহোৱাৰ সেই বাক্য অনুসাৰেই এই সকলো হ’ল।
17 És mondta: Micsoda emlékjel az ott, melyet látok? Szóltak hozzá a város emberei: Az Isten emberének sírja az, aki Jehúdából jött és hirdette e dolgokat, melyeket tettél, Bét-Él oltára felől.
১৭ৰজাই সুধিলে, “মই সেই যি স্তম্ভটো দেখা পাইছো, সেইটো কি?” নগৰৰ লোকসকলে ক’লে, “সেইটো ঈশ্বৰৰ লোকৰ মৈদাম। ঈশ্বৰৰ সেই লোকে যিহূদাৰ পৰা আহি বৈৎএলৰ বেদীৰ বিৰুদ্ধে যি যি ঘোষণা কৰিছিল, আপুনিও ঠিক তাকেই কৰিছে।”
18 Ekkor mondta: Hagyjátok őt, senki ne bolygassa csontjait! Így megmentették azon prófétának csontjait, ki Sómrónból jött.
১৮তেতিয়া ৰজা যোচিয়াই ক’লে, “সেইটো থাকিবলৈ দিয়া; কোনেও যেন তেওঁৰ হাড়বোৰ আঁতৰ নকৰে।” সেয়ে লোকসকলে তেওঁৰ হাড়বোৰ আৰু যি ভাববাদী চমৰিয়াৰ পৰা আহিছিল, তেওঁৰ হাড়বোৰ যেনেদৰে আছিল, তেনেদৰেই ৰাখিলে।
19 A Sómrónban lévő magaslatok házait is, melyeket bosszantásra készítettek Izraél királyai, eltávolította Jósíjáhú és tett velük mindazon tettek szerint, melyeket Bét-Élben tett.
১৯চমৰিয়াৰ নগৰবোৰত থকা সকলো মন্দিৰ আৰু ওখ ঠাইৰ মঠবোৰ, যি সকলোবোৰ ইস্ৰায়েলৰ ৰজাসকলে নির্মাণ কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, যোচিয়াই সেইবোৰ দূৰ কৰি দিলে আৰু তেওঁ বৈৎএলত কৰা সকলো কর্মৰ দৰেই সেইবোৰলৈকো কৰিলে।
20 Levágta az ott lévő magaslatok papjait mind az oltárokon és embercsontokat égetett el rajtuk. Erre visszatért Jeruzsálembe.
২০মঠবোৰৰ সকলো পুৰোহিতকে যোচিয়াই সেই বেদীবোৰৰ ওপৰত বধ কৰিলে আৰু সেইবোৰৰ ওপৰত মানুহৰ হাড়বোৰ পুৰিলে। তাৰ পাছত তেওঁ যিৰূচালেমলৈ ঘূৰি গ’ল।
21 És parancsolta a király az egész népnek, mondván: Tartsatok pészachot az Örökkévalónak, Istenteknek, a mint írva van a szövetség e könyvében.
২১ৰজাই সকলো লোকক এই আজ্ঞা দিলে, “বিধান-পুস্তকখনত যেনেকৈ লিখা আছে, তেনেকৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ‘নিস্তাৰ-পৰ্ব্ব’ পালন কৰক।
22 Mert nem tartatott ilyen pészach, a bírák napjai óta, kik bírái voltak Izraélnak, sem Izraél királyainak és Jehúda királyainak minden napjaiban;
২২ইস্রায়েলৰ বিচাৰকর্তাসকলৰ শাসন কালত অথবা ইস্রায়েল আৰু যিহূদাৰ ৰজাসকলৰ আমোলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব পালন কেতিয়াও কৰা হোৱা নাছিল।
23 hanem csak Jósíjáhú királynak tizennyolcadik évében tartatott e pészach az Örökkévalónak Jeruzsálemben.
২৩কিন্তু ৰজা যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
24 A szellemidézőket is és a halottjósokat, meg a teráfimképeket és a bálványokat és mind az undokságokat, melyek láthatók voltak Jehúda országában és Jeruzsálemben, kitakarította Jósíjáhú, azért hogy fenntartsa a tan szavait, melyek írva vannak azon könyvben, melyet talált Chilkijáhú pap az Örökkévaló házában.
২৪ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।
25 Olyan mint ő, nem volt előtte király, aki megtért volna az Örökkévalóhoz egész szívével, egész lelkével és egész erejével Mózes egész tana szerint, sem utána nem támadt olyan, mint ő.
২৫তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল।
26 Csakhogy az Örökkévaló nem tért meg nagy haragjának fellobbanásától, mivel fellobbant haragja Jehúda ellen mindazon bosszúságok miatt, melyekkel őt bosszantotta Menasse.
২৬তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।
27 Mondta tehát az Örökkévaló: Jehúdát is eltávolítom színem elől, valamint eltávolítottam Izraélt; és megvetem e várost, melyet kiválasztottam, Jeruzsálemet és a házat, melyről mondtam: ott lesz az én nevem!
২৭সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।
28 Jósíjáhúnak egyéb dolgai pedig és mindaz, amit cselekedett, nemde meg vannak írva Jehúda királyai történetének könyvében.
২৮যোচিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
29 Az ő napjaiban vonult fel Fáraó Nekhó Egyiptom királya Assúr királya ellen az Eufrátes folyamhoz; és ellenébe ment Jósíjáhú király, de megölte őt Megiddóban, a mint meglátta őt.
২৯যোচিয়াৰ ৰাজত্বৰ সময়ত মিচৰৰ ফৰৌণ-নখোৱে ইউফ্রেটিচ নদীৰ তীৰত অচূৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেতিয়া ৰজা যোচিয়াই যুদ্ধত নখোক লগ পাবলৈ গ’ল আৰু তাতে নখোৱে তেওঁক মগিদ্দোত বধ কৰিলে।
30 Elszállították őt szolgái holtan Megiddóból, Jeruzsálembe vitték és eltemették sírjában. Erre vette az ország népe Jehóácházt, Jósíjáhú fiát, fölmenték és királlyá tették őt atyja helyébe.
৩০যোচিয়াৰ দাসবোৰে তেওঁৰ শৱটো ৰথত তুলি মগিদ্দোৰ পৰা যিৰূচালেমলৈ লৈ আনিলে আৰু তেওঁৰ নিজৰ মৈদামনিত মৈদাম দিলে। পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক অভিষেক কৰি তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
31 Huszonhárom éves volt Jehóácház, mikor király lett és három hónapig uralkodott Jeruzsálemben; anyjának neve pedig Chamútál, Jirmejáhú leánya Libnából.
৩১তেইশ বছৰ বয়সত যিহোৱাহজ ৰজা হৈছিল। তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
32 És tette azt, ami rossz az Örökkévaló szemeiben, egészen, ahogy tették ősei.
৩২যিহোৱাহজে তেওঁৰ পূর্বপুৰুষসকলৰ দৰে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে।
33 És elfogta őt Fáraó Nekhó Riblában, Chamát országban, hogy ne uralkodjék Jeruzsálemben, és kivetett sarcot az országra: száz kikkár ezüstöt és egy kikkár aranyat.
৩৩ফৰৌণ নখোৱে তেওঁক হমাৎ দেশৰ ৰিব্লাত শিকলিৰে বান্ধি আটক কৰি ৰাখিলে, যাতে তেওঁ যিৰূচালেমত ৰাজত্ব কৰিব নোৱাৰে। তাৰ পাছত ফৰৌণ নখোৱে যিহূদা দেশক প্রায় এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ জৰিমনা দিবলৈ নিৰূপণ কৰিলে।
34 És királlyá. tette Fáráó Nekhó Eljákímot, Jósíjáhú fiát, atyja Jósíjáhú helyébe és átváltoztatta nevét Jehójákímra. Jehóácházt pedig elfogta; Egyiptomba jutott és meghalt ott.
৩৪ফৰৌণ নখোৱে যোচিয়াৰ আন এজন পুত্ৰ ইলিয়াকীমক তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। কিন্তু তেওঁ যিহোৱাহজক মিচৰলৈ লৈ গ’ল আৰু তাতে যিহোৱাহজৰ মৃত্যু হ’ল।
35 Az ezüstöt és az aranyat megadta Jehójákím Fáraónak, csakhogy felbecsültette az országot, hogy adhassa a pénzt Fáraó parancsa eszerint, kinek-kinek becsléséhez képest hajtotta be az ezüstöt és az aranyat az ország népétől, hogy Fáraó Nekhónak adja.
৩৫যিহোয়াকীমে ফৰৌণ নখোৰ দাবী অনুসাৰে তেওঁক সেই ৰূপ আৰু সোণ দিলে; ফৰৌণৰ নির্দেশত তেওঁ ধন দিয়াৰ কাৰণে মাটিৰ কৰ নিৰূপণ কৰিলে; ফৰৌণ নখোক দিবলৈ দেশৰ লোকসকলৰ মাজত প্রতিজনকে সোণ আৰু ৰূপ দিবৰ কাৰণে তেওঁ বাধ্য কৰিলে।
36 Huszonöt éves volt Jehójákím, mikor király lett és tizenegy évig uralkodott Jeruzsálemben; anyjának neve pedig Zebudda, Pedája leánya Rúmából.
৩৬যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল জবীদা। তেওঁ ৰূমা-নিবাসী পদায়াৰ জীয়েক আছিল।
37 És tette azt, ami rossz az Örökkévaló szemeiben, egészen ahogy tették ősei.
৩৭যিহোৱাকীমে তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।

< 2 Királyok 23 >