< 1 Krónika 13 >
1 És tanácskozott Dávid az ezrek és százak tisztjeivel, minden vezérrel.
১দায়ূদে সহস্ৰপতি, শতপতি আৰু সকলো প্রধান লোকসকলৰ সৈতে পৰামৰ্শ কৰিলে।
2 És mondta Dávid Izrael egész gyülekezetének: Ha nektek jónak tetszik s az Örökkévalótól, ami Istenünktől való, hadd igyekezzünk, hadd küldjünk testvéreinkhez, akik visszamaradtak mind az Izrael országaiban s velük a papokhoz és a levitákhoz városaikban és közlegelőiken, hogy mihozzánk gyülekezzenek.
২দায়ূদে ইস্ৰায়েলৰ সমবেত লোকসকলক ক’লে, “যদি তোমালোকৰ দৃষ্টিত ভাল হয়, আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছা হয়, তেন্তে আহাঁ আমি ইস্ৰায়েল দেশত সকলো ফালে অৱশিষ্ট থকা আমাৰ ভাইসকলক, পুৰোহিতসকলক আৰু তেওঁলোকৰ নগৰত বাস কৰা লেবীয়াসকলক আমাৰ লগত একগোট হবলৈ বাৰ্তাবাহকৰ যোগেদি বাৰ্তা পঠাওহঁক।
3 És hozzuk át magunkhoz Istenünk ládáját, mert nem kerestük azt föl Sául idejében.
৩আহাঁ আমাৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমি নিজৰ ওচৰলৈ উভটাই আনোহঁক, কাৰণ চৌলৰ ৰাজত্বৰ সময়ত আমি তাৰ বিষয়ে কোনো বিচাৰ কৰা নাছিলোঁ।”
4 És mondta az egész gyülekezet, hogy így cselekszenek, mert helyesnek tetszett a dolog az egész nép szemeiben.
৪তেতিয়া সমাজৰ সকলো লোকে সেই কাৰ্য কৰিবলৈ মান্তি হ’ল, কাৰণ সেই কথা তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে।
5 Ekkor egybegyűjtötte Dávid egész Izraelt az egyiptomi Síchórtól egészen Chamát felé, hogy elhozzák Isten ládáját Kirjat-Jeárimból.
৫সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।
6 És fölvonult Dávid meg egész Izrael Báalába, Kirjat-Jeárimba, amely Jehúdáé, hogy felhozzák onnan ládáját az Istennek, az Örökkévalónak, a kerubokon székelőnek, amely róla neveztetik.
৬ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হোৱা, কৰূব দুটাৰ মাজত বহা ঈশ্বৰৰ নিয়ম-চন্দুক যিহূদাৰ অধীনত থকা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমৰ পৰা আনিবলৈ দায়ুদ আৰু ইস্ৰায়েলৰ সকলো লোক সেই ঠাইলৈ গ’ল।
7 Rátették az Isten ládáját egy új szekérre, Abínádáb házából és Uzza meg Achjó vezették a szekeret.
৭সেয়ে তেওঁলোকে অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক উলিয়াই আনিলে আৰু এখন নতুন ৰথত তুলিলে। উজ্জা আৰু অহিয়ো সেই ৰথৰ পথ প্রদৰ্শক হ’ল।
8 Dávid pedig és egész Izrael játszadoztak az Örökkévaló színe előtt egész erővel, és pedig énekekkel, meg hárfákkal, lantokkal, dobokkal, cimbalmokkal és trombitákkal.
৮দায়ুদ আৰু ইস্রায়েলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল, আৰু তূৰী বাদ্যেৰে গীত-গান কৰি ঈশ্বৰৰ উদ্দেশে উৎসৱ উদযাপন কৰিলে।
9 Midőn a Kídón szérűhöz értek, Uzza kinyújtotta kezét, hogy megragadja a ládát, mert megcsúszott a marha.
৯যেতিয়া তেওঁলোকে কীদোনৰ ধান মৰণা মৰা ঠাই পালে, তেতিয়া ষাঁড়-গৰুহালে উজুটি খোৱাত উজ্জাই নিয়ম-চন্দুকটো হাত মেলি থাপমাৰি ধৰিলে।
10 Erre fellobbant az Örökkévaló haragja Uzza ellen s megverte őt, mivelhogy kinyújtotta kezét a ládára, és meghalt legott: az Isten színe előtt.
১০উজ্জালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল, আৰু তেওঁক বধ কৰিলে, কাৰণ তেওঁ নিয়ম-চন্দুক ধৰিবলৈ হাত মেলিছিল। সেই ঠাইতেই ঈশ্বৰৰ সন্মুখত তেওঁৰ মৃত্যু হ’ল।
11 És haragjára volt Dávidnak, hogy rést tört az Örökkévaló Uzzán; és elnevezték ama helyet Uzza résének, mind a mai napig.
১১যিহোৱাই উজ্জাক আঘাত কৰাৰ বাবে দায়ূদৰ খং উঠিল। আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা হৈ আছে।
12 És megfélemlett Dávid ama napon az Istentől, mondván: Miképpen vigyem magamhoz az Isten ládáját?
১২দায়ূদে ঈশ্বৰলৈ সেই দিনা ভয় কৰিলে। তেওঁ ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক মোৰ ঘৰলৈ মই কেনেকৈ আনিম?”
13 És nem vitette Dávid a ládát magához Dávid városába, hanem félrevitette azt a Gátbeli Obéd-Edom házába.
১৩সেয়ে দায়ূদে নিয়ম-চন্দুক দায়ূদৰ নগৰলৈ নানিলে কিন্তু একাষৰিয়াকৈ লৈ গ’ল আৰু গাতীয়াৰ ওবেদ-ইদোমৰ ঘৰত থলে।
14 És megmaradt az Isten ládája Óbéd-Edóm háza mellett a házában három hónapig és megáldotta az Örökkévaló Óbéd-Edóm házát s mindent, ami az övé.
১৪ঈশ্বৰৰ সেই নিয়ম-চন্দুক ওবেদ-ইদোমৰ পৰিয়ালবৰ্গৰ সৈতে তেওঁৰ ঘৰত তিনি মাহ থাকিল। সেয়ে যিহোৱাই তেওঁৰ ঘৰ আৰু তেওঁৰ অধিকাৰত থকা সকলোকে আশীৰ্ব্বাদ কৰিলে।