< 1 Sámuel 2 >

1 Ekkor imádkozott Channa és mondta: Ujjong szívem az Örökkévalóban, emelkedik szarvam az Örökkévaló által; tágra nyílik szám ellenségeim ellen, mert örvendek segítségedben.
হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “মোৰ মনে যিহোৱাত আনন্দ কৰিছে; মোৰ শক্তি যিহোৱাত মোৰ গৰ্ব্ব হৈছে; শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক’ব পৰা হৈছোঁ কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ।
2 Nincs szent, mint az Örökkévaló, mert nincs senki kívüled; és nincs szirt, mint Istenünk.
যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই।
3 Ne sokat beszéljetek fennhéjázva, fennhéjázva, ne jöjjön kemény szó a szátokból! Mert tudás Istene az Örökkévaló s meg vannak szabva az ő tettei.
তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা, তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক৷ কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়, তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়।
4 Hősöknek íja megtörik, a gyengéket pedig erő övezi.
বীৰসকলৰ ধনু ভঙা হ’ল, উজুটি খোৱা সকলক বলৰূপ টঙালিৰে বন্ধা হ’ল।
5 Jóllakottak kenyérért szegődnek, s az éhesek megszűnnek éhezni; míg hetet szül a magtalan, elfonnyad a sok gyermekű.
তৃপ্ত হোৱাসকলে আহাৰৰ ববে কাম কৰিব লগা হ’ল, ভোকত থকা সকলৰ খাদ্যৰ অভাৱ নহ’ল৷ সন্তানহীনাই সাতোটা সন্তান প্ৰসৱ কৰিলে, অধিক সন্তান থকা জনী নিশকতীয়া হৈ গ’ল৷
6 Az Örökkévaló öl és éltet, sírba dönt és fölhoz; (Sheol h7585)
যিহোৱাই মৃত্যু আৰু জীৱন দান কৰে, তেওঁ চিয়োললৈ নমায় আৰু পুনৰায় তোলে৷ (Sheol h7585)
7 az Örökkévaló szegényít és gazdagít, lealáz s föl is emel.
যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷
8 Föltámasztja porból a szegényt, szemétből fölemeli a szűkölködőt, hogy ültesse a nemesek mellé és a tisztelet székét bírassa velük. Mert az Örökkévalóé a föld oszlopai és rájuk helyezte a világot.
তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷ কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে।
9 Jámborainak lábait megőrzi, s a gonoszok sötétségben enyésznek; mert nem erővel győz az ember!
তেওঁৰ বিশ্বস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব৷ আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব।
10 Az Örökkévaló – megtörnek akik küzdenek ellene, rájuk dörög az egekben; az Örökkévaló ítél a föld végei fölött, hogy hatalmat adjon királyának, s fölemelje fölkentjének szaruját.
১০যিহোৱাৰ সৈতে প্ৰতিবাদ কৰা সকলক খণ্ড খণ্ড কৰা হ’ব, তেওঁ স্বৰ্গৰ পৰা সিহঁতৰ বিৰুদ্ধে বজ্ৰধ্ৱনি কৰিব। যিহোৱাই পৃথিৱীৰ অন্তলৈকে বিচাৰ কৰিব, তেৱেঁই তেওঁৰ ৰজাক শক্তি দিব, আৰু নিজ অভিষিক্ত জনক উচ্চস্থানলৈ নিব।”
11 S elment Elkána Rámába házához; a fiú pedig szolgálta az Örökkévalót Éli pap előtt.
১১তাৰ পাছত ইলকানা নিজৰ ঘৰ ৰামালৈ গ’ল৷ কিন্তু তেওঁৰ সন্তান চমূৱেলে এলী পুৰোহিতৰ সাক্ষাতে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ ধৰিলে।
12 Éli fiai alávaló emberek voltak, nem ismerték az Örökkévalót.
১২এলীৰ পুতেক দুজন অসৎ আছিল, তেওঁলোকে যিহোৱাক ভয় নকৰিছিল।
13 A papok eljárása ugyanis a néppel: bárki áldozatot mutatott be, jött a papnak legénye, mikor főzték a húst, háromfogú villával a kezében;
১৩এইদৰে পুৰোহিতসকলে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, কোনো মানুহে যেতিয়া বলিদান কৰে, তেতিয়া মঙহ সিজাওঁতে, পুৰোহিতৰ দাসে এডাল ত্ৰিশূল হাতত লৈ আহে;
14 és beleszúrt a medencébe, vagy az üstbe, vagy a bögrébe, vagy a fazékba: mind amit fölhozott a villa, elvitte azt a pap; így tettek egész Izraellel, akik oda, Sílóba mentek.
১৪আৰু লোহাৰ পাত্ৰত, বা কেৰাহীত, বা কেটলিত, খোঁচ মাৰি দিয়ে, তাতে সেই ত্ৰিশূলত যিবোৰ মঙহ লাগি আহে, সেই সকলোকে পুৰোহিতে সেই ত্ৰিশূল ডালেৰে সৈতে লৈ যায়। ইস্ৰায়েলৰ যিমান লোক চীলোলৈ আহে, সেই সকলো লোকৰ ওচৰতে তেওঁলোকে এইদৰে ব্যৱহাৰ কৰে।
15 Sőt még mielőtt elfüstölögtették a zsiradékot, eljött a papnak legénye és mondta az áldozó embernek: Adj húst, hogy megsüssék a papnak; nem fogad el tőled főtt húst, hanem csak nyerset!
১৫তাৰ পৰিবৰ্তে তেল পোৰাৰ পূৰ্বে, পুৰোহিতৰ দাস আহি বলিদান দিয়া জনক কয়, “পুৰোহিতৰ কাৰণে পুৰিবলৈ মঙহ দিয়া, কিয়নো তেওঁ তোমাৰ পৰা সিজোৱা মঙহ নলয়, কিন্তু কেঁচা মঙহহে ল’ব।”
16 Ha így szólt hozzá az ember: Azonnal elfüstölögtetik a zsiradékot, akkor végy magadnak, amint kívánja a lelked, – azt mondta: Nem, hanem most adj; ha pedig nem, veszek erővel!
১৬কিন্তু মানুহজনে যদি তেওঁক কয়, “প্ৰথমে তেলখিনি পোৰা হওক, তাৰ পাছত আপোনাৰ যিমান ইচ্ছা সিমানখিনিয়ে ল’ব”, তেতিয়া তেওঁ কয়, “নহয় এতিয়াই মোক দে, নিদিলে, বলেৰে লম।”
17 S igen nagy volt az ifjak vétke az Örökkévaló előtt, mert megvetették az emberek az Örökkévaló áldozatát.
১৭সেয়েহে যিহোৱাৰ দৃ্‌ষ্টিত সেই ডেকাসকলৰ পাপ অতিশয় বৃদ্ধি হ’ল, কিয়নো সেই ডেকাসকলে যিহোৱাৰ নৈবেদ্য হেয়জ্ঞান কৰিছিল।
18 Sámuel pedig szolgált az Örökkévaló színe előtt, mint fiú len-éfóddal övezve.
১৮সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল;
19 És kis köpenyt készített neki anyja és fölvitte neki évről évre, mikor fölment férjével, áldozni az évi áldozatot.
১৯তাৰ ওপৰিও তেওঁৰ মাকে তেওঁৰ কাৰণে সৰু পোছাক যুগুত কৰি তেওঁৰ স্বামীৰ লগত বছেৰেকীয়া বলিদান উৎসৰ্গ কৰিবলৈ অহাৰ সময়ত প্ৰতি বছৰে তেওঁক দিছিল।
20 Ilyenkor megáldotta Éli Elkánát és feleségét és mondta: Adjon neked az Örökkévaló magzatot ez asszonytól azon fölajánlás helyett, melyet, fölajánlott az Örökkévalónak. Erre elmentek hazájába.
২০এলীয়ে ইলকানাক আৰু তেওঁৰ ভাৰ্যাকো আশীৰ্ব্বাদ কৰি ক’লে, “যিহোৱাৰ অনুগ্ৰহত পোৱা সন্তানটিক যিহোৱালৈ উৎসৰ্গ কৰাৰ বাবে এই সন্তানৰ সলনি যিহোৱাই তোমাক এই ভাৰ্যাৰ পৰা পুনৰ সন্তান দিয়ক।” তাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি গ’ল।
21 Csakugyan gondolt az Örökkévaló Channára; várandós lett és szült három fiút és két leányt. És felnőtt a fiú Sámuel az Örökkévaló mellett.
২১যিহোৱাই পুনৰ হান্নালৈ কৃপা কৰাৰ পাছত তেওঁ গৰ্ভৱতী হৈ কালক্ৰমে তিনিজন ল’ৰা আৰু দুজনী ছোৱালী প্ৰসৱ কৰিলে। ইতিমধ্যে চমূৱেল যিহোৱাৰ সাক্ষাতে বৃদ্ধি হ’ল।
22 Éli pedig nagyon öreg volt; hallotta mindazt, amit tesznek fiai egész Izraellel és hogy hálnak az asszonyokkal, akik odasereglettek a találkozás sátorának bejáratához.
২২সেই সময়ত এলী অতিশয় বৃদ্ধ আছিল। তেওঁ গোটেই ইস্ৰায়েললৈ কৰা তেওঁৰ পুতেকহঁতৰ কু-ব্যৱহাৰৰ কথা শুনিলে আৰু তম্বুৰ দুৱাৰমুখত পৰিচৰ্যা কৰা মহিলাবোৰৰ লগত শয়ন কৰাৰ কথাও শুনা পালে।
23 És mondta nekik: Miért tesztek ily dolgokat, amely gonosz dolgaitokat hallom ez egész néptől.
২৩তেতিয়া তেওঁ সিহঁতক ক’লে, “তোমালোকে এনে কৰ্ম কিয় কৰিছাহঁক? কিয়নো আটাই মানুহৰ মুখে মুখে মই তোমালোকৰ কুকৰ্মৰ কথা শুনিছোঁ।
24 Ne fiaim! Mert nem jó a hír, melyet hallok, ahogy terjeszti az Örökkévaló népe.
২৪হে মোৰ বোপাহঁত, তোমালোকে শুনা তোমালোকে এনে কৰ্ম নকৰিবা; কিয়নো মই যি কথা শুনিছোঁ, সেয়ে ভাল নহয়। তোমালোকে যিহোৱাৰ লোকসকলক আজ্ঞা লঙ্ঘন কৰাইছাহঁক।
25 Ha ember ember ellen vét, ítéli a bíró, de ha az Örökkévaló ellen vét az ember, ki szerez ítéletet neki? De nem hallgattak atyjuk szavára, mert az Örökkévaló meg akarta őket ölni.
২৫কোনো এজন মানুহে যদি মানুহৰ অহিতে দোষ কৰে, তেন্তে ঈশ্বৰে তাৰ বিচাৰ কৰিব; কিন্তু কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে পাপ কৰে, তেন্তে তেওঁৰ পক্ষে কোনে অনুৰোধ কৰিব?” তথাপি তেওঁলোকে নিজ পিতৃৰ কথালৈ মন নিদিলে; কিয়নো যিহোৱাই সিহঁতক মৃত্যুদণ্ড দিবলৈ ইচ্ছা কৰিলে।
26 A fiú Sámuel egyre nagyobb és jobb lett, az Örökkévaló előtt is, és az emberek előtt is.
২৬কিন্তু চমূৱেল ক্ৰমে ক্ৰমে বাঢ়ি গ’ল; যিহোৱাৰ আৰু মানুহৰ দৃষ্টিত তেওঁ অনুগ্ৰহ প্ৰাপ্ত হ’ল।
27 Jött az Isten embere Élihez és szólt hozzá: Így szól az Örökkévaló: Úgy-e megnyilatkoztam atyád háza előtt, mikor Egyiptomban voltak Fáraó házában!
২৭তাৰ পাছত ঈশ্বৰৰ এজন ব্যক্তিয়ে এলীৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহোৱাই এই বাৰ্তা দিছে, যি সময়ত তোমাৰ পিতৃ মিচৰত ফৰৌণৰ বংশৰ অধীনত আছিল, সেই সময়ত মই তেওঁলোকক দৰ্শন দিয়া নাছিলোঁ নে?
28 Kiválasztottam őt magamnak mind az Izrael törzsei közül papnak, hogy fölmenjen oltáromra, hogy füstölögtessen füstölőszert és viseljen éfódot előttem; s adtam atyád házának Izrael fiainak mind a tűzáldozatait.
২৮তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তান সকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে?
29 Miért tiporjátok vágóáldozatomat és lisztáldozatomat, melyet elrendeltem a. szentély számára? Jobban tisztelted fiaidat nálam, hízlalván magatokat Izrael népem minden áldozatának zsengéjéből!
২৯সেয়েহে মই মোৰ নিবাসৰ ঠাইত আজ্ঞা কৰা মোৰ বলি আৰু নৈবেদ্যৰ ওপৰত তোমালোকে কিয় অৱজ্ঞা কৰিছা? আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলৰ সকলো উপহাৰৰ আগ ভাগৰ দ্বাৰাই তোমালোক হৃষ্টপুষ্ট হোৱা, সেই বাবে তুমি মোতকৈ, নিজ সন্তান সকলক কিয় অধিক আদৰ কৰিছা?
30 Azért, úgymond az Örökkévaló, Izrael Istene, azt mondtam volt, házad és atyád háza majd járnak előttem örökké; de most, úgymond az Örökkévaló, távol legyen az tőlem! Mert tisztelőimet tisztelem, megvetőim pedig megalacsonyulnak.
৩০সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতা সকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতা সকলক হেয়জ্ঞান কৰা হ’ব।
31 Íme napok jönnek, és levágom karodat és atyád házának karját, hogy öreg ne legyen házadban.
৩১চোৱা, মই যি সময়ত তোমাৰ শক্তি আৰু তোমাৰ পিতৃবংশৰ শক্তি নোহোৱা কৰিম, তেতিয়া তোমাৰ বংশত এজনো বৃদ্ধলোক নাথাকিব, এনে সময় আহিছে।
32 És majd látsz vetélytársat a szentélyben mindazzal, amit jót tesz Izraellel; és öreg nem lesz házadban sohasem.
৩২মই যি ঠাইত বাস কৰোঁ, তুমি সেই ঠাইত অমঙ্গল দেখিবা৷ কিন্তু ঈশ্বৰে ইস্ৰায়েলক দিয়া মঙ্গলৰ অৰ্থে তোমাৰ বংশত কেতিয়াও কোনো বৃদ্ধ নহ’ব।
33 De nem mindenkit irtok ki közüled oltárom mellől, szemed elepesztésére és lelked elcsüggesztésére; de házadnak minden szaporulása férfikorban fog meghalni.
৩৩আৰু মই মোৰ যজ্ঞ-বেদীৰ পৰা তোমাৰ বংশৰ কেৱল এজনক দূৰ নকৰিম, সি তোমাৰ চকু দুৰ্ব্বল কৰিবলৈ আৰু তোমাৰ মনত বেজাৰ জন্মাবলৈহে থাকিব আৰু তোমাৰ বংশত জন্ম গ্ৰহণ কৰা সকলো লোকৰ যৌৱন অৱস্থাতে মৃত্যু হ’ব।
34 S ez legyen számodra a jel, mely bekövetkezik két fiadon, Chofnin és Pínechászon: ugyanegy napon halnak meg mindketten.
৩৪ইয়াৰ চিন স্বৰূপে তোমাৰ দুজন পুত্ৰ হফনী আৰু পীনহচলৈ এইদৰে ঘটিব, সেয়ে সিহঁত দুয়োৰে একে দিনাই মৃত্যু হ’ব।
35 Támasztok majd magamnak hűséges papot, aszerint, amint szívemben és lelkemben van, fog cselekedni; és építek neki hűséges házat, és járni fog az én fölkentem előtt minden időben.
৩৫আৰু মই নিজৰ কাৰণে এজন বিশ্বাসী পুৰোহিত প্ৰস্তুত কৰিম; তেওঁ মই ভবাৰ দৰে আৰু মোৰ ইচ্ছাৰ দৰে কাৰ্য কৰিব; আৰু মই তেওঁৰ কাৰণে এক চিৰস্থায়ী গৃহ স্থাপন কৰিম; তেওঁ সদায় মোৰ অভিষিক্ত ৰজাৰ সন্মুখত অহা-যোৱা কৰিব।
36 És lesz, akárki megmarad házadban, eljön leborulni előtte egy ezüst fillérért és egy cipó kenyérért, és azt mondja: fogadj be engem a papi teendők egyikére, hogy ehessem egy darab kenyeret.
৩৬আৰু তোমাৰ বংশৰ মাজৰ অৱশিষ্ট থকা প্ৰতিজনে আহি এডোখৰ ৰূপ আৰু এটা পিঠাৰ কাৰণে তেওঁৰ আগত প্ৰণিপাত কৰি ক’ব, বিনয় কৰোঁ, মই যেন এডোখৰ পিঠা খাবলৈ পাওঁ, সেই বাবে, অনুগ্ৰহ কৰি কোনো পুৰোহিত পদৰ বাবে মোক নিযুক্তি দিয়ক৷”

< 1 Sámuel 2 >