< 1 Sámuel 1 >
1 Volt egy ember Rámátájim Czófimból, Efraim hegységéből, neve Elkána, Jeróchám fia, Elíhú fia, Tóchú fia, Czúf fia, Efraimbeli.
১পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল।
2 Annak volt két felesége, az egyiknek neve Channa s a másiknak neve Peninna; Peninnának voltak gyermekei, Channának pedig nem voltak gyermekei.
২তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল।
3 Évről-évre ama férfiú fölment a városából, hogy leboruljon és áldozzon az Örökkévalónak, a Seregek urának Sílóban; ott volt Éli két fia, Chofni és Pínechász, mint papjai az Örökkévalónak.
৩এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল।
4 S történt, amely napon áldozott Elkána, adott feleségének, Peninnának és annak minden fiának és leányának részeket;
৪প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিনিন্নাক দিয়ে, আৰু তেওঁৰ পুতেক জীয়েক সকলকো দিয়ে।
5 Channának pedig egy kiváló részt adott, mert Channát szerette; de az Örökkévaló elzárta a méhét.
৫যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে।
6 Bosszantotta is vetélytársa bosszantással azért, hogy felbőszítse, mivel elzárta az Örökkévaló a méhét.
৬যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল।
7 S így tett esztendőről-esztendőre: valahányszor fölment az Örökkévaló házába, megannyiszor bosszantotta; ő meg sírt és nem evett.
৭বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে যিহোৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে; এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল।
8 Ekkor mondta neki férje Elkána: Channa, miért sírsz és miért nem eszel és miért szomorú a szíved? Nem jobb vagyok-e neked tíz fiúnál is?
৮তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”
9 S fölkelt Channa, miután ettek Sílóban és miután ittak – Éli pap éppen a széken ült az Örökkévaló templomában az ajtófélnél –
৯এদিন তেওঁলোকে চীলোত ভোজন-পান কৰাৰ পাছত, হান্না থিয় হ’ল। সেই সময়ত যিহোৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলী পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল।
10 ő pedig elkeseredett lelkű volt, imádkozott az Örökkévalóhoz és sírva sírt.
১০তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে।
11 És fogadást tett és mondta: Örökkévaló, seregek ura, ha rátekintesz szolgálód nyomorára, megemlékezel rólam és nem felejted el szolgálódat és majd adsz a szolgálódnak férfimagzatot: akkor odaadom őt az Örökkévalónak életének mindennapjaira, és borotva nem éri fejét.
১১আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”
12 És történt, midőn sokat imádkozott az Örökkévaló előtt, Éli pedig megfigyelte a száját,
১২এনেদৰে হান্নাই বহু সময় ধৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, আৰু এলীয়ে তেওঁৰ মুখলৈ লক্ষ্য কৰি আছিল।
13 ő meg, Channa, szívében beszélt, csupán ajkai mozogtak, de hangja nem hallatszott, azért Éli részegnek gondolta.
১৩সেই সময়ত হান্নাই নিৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ কেৱল ওঁঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল; সেয়েহে এলীয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল৷
14 És szólt hozzá Éli: Meddig fogsz részegeskedni? Távolítsd el magadtól borodat!
১৪এলীয়ে তেওঁক ক’লে, “তুমি কিমান সময় মতলীয়া হৈ থাকিবা? তোমাৰ পৰা দ্ৰাক্ষাৰস দূৰ কৰা।”
15 Felelt Channa és mondta: Nem, uram, nehéz lelkű asszony vagyok én, bort pedig meg részegítő italt nem ittam, hanem kiöntöttem lelkemet az Örökkévaló előtt.
১৫হান্নাই উত্তৰ দি তেওঁক ক’লে, “নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ।
16 Ne tartsd szolgálódat alávaló nőnek, mert panaszom és bánatom teljéből beszéltem idáig.
১৬আপোনাৰ এই দাসীক দুষ্ট তিৰোতা বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।”
17 Felelt Éli és mondta: Menj békével! Izrael Istene pedig adja meg kérésedet, melyet kértél tőle.
১৭এলীয়ে উত্তৰ দি তেওঁক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যি নিবেদন কৰিলা, সেয়া তেওঁ গ্ৰহণ কৰক।”
18 Mondta: Találjon szolgálód kegyet szemeidben! Erre elment az asszony az útjára, evett és nem volt többé bánatos arca.
১৮তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।
19 Fölkeltek korán reggel és leborultak az Örökkévaló előtt, erre visszatértek és megtértek házukba Rámába. Megismerte Elkána a feleségét, Channát, és megemlékezett róla az Örökkévaló.
১৯পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।
20 És volt a napok fordultakor, várandós lett Channa és szült fiút; s nevezte őt Sámuelnek: mert az Örökkévalótól kértem őt.
২০পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”
21 S fölment a férfi Elkána meg az egész háza, hogy áldozza az Örökkévalónak az évi áldozatot és fogadását.
২১আকৌ ইলকানা আৰু তেওঁৰ আটাই পৰিয়ালে যিহোৱাৰ উদ্দেশ্যে বাৰ্ষিক বলিদান কৰিবৰ বাবে আৰু নিজৰ সংকল্প সিদ্ধ কৰিবলৈ গ’ল।
22 Channa pedig nem ment föl, mert mondta férjének: Míg elválasztatik a fiú, akkor majd elviszem, hogy megjelenjék az Örökkévaló színe előtt és ott maradjon örökre.
২২কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।”
23 Mondta neki férje Elkána: Tedd, ami jónak tetszik szemeidben, maradj, míg őt elválasztottad, csakhogy megtartsa az Örökkévaló az igéjét. És maradt az asszony és szoptatta az ő fiát, míg elválasztotta.
২৩তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক ক’লে, “তুমি যি ভাল দেখা, তাকে কৰা। পিয়াহ নেৰালৈকে তুমি অপেক্ষা কৰা। যিহোৱাই নিজ বাক্য সিদ্ধ কৰক।” সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্না ঘৰতে থাকিল৷
24 S fölvitte magával, miután elválasztotta, három tulokkal, egy éfa liszttel és egy tömlő borral, és bevitte őt az Örökkévaló házába Sílóba; a fiú még fiatal volt.
২৪সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল।
25 Levágták a tulkot és bevitték a fiút Élihez.
২৫তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলীৰ ওচৰলৈ লৈ গ’ল।
26 Mondta: Kérem uram, lelked életére, uram, én vagyok az asszony, aki állt melletted e helyütt, imádkozva az Örökkévalóhoz.
২৬হান্নাই এলীক ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলা গৰাকী ময়েই।
27 Ezért a fiúért imádkoztam: megadta nekem az Örökkévaló kérésemet, melyet tőle kértem.
২৭এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে।
28 Tehát én is felajánlottam őt az Örökkévalónak: mind a napokon, amíg csak lesz, fel van ő ajánlva az Örökkévalónak. És leborult ott az Örökkévaló előtt.
২৮সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে।